Monday 18 March 2013

পক্ষীয়ে দিয়া বিৰহ বেদনা-৪


গাৱঁৰ কাণসমনীয়া ল’ৰাবোৰৰ স’তে চাপৰিৰ কাঠনিবোৰৰ মাজে মাজে চৰাই পোৱালি বিচাৰি ফৰোঁ ৷ উদ্দেশ্য- পোহিবৰ বাবে ঘৰলৈ অনা ৷ আহাৰ মাহৰ অম্বুবাচীৰ দিনকেইটাত চৰাইবোৰে পোৱালিবোৰক উৰিবলৈ শিকায় হেনো ৷ সেইকেইটা দিনত চুতীয়া শালিকা, মইনা ভাটৌ আদিৰ পোৱালি বিচাৰি আনি আমি ঘৰৰ সজাত ভৰাই খাবলৈ ফলমূল আদি দি পোহিবলৈ আৰম্ভ কৰোঁ ৷ দৰাচলতে সিহঁতক ডা্ঙৰ-দীঘল কৰা সহজ কাম নহয়, ভৰি এটা ভাঙি যায় আৰু মৰি থাকে ৷ পুণৰ অন্য এটা পোৱালিৰ সন্ধান চলাই দিওঁ ৷ এইদৰে এবাৰ এটা ভাটৌৰ পোৱালি ডাঙৰ কৰিলো ৷ সি মোৰ মাত বুজি পোৱা হ’ল ৷ মই হুহুৰিয়াই দিলে সি সঁহাৰি জনাই মাত দিয়ে ৷ মানুহৰ মাতৰ দৰে দুই এটা শব্দও উচ্চাৰণ কৰিব পৰা হ’ল ৷ এদিন বৰদেউতাহঁতৰ এৰাবাৰীখনৰ এজোপা গছত পৰি সি মোৰ সুহুৰিৰ উত্তৰ দি থাকোঁতে এজাক ভাটৌ আহি সেইজোপা গছতে পৰিল ৷ তাৰ পিছত সি---------------৷ মই খুউব কান্দিলো ৷

No comments:

Post a Comment