Wednesday 23 January 2013

অপপ্ৰচাৰৰ বলি

(
           জুনাই মহকুমাৰ তেলাম ৰেলৱে ষ্টেচনত ট্ৰেইনৰ পৰা নামিলোঁ ৷ কেইখোজমান আগুৱাই গৈয়ে সোৱনশিৰী গাৱঁলীয়া বেংকৰ তেলাম শাখাৰ কাৰ্য্যালয়টোৰ ওচৰ পালোঁ ৷ তেতিয়া সময় আবেলি ৷ শনিবাৰ ৷ কাৰ্য্যালয় দুই বজাতেই বন্ধ হ’ল ৷ ভিনিদেউৰ বা- বাতৰি অফিচৰ কাষতে থকা পাণ –তামোলৰ দোকানী জনৰ পৰাই ল’লো ৷ দোকানীজন মানে ‘কাঞ্চাই’ মোক চিনিবই পৰা নাছিল ৷ সি মাথো মোৰ প্ৰশ্নৰ চমু উত্তৰ দিছিল ৷ চিনি পাবনো কেনেকৈ ? প্ৰায় তিনি বছৰৰ আগতে এবাৰ তেলামত কেইদিনমান থাকি গৈছো, তেতিয়া মোৰ ইমাণসোপা দাঢ়ি গোফেৰে মুখখন ভোবোৰা হৈ থকা নাছিল ৷ মোৰ পৰিচয় দিয়াত সি আচৰিত হৈ ‘ভবেন’ বুলি চিঞঁৰি উঠিল ৷ তাৰ তেন্তে মোৰ নামটোও মনত আছে –মই ভাবিলো ৷ এৰা , নাথাকিব কিয় ? যি কেইদিন তেলামত আছিলো সেই কেইদিন তাৰ দোকানৰ সমুখৰ বেঞ্চখনতে বইি তাৰ স’তে গল্প মাৰিয়েই কটাইছিলো ৷ কাঞ্চাই ভইৰামৰ হোটেলৰ পৰা একাপ চাহ আনিলে ৷ পিলো ৷ কাঞ্চাই জৰ্দা পান এখন বনাই দিলে ৷ খালো ৷ আচৰিত ! মই কি জৰ্দা খাওঁ তাৰ এতিয়াও মনত আছে ৷ ব্যৱসায়ীৰ থাকিব লগীয়া গুণ এটা তাৰ আছে ৷ তাক ধন্যবাদ দি গামচুক গাৱঁৰ ফালে খোজ ললো ৷
         
            ভিনিদেউহঁত ঘৰৰ পদুলি পায়ে দেখোঁ -এবছৰীয়া ভাগিনজনী মানে ‘মণি’ অকলে অকলে থৰক বৰক খোজেৰে পদুলি পাইছেহি ৷ যেন তাই মোক আদৰণি জনাবলৈহে আহিছে ৷ ডাঙৰ এয়াৰ বেগটো কান্ধৰ পৰা নমাই পদুলি মুখতে থ’লো ৷ মণিক দুহাতেৰে ডাঙি ধৰিলো ৷ লগে লগে তাই টেটু ফালি কান্দিব ধৰিলে ৷ মোৰ ফুচুলনিয়ে কাম নিদিলে ৷ তাই বেছিকৈহে কান্দিব ধৰিলে ৷ মই মৰ্টন এটা মণিৰ হাটত দি মৰমেৰে ফুচুলাই থাকোতে আচম্বিতে মোৰ চাৰিওফালে চিঞঁৰ-বাখৰ কৰি বহুতো মানুহৰ সমাবেশ ঘটিল ৷ প্ৰথমে মই ‘ধৰিলে’ ‘নিলে’ ‘ধৰধৰ’ ‘মাৰমাৰ’ এনে কিছুমান শব্দ শুনিছিলো ; কিন্তু সেইবোৰৰ অৰ্থ বুজা নাছিলো ৷ কোনোবা এটাই মণিক মোৰ পৰা ধাপ মাৰি আঁতৰাই নিয়াত আৰু দুই চাৰিজনে মোৰ মূৰে গালে চ’ৰ ঘোঁচা মৰাতহে মোক কেন্দ্ৰ কৰি সকলো হোৱা বুলি গ’ম পালো ৷ ক্ষন্তেকতে চ’ৰ, ঘোঁচা, থিয়গোৰ,ঠেলামুৰি কিমানযে খালো মই টলকিবই নোৱাৰিলো ৷ লগে লগে ৰেলৱে ষ্টেচনৰ ফালে পগলা ঘন্টি বাজি উঠিল ৷ মই তেতিয়া অনুমান কৰিলো পগলা ঘন্টি বজোৱা মানুহটো কাঞ্চাই হ’ব নিশ্চয় ৷ কাৰণ, তাৰ দোকানৰ সমুখৰ বৰগছ জোপাটেই ঘন্টা এটা ওলোমাই থোৱা দেখা পাইছিলো ৷ ভাৱিলো কাঞ্চাইহে কিবা ‘চাল’ খেলিলে ৷

              চৌদিশৰ পৰা অহা লোকেৰে ঘটনাস্থলি ভৰি পৰিল ৷ অগণন জনতাৰ ভিৰৰ মাজেদি আহি কাঞ্চা যেতিয়া মোৰ কাষ পাইছিল তেতিয়া মোৰ অৱস্থা সূচনীয় হৈ পৰিছিল ৷ মোৰ মুখেৰে মাত ওলোৱা নাছিল ৷ মোক পানী খাবলৈ দিয়া নাছিল বাবে ঘোঁচাত মুখৰ কেৱাৰী ফাটি যি তেজ ওলাইছিল তাকে মই সেপ গিলি দিছিলো – শুকাই যোৱা কন্ঠনলী সিক্ত কৰিবলৈ ৷ মোক দেখা পাই কাঞ্চাই লগে লগেই ‘ভবেন’ বুলি চিঞঁৰ মাৰি ভিনিদেউক ক’লে-‘ চাৰ, এইটো আপোনালোকৰ ভবেন ৷’

            ভিনিদেউ আৰু বাইদেউ উন্মাদৰ দৰে জনতাৰ ওপৰেৰে জপিয়াই অহাদি আহি মোৰ কাষ পালেহি ৷
মোক লগে লগে চিকিৎসালয়লৈ নিয়া হ’ল ৷

              বাইদেউ আৰু ভিনদেউৰ মনত বেজাৰ ৷ হস্পিটেলতে ভিনিদেৱে মোক কোৱা মনত পৰে - ‘ভবেন, কেৱল তোমাৰে দুৰ্ভাগ্য নহয়, আমাৰো ------এই কেইদিন ইয়াত ‘ ল’ৰাধৰা’ ওলোৱা বুলি যিহে হৈ –ছৈ লাগি আছিল, তাতে তুমিও-------------৷’

(পষেকীয়া বাৰ্তালোচনী “উত্তৰ পূৰ্বাঞ্চল জনজাতি”ৰ স্বাধিনতা দিৱস সংখ্যা, ১৯৯২ চনত প্ৰকাশিত )

No comments:

Post a Comment