Tuesday 7 July 2020

কৌতুক

গৰুৰ বজাৰত এজন বেপাৰীৰ বলৱান গৰুহাল দেখি এজন গ্ৰাহকে দামদৰ কৰিবলৈ ওচৰ চাপি গ'ল।
গ্ৰাহক--গৰুৰ দাম কিমান লগাইছে?
বেপাৰী--ক'লাটোৰ কথা কৈছে নে ৰঙাটোৰ কথা?
গ্ৰাহক-ক'লাটোৰ দাম কিমান?
বেপাৰী---একলাখ টকা।
গ্ৰাহক--ৰঙাটোৰ দাম?
বেপাৰী--একলাখ টকা।
গ্ৰাহক--গৰুহালে কি খাই ভাল পায়?
বেপাৰী--ক'লাটোৰ কথা সুধিছেনে ৰঙাটোৰ কথা?
গ্ৰাহক--ক'লাটোৱে কি খাই ভাল পায়?
বেপাৰী--ভুচি।
গ্ৰাহক--ৰঙাটোৱে?
বেপাৰী--ভুচি।
গ্ৰাহক--(খঙেৰে) তাকে একে বাৰতে কোৱা নাছিলে কিয়?
বেপাৰী--কাৰণ, ক'লাটো মোৰ।
গ্ৰাহক--ৰঙাটো কাৰ?
বেপাৰী--ৰঙাটোও মোৰ।
গ্ৰাহক--ধুৰ!
______________

No comments:

Post a Comment