Tuesday 2 April 2013

ৰবট



(চুটি গল্প)
ক্ৰিং…..ক্ৰিং ক্ৰিং , মিঃ বি. বি. বৰুৱাই ৰিং কৰি কৰি যেন ভাগৰি পৰা ম’বাইল ফোনটোক সকাহ দিবলৈ নহয় , তাৰ চিৎকাৰ ধ্বনিত বিৰক্ত হোৱা নিজৰ শ্ৰৱণেন্দ্ৰিয়ক শান্তি দিবলৈকে অনিছ্ছা সত্ত্বেও ফোনটো হঠাৎ হাতত তুলি ল’লে ৷

“ হেল্ল……… ৷ মিচেছ বি. বি. বৰুৱাক বিচাৰিছে ? ….হয় আছে ৷ তেওঁ বাথৰুমত ৷ .. হয় যাব, মই ক’ম বাৰু ৷ থৈছো ৷ ”

এক অনামী বিৰক্তিৰ ভাৱ মিঃ বৰুৱাৰ মুখায়বত ফুটি উঠিল ৷ ফোনত মিচেছ বি. বৰুৱাকেই যে কোনোবাই বিচাৰিব সেই কথা জানে বাবেই মিঃ বৰুৱাই ফোনটো ধৰা নাছিল ৷ মিচেছ বৰুৱা বা জীয়েক মিছ চুমীৰ ম’বাইল ফোনত সংযোগ স্থাপন কৰিব নোৱাৰিলে বহুতে মিঃ বৱুৱাৰ ফোন নম্বৰকে ডায়েল কৰে ৷ ফোনত মিচেছ বৰুৱাক বিচাৰে ৷ মিঃ বৰুৱাই মিচেছ বৰুৱাৰ হাতত ফোনটো তুলি দিয়ে ৷ ঘৰলৈ কোনোবা আহিলেও মিঃ বৰুৱাক লগ পালে সোধে , “ মিচেছ বৰুৱা আছেনে ? অলপ লগ পাব খুজিছিলো ৷ ” মিঃ বৰুৱাই মিচেছ বৰুৱাক খবৰটো জনাই নিজৰ কোঠাত স্ব-বন্দীত্ব বৰণ কৰে ৷

কথা-বতৰাৰ অন্তত আগন্তুকক বিদায় দি মিচেছ বৰুৱা গৈ মিঃ বৰুৱাৰ ওচৰ পায়গৈ আৰু কয় , “ হেৰা, শুনাচোন শুনা ৷ এই যে পল্লব দুৱৰা আহিছিল , তেওঁৰ ফাইলটো তোমাৰ টেবুলত কাইলৈ পৰিবহি ৷ তেওঁ একলাখ টকা দি গৈছে ৷ প্ৰপ’জেলটো sanction কৰি দিবা ৷ ” বচ ৷ কথা ইমানেই ৷ মিঃ বৰুৱাৰ ক’ব লগা একো নাই ৷ এইদৰেই মিঃ বৰুৱাই অফিচৰ কাম চলাই আছে ৷ মিঃ বৱুৱাই স্বাক্ষৰ প্ৰদান কৰিলেই সকলো হৈ যায় ৷ মিঃ বৰুৱাই তেনেকৈয়ে স্বাক্ষৰ প্ৰদান কৰি আছে প্ৰপ’জেল সমূহত ৷ প্ৰ’পজেলত কিবা ভুল থাকিলে তলতীয়া বিষয়া –কৰ্মচাৰীয়ে জবাব দিব লাগিব , কিন্তু সদ্যহতে মিচেছ বৰুৱাই তেওঁলোকৰ জীৱন –ধাৰাৰ যি এক অলিখিত প্ৰপ’জেল প্ৰস্তুত কৰি মিঃ বৰুৱাৰ বিবেকৰ স্বাক্ষৰ আদায় কৰিব খুজিছে , তাক লৈহে কিছুদিনৰ পৰা তেওঁ চিন্তিত হৈ পৰিছে ৷



“ হেৰা , কোনোবাই ফোন কৰিছিল নেকি ?”

মিঃ বৰুৱাই চিন্তা- সাগৰত ডুব গৈ আছিল বাবে মিচেছ বৰুৱাই কোৱা কথা কৰ্ণগোচৰ নহ’ল ৷

“ তুমি ই . এন, টি. ক্লিনিকলৈ যাব লাগিব বুজিছা ৷ ”

মিচেছ বৰুৱাৰ বক্ৰোক্তি শুনিহে মিঃ বৰুৱাই মাত লগালে , “ কিবা কৈছিলা ? “

“ কি চিন্তা কৰি থাকাহে ? মাতি থাকিলেও মাত নিদিয়া ৷ মই সুধিছো কোনে ফোন কৰিছিল ? “

“ তোমালোকৰ পাৰ্টিৰ চীফে ৷ তোমাক আধাঘন্টাৰ ভিতৰতে পাৰ্টিৰ অফিচত বিশেষ জৰুৰী কামৰ বাবে লগ পাব খুজিছে ৷” – মিঃ বৰুৱাই ক’লে ৷

“ হয় নেকি : এইটো যে কিমান গুৰুত্বপূৰ্ণ খবৰ তুমি তাকো বুজি নোপোৱা ৷ কি মুৰ্খহে তুমি ৷”

খং আৰু উত্তেজনা মিশ্ৰিত সুৰত কথাখিনি কৈ মিচেছ বৰুৱাই ঘৰৰ পৰা ওলাই মাৰুতি কাৰখনত বহিলগৈ ৷ চেলফত চাবিৰ পাক দি ষ্টাৰ্ট কৰি মহানগৰীৰ মধ্যস্থললৈ যোৱা ৰাস্তাইদি মাৰুতি কাৰৰ গতি –বেগ তীব্ৰ কৰি দিলে ৷ মিঃ বৰুৱাই ঘৰৰ বাৰান্দাৰ পৰা মিচেছ বৰুৱাৰ মাৰুতি-কাৰখন যোৱাৰ ফালে কিছুপৰ আকাশেদি উৰি যোৱা পৰিভ্ৰমী পক্ষীলৈ দৃষ্টি নিক্ষেপ কৰাদি কৰি অৱশেষত নিজৰ কোঠালৈ আহি বিছনাত বাগৰ দি ভাৱ-ৰাজ্যত প্ৰৱেশ কৰিলে ৷

কেইবছৰমানৰ পূৰ্বৰে পৰা মিঃ বৰুৱাই মিচেছ বৰুৱাৰ চাল-চলনত ভিতৰি –ভিতৰি বিৰক্ত হৈ আহিছে যদিও প্ৰতিবাদৰ এটা শব্দও ব্যক্ত কৰাৰ সাহস গোটাব পৰা নাই ৷ তেনে কৰিলে পেট্ৰল ডিপোৰ

প্ৰাঙ্গনত জুইশলাৰ কাঠি জ্বলোৱাৰ দৰেই বিপদজনক কাম কৰা হ’ব ৷ অব্যক্ত ক্ষোভ অন্তৰত লৈ থাকি আত্মদহনকে সহ্য কৰি আছে মিঃ বৰুৱাই ৷ মানুহে অন্তৰৰ দুখ –বেদনাবোৰ লগৰীয়া বা বন্ধু –বান্ধৱৰ আগত প্ৰকাশ কৰি সমবেদনা লাভৰ যোগেদি সেইবোৰৰ জ্বালা –যন্ত্ৰণাৰ পৰা নিজকে কিছু সকাহ দিব পাৰে ; কিন্তু জীৱন সঙ্গীনীয়ে দিয়া দুখ-বেজাৰৰ পৰা উপশম পাবলৈ কি কৰিব ?

আচলতে মিঃ বৰুৱাই মিচেছ বৰুৱাৰ চালচলনত এক সন্দেহভাৱ পোষণ কৰিছে , আৰু সেয়া যে অমূলক নহয় , তাতো তেওঁ নিশ্চিত হৈছে ৷ কাৰণ, টেলিফোনত নিজকে পাৰ্টিৰ চীফ বুলি পৰিচয় দি মিচেছ বৰুৱাক যিজনে মাতি পঠিয়াইছে তেওঁ এজন আত্মপৰিচয় গোপনকাৰী তথা মিচেছ বৰুৱাৰ প্ৰণয়প্ৰাৰ্থীহে ৷ কিয়নো , মিচেছ বৰুৱাৰ পাৰ্টিৰ চীফ মিঃ চলিহাই আজি অসমৰ বাহিৰলৈ গমন কৰিছে বুলি মিঃ বৰুৱাৰ জ্ঞাত ৷ এতিয়া সত্য প্ৰমাণিত কৰি মিচেছ বৰুৱাৰ মুখা খুলি দিলে যি পৰিণতি হ’ব তালৈকো মিঃ বৰুৱাই ভয় কৰে ৷ এনে কথাবোৰ চিন্তা কৰিলে মিঃ বৰুৱাৰ জীৱনৰ প্ৰতি বিতৃষ্ণা জন্মে ; কিন্তু অসমৰ বাহিৰত পঢ়াই থকা ল’ৰা-ছোৱালী দুটিৰ জীৱনৰ কথা ভাৱিলেই তেওঁ জীয়াই থকাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে ৷ দুঃচিন্তাত দিন অতিবাহিত কৰি মিঃ বৰুৱাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ; কিন্তু মিচেছ বৰুৱাৰ স্বাস্থ্য, ৰূপচৰ্চা যোগব্যামৰ দ্বাৰা চিৰসেউজ হৈয়ে আছে ৷ মিচেছ বৰুৱাৰ ৰূপ লাৱণ্যও এতিয়া মিঃ বৰুৱাৰ বাবে এক বিপদ সংকেত হৈ পৰিছে ৷




মিঃ বৰুৱাই উজনি অসমৰ শিক্ষা-ক্ষেত্ৰত আগবঢ়া এখন ঠাইত এটি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁৰ প্ৰকৃত নাম আছিল বিনয় চুতীয়া ৷ পিতৃ আছিল এজন খেতিয়ক ৷ দুবেলা দুমুঠি খাই কথমপি দিন অতিবাহিত কৰা লোক ৷ তথাপিও দেউতাকে তিনিওজন পুত্ৰকে পঢ়া-শুনাত লগাই থাকিল ৷ জীয়েক কেইজনীক পঢ়া-শুনা কৰিবলৈ নিদি আৰ্থিক দিশত স্বচ্ছল লোকলৈ ততালিকে বিয়া দি দেউতাকে বুদ্ধিমানৰ কাম কৰিলে ৷ ডাঙৰজন ভিনীহিয়েকেই বিনয়ক শ্বিলঙত বি. এ. পঢ়াৰ খৰচ দিলে ৷ বিনয়ে বি.এ. পাছ কৰি প্ৰথমে স্থানীয় উচ্চ ইংৰাজী বিদ্যালয় এখনত শিক্ষকতাৰ চাকৰি কৰিছিল ৷ পিছত , বৰ্তমানে তেওঁ সঞ্চালক পদবী চম্ভালি থকা বিভাগটোৰ পৰিদৰ্শকৰ চাকৰি পাই গুচি গ’ল ৷ পৰিদৰ্শক বিনয় চুতীয়াই তেওঁৰ ডাঙৰ বায়েক আৰু ভিনীহিয়েকক দুই –এবছৰলৈ কৃতজ্ঞতাৰ চিহ্ন স্বৰূপে দুই এপদ কাপোৰ-কানি বিহুৱে-সংক্ৰান্তিয়ে উপহাৰ স্বৰূপে দিছিল ৷ কিন্তু মিচেছ বৰুৱাক বিয়া কৰাই তেওঁ সকলোকে পাহৰি গ’ল ৷ তেওঁ নিজৰ নাম সলাই বিনয় চুতীয়াৰ পৰা মিষ্টাৰ বিনয় ভূষণ বৰুৱা কৰি ল’লে ৷ মিঃ বিনয় ভূষণ বৰুৱা আৰু মিচেছ বি. বৰুৱা যেন ভিন্ন গ্ৰহৰ প্ৰাণীলৈ ৰূপান্তৰিত হ’ল –যিয়ে মাথো জানে যে যিকোনো উপায়েৰে ধন ঘটিব লাগে ৷ ধন লাগে, বিলাসী লাগে, অট্টালিকা লাগে আৰু লাগে গাদী –য’ত বহিলে ছপাশালত ছপা হৈ কাগজ বাহিৰ হৈ পৰাদি সমুখত অহৰহ ধন আহি পৰে ৷ হৃদয় ? হৃদয় ধনেৰেও কিনিব পাৰি- মিচেছ বৰুৱাই ভাৱে ৷ মিঃ বৰুৱাই ক’ব খুজিলেও ক’ব নোৱাৰিব যে মৰম-স্নেহ ধনেৰে কিনিব পৰা বস্তু নহয় ৷

মিঃ বৰুৱাই তেওঁৰ অতীত জীৱনৰ কথা মিচেছ বৰুৱাক ক’ব নোৱাৰে ৷ কাৰণ, এইবোৰ অলাগতিয়াল কথা শুনিবলৈ মিচেছ বৰুৱাৰ সময় নাই ৷ মিঃ বৰুৱাৰ ডাঙৰ বায়েকৰ সৰুজনী জীয়েক আৰু খুৰাকৰ জীয়েক আহিছিল নাৰ্চিং কৰ্চত নামভৰ্তিৰ সাক্ষাৎকাৰৰ বাবে ৷ দুয়োজনীকে নাৰ্চিং কৰ্চত নামভৰ্তি কৰাই দিয়াৰ ঠিকা অযাচিতে ল’লে মিচেছ বি. বৰুৱাই ৷ দুয়োজনীৰ পৰা মুঠ এক লাখ টকা লৈ সেই টকা নিৰ্বাচনৰ প্ৰাৰ্থী হৈ নিজে জয়ী হোৱাৰ প্ৰচেষ্টাত ব্যয় কৰিলে ৷ এই কথাত মিঃ বৰুৱাই মনত বেজাৰ পাইছিল ; কিন্তু মুখেৰে মিচেছ বৰুৱাক এষাৰ কথাও ক’ব নোৱাৰিলে ৷ মিচেছ বৰুৱাই বিবাহ-উপযুক্ত বয়স পাৰহৈ যাব খোজা দুৰ্ভগীয়া ছোৱালী দুজনীক নাম ভৰ্তি কৰাই দিব নোৱাৰিলে আৰু টকাখিনিও ঘূৰাই নিদিয়াত মিঃ বৰুৱাই এক অবুজ বেদনা বুকুত লৈ থাকিব লগা হৈছে ৷ নিজে সেই টকা ঘূৰাই দিয়াৰ ক্ষমতাও তেওঁ বহুবছৰৰ পূৰ্বেই হেৰুৱাই পেলাইছে ৷ মিচেছ বৰুৱাৰ অনুমোদন অবিহনে তেওঁ টকা-পইচাৰ লেনদেন কৰিব নোৱাৰে ৷

গাৱঁৰ যি পৈত্ৰিক মাটি-ভেটি মিঃ বৰুৱাৰ ভাগত পৰিছে সেইখিনিও মিচেছ বৰুৱাই বিক্ৰী কৰাৰ নিৰ্দ্দেশ দিছে ৷ প্ৰথমে সেই মাটি –ভেটি মিঃ বৰুৱাই দুই ককাই-ভাইকে এৰি দিব খুজিছিল ; কিন্তু মিচেছ বৰুৱাই যুক্তি দাঙি ধৰিলে ---পৈত্ৰিক সম্পত্তিৰ ভাগ নল’লে তেওঁ জাৰজ সন্তান বুলি পৰিচিত হ’ব ৷ গতিকে সেই মাটি-ভেটি মিঃ বৰুৱাই স্বনামে নামজাৰি কৰি ল’লে ৷ এতিয়া মিচেছ বৰুৱাই গুৱাহাটী মহানগৰীত যি চাৰিমহলীয়া অট্টালিকা সজাইছে তাক আটক-ধুনীয়াকৈ সম্পূৰ্ণ কৰিবলৈ ধনৰ জোৰা মাৰিবৰ কাৰণে গাৱঁৰ মাটি –ভেটি বিক্ৰী কৰিব ওলাইছে ৷ সেই কথাত মিঃ বৰুৱাই বাধ্য হৈ সন্মতি জনাই মাটি বিক্ৰী বিজ্ঞপ্তি বাতৰি কাকতত দিছে ৷

মিঃ বৰুৱাই মিচেছ বৰুৱাৰ সকলো কথাই স্ববিবেকক হনন কৰি সহ্য কৰি আহিলেও বৰ্তমান যি ভীষণ পৰিণতিৰ দিশে মিচেছ বৰুৱাই গতি কৰিছে সে্য়া তেওঁৰ বিবেকে সহ্য কৰিব পৰা নাই ৷ জীৱনত তেওঁ অসৎ পথেৰে যি ধন-সম্পদ আহৰণ কৰিলে সেইবোৰেই তেওঁৰ জীৱনৰ সকলো অনৰ্থৰ মূল যেন লাগিছে ৷ বাল্যকালৰ দাৰিদ্ৰভৰা জীৱনতো কোনোদিনে এনেদৰে বিবেকৰ দহন সহ্য কৰিব লগা হোৱা নাছিল ৷ সুখ আৰু সম্পদ যে দুটা পৃথক বস্তু সেই কথা এতিয়া তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিছে ৷ দুঃচিন্তাই তেওঁক যিদৰে খুলি খুলি খাব ধৰিছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ যে তেওঁৰ কোনো উপায় নাই সেই কথাত নিশ্চিত হৈ তেওঁ বেছি উত্তেজিত হৈ পৰিছে ৷ নিজৰ স্ত্ৰী পৰপুৰুষগামী বুলি জানিলে যে কেনে অসহ্যকৰ হয় সেয়া ভুক্তভোগীয়েহে জানে ৷

মুখ্যদ্বাৰৰ কলিং বেলৰ চুইচত কোনোবাই বহুপৰ টিপি আছে যদিও উঠি গৈ দুৱাৰখন খুলি দিবলৈও মিঃ বৰুৱাৰ শৰীৰত যেন শক্তি লোপ পাইছে ৷ মিচেছ বৰুৱা ওলাই যোৱা প্ৰায় চাৰি ঘন্টা মানেই হ’ল ৷ তেওঁ ঘূৰিবৰ সময় হ’ল ৷ নিশ্চয় তেৱেঁই আহিছে –মিঃ বৰুৱাই ভাৱিলে ৷ কথাটো ভাৱি ভয় খাই বিছনাৰ পৰা লৰালৰিকৈ উঠি দুৱাৰমুখ পালেগৈ ৷ কাৰণ , দুৱাৰ খুলি দিয়াত পলম হ’লেও মিচেছ বৱুৱাৰ কেটেৰা-জেঙেৰা শুনিব লাগিব ৷ ঘৰত কাম কৰা চাকৰ-নাকৰ কেইটাক মাৰপিট কৰি খেদি পঠিওৱা দুদিন হৈছেহে মাথো ৷ তেওঁৰো গতি যাতে ----------৷

দুৱাৰ খুলি দিয়াৰ লগে লগে এটা সৰু ল’ৰাই এখন চিঠি মিঃ বৰুৱাৰ হাতত তুলি দি দৌৰ মাৰি নগৰৰ ব্যস্ত পথৰ জনসমুদ্ৰত মিলি গ’ল ৷

চিঠিখন হাতত লৈ দুৱাৰখন বন্ধ কৰি মিঃ বৰুৱা পুনৰ বিছনাত পৰিল আৰু চিঠিখন পঢ়িব ধৰিলে ৷

“ মিঃ ৰবট , আপোনাক অত’দিনে পৰিচালিত কৰি থকা মিচেছ বৰুৱাক আমাৰ সংগঠনে তেওঁৰ পাপৰ প্ৰায়শ্চিত্ত স্বৰূপে সংগঠনৰ সংবিধান অনুযায়ী চৰম শাস্তি অৰ্থাৎ মৃত্যু-দণ্ড দিলে ৷ তাৰ বাবে আমি আপোনাৰ দৰে ‘ ৰবট’ ৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব খোজা নাই ৷ আপুনি এজনী দুশ্চৰিত্ৰাৰ পৰা বিৰত হোৱাত অভিনন্দনহে জ্ঞাপন কৰিছো ৷ ৰবটৰ পৰা পুনৰ মানুহ হ’বলৈ আপোনাক সুযোগ দিয়া হৈছে ৷ ----------৷ “

চিঠিখন পঢ়ি শেষ কৰাৰ ধৈৰ্য্য মিঃ বৰুৱাৰ নাথাকিল ৷ তেওঁৰ যেন হঠাৎ ৰক্তচাপ বৃদ্ধি পাই গ’ল ৷ মূৰটো ঘূৰাবলৈ ধৰিলে ৷ মানুহ জন্ম দিয়াৰ যন্ত্ৰণাত যেন বিছনাখনত মিঃ বৰুৱা চটফটাই থাকিল ৷ 

No comments:

Post a Comment