Tuesday 9 June 2020

কৃষিখণ্ডৰ উত্তৰণত কৃষি বীমাৰ ভূমিকা

বিগত কেইটামান বছৰৰ পৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ হাৰ ক্ৰমান্বয়ে অৱনমিত হব ধৰে আৰু বৰ্তমান কনা মহামাৰীৰ প্ৰভাৱত পৰি ই ঋণাত্মক স্থিতিলৈ গতি কৰিছে। কভিড-১৯ য়ে তচনচ কৰা দেশৰ অৰ্থনৈতিক দিশৰ এনে জটিল অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে ২০ লাখ কোটি টকীয়া পেকেজ ঘোষণা কৰি আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে।কভিড-১৯ ৰ দ্বাৰা অতিমাত্ৰা বেয়া ধৰণে প্ৰভাৱিত হোৱা বুলি কৃষিখণ্ডটোক চিনাক্ত কৰি ভাৰত চৰকাৰে কৃষকসকলক দুই লাখ কোটি টকাৰ ঋণ দি কৃষিখণ্ডটোক দ্ৰুতগতিত আধুনিকীকৰণ আৰু তথ্যসমৃদ্ধ(Digitalized)কৰি ভৱিষ্যতৰ সংকট প্ৰতিহত কৰিব পৰাকৈ যোগান শৃঙ্খল লাভৰ লক্ষ্য স্থিৰ কৰি লৈছেকৃষকসকলক এই দুইলাখ কোটি টকাৰ ঋণ কিষাণ ক্ৰেডিট কাৰ্ড আচঁনি যোগে প্ৰদান কৰা হব। পশুপালক আৰু মস্যজীৱিকে ধৰি দেশৰ ২.৫ কোটি কৃষকক এই আচঁনিৰ যোগেদি ৰেহাইকৃত সুদত প্ৰতিষ্ঠানিক ঋণ মঞ্জুৰী দিয়া হব।ইয়াৰ উপৰিও বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে,কৃষকসকলে ৰবিশস্য চপাবলৈ আৰু খাৰিফ ফচলৰ তৈয়াৰীৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ যোগেদি অতিৰিক্তভাৱে জৰুৰী কাৰ্যকৰি পুঁজি হিচাপে ৩০,০০০ কোটি টকা আবন্টন দিয়া হৈছে।


দেশৰ সৰ্বমুঠ ঘৰুৱা উপানলৈ ১৬% অৰিহণা যোগাই অহা ভাৰতবৰ্ষৰ কৃষিখণ্ডটো খৰাং বতৰ আৰু বানপানী আদিৰ দৰে বিপৰ্যয়ৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সম্ভাৱনাৰ ক্ষেত্ৰত অতি প্ৰবল ভাৱে সংবেদনশীল।কৃষকসকলক এনেবোৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰিবলৈ, পিচৰ খেতিৰ বতৰত ঋণ লাভৰ যোগ্য কৰাৰ বাবে সুৰক্ষাৰ ব্যৱস্থা কৰা দৰকাৰ।এই উদ্দেশ্যে ভাৰত চৰকাৰে সময়ে সময়ে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ বহুতো কৃষি আচঁনি প্ৰস্তুত কৰিছে।তাৰে ভিতৰত শস্য বীমা আচঁনিয়ে কৃষকসকলক কৃষি উপাদনৰ অনিশ্চয়তাৰ সমস্যাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব পাৰে। ১৯৭২ চনতে ভাৰতবৰ্ষত কৃষি বীমা আচঁনিৰ শুভাৰম্ভ কৰা হয় যদিও আচঁনিসমূহ আসোঁৱাহপূৰ্ণ প্ৰতিপন্ন হৈছিলঅৱশেষত ৰাষ্ট্ৰীয় কৃষি বীমা আচঁনিৰ(The National Agricultural Insurance Scheme চমুকৈ NAIS)  প্ৰৱৰ্তন কৰা হয়।এই আচঁনিৰ অধীনত ঋণী আৰু অঋণী উভয় কৃষককে সাঙুৰি লৈ হিতাধিকাৰী তালিকাভুক্ত কৰা হয়।এই আচঁনি কাৰ্যকৰি কৰাৰ পিচত ধৰা পৰা আসোঁৱাহবোৰ দূৰ কৰি সংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আচঁনি (The Modified National Agricultural Insurance Scheme চমুকৈ MNAIS) প্ৰবৰ্তন কৰা হয়। এই সংশোধিত আচঁনি বলব কৰাৰ পিচতো সকলো কৃষককে সাঙুৰি লব পৰা নগল।অৱশেষত পূৰ্বৰ আচঁনিখনৰ বেমেজালিবোৰ দূৰ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ  ফ্ৰেব্ৰুৱাৰী মাহত খাৰিফ শস্যৰ বতৰতে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ উদ্বোধন কৰে।প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ উদ্দেশ্য হৈছে- কৃষকসকল শস্য উপাদনত বিফল হলে বীমা সেৱা প্ৰদান কৰা আৰু বিত্তীয় সমৰ্থন আগ বঢোৱা, যাৰ দ্বাৰাই কৃষকসকলৰ আয় সুস্থিৰ হব,ঋণৰ প্ৰবাহশীলতা নিশ্চিত হব আৰু আধুনিক কৃষি প্ৰদ্ধতিৰ প্ৰয়োগ তথা উদ্ভাৱনত উসাহ যোগাব।আচঁনিখনৰ মতে খাৰিফৰ ক্ষেত্ৰত মুঠ প্ৰিমিয়ামৰ ২% কৃষকে দিব লাগে, ৰবি শস্যৰ বাবে দিব লাগে ১.৫% আৰু নগদ শস্যৰ বাবে ভৰিব লাগে ৫% ধন আৰু বাকীখিনি বহন কৰিব লাগে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বিত্ত যোগানৰ নিৰিখৰ ওপৰত ভিত্তি কৰি বীমাৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়।প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাই এক আঞ্চলিকীকৰণ পদ্ধতি অনুসৰণ কৰে, ত(গাঁও, পঞ্চায়ত)বীমাকৃত অঞ্চলৰ ক্ষয়-ক্ষতি একে ধৰণৰ হয়। এক জাননীকৃত অঞ্চলৰ ঋণীসকলক(শস্য ঋণৰ খাটা/কিষাণ ক্ৰেডিদ কাৰ্ড)আচঁনিখনৰ দ্বাৰা সাঙুৰি লোৱাটো বাধ্যতামূলক।বাধা দিব নোৱাৰা সম্ভাব্য ক্ষতি, বাধাগ্ৰস্ত শস্য বপন, শস্য চপোৱাৰ পিচত হোৱা ক্ষয়-ক্ষতি আৰু স্থানীয়ভাৱে সংঘটিত বিপৰ্যয়-বিপত্তি আদিৰ বাবে হোৱা ফচলৰ ক্ষতিক বীমা আচঁনিখনে আকোঁৱালি লব। সাতটা বছৰৰ তথ্য আৰু ক্ষতিপূৰণৰ স্তৰসমূহৰ ওপৰত ভিত্তি কৰি আৰম্ভণি ফচল নিৰ্ণয় কৰা হব। আৰম্ভণি ফচলৰ পৰা হ্ৰাসপ্ৰাপ্ত অনুপাতক বীমাকৃত পৰিমাণেৰে পূৰণ কৰি ক্ষতিপূৰণৰ দাবী ধাৰ্য কৰা হয়।ৰাজ্যসমূহে প্ৰেৰণ কৰা বিত্ত যোগানৰ পৰিমাপ আৰু ক্ষতি পূৰণৰ পৰিসৰসমূহ পোৱাৰ পিচত বীমা কোম্পানীবোৰে ক্ষতিপূৰণৰ নিৰিখ নিৰ্ধাৰণ কৰে। 

বতৰৰ ওপৰত নিৰ্ভৰশীল অসমৰ কৃষি খণ্ডৰ গতিধাৰাৰ ওপৰত আলোকপাত কৰি শস্য বীমা আচঁনিৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰাটো আমাৰ বাবে সাম্প্ৰতিক সময়ত অতি জৰুৰী বিষয় হৈ পৰিছে।কাৰণ,ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ কৰা তলাবন্ধৰ ফলত লাখ লাখ শিক্ষিত-অশিক্ষিত যুৱক-যুৱতী ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে।ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সংস্থাপনৰ বাবে অলপতে "প্ৰধান মন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ অভিযান,২০২০" প্ৰবৰ্তন কৰি ভাৰত চৰকাৰে বঞ্চিত কৰা অসমৰ বহিৰাজ্যৰ পৰা অহা কৰ্মহীন শ্ৰমিকসকলৰ একাংশই অসমৰ গুণী-জ্ঞানীলোকৰ উৎসাহ-উদ্দীপনা,পৰা্মৰ্শ আৰু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত কৃষি কৰ্মত আত্মনিয়োগ কৰিছে।দৰাচলতে,অসমৰ অৰ্থনীতি প্ৰাথমিকভাৱে কৃষিৰ ওপৰতেই নিৰ্ভৰশীল।প্ৰত্যক্ষ আৰু প্ৰৰোক্ষভাৱে সৰ্বমুঠ কৰ্মীবাহিনীৰ ৫৩%অধিক সংখ্যক লোকক নিয়োগৰ সুবিধা প্ৰদান কৰি কৃষিখণ্ডই ৰাজ্যৰ অৰ্থনীতিলৈ ৭৫%তকৈ অধিক সমৰ্থন আগবঢ়াইছে।অসমৰ ৭০ লাখ ৮০ হেজাৰ হেক্টৰ ভৌগলিক ক্ষেত্ৰৰ ৪০ লাখ হেক্টৰ ভূমিত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয়।অৱশ্যে ইয়াৰে মাথো ৫.৪% কৃষি ক্ষেত্ৰতহে জলসিঞ্চণৰ ব্যৱস্থা কৰা হৈছে।কৃষি কাৰ্যৰ যোগেদি গ্ৰাম্য অৰ্থনীতিলৈ অপৰিহাৰ্য অৰিহণা আগ বঢ়াই অহা অসমৰ কৃষকসকলে প্ৰতি বছৰতে নদ-নদীবোৰে বাৰিষাৰ বতৰত নমাই অনা ঢলৰ বাবে আৰু নদীবান্ধবোৰে এৰি দিয়া অতিৰিক্ত পানীৰ দ্বাৰা সৃষ্টি হোৱা বানৰ কবলত পৰি যথেষ্ট ক্ষয়-ক্ষতিৰ সন্মুখীন হৈ আহিছে।তাৰোপৰি, ধুমুহা-বামাৰলিৰ তাণ্ডব, পোক পতঙ্গৰ আক্ৰমণ, খৰাং বতৰৰ কু-প্ৰভাৱ, তৈল্য খাদ আৰু কয়লা খনি আদিয়ে ঠায়ে ঠায়ে কৃষি ভূমিৰ অনিষ্ট সাধন কৰা আৰু অভয়াৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চলত বন্য হস্তীৰ উপদ্ৰব আদি কাৰণত কৃষকসকলৰ ফচল উপাদন বহু পৰিমাণে কমি যায়।শস্য বীমা আচঁনিৰ যোগেদি কৃষকসকলক এই ক্ষেত্ৰত কিছু সকাহ দিয়াৰ অৱকাশ থকা সত্ত্বেও সেয়া আংশিক ভাৱেও ফলৱতী হৈ উঠা বুলি কব নোৱাৰি।শস্য বীমা আচঁনিবোৰে বেংকৰ পৰা ঋণ লোৱা তেনেই নগণ্য সংখ্যক কৃষককহে সামান্যতম আৰ্থিক সকাহ প্ৰদান কৰি আহিছে।শস্য বীমা আচঁনিয়ে কাকোৱেই বঞ্চিত নকৰি অসমৰ ঋণ লোৱা অথবা নোলোৱা প্ৰতিগৰাকী কৃষককে সাঙুৰি লোৱা দৰকাৰ। কাৰিকৰি কাৰণত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাত ২০১৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত অসম চৰকাৰে আচঁনিখন বলব কৰিব নোৱাৰিলে। ২০১৬-১৭ বৰ্ষৰ ৰবি শস্যৰ বতৰৰ পৰা অসমৰ ২৬ খন জিলাত বলব হোৱাকৈ কৃষকসকলৰ সৰিয়হ, আলু, শালিধান, কুঁহিয়াৰ আৰু ঘেঁহু এই পাঁচ বিধ জাননীকৃত শস্যৰ ক্ষেত্ৰত শস্য বীমা যোজনা আৰম্ভ কৰা হয়।উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষি বিভাগে সম্প্ৰচাৰ কৰিছে যে চৰকাৰে শস্য বীমা আচঁনিক কৃষকৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ প্ৰয়াস কৰিছেসেই উদ্দেশ্যে শস্য বীমা কৰা কৃষকক সকাহ দিবলৈ ২০১৬-১৭ বৰ্ষত কৃষি বিভাগে ২০১৩ বৰ্ষৰ পৰা ২০১৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰলৈ শস্য বীমা আচঁনিৰ প্ৰিমিয়াম অনুদান ৭,৫৪,০৮,৮১৬.০০ টকা কৃষকৰ হৈ নটা ভিন ভিন বীমা কোম্পানীলৈ মুকলি কৰি দিছে।যদিওবা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, অসমৰ দ্বাৰা ঘোষিত তথ্য মতে(কৃষি জৰীপ,২০১০-১১) অসমত মুঠ ৩৭.৩১ লাখ কৃষক আছে চৰকাৰী তথ্য অনুযায়ী ২০১৬-১৭ ৰ ৰবি শস্যৰ বতৰত সৰ্বমুঠ ৮১০৪(ইয়াৰে মাত্ৰ ২৭ জন অঋণী কৃষক)গৰাকী কৃষকক বীমা আচঁনিৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ৪১৪০ হেক্টৰ কৃষি ভূমি বীমাকৰণৰ বাবে বীমাৰ প্ৰিমিয়াম ১,৬৮,২১,২৬২.০০ টকা আদায় দিয়া হৈছিল। উল্লেখযোগ্য যে, কৃষকসকলক আচঁনিখনৰ যোগদি বিতৰণ কৰা ক্ষতিপূৰণৰ বিতং তথ্য জানিব পৰা নগলেও সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুযায়ী, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ৰক্ষী সমিতিৰ(State Level Coordination Committee on Crop Insurance for PMFBY) নিৰ্দেশত আচঁনি বলবকাৰী এজেঞ্চিয়ে ২০১৬-১৭ ৰবি শস্য বতৰৰ বাবে ৭৬ জন কৃষকৰ বাবে মাত্ৰ ১৩.৬ লাখ টকাৰ ক্ষতিপূৰণ ধাৰ্য কৰে।(Source: http//;agri-horti.assam.govt.in) এইসমূহ তথ্যৰ পৰা এই কথা প্ৰতিপন্ন হয় যে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ যোগেদি অসমৰ নানা সমস্যাৰে জৰ্জৰিত কৃষকসকল বিশেষ ভাৱে উপকৃত হোৱা নাই ।

চলিত বৰ্ষৰ (২০২০)২০ জুন তাৰিখে কৃষি সঞ্চালকালয়ৰ চৌহদত এইচ ডি এফ চি আৰ্গো কোম্পানীৰ প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা কৃষক সজাগতা বাহন এখনৰ ফ্লেগ অফ অনুষ্ঠানত বক্তব্য ৰাখি অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, ২০১৯-২০ বৰ্ষৰ খাৰিফ আৰু ৰবিৰ বতৰত মুঠ ৯,৭১, ৮২০ গৰাকী কৃষকক প্ৰধান মন্ত্ৰী ফচল বীমা  যোজনাৰ দ্বাৰা সাঙুৰি লোৱা হৈছে।লগতে তেওঁ কয় যে ,কৃষকৰ সুবিধাৰ বাবে এগ্ৰিকালচাৰ ইন্সুৰেন্স কোম্পানী অব ইণ্ডিয়া লিমিটেড, এইচ ডি এফ চি আৰ্গো জেনেৰেল ইন্সুৰেন্স কোম্পানী লিমিটেড আৰু এগ্ৰিকালচাৰ ইন্সুৰেন্স কোম্পানী অব ইণ্ডিয়া নামৰ তিনিটা বীমা কোম্পানীক ৰাজ্যখনৰ বিভিন্ন জিলাৰ কৃষক ৰাইজক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে কাম কৰিবলৈ দায়িত্ব দিয়া হৈছে।'বাতৰি কাকতত  প্ৰকাশিত এই খবৰটো অসমৰ কৃষকসকলৰ  বাবে কিছু উৎসাহজনক এই বাবেই যে, পূৰ্বৰ বছৰবোৰৰ তুলনাত আচঁনিখনে অধিকসংখ্যক কৃষকক সাঙুৰি ল'ব। কিন্তু অসমৰ সৰ্বমুঠ ৩৮.৩১ লাখ কৃষকৰ প্ৰায় ৭৫ শতাংশ  কৃষকেই আচঁনিখনৰ বাহিৰত ৰৈ যাব।তাৰোপৰি, আচঁনিভুক্ত কৃষকসকল কিমান উপকৃত হ'ব সেইটোও  বিচাৰ্যৰ বিষয়। 

গৱেষকসকলে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা ৰ বিভিন্ন দিশ চালি জাৰি চাই মন্তব্য কৰিছে যে বীমা কোম্পানীবোৰে শস্য চপোৱা পৰীক্ষণৰ(Crop Cutting Experiment চমুকৈ CCE)তথ্যৰ ওপৰত সন্দিহান হৈ আপত্তি দৰ্শাই আৰু এনে কাৰ্যই ক্ষতিপূৰণ প্ৰক্ৰিয়া নিশ্চল কৰি দিয়ে,কোম্পানীবোৰে যাতে কম পৰিমাণৰ ক্ষতিপূৰণ দিব লগা হয় তাৰ বাবে বহু চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অন্যহাতে,কৃষকসকলে সাধাৰণতে প্ৰিমিয়াম কৰ্তনক বিনিয়োগ বুলি বিবেচনা কৰে আৰু ক্ষতিপূৰণৰ ধন নাহিলে(তেওঁলোক যোগ্য হওক বা নহওক)বীমা কোম্পানীৰ বিৰুদ্ধে এক বলিষ্ঠ মতবাদ পোষণ কৰে।বীমা কোম্পানীবোৰে 'বেয়া সম্ভাব্য ক্ষতিবোৰ'ৰ বীমা কৰি 'ভাল সম্ভাব্য ক্ষতিবোৰ' বাদ দিয়ে আৰু ইয়াৰ ফলত বীমাৰ প্ৰিমিয়াম অতি উচ্চ হয়, বীমা কোম্পানীবোৰৰ বাবে এয়া নিশ্চয় বহনক্ষম ব্যৱসায় আৰ্হি বা মডেল হব নোৱাৰে। ইয়াৰ ফলত ঋণ পৰিশোধত জন্মা ব্যাঘাতে বিত্তীয় প্ৰতিষ্ঠানৰ হানি কৰে।
               
প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বেষ্টনীৰ পৰা অলপতে বাহিৰ হৈ দিয়া ৰাজ্য দুখন হৈছে ঝাৰখণ্ড আৰু টেলেঙ্গনা।পশ্চিম বঙ্গ, বিহাৰ, পাঞ্জাব আৰু অন্ধপ্ৰদেশৰ দৰে ৰাজ্যবোৰে ইতিমধ্যেই আচঁনিখনৰ পৰা বাহিৰ হৈছিলআচঁনিখন সফল হোৱা নাই আৰু সাম্প্ৰতিক তথ্যই অবগত কৰে যে আৰু ২৫% অন্তৰ্ভুক্তিকৰণ হ্ৰাস পাব পাৰে।আচঁনিখন কাৰ্যকৰীকৰণত অনেক সমস্যাৰ উদ্ভৱ হৈছে।প্ৰথম কথা হ, ৰাজ্যসমূহে স্বেচ্ছাই আচঁনিখনত যোগদানৰ অৱকাশ আছে।বহুতো ৰাজ্যই আচঁনিখনৰ পৰা বাহিৰত থকাটো পছন্দ কৰিছে, কাৰণ তেওঁলোকৰ প্ৰিমিয়ামৰ অংশটো বেছি। ইয়াৰ ফলত তেওঁলোকৰ বাজেটখন নষ্ট কৰিব।দ্বিতীয়তে, এই বছৰৰ(2020) ফ্ৰেব্ৰুৱাৰী মাহত  এক সংশোধন ঘটাই কেন্দ্ৰীয় চৰকাৰে আচঁনিখনৰ বাবে দিব লগা তেওঁলোকৰ প্ৰিমিয়ামৰ অংশ জলসিঞ্চন থকা ক্ষেত্ৰৰ বাবে ৫০% ঠাইত ২৫% আৰু জল সিঞ্চন নথকা ক্ষেত্ৰত ৩০% লৈ অৱনমিত কৰিলে।এই কাৰ্যৰ ফলত প্ৰিমিয়ামৰ সিংহভাগ বহন কৰিব লগীয়া হোৱাত ৰাজ্যসমূহৰ ওপৰত এক বোজা পৰিল।তাৰোপৰি, কৃষকসকলে তেওঁলোকৰ বীমাৰ ক্ষতিপূৰণ সময়মতে লাভ নকৰা, বীমা কোম্পানী আৰু কৃষকৰ মাজত সংযোগ নথকা বুলি অভিযোগ কৰিছে।কৃষকসকলে অভিযোগ কৰে যে বীমা কোম্পানীবোৰে এই আচঁনিৰ যোগেদি অভাৱনীয় লাভৰ সুযোগ পাইছে।বীমা কোম্পানীবোৰে গ্ৰাম্য বুনিয়াদ নিৰ্মাণৰ বাবে বিশেষ কোনো বিনিয়োগ নকৰা বাবে অধিকাংশ কৃষক আচঁনিখনৰ বিষয়ে জ্ঞাত নহয়।ভাৰতবৰ্ষৰ কেগৰ(Comptroller and Auditor  General of India) ২০১৭ চনৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে কৃষকসকলৰ তিনিভাগৰ দুই ভাগেই আচঁনিখনৰ সন্দৰ্ভত জ্ঞাত নহয়।অন্যহাতে, শস্য বীমাৰ ক্ষতিপূৰণৰ ধন পলমকৈ দিয়া বীমা কোম্পানীবোৰে তেওঁলোকৰ ওপৰত আৰোপিত জৰিমনা সুদৰ ধনো আদায় দিয়া নাই। বীমা কোম্পানীবোৰে কৃষকসকলক ভালেমান মাহ পৰ্যন্ত ক্ষতিপূৰণৰ ধন পৰিশোধ কৰা নাই বাবে চৰকাৰে জৰিমনা সুদ দিবলৈ নিৰ্দেশ দিয়াৰ পিচতো কেইবাবছৰলৈ কোম্পানীবোৰে তাকো জমা দিয়া নাই।এই কথা তথ্য জনা অধিকাৰ আইন যোগে প্ৰশ্ন কৰি জানিব পৰা গৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে জনাইছে যে জৰিমনা সুদৰ বাবদ পাঁচটা বীমা কোম্পানীয়ে জৰিমনা ৪.২১ কোটি টকাও আদায় দিয়া নাই। ইয়াৰ বিপৰীতে, বীমা কোম্পানীবোৰে নানা ধৰণৰ ওজৰ -আপত্তিহে দাখিল কৰিছে।জানিব পৰামতে, ২০১৮ চনৰ নবেম্বৰ মাহৰ পৰা বিগত সোতৰটা  মাহ ধৰি প্ৰায় ১১,০০০ কোটি টকা অনাদায় হৈ আছে।গতিকে ক্ষতিপূৰণ সময়মতে পৰিশোধৰ বাবে এক সুব্যৱস্থা থকা দৰকাৰ আৰু কৃষক, চৰকাৰ আৰু বীমা কোম্পানীক সাঙুৰি লৈ এক স্বচ্ছ সমন্বয়ৰ সেঁতু নিৰ্মাণ কৰা দৰকাৰ।আচনিখনৰ যোগেদি যাতে অধিক লাভৱান হ'ব পাৰি  তাৰ বাবে কৃষকসকলেও শস্য বীমা আচঁনিৰ সন্দৰ্ভত সম্যক জ্ঞান আহৰণ কৰা দৰকাৰ।এই আচঁনিখন সুচাৰুৰূপে বলবৎ কৰণত আমাৰ অসম চৰকাৰে চোকা দৃষ্টি ৰখা উচিত যাতে আচঁনিখনে মাথো পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰি কৃষক তথা চৰকাৰৰ বাবে উদ্বন্ধন হৈ নপৰে।
----------------------সমাপ্ত----------------

No comments:

Post a Comment