Tuesday 7 July 2020

তলাবন্ধৰ সময়ত কৃষক-শ্ৰমিকৰ বিলৈ আৰু ভবিষ্যত নিৰাপত্তাৰ দিশসমূহ


না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশ নিশ্চল হৈ পৰিল।অসংগঠিত খণ্ডৰ কোনো সামাজিক নিৰাপত্তা নথকা বাবে নিয়োগকাৰীৰ কাম বন্ধ হোৱাৰ লগে লগে এই খণ্ডৰ কৰ্মীসকল সকলো দিশৰ পৰাই অতি বেয়া ধৰণে ক্ষতিগ্ৰস্ত হল।অন্যহাতে,দেশৰ অধিকাংশ লোকেই কৃষিখণ্ডত নিয়োজিত হৈ আছে।ইয়াত দেশৰ ৪৫% কৰ্মবাহিনীয়ে কামত নিয়োজিত হৈ আছে।তলাবন্ধৰ সকলোতকৈ অধিক কুপ্ৰভাব যোগান শৃঙ্খল ভঙ্গৰ ওপৰত পৰে।নিয়োগকৰ্তা লোকচানৰ সমুখীন হৈ কৰ্মচাৰীক কামৰ পৰা আঁতৰাই দিয়ে।নিয়োগ বন্ধ হৈ পৰাৰ লগে লগে কৰ্মীসকলৰ আয়ৰ পথো ৰুদ্ধ হৈ পৰিল।তেওঁলোকৰ সঞ্চয় শেষ হৈ যোৱাৰ লগে লগে লোকসকলে আহাৰ-পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হল।এয়া ভয়ানক পৰিস্থিতি।সমগ্ৰ দেশৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বেদনাদায়ক ছবিবোৰ আহিব ধৰিলে।অসমৰ ১৮ জন প্ৰব্ৰজিত শ্ৰমিকে ২২০০ কিলোমিটাৰ চাইকেল চলাই মহাৰাষ্ট্ৰৰ পৰা ঘৰলৈ আহিল।এক দেশৰ শ্লোগান কৰবাত হেৰাই গ, কৰ্মহীন হৈ উপাৰ্জনৰ পথ হেৰুৱাই অসহায় হোৱা শ্ৰমিকক ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ কোনেও আশ্ৰয় দি ৰখাৰ ব্যৱস্থা নকৰিলে।ভাৰাঘৰৰ মালিকে নিৰ্বাসন দিয়া শ্ৰমিকসকলক তলাবন্ধৰ সময়ত ঘৰতে সোমাই থাকিবলৈ কোৱা হল।সেয়ে অসম তথা অন্য ৰাজ্যৰ আন বহুতো প্ৰব্ৰজিত শ্ৰমিকেও শত-সহস্ৰ কিলোমিটাৰ বাট খোজ কাঢ়ি,চাইকেল আৰু মটৰ চাইকেল আদি চলাই তেওঁলোকৰ নিজৰ ঘৰলৈ ঘূৰি আহিল।অনেক শ্ৰমিকে দুৰ্ঘটনাত,বেমাৰত অথবা দুৰ্ভিক্ষত ঘৰ পোৱাৰ পূৰ্বেই প্ৰাণ হেৰুৱালে।এইবোৰ ছবিৰ লগতে পুলিচে প্ৰব্ৰজিতলোকসকলক প্ৰহাৰ কৰা ভিডিঅকিছুমানো ফেচবুক, ইউটিউব আৰু টেলিভিজন আদি সামাজিক মাধ্যমত প্ৰবল ভাৱে সম্প্ৰচাৰ হল। প্ৰথম কনা,তাৰ পিচত ভোক আৰু লগতে আহিল পুলিচৰ ভয়।নিজৰ ৰাজ্যৰ নিজ গৃহলৈ কোনোৰকম প্ৰাণটো লৈ ঘূৰি অহাসকলৰ অৱস্থা সৰ্বজন বিদিত।

তলাবন্ধ ঘোষণা কৰাৰ পিচতেই ২৯ মাৰ্চ, ২০২০ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ কৰ্তাসকলক নিৰ্দেশ দিছিল যে তেওঁলোকে শ্ৰমিকসকলক সম্পূৰ্ণ দৰ্মহা দিয়াৰ লগতে শ্ৰমিকসকলৰ চাকৰিৰ সুৰক্ষা দিব লাগে; কিন্তু শ্ৰমিকসকলৰ বাবে অতি দুৰ্ভাগ্যৰ বিষয় যে পিচত ভাৰত চৰকাৰে সেই নিৰ্দেশ প্ৰত্যাহাৰ কৰে।আনকি প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে বাছ বা ৰেলেৰে নিজ ৰাজ্যৰ স্বগৃহলৈ নিজে টকা যোগাৰ কৰি অহাৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাজ্যিক চৰকাৰসমূহে শ্ৰমিকসকলৰ বাছভাৰা আৰু ৰেলভাৰা বহন কৰিব লাগে বুলি হুকুম জাৰি কৰিব লগা হল।স্বাস্থ্যৰ প্ৰতি এই ভাবুকি সমাজৰ মূল লোকসকলৰ বাবে অৰ্থনৈতিক প্ৰত্যাহ্বান হৈ পৰিল।এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২.৭০ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী দৰিদ্ৰ কল্যাণ পেকেজ মুকলি কৰি দিলে।স্বাস্থ্যৰ ক্ষেত্ৰত দেশৰ অসংগঠিত খণ্ডটোৰ ওপৰত কনাৰ প্ৰভাৱ পৰিছিলেই।এই সকল লোক হল যিয়ে ঠিকা ভিত্তিত কাম কৰে, বা তেওঁলোক শ্ৰমিক আৰু তেওঁলোকে দৈনিক মজুৰিত কাম কৰি পৰিয়াল পোহপাল দিয়ে।এই অসংগঠিত খণ্ডটো কিমান বৃহৎ হব পাৰে সেই লৈ চৰকাৰো জ্ঞাত নাছিল।২০১৯ চনৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুযায়ী দেশৰ সৰ্বমুঠ কৰ্মশক্তিৰ ৯৩% অসংগঠিত খণ্ডৰ সৈতে জড়িত হৈ আছে।দেশৰ অৰ্থনীতিৰ সঞ্চালনত এই অসংগঠিত খণ্ডৰ বৃহৎ অৰিহণা আছে।তথাপিতো এই খণ্ডটোক ৰক্ষনাবেক্ষণ দিয়াৰ কোনো নিগাজী ব্যৱস্থা নাই।২০১৮ চনৰ নিতি আয়োগৰ (NITI Aayog )এক তথ্য অনুযায়ী অসংগঠিত শ্ৰমিকৰ পৰিমাণ ৮৫%। বিগত বৰ্ষত প্ৰকাশ পোৱা পৌন-পুনিক শ্ৰমিক বাহিনী সমীক্ষা ২০১৭-১৮ ৰ তথ্যত মত পোষণ কৰা হৈছে যে অসংঠিত খণ্ডৰ(অনাকৃষি)নিয়মিয়া/বেতনভোগী কৰ্মচাৰীৰ ৭১% ৰ চাকৰিৰ লিখিত চুক্তি পত্ৰ নাই।ইয়াৰে ৫৪.২% লোকে বেতনসহ চুটীৰ পৰাও বঞ্চিত।কেৱল এয়াই নহয়,তেওঁলোকৰ ৪৯.৬%লোক কোনো ধৰণৰ সামাজিক নিৰাপত্তা পাবৰো যোগ্য নহয়। এইটো স্পষ্ট হৈছে যে অসংগঠিত খণ্ডৰ সম্ভাৱনা কেৱল বেছিয়েই নহয় কিন্তু অসুৰক্ষিতো।দেশৰ সৰ্ব বৃহৎ অসংগঠিত অংশই কাম কৰা কৃষি খণ্ডটোও তলাবন্ধত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হল।কনাৰ পিচতে সমস্যা হিচাপে থিয় দিলে ভোক আৰু প্ৰব্ৰজনে।তেওঁলোকে কেৱল কনাৰ লগতে নহয় ভোকৰ লগতো যুঁজ দিব লগা হল।জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ডক্টৰ অমিতাভ কুণ্ডুৰ মতে,এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ নিয়োগ লাভৰ বাবে প্ৰব্ৰজিত হোৱা লোকৰ সংখ্যা ১.৪ কোটি।একেসময়তে, এখন নগৰৰ পৰা আন এখন নগৰলৈ নিয়োগ লাভৰ বাবে যোৱা সকলকো সাঙুৰি ললে সংখ্যাটো বহু কোটি হবগৈ।১৪ মিলিয়ন লোক কেৱল নিৰ্মাণ কাৰ্যৰ দৰে কামত হাজিৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ অন্য ৰাজ্যলৈ গতি কৰে।২০১১-১২ বৰ্ষত ভাৰতীয় উদ্যোগৰ মিত্ৰজোঁটে’(Confederation of Indian Industry চমুকৈ CII)প্ৰকাশ কৰা তথ্য অনুযায়ী,অকৃষি খণ্ডৰ ৭টা মূল খণ্ডত ১৬.৩৫ কোটি লোকে অসংগঠিত খণ্ডত নিয়োজিত হয়।এইবোৰৰ ভিতৰত প্ৰথম স্থানত সামগ্ৰী প্ৰস্তুতকৰণ খণ্ড, দ্বিতীয় স্থানত ব্যৱসায়, হোটেল আৰু ৰেঁষ্টোৰা উদ্যোগ আৰু অশেষত নিৰ্মাণ খণ্ডটো তৃতীয় স্থানত।এইবোৰ খণ্ডৰ শ্ৰমিকৰ প্ৰব্ৰজন অধিক ঘটিছে।২০১১ ৰ পিয়লৰ মতে,দেশৰ মুঠ জনসংখ্যাৰ ২১.৯% লোকক দ্ৰৰিদ্ৰ সীমা ৰেখাৰ তলৰ বুলি গণ্য কৰা হয়। চৰকাৰী তথ্য অনুযায়ী চৰকাৰে ঘোষণা কৰা পেকেজে দেশৰ ৮০ কোটি দ্ৰৰিদ্ৰলোকক উপকৃত কৰিছে।লোক পিয়লে পূৰ্বানুমান কৰিছিল যে দেশৰ দুখীয়া লোকৰ জনসংখ্যা ২৬.৮ কোটি হব।এনে লোকৰ দৈনিক আয় ১৪২.৮০ টকাতকৈও কম।এই লোক সকলেই আটাইতকৈ বেছি  ক্ষতিগ্ৰস্ত হৈছে। এতিয়া প্ৰশ্ন হৈছে এই সকলৰ কিমানৰ জনধন একাউন্ট আছে,কিমান লোক উপকৃত হল।২০১৯ চনৰ জুলাই মাহত লোক সভাত এক প্ৰশ্নৰ উত্তৰ দি বিত্ত বিভাগৰ ৰাজ্যৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছিল যে ২৬ জুন ২০১৯ ৰ লৈকে প্ৰধান মন্ত্ৰী জন ধন যোজনা শিতানত ৩৫.৯৯ কোটি একাউন্ট খোলা হৈছে।ইয়াৰে ২৯.৫৪ কোটি একাউন্ট জীৱিত হৈ আছে।একেসময়তে, চৰকাৰৰ প্ৰধান মন্ত্ৰী জনধন যোজনাৰ ৱেবছাইটত এই আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা ১৮ মাৰ্চ ২০২০ লৈকে ৩৮.২৮ কোটি বুলি প্ৰকাশ কৰিছে।কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা দ্ৰৰিদ্ৰ কল্যাণ পেকেজৰ ১.৭০ লাখ কোটি টকা এইসমূহ একাউন্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হৈছে।চৰকাৰৰ এনেবোৰ আঁচনিয়ে দেশৰ কোটি কোটি দৰিদ্ৰলোকক সাময়িকভাৱে সকাহ দিলেও ই সমস্যা সমাধানৰ পথ হব নোৱাৰে।এই ব্যৱস্থাৰ যোগেদি গৰিষ্ঠ সংখ্যক লোকক আনুষ্ঠানিক অৰ্থনীতিৰ গণ্ডীৰ ভিতৰলৈ আনিছে আৰু হিতাধিকাৰীৰ তালিকাখন দীঘলীয়া হৈছে।দেখা যায় যে এই হিতাধিকাৰীসকলকে শাসনত থকা ৰাজনৈতিক দলে ভোট বেংক গণ্য কৰি নিৰ্বাচনত জয়ী হোৱাৰ সপোন ৰচনা কৰে।কিন্তু দেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে আনুষ্ঠানিক অৰ্থনীতিলৈ অহা হিতাধিকাৰীসকলৰ বাবে চৰকাৰী আচঁনিবোৰ আৰ্শীবাদ নহৈ অভিশাপহে হৈছেগৈ।চৰকাৰী উজলা আচঁনিৰ যোগে লাভ কৰা গেচৰ চিলিণ্ডাৰ পুনৰবাৰ ভৰ্তি কৰিবলৈ হাতত ধন নথকা বাবে খৰিৰ জুইত আগৰ দৰে ৰান্ধি খাব লগীয়া হৈছে,বেংকত একাউন্ট খোলাৰ পিচত বেংকবোৰে মবাইল নম্বৰ বিচৰাত মবাইল ফোন কিনিব লগীয়া হৈছে আৰু তাৰ লগে লগে ইন্টাৰনেট সংযোগ কৰি ধন খৰচ কৰি থাকিব লগীয়া হৈছে।আনকি জনধন একাউন্টৰ ধন বেংকৰ পৰা উঠাবলৈ গৈ ভিৰৰ প্ৰকোপত ত্ৰাহি মধুসুদন সোৱঁৰিব লগা হৈছে আৰু মহামাৰীৰ সময়ত এনে ব্যৱস্থাই ৰোগ সংক্ৰমনৰ সম্ভাৱনা বৃদ্ধি কৰিছে।ইয়াৰ উপৰিও, খাদ্য সুৰক্ষা আচঁনিৰ যোগে চৰকাৰে নবেম্বৰ মাহলৈকে খাদ্য যোগান ধৰিব আৰু তাৰ পিচত কোটি কোটি দৰিদ্ৰলোকৰ জীৱন জীৱীকা  কিদৰে চলিব সেইটোহে চিন্তাৰ বিষয় হৈ পৰিল।সেয়েহে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগে পিছে দেশক আলোড়িত কৰি যোৱা সেই আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগান পুনৰবাৰ আওৰাই তাৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা হল।বেংকবোৰে ঋণ হিচাপে প্ৰদান কৰিব লগীয়া ধনকো ইয়াত অন্তৰ্ভুক্তি কৰা হল।এনে এক পেকেজৰ যোগেদি বৰ্তমানৰ দুৰ্ভিক্ষৰ সময়ত নিবনুৱাসকলক তৎকালিনভাৱে কোনো সকাহ নিব নোৱাৰে বুলি চৰকাৰক যুক্তিসহকাৰে সমালোচনা কৰা হৈছে।   
              
২০১৯ চনৰ গোলকীয় ক্ষুধা সূচকৰ ১১৭ খন দেশৰ ভিতৰত ভাৰত ১০২ স্থানত আছিল।সংযুক্ত ৰাষ্ট্ৰ সংঘৰ অধীনত কাম কৰা খাদ্য আৰু কৃষি সংগঠনৰ দ্বাৰা ২০১৯ চনত মুক্তি পোৱা তথ্য অনুযায়ী, ভাৰতত এনে লোকৰ সংখ্যা ২০১৬-১৮ ত মুঠ জনসংখ্যাৰ ১৪ % আছিল যিসকলে পুষ্টিকৰ আহাৰ লাভ কৰা নাছিল।১৩৫ কোটি জনসংখ্যাৰ তুলনাত এই সংখ্যাটো হয়গৈ ১৮.৯০ কোটি।১.৪ কোটি প্ৰব্ৰজিত লোকৰ পৰিয়ালৰ গড় মাহেকীয়া আয় ৩৫০০ ৰ পৰা ৪০০০ টকাৰ ভিতৰত।যদিহে পাঁচজন লোকেৰে গঠিত এটা পৰিয়ালক এটা গোট বুলি ধৰা হয়, তেতিয়া প্ৰতিজনৰ মাহেকীয়া আয় হয়গৈ ৭০০ ৰ পৰা ৮০০ টকা।এই আয় দেশৰ নগৰ অঞ্চলৰ দৰিদ্ৰ ৰেখাৰ সৈতে সমান।সেয়ে কামৰ সন্ধানত উত্তৰ প্ৰদেশৰ ৪০.২০ লাখ,বিহাৰৰ ৩৬.১৬ লাখ,ৰাজস্থানৰ ১৮.৪৪ লাখ, মধ্য প্ৰদেশৰ ১৮.২৬ লাখ, উৰিষ্যাৰ ০৫.০৩ লাখ কৰ্মীয়ে প্ৰব্ৰজন কৰে।(মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ,পশ্চিম বঙ্গ,গুজৰাট,কেপেলা,পঞ্জাব আৰু অসমকে ধৰি ৭ খন প্ৰধান ৰাজ্যৰ প্ৰব্ৰজনকাৰীৰ আগমনৰ ওপৰত ভিত্তি কৰি)।Source, SENSEX-2011এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ২০ জুন তাৰিখে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ অভিযান ২০২০ৰ পাতনি মেলে।এই আচঁনিৰ যোগে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ৰাজস্থান, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ এই ছখন ৰাজ্যৰ ১১৬খন জিলাৰ(২৫০০০তকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক থকা)প্ৰব্ৰজিত শ্ৰমিকক কৰ্মসংস্থান দিয়া হব।এই আচঁনিৰ সুফলৰ পৰা বঞ্চিত হল অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকল আৰু অসমৰ পৰা নিজ নিজ ৰাজ্যলৈ ঘূৰি যোৱাসকল কিন্তু কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হল।এতিকে,অসম চৰকাৰে ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলক এতিয়া অন্য ৰাজ্যৰ পৰা অহা শ্ৰমিকসকল যিবোৰ প্ৰতিষ্ঠানত মকৰল হৈ আছিল তাতেই সংস্থাপন দিব নোৱাৰে নে?এইবোৰ কথাত মন দিবৰ সময় সমাগত।

অসংগঠিত খণ্ডটো লকডাউনৰ দ্বাৰা অতি বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে।দেশৰ প্ৰায় ৮০%কৰ্মবাহিনী অনানুষ্ঠানিক অৰ্থনীতিৰ ভিতৰত পৰে।চৰকাৰী তথ্য অনুযায়ী, ইয়াৰ ৪% চুক্তিবদ্ধ কৰ্মী।পাঁচজনৰ ভিতৰত এজনে মাত্ৰ পায় মাহেকীয়া বেতন। কৰ্মবাহিনীৰ আধা ভাগেই আত্ম নিয়োজিত।ইয়াত আছে দোকানী, হকাৰ, চেলুনৰ গৰাকী, চাইকেল মেৰামতি কৰোঁতা আৰু জোতা মুচি ইত্যাদি।লকডাউনৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক সংকটৰ পৰা কোনোৱে পৰিত্ৰাণ পাব পৰা নাই।প্ৰকৃততে,অৰ্থনৈতিক ব্যৱস্থাত প্ৰতিটো খণ্ডই ইটোৰ লগত সিটো সংযুক্ত হৈ থাকে।গাঁওবোৰে নগৰলৈ খাদ্য সামগ্ৰী যোগান ধৰে আৰু নগৰবোৰে গাঁওবোৰলৈ বয়-বস্তু পঠায়।লকডাউনৰ ফলত পৰিবহন ব্যৱস্থা সম্পূৰ্ণ বিকল হৈ পৰাত গ্ৰাম্যাঞ্চলত উপাদিত ফচল কৃষকৰ পথাৰতে নষ্ট হল আৰু নগৰৰ বয়-বস্তুৰ যোগানো বন্ধ হোৱাত সৰ্বত্ৰ হাহাকাৰ পৰিস্থিৰ উদ্ভৱ হল।নগৰাঞ্চলত শাক-পাচলি, মাছ-মাংস আদিৰ অভাৱ ঘটিল আৰু গ্ৰাম্যাঞ্চলত প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি হল।সুযোগ সন্ধানী অসাধু ব্যৱসায়ীয়ে অতি চৰাদামত বয়-বস্তু বিক্ৰী কৰি সৰ্বহাৰা লোকৰ মূৰত ৰাম টাঙোন সোধাইছেঅসম চৰকাৰৰ যোগান বিভাগৰ অস্তিত্বক লৈ ৰাজ্যখনৰ সৰ্বস্তৰৰলোকে বাৰম্বাৰ সন্দেহ ব্যক্ত কৰিছেপিচে কি হব,ৰাজ্যখনৰ চৰকাৰেই অসাধু ব্যৱসায়ীৰ ভূমিকাত অবৰ্তীণ হৈ বিশ্ব বজাৰত পেট্ৰলৰ মূল্য নিম্নগামী হোৱাৰ সময়তে ৰাজ্যখনত আকাশলঙ্ঘী মূল্যত পেট্ৰলজাত সামগ্ৰী বিক্ৰী আৰম্ভ কৰাত নিশ্চিতভাৱেই পৰিবহন ব্যয় বৃদ্ধিৰ অজুহাতত গাড়ী ভাৰাৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰ দাম বাঢ়িল আৰু তাৰ সকলো কুপ্ৰভাৱ সৰ্বহাৰা লোকসকলৰ ওপৰতেই পৰিব ধৰিলে।এইদৰেই চৰকাৰী সাহাৰ্যৰ উপকাৰিতাৰ গুণাগুণ লোপ পালে।এতিয়া আকৌ অসম চৰকাৰে নিবনুৱা সংস্থাপনৰ নামত কৃষিভূমিত উদ্যোগ স্থাপনৰ সুযোগ দি আৰ্থিকভাৱে জুৰুলা হৈ পৰা অসমৰ কৃষক শ্ৰমিকসকলৰ যি অলপ কৃষি ভূমি আছে তাকো বহিৰাগত পুঁজিপতিক গতাই দিয়াৰ চক্ৰান্ত কৰি উদ্যোগ নীতিৰ সংশোধন ঘটাইছে।দেখা গৈছে যে অসম চৰকাৰে কৃষক শ্ৰমিকসকলে যাতে প্ৰতিবাদ কৰিব নোৱাৰে সেই উদ্দেশ্যে ইতিমধ্যেই অখিল গগৈৰ দৰে সংগ্ৰামী আৰু প্ৰতিবাদী কৃষক নেতাসকলক উগ্ৰপন্থী সজাই কাৰাবন্দী কৰি থলে।ৰাজ্যখনৰ বৌদ্ধিকমহলে একমুখে ব্যক্ত কৰিছে যে এখন গণতান্ত্ৰিক দেশৰ অসংগঠিত খণ্ডৰ নিপিড়িতসকলৰ হৈ মাত মতা নেতাক কাৰাগাৰত বন্দী কৰি ৰখাটো সমিচীন হোৱা নাই।নিপিড়িত কৃষক-শ্ৰমিকসকলক চৰকাৰে অন্যায় কৰিছে।বালিলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাত বুলি এষাৰ কথা আছে নহয়।দেশৰ গণতান্ত্ৰিক গতিধাৰাৰ সুস্থতা বৰ্তাই নাৰাখিলে চৰকাৰৰ এনে কাৰ্যই সময়ত বুমেৰাং হৈ থিয় দিব আৰু তাৰ পৰিণামত হয়তু বৰ্তমানৰ শাসন কাৰ্য চলাই নিয়া সকলে কৃষক নেতাসকলৰ দৰেই ৰাজনৈতিক আক্ৰোশৰ বলি হব লাগিব।
যি সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বিপৰ্যয়ৰ বাস্তৱ ছবিখন প্ৰত্যক্ষ কৰি তেওঁলোকৰ জীৱন আৰু জীৱীকাৰ সুৰক্ষা দিব পৰাকৈ চৰকাৰে উপযুক্ত শ্ৰমিক আইন প্ৰবৰ্তন কৰিব লাগিছিল সেই সময়তে আমাৰ অসম চৰকাৰে দেশ উদ্ধাৰৰ স্বাৰ্থত তথা পুঁজিপতিক সকাহ দিয়াৰ উদ্দেশ্যে শ্ৰমিকসকলৰ কৰ্মসময় বৃদ্ধিৰ পোষকতা কৰি আইন প্ৰণয়নৰহে যো-জা কৰিছিল আৰু ভোকাতুৰ শ্ৰমিকসকল জাঙুৰ খাই উঠিব লগীয়া হৈছিল।দেশত শ্ৰমিকসকলক সকাহ দিয়াৰ পৰিবৰ্তে পুঁজিপতিক সকাহ দিবলৈ আইন সংশোধন হৈ অহাৰ বাবেই দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব ধৰিলে আৰু চাহিদাৰ নিম্নগামিতাই ইতিমধ্যই অৰ্থনৈতিক বিপৰ্যয় নমাই আনিছিল।ভুতৰ ওপৰত দানহ পৰাদি আহিল কোভিড-১৯ৰ বিভীষিকা।এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আগবঢ়োৱা আগশাৰীৰ অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক পৰামৰ্শদাতা সংস্থাবোৰৰ পৰামৰ্শবোৰ চৰকাৰে মানিবলৈ গলেই যেন পুঁজিপতিৰ স্বাৰ্থত আঘাত লাগিব,সেয়ে দেশৰ চৰকাৰে সৰ্বহাৰা শ্ৰমিকসকলক আৰ্থিকভাৱে সবল কৰাৰ কোনো ধৰণৰ খৰতকীয়া তথা ফলপ্ৰসু আঁচনি হাতত লব পৰা নাই।আমাৰ অসম চৰকাৰে আনকি কৃষক সন্মান নিধিৰ টকা কেইটাও ভোট বেংকৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই দুৰ্নীতিগ্ৰস্তৰ হাতোৰাৰ পৰা মুক্ত কৰি প্ৰকৃত কৃষকসকলক এই দুৰ্যোগৰ বেলিকা দিব পৰা নাইসৰ্বহাৰাসকলে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অৱক্ষয়ৰ কুফল প্ৰত্যক্ষভাৱে ভোগ কৰা বুলি বাস্তৱ পৰিস্থিতিৰ পৰাই এতিয়া বুজিব পৰা হল।এইবোৰ কথা বিৰোধী দলৰ লোকে নিশিকালেও বৰ্তমানৰ পৰিস্থিতিত দেশৰ কোটি কোটিলোকে বুজিব পাৰিছে যে শাসন চলাই থকা ৰাজনৈতিক দলে দৰিদ্ৰৰ হকে(pro poor)কাম কৰা দেখুৱাই ভোট বেংকৰ ৰাজনীতিহে কৰি থাকে।চৰকাৰে প্ৰকৃততে যে পুঁজিপতিৰ প্ৰতিনিধি হৈ কাম কৰি থাকে সেয়া লোকচক্ষুৰ আঁৰত ৰখাত ব্যৰ্থ হৈছেঅৰ্থনৈতিক বিপৰ্যয়ে কথাবোৰ সকলোৱে বুজিব পৰাকৈ পৰিষ্কাৰ কৰি দিলে।সৰ্বহাৰাসকলে বুজিব পাৰিছে বিনামূলীয়া খাদ্য বস্ত্ৰ আদি যোগান ধৰি চৰকাৰে যে কেৱল তেওঁলোকক হিতাধিকাৰী সজাই ভোট বেংকহে গঠন কৰিছে,যিটো কাম পূৰ্বৰ চৰকাৰবোৰেও কৰি আহিছে।চৰকাৰে দৰিদ্ৰৰ হকে লোৱা এনেবোৰ আঁচনিয়ে তেওঁলোকক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰিবনে নকৰে এইবোৰ দৰিদ্ৰসকলেও যে বিচাৰ কৰিব জনা হল সেই কথা উপলব্ধি কৰি শাসনাধিস্থ ৰাজনৈতিক দলৰ চৰকাৰে দৰিদ্ৰসকলক ভোট বেংকৰ স্বাৰ্থত কেৱল হিতাধিকাৰী হিচাপে গণ্য নকৰি প্ৰকৃততেই তেওঁলোকৰ আৰ্থিক উন্নয়নৰ হকে কাম কৰি গলে দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন ঘটাৰ লগে লগে শাসনাধিস্থ ৰাজনৈতিক দলৰো জনপ্ৰিয়তা বিৰোধী দলৰ সমালোচনাই ম্লান কৰিব নোৱাৰে।সেয়েহে চৰকাৰে বাঘজানৰ লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক,নদী বান্ধৰ যোগেদি জলবোমাৰ সৃষ্টি কৰি ৰাজ্যখনৰ নৈপৰীয়ালোকক প্ৰাণৰ সংশয় লৈ দিন অতিবাহিত কৰিবলৈ নিদি তেনে কাম বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ক আৰু কাগজ কল,চেনীকল আৰু মৰাপাটৰ কল আদি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ পুনৰ জীৱিত কৰি তাৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ উপৰিও নিবনুৱাসকলক সংস্থাপিত কৰক।চৰকাৰে পুঁজিপতিৰ পক্ষ এৰি জনতাজনাৰ্দনৰ পৰিত্ৰাণৰ বাবে নিষ্ঠাৰে কাম নকৰিলে সময়ত তেওঁলোকৰো ভৱিষ্যত অন্ধকাৰময় হব।
--------------সমাপ্ত------------

No comments:

Post a Comment