Thursday 21 March 2013

সমুদ্ৰত তৃষ্ণা

মোৰ মনত এটাই বেজাৰ, স্বামী দিগন্ত বৰুৱা বেংকৰ কৰ্মচাৰী হৈয়ো ঘৰখনৰ অভাৱবোৰ পূৰণ কৰাত ব্যৰ্থ হৈছে ৷ ইটোৰ পিছত সিটো অভাৱ ৷ বিয়াৰ আগতে ভাৱিছিলো- তেওঁ বেংকৰ কৰ্মচাৰী যেতিয়া টকা পইচাৰ চিন্তা নাথাকিব ৷ সেয়েহে দিগন্তই বেংকৰ চাকৰিত যোগদান কৰাৰ লগে লগে অন্য কোনো বিবাহ প্ৰাৰ্থীয়ে হস্তগত কৰাৰ পূৰ্বে মই তেওঁক মোৰ কবললৈ আনিলোঁ ৷ ম’বাইল ফোনৰ কলৰ বাবে অপেক্ষা কৰি থকাজনে ৰিংটন বাজি উঠাৰ লগে লগে ফোন ৰিচিভ কৰাৰ দৰে দিগন্তই মোৰ পৰা সেউজ সংকেত পাই লগে লগে গন্ধৰ্ব বিবাহৰ প্ৰস্তাৱ দিলে ৷ অজুহাত এটাই---চাকৰি নতুন বাবে সামাজিক ৰীতি –নীতি পালন কৰি বিয়া পাতিবলৈ তেৱঁৰ টকা নাই ৷ বেংকবোৰত থোৱা টকাৰ বাণ্ডিলবোৰৰ দৃশ্য মনলৈ অহাত ভাৱ হ’ল---টকানো কি বস্তু ? এতিয়াহে নাই , ভৱিষ্যতে --------৷ অধিক চিন্তা নকৰি দিগন্তৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলো ৷ ন-কন্যা হৈ দিগন্তহঁতৰ ঘৰত সোমালো ৷ বৰে কন্যাক দিব লগা আ-অলংকাৰ ,কাপোৰ-কানি আদি একোকে দিগন্তই মোক দিব নোৱাৰিলে ; ঘৰৰ পৰা যৌতুক হিচাপে ময়ো একো আনিব নোৱাৰিলো ৷ সেয়ে দৰমহাৰ টকাৰে ঘৰখনৰ ইটো সিটো প্ৰয়োজনীয় সামগ্ৰী কিনি থাকোতেই কেইবাবছৰো পাৰ হৈ গ’ল ৷

সোণমণিহঁত স্কুললৈ যাবৰে পৰা ঘৰখনৰ খৰচৰ মাত্ৰা দুগুণ বৃদ্ধি পালে ৷ ভন্টিৰ বিয়া, শহুৰ দেউতাৰ গ’ল্ড- ব্লাডাৰ অপাৰেচন ইত্যাদিবোৰত হেজাৰ হেজাৰ টকা দিগন্তই খৰচ কৰিব লগা হ’ল ৷ মুঠতে খৰচ খৰচ আৰু খৰচ ৷ জমাৰ নামত একো নাই ; কিন্তু ধাৰ যে কিমান ! গৃহ নিৰ্মাণৰ ঋণ, বাইক কিনা ধাৰ, ৰঙীন টি ভি কিনিবলৈ লোৱা ধাৰ আৰু বিহুৰ বাবে আগধন হিচাপে লোৱা ধাৰ ৷ এইবোৰ ধাৰৰ কিস্তিবোৰ কাটি –কুটি অৱশেষত তেওঁ কেইটকা পায় নাজানো , মোক হ’লে আজি পৰ্য্যন্ত সোণৰ অলংকাৰখিনিকে সম্পূৰ্ণকৈ দিব পৰা নাই ৷ সোণৰ অলংকাৰৰ কথা মনলৈ আহোতেই বাসন্তীলৈ মনত পৰি গ’ল ৷ তাই মোৰ এসময়ৰ অন্তৰংগ বান্ধৱী ৷ তাই বৰ্তমান এইখন চহৰতে আছে ৷ এজন সোণাৰীৰ স’তে বিয়া হৈছে ৷ নিশ্চয় তাই অন্য নহ’লেও সোণৰ অলংকাৰ স্বামীৰ পৰা ল’ব পাৰিছে ৷ বাসন্তীয়েনো কিমান অলংকাৰ পাইছে জানিবৰ মন গ’ল ৷ ঘৰৰ পৰা ওলাই সোণাৰীপট্টি পালোগৈ ৷ বাসন্তীহঁতৰ ঘৰ বিচাৰি উলিয়ালো ৷

মোক দেখা পা্য়ে বাসন্তীয়ে আনন্দত মতলীয়া হৈ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰি দিলে ৷ ইমাণ দিনৰ মূৰত দুই বান্ধৱী লগ হোৱাত বাসন্তীয়ে যিদৰে হিয়া উজাৰি মোক আদৰ সম্ভাষণ জনালে , মই কিন্তু তাইৰ সমান উৎফুল্লিত হ’ব নোৱাৰিলো ৷ কাৰণ, তাই পিন্ধি থকা সোণৰ অলংকাৰবোৰে মোক হতাশ কৰি দিলে ৷ বেজেৰুৱা মন এটা লৈ তাইৰ স’তে নানা কথা –বতৰা পাতি চাহ-ৰুটি খালো ৷
মই মন মাৰি বহি থকা দেখি বাসন্তীয়ে সুধিলে , ‘ কি হ’ল অঞ্জু ? তই যে মন মাৰি আছ ? দিগন্তৰ স’তে কিবা খুট-খাট লাগি আহিছ নেকি ? “
“ ধেৎ নহয় অ’ ৷ অন্য এটা কথা ভাৱিহে মনটো ভাল লগা নাই ৷ ‘’
‘’ কি কথানো অ’ ? মোক ক’ব পাৰি নিশ্চয় ? “

বাসন্তীয়ে কলেজত পঢ়া দিনবোৰত মোৰ মনৰ গোপন কথা উলিয়াবলৈ যিদৰে কয় ঠিক তেনে সুৰ লগাই কোৱাত মই ক’লো , “ বুইছ বাসন্তী , বেংকৰ চাকৰিয়ালৰ লগত বিয়া হৈ যিবোৰ আশা কৰিছিলো সেইবোৰ পূৰণ নহ’ল, আৰু জীৱনতেই চাগৈ নহ’ব ৷ “
“ কি আশানো পূৰণ হোৱা নাই অ’ তোৰ ? “ বাসন্তীয়ে সুধিলে ৷
“ তই এইয়া যিমানবোৰ সোণৰ অলংকাৰ পিন্ধিছ , মই আজি ইমাণ বছৰে দিগন্তক কৈ কৈ ও পিন্ধিবলৈ পোৱা নাই ৷ ঘৰৰ বাকীবোৰ অভাৱ পূৰণ কৰোঁতেই দৰ্মহাৰ টকা শেষ হৈ যায় ৷ দিগন্তই কয় যে ধৰ্মঘট কৰিছে হেনো তেওঁলোকে , বহুতো সা-সুবিধা পাব , এৰিয়াৰ টকা বহুত পাব আৰু তেতিয়া মোক সকলো দিব ৷ এইবোৰকে কৈ কৈ দিগন্তই মোক শান্ত্বনা দি গৈছে মাথো ৷ টকানো কেইটা পায় , ইফালে আক’ ইনকাম টেক্স , প্ৰফেচনেল টেক্স আদি দিব লগা হয় বাবে বহাগ বিহুত ও ঘৰলৈ যাবৰ বাবে টকা নাথাকে ৷ এওঁৰ দৰে একে চাকৰি কৰিয়েই বাকীবোৰে নিজৰ মানুহজনীক হেপাহ পলুৱাই হাতে কানে , নাকে গলাই সোণৰ অলংকাৰ পিন্ধিবলৈ দিব পাৰিছে ৷ আমাৰজন আক’ ‘আন্নাহাজাৰে’ নহয় জানো , সেইবোৰ কথা ঘৃণা কৰে, কয় – “ পাপৰ ধন প্ৰায়শ্চিত্বত যায় ৷ “
“ অ’ কথা তেন্তে সেইটো ? “ বাসন্তীয়ে ক’লে, “ মই বেলেগ কিবা কথা বুলিহে ভাৱিছিলো ৷ হেৰ’ অঞ্জু, তই চাগৈ মোৰ এই অলংকাৰসোপা দেখি মনত দুখ পালি ৷ এইসোপা মোক তেওঁ দুই এদিনৰ বাবেহে পিন্ধিবলৈ দিছে ৷ কাষ্টমাৰে বিচাৰিলেই কোন মুহূৰ্তত খুলি দিব লাগিব ঠিক নাই ৷ তেওঁ ধুই –পখালি কেছত ভৰাই সাদৰেৰে চেনেহৰ কাষ্টমাৰৰ হাতত তুলি দিব ৷ নিজৰ প্ৰিয়তমাক তেওঁ এইদৰেই বছৰ বছৰ ধৰি চলাই আছে ৷ আনহে নালাগে আমাৰ মাজনীক এইদৰে তিনি চাৰিযোৰ কাণফুলি সলাই পিন্ধাইছে , জাননে তই ? “ কথাখিনি হাঁহি হাঁহি কৈ শেষত বাসন্তীয়ে প্ৰচণ্ড গতিত হাঁহিবলৈ ধৰিলে আৰু মোৰো হাঁহি উঠাই দিলে ৷

অৱশেষত বাসন্তীক এনেয়ে সুধি চালো , “ তই যে ইমান হাঁহিছ , এইবোৰ কথাত তোৰ তিলমানো বেজাৰ নালাগেনে ? “
চাহৰ কাপ দুটাত কেটলিৰ পৰা চাহ বাকি দি বাসন্তীয়ে ক’লে , “ আমি বহুত পাইছো অঞ্জু , বিশ্বৰ কোটি কোটি সৰ্বহাৰাৰ কেনে দুৰ্গতি হৈ্ছে তাক ভাৱি চাবিচোন ৷ মই হ’লে প্ৰতিটো পল আনন্দমনে পাৰ কৰি বহুমূলীয়া জীৱনটো উপভোগ কৰিব বিচাৰো- য’ত নিম্নতম প্ৰয়োজনীয় খিনিয়েই যথেষ্ট ৷ মোৰ সৎ চৰিত্ৰৰ পতিয়ে ‘ সোণাৰীয়ে মাকৰ কাণৰ কাণফুলিৰ সোণো চান কাঢ়ে ‘ বুলি থকা অপবাদকো ধূলিসাৎ কৰি মোৰ বাবে চৰিত্ৰবান বিশ্বস্ত স্বামী হৈ আছে বাবেহে আনন্দমনে দিনবোৰ পাৰ হৈছে আৰু দীন – দৰিদ্ৰজনক যৎকিঞ্চিৎ সহায় কৰি আমাৰ চিত্ত প্ৰফুল্ল কৰি ভগৱানৰ কৃপা প্ৰাৰ্থনা কৰিব পাৰিছো ৷ চৰিত্ৰ বেয়া হ’লে তই তোৰ স্বামী দিগন্তৰ পৰা এতিয়া যি আন্তৰিক মৰম পাই আছ তাকো নাপালিহেতেন আৰু অন্য বহুজনীয়ে চৰিত্ৰহীন গিৰিয়েকৰ পৰা পোৱা অৱহেলা আৰু নিৰ্যাতন ভোগ কৰাৰ দৰে তয়ো কৰিব লগা হ’লহেতেন ৷ চৰিত্ৰ কোনো এক ক্ষেত্ৰত বেয়া বুলি প্ৰকাশ পালে অন্য ক্ষেত্ৰবোৰতো ভাল হ’ব নোৱাৰে ৷ চৰিত্ৰৰ ইয়ো এক গোপন বৈশিষ্ট ৷ উপযুক্ত স্বামী বিচৰা সৎ চৰিত্ৰৰ নাৰীয়ে এই কথাটোত গুৰুত্ব নিদিলেই জীৱন বিপন্ন হোৱাৰ সম্ভাৱনা থাকে ৷ সমাজত এনে উদাহৰণ অজস্ৰ থকা সত্বেও ধন –সোণৰ চমকনিত মোহাছন্ন সকলে ভুল কৰি পেলায় ৷ “

ইমানপৰে ভেলেঙীৰ দৰে বাসন্তীৰ কথাবৰ মই শুনি থাকিলো ৷ মোৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰি চকুহালত চকু থৈ বাসন্তীয়ে আদেশৰ সুৰত ক’লে , “ অঞ্জু, তই বৰ ভাগ্যৱান , কিয়নো তই দিগন্তৰ দৰে এজন সৎ চৰিত্ৰৰ জীৱন- লগৰী পাইছ ; তই মোৰ দৰে সুখী হ’বলৈ চেষ্টা কৰ ৷ “

সখা কৃষ্ণইহে যেন অৰ্জুনক উপদেশ বাণী শুনালে ৷ বাসন্তীৰ কথাবোৰে মোক তেনে এক বিমল আনন্দ উপলব্ধিৰ সুযোগ দিলে ৷ চাৎকৰে দিগন্তৰ ভাগৰুৱা ভাগৰুৱা যেন লগা নিষ্পাপ নিস্কলুষ মুখখন মোৰ মানস-পটত ভাঁহি উঠিল ৷ ইমাণ দিনে যেন পৰাজিত নায়কৰ প্ৰতি থকা কিবা এক অৱহেলাৰ ভাৱেৰে সেইখন মুখলৈ দৃষ্টি নিক্ষেপ কৰি আহিছিলো - এনে লাগিল ৷ অনুশোচনাৰ ভাৱ এটা জাগি উঠিল ৷ দিগন্তৰ প্ৰতি ইমাণ বেছকৈ মৰম উঠলি পৰিল যে , এতিয়াই গৈ যেন ক্ষতিপূৰণ স্বৰূপে দিগন্তৰ দুগালত টপৰ টপৰ চুমাৰে উপচাই দিম – এনে লাগিল ৷
বাসন্তীয়ে যচা দ্বিতীয় কাপ চাহ খাই মই সিহঁতৰ ঘৰৰ পৰা বিদায় লৈ জিয়াঢলৰ বানপানীত সৰ্বহাৰা হোৱা লোকসকলৰ পৰিত্ৰাণৰ কথা ভাৱি ভাৱি ঘৰলৈ খোজ ল’লো ৷

('পৰিচয়' নামৰ আলোচনীৰ প্ৰস্তাৱনা সংখ্যা , ৭ জানুৱাৰী ২০১২ ত প্ৰকাশিত )

No comments:

Post a Comment