Sunday 17 March 2013

পক্ষীয়ে দিয়া বিৰহ বেদনা -১


সৰুতে পুহমহীয়া জুহালৰ চাৰিওকাষে বহি আমি ককাই কোৱা কাহিনীবোৰ শুনো ৷ এদিন ককাই কণামুচঁৰি চৰাই এটাৰ বিষয়ে কৈছিল ৷ সৰুকালত ককাই কণামুচঁৰি পোৱালি এটা পুহিছিল ৷ তাক 'কণাই ' বুলি মাতিছিল ৷ মাছ -পুঠি খুৱাই পোহপাল দি থাকোতে এদিন কণাই পূৰ্ণবয়স্ক পক্ষীত পৰিণত হ'ল ৷

সি উৰিব পৰা হ'ল ; কিন্তু সি দিনৰ দিনটো কৰ'বাত চৰি মেলি ঘৰৰ ল'ৰা ঘৰলৈ অহাৰ দৰে সন্ধিয়াৰ আগে আগে আহি ককাই তাক থাকিবলৈ সাজি দিয়া বাহঁটোতে ৰাতিটো কটায় ৷ তাৰ এটা স্বভাৱ গঢ় লৈ উঠিছিল --' কণাই আহ আহ ' বুলি মাতিলে মাতষাৰ শুনিলে সি য'তেই নাথাকক লাগে উৰা মাৰি আহি ককাৰ কাষ পাইহি আৰু তাৰ বাবে গোটাই থোৱা খাদ্য গ্ৰহণ কৰে ৷এক হৃদয়বিদাৰক ঘটনাক্ৰমে ককা আৰু 'কণাইৰ' মাজত বিছ্ছেদ ঘটে ৷ ককাৰ মাহীমাকে এদিন ককাই নজনাকৈ কণাইক বধ কৰি তাৰ মাংসৰে ককাক ভাত খাবলৈ দিয়াত কথাটো জানিব পাৰি ককাই হিয়াধাকুৰি কান্দি কান্দি ঘৰ তথা গাওঁ এৰি চিৰ দিনৰ বাবে নগৰলৈ গুছি গ'ল ৷ আমি কন কন শ্ৰুতা কেইটাই উচুপি উচুপি কান্দি চকুলো টুকিছিলো ৷

No comments:

Post a Comment