Wednesday 17 April 2019

পুতৌ

 আমাৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত কোনোবা এখন পাৰ্কৰ(নাম মনত পৰা নাই) এক আওগৰীয়া পথেদি চাইকেল চলাই আহি এটি কণমান শিশু আমাৰ শ্ৰীমতীৰ সমুখতে হাম-খুৰি খাই পৰিলেহি। মাতৃ হৃদয় উথলি উঠাত তেঁও ধুনীয়া শিশুটিক পৰা স্থানৰ পৰা আতৌ-পুতৌকৈ উঠাই দিলেগৈ। কিছু দূৰত থকা শিশুটিৰ মাতৃ ইতিমধ্যে আহি ঘটনাস্থলিত উপস্থিত হৈছিল। শ্ৰীমতীয়ে আশা কৰা ধৰণে বিট্ৰিছসকলৰ স্বভাৱজাত আচৰণ অনুযায়ী শিশুটিৰ মাতৃয়ে ওঁঠত মিচিকীয়া হাঁহি বিৰিঙাই ধন্যবাদ জ্ঞাপন নকৰিলেতাৰ পৰিবৰ্তে মানুহ গৰাকীয়ে মুখৰ ভাৱ-ভঙ্গিমাত এনে এক অভিব্যক্তি প্ৰকাশ কৰিলে যে শিশুটিক তুলি ধৰি এক ডাঙৰ ভুল কৰা হল। শিশুটিক লৈ মাতৃ গৰাকী নীৰৱে আমাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ পিচতে ইংলেণ্ডৰ বসবাসী আমাৰ মাজো কণ্যাই মাকক ভৱিষ্যতে তেনে ভুল নকৰিবলৈ সঁকিয়াই দি কলে যে এনে কৰিলে শিশু আত্ম নিৰ্ভৰশীল হোৱাত বাধা জন্মে বাবে পিতৃ-মাতৃ বা অভিভাৱকসকলেও তেনে অৱস্থাত তুলি নধৰে। শিশুক পুতৌৰ পাত্ৰ হবলৈ নিদিয়ে। কেৱল সেয়াই নহয়, ইংৰাজসকলৰ লোকাচাৰ অনুযায়ী যিকোনো মানুহে শিশুৰ শৰীৰ স্পৰ্শ কৰাটোও নীতি বহিৰ্ভূত কথা।


আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিয়ে নেকি ন্যস্ত স্বাৰ্থ আগত ৰাখি নতুবা নিঃস্বাৰ্থ ভাৱেই কোনো লোকক নিঃস্বজন নোহোৱা সত্বেও উপযাচি সহায় কৰি পুতৌৰ পাত্ৰ কৰিব খোজে। বহুতে আনৰ পুতৌৰ পাত্ৰ হোৱাটো বাঞ্চা নকৰে যদিও ভদ্ৰতাৰ খাতিৰে অথবা সম্পৰ্কৰ বান্ধোন ৰক্ষাৰ্থে তেনে অত্যাচাৰ সহ্য কৰিব লগা হয়। এনে লোকসকলে পোন হাত জগন্নাথ বোলা কথাষাৰ বিশ্বাস কৰে আৰু আত্ম নিৰ্ভৰশীল হৈ জীয়াই থাকি সুখ-শান্তি লাভ কৰে। তেওঁলোকে জোনাকী যুগৰ অসমীয়া প্ৰবন্ধকাৰ, বৈয়াকৰণিক, শিক্ষাবিদ সত্যনাথ বৰাদেৱৰ সাৰথি পুথিক জীৱন-যুদ্ধত সাৰথি কৰি ধাৰ-ঝণ নকৰাকৈ ঘৰ-সংসাৰ চলাই আনৰ পুতৌৰ পাত্ৰ নোহোৱাকৈ আগ বাঢ়ি যাব খোজে। এনে লোকৰ ক্ষেত্ৰত যাচি দিয়া সোণৰ মূল্য নাই বোলা কথাষাৰ সঁচা প্ৰমাণিত হয় আৰু পুতৌ কৰোতাজনহে ওলোটাই পুতৌৰ পাত্ৰ হয়


কোনো কোনো ভদ্ৰলোকে শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বেলিকা অথবা চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত সহায় কৰিব পৰা দক্ষতা আছে বুলি কৈ উপযাচি মেধাবী ছাত্ৰ বা যথায়োগ্য চাকৰি পাৰ্থীৰ মধ্যস্থতাকাৰীৰ ভূমিকাত  অবৰ্তীৰ্ণ হৈ মেধা শক্তি আৰু যোগ্যতাক ভেঙুচালি কৰে। কেতিয়াবা কেতিয়াবা কিছুমান মেধাবী ছাত্ৰই তেনে ব্যক্তিৰ কবলত পৰি নিজৰ যোগ্যতাৰ ওপৰতো সন্দিহান হয় আৰু আত্মবিশ্বাস হেৰুৱায়


কেৱল মানুহেই নহয়, পুতৌৰ পাত্ৰ হোৱাৰ পিচত ইতৰ প্ৰাণীৰো আত্ম নিৰ্ভৰশীলতা গুণ লোপ পাবলৈ ধৰে আৰু যোগ্য ভোগ্য বসুন্ধৰাত সিহঁত তিষ্ঠি থকা জটিল হৈ পৰে। উদাহৰণ স্বৰূপে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত থকা বনৰ ৰজা সিংহৰ কথাই উল্লেখ কৰিব পাৰি। অনবৰতে  সিংহবোৰক দৰ্শনাৰ্থীৰ বাবে সুবিধাজনক স্থানত গৰু, মহ, ভেড়া আৰু ছাগলী আদিৰ মৃতদেহ ভক্ষণ কৰিবলৈ দি সহজে ধন উপাৰ্জন কৰিবলৈ গৈ ন্যস্ত স্বাৰ্থজড়িত লোকে সিহঁতক নিজে পশু স্বীকাৰ কৰি খাব নজনাৰ দৰে অৱস্থাত উপনীত কৰাইছে। কেৱল এয়াই নহয়, মন্দিৰ অথবা পাৰ্ক আদিত বান্দৰ, হৰিণা ইত্যাদি জীৱজন্তুও পুতৌৰ পাত্ৰ হৈ অৰণ্যত নিজৰ খাদ্য নিজে বিচাৰি খাব নজনা হৈছে। সিহঁত পৰমুখাপেক্ষী হৈ মানুহৰ কাষ চাপিছে। জীৱবিজ্ঞানী আৰু পৰিৱেশবিদসকলে এই বিষয়বোৰ অতি উদ্বেগ সহকাৰে নিৰীক্ষণ তথা অধ্যয়ণ কৰি আছে।      
০০০০০০০০সমাপ্ত০০০০০০০০০  


No comments:

Post a Comment