Sunday 17 March 2013

পক্ষীয়ে দিয়া বিৰহ বেদনা-৩

হাঁহ পোৱালি এটাৰ কথা জীৱনত পাহৰিব নোৱাৰোঁ ৷ আমাৰ মায়ে কুকুৰাজনীক উমনি লবলৈ দিয়া কণীৰ লগত হাঁহকণী কেইটামানো দিছিল ৷ কুকুৰা পোৱালি কেইটা জগাৰ কেইদিনমানৰ পিছতে হাঁহ পোৱালি তিনিটা জগিল ৷ কুকুৰাজনীয়ে দুটা হাঁহ পোৱালি কাউৰীৰ পৰা বচাব নোৱাৰিলে ৷ এটা মাথো হাঁহ পোৱালি বাচি থাকিল ৷ আমি তাৰ নাম ৰাখিলো—টিকিলিকৌ ৷ সি কুকুৰা পোৱালিবোৰৰ লগত মাকৰ পিছে পিছে দৌৰি ফুৰে ৷ পিছে চিলনী, কাউৰী আদিয়ে চুঁচা ল’লে কুকুৰাপোৱালিকেইটা মাকৰ পাখিৰ তলত তৎক্ষণাতে সোমাই পৰে ; কিন্তু টিকিলিকৌয়ে সেইবোৰ আদব –কাইদা নাজানে বাবে সি অকলশৰীয়া হৈ ৰৈ যায় ৷ 
এদিন সঁচাকৈয়ে এটা ঢোৰা কাউৰীয়ে টিকিলিকৌক থাপ মাৰি লৈ গ’ল ৷ ‘ হেই হেই ধৰ ধৰ’ ‘ কৰি আমি দৌৰ দিলো -কাউৰীজনী যোৱা ফালে ৷ চিঞঁৰ-বাখৰৰ প্ৰকোপ ইমাণেই তীব্ৰ আছিল যে কাউৰী বাইটীয়ে টিকিলিকৌক মুক্তি দিবলৈ বাধ্য হ’ল ৷ আঘাতপ্ৰাপ্ত টিকিলিকৌৰ চিকিৎসা আৰম্ভ হ’ল ৷ দৰব হিচাবে ববচা বন খুন্দি ঘাবোৰত লগাই দিয়া হ’ল ৷ আচৰিত যে তাতেই সি আৰোগ্য হ’ল ৷ ঘৰৰ ভিতৰতে কিছুদিন থাকিবলৈ পাই বপুৰাই বাহিৰলৈ নোলোৱাই হ’ল ৷ মই ঘৰত থকা সময়খিনিত মোৰ লগ নেৰে ৷ ৰাতি মোৰ বিছনাতে শুৱে ৷ মই বহি থাকিলে মোৰ ভৰিৰ পতাৰ ওপৰত সি বহি থাকে ৷ এদিন আমাৰ ঘৰলৈ নতুনকৈ অহা ঘৰুৱা শিক্ষক কমলচাৰে বাৰুকৈয়ে ভয় খালে ৷ আমাক পঢ়াবলৈ আৰম্ভ কৰোঁতেই টিকিলিকৌ গৈ চাৰৰ ভৰিত উঠিলগৈ ৷ চাৰে ভয় খাই যিদৰে জপিয়াই উঠিল সেই দৃশ্য মনত পৰিলে হাঁহি উঠি যায় ৷

টিকিলিকৌ এটা প্ৰকাণ্ড হাঁহ হ’ল যদিও সি মোৰ পিছ নেৰে ৷ পিছে তাৰ এটা বেয়া স্বভাৱ গঢ় লৈ উঠিল ৷ সি মোৰ বাহিৰে অন্য মানুহক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে ৷ খেদি খেদি গৈ ভৰিত খুটি দিয়ে ৷ তাৰ বিষয়ে জনা মানুহে আমাৰ ঘৰলৈ আহিবলৈ ভয় কৰা হ’ল ৷ সৰুতে তাক কাউৰীয়ে কৰা আঘাতৰ বাবেই যে সি খঙাল হৈ পৰিল সেই কথা পিছত এজন মনোবিজ্নানীয়ে কোৱাতহে জানিব পাৰিলো ৷ তেঁও লগতে কৈছিল যে শিশুসকলক সুনাগৰিক কৰি গঢ় দিবলৈ হ’লে শাৰীৰিক বা মানসিক আঘাত দিব নালাগে ৷

হাঁহ কুকুৰাৰ বেমাৰ আৰম্ভ হ’ল ৷ হঠাৎ এদিন টিকিলিকৌৱে খোৱা বোৱা বন্ধ কৰি দিলে ৷ তাৰ জীৱন ৰক্ষাৰ বাবে পশুচিকিৎকৰ কাষ চাপিলো ৷ পাঁচশমান টকা খৰচ কৰা হ’ল ; কিন্তু এদিন সি আমাক কন্দুৱাই-----------------------৷

No comments:

Post a Comment