Sunday 17 March 2013

পক্ষীয়ে দিয়া বিৰহ বেদনা- ২

ডাউক চৰাইৰ এক অদ্ভুত আচৰণৰ কথা চিৰস্মৰণীয় হৈ ৰ'ব ৷ আমাৰ ঘৰৰ বন কৰা ল'ৰা ধনাইয়ে 'হলিবাৰীৰ' পৰা ডাউক এটা মাৰি আনিলে ৷ কথাটো মই গ'ম নাপাওঁ ৷ গধূলিৰ সাজত জাল মচলা
দি ডাউকৰ মাংস ৰান্ধি মোৰ বাদে ঘৰৰ সকলোৱে তৃপ্তিৰে খালে ৷ মই বন্ধুবৰ্গৰ স'তে চাৰিকড়িয়া নৈৰ পাৰত আড্ডা দি আহি ঘৰ সোমাওঁতে কিছু পলম হৈছিল ৷ মোৰ কোঠাত সোমাই কা্পোৰ কানি সলাবলৈ গৈ আলনাডালৰ ওচৰ পাওঁতে ডাউক চৰাই এটা নিচেই কাষৰ পৰা ভাউংকৈ উৰা মাৰি কোঠাটোৰ অন্য এটা কোণলৈ গ'ল ৷ মই তাক বন-মেকুৰীৰ দৰে অনুসৰণ কৰি তৎক্ষণাতে ধৰি পেলালো ৷

মই বিজয় উল্লাসত কৰা চিঞঁৰ বাখৰ শুনি ঘৰৰ বাকীবোৰ মানুহ দৌৰি আহিল ৷ মোৰ হাতত ডাউকটো দেখি সকলো আচৰিত হৈ ঠাইতে থৰ লাগি ৰ'ল ৷ ঘৰত এটা ডাউকৰ মাংস ৰান্ধি খোৱা বুলি ক'লত মই বুজি পালো যে তাৰ জীৱন সংগীৰ সন্ধানত শৰীৰৰ গোন্ধ অনুধাৱন কৰি এই ডাউকটো আহি আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে ৷ অন্তৰত আঘাত লাগিল মোৰ ৷ মই সেই দিনা ভাত নাখালো ৷ ধনাইক কোনোদিনে পক্ষী হত্যা নকৰিবলৈ কৈ তাক লগত লৈ 'হলিবাৰী ' পালোগৈ আৰু তাৰ হাবিত নি;সংগ ডাউকটো এৰি থৈ আহিলো ৷ ডাউকটোৰ কথা আক তাক কওঁতে বহুতে মোক কৈছে যে ডাউক চৰাইয়ে হেনো জীৱন সংগীৰ বিছ্ছেদ বেদনাত নিজৰ মৃত্যুকে আকোঁৱালি লয় ৷

No comments:

Post a Comment