বহু বছৰৰ আগৰ
কথা।আমি তেতিয়া স্কুলীয়া ছাত্ৰ।আমাৰ গাৱঁৰ কাষেদি বৈ যোৱা চাৰিকড়ীয়া নৈত আমি সাঁতুৰিবলৈ আৰু নাও চলাবলৈ শিকিছিলোঁ।ভৰ বাৰিষা
নৈখন ওফন্দি উঠে।দক্ষিণপাৰে থকা আমাৰ চাপৰিখন পানীত বুৰ যায়।এনে এক দিনতে কেইবাজনো
সমনীয়াৰ সৈতে এখন টুলুঙা নাও লৈ চাৰিকড়ীয়া নৈ পাৰহৈ দক্ষিণ ফালৰ চাপৰিলৈ যাত্ৰা কৰিলোঁ।উদ্দেশ্য
চাপৰিত থকা পকা মধুৰী,হেলেচৰ গুটি খোৱা, ইকৰা খাগৰি আদি
গছত লাগি থকা বনৰীয়া ভাত কেৰেলা চিঙি অনা আৰু কহুঁৱা, ইকৰা আৰু খাগৰি গছত ওলমি থকা
টোকোৰা চৰাইৰ বাহৰ পৰা কণী সংগ্ৰহ কৰা।
প্ৰত্যেকে হাতে হাতে
থকা বঠা-লগীৰ জোৰত আমাৰ টুলুঙা নাওখন বিজুলি বেগেৰে গতি কৰি চাপৰিত প্ৰৱেশ
কৰিলে।সাপেখাটি বিলৰ পাৰ পোৱাৰ পিছত কহুঁৱা, ইকৰা আৰু নল-খাগৰিবোৰত ওলমি থকা হাজাৰ
হজাৰ টোকোৰা চৰাইৰ বাহবোৰ দেখি আমি আনন্দত উদ্বাউল হৈ পৰিলোঁ।টোকোৰা চৰাইবোৰে এক উৎসৱমুখৰ পৰিৱেশত কোলাহল কৰি আত্মহাৰা হৈ আছিল।সিহঁতে আমাৰ উপস্থিতিক
যেন কেৰেপেই নকৰি আত্মবিভুৰ হৈ থাকিল।আমি যেয়ে যিমান পাৰোঁ বাহবোৰৰ পৰা কণী সংগ্ৰহ
কৰিলোঁ।
কিছু গৰম পৰিছিল।পকা
হেলেচ খালে ভাল লাগিব।আমি কথাটো আলোচনা কৰি হেলেচ গছৰ তলৰ ফালে নাও ঘূৰাই আগুৱাই
যাব ধৰিলোঁ।গছজোপাৰ তল পাবলৈ কিছুদূৰ থাকোঁতে “ও… ও… ঔ……” বুলি এক দিঘলীয়া উকি হেলেচ
গছজোপাৰ তলৰ পৰা ভাঁহি অহা শুনিলোঁ।নাওখনৰ গতি হ্ৰাস কৰি আমি আটায়ে হেলেচ গছৰ তললৈ চালোঁ।চাই যিটোহে দেখিলো,সকলো
ভয়ত পেপুৱা লাগিলো।কোনেও কাকো একো নোকোৱাকৈ প্ৰত্যেকে হাতৰ বঠা, লগী বাই বিপৰীত
দিশলৈ নাও ঘূৰাই দ্ৰুতগতিত নাও চলাব ধৰিলোঁ।চাৰিকড়ীয়া নৈ পাৰ হৈ পাৰত নাওখন চপোৱাৰ পিচতহে যেন আমাৰ প্ৰাণ ঘূৰি
আহিল।আমি বহুত বেছি ভয় খাইছিলোঁ।আমি আটায়ে জীৱনত প্ৰথম বাৰৰ বাবে ভুত
দেখিলোঁ।হেলেচ গছজোপাৰ তলত থকা গছৰ মুঢ়াত বহি উকি মৰা সেই কিচকিচকৈ ক’লা ভুতটোৰ কথা মনত পৰিলে
এতিয়াও গাৰ নোম ডাল ডাল হৈ পৰে।
-----------------সমাপ্ত---------------
No comments:
Post a Comment