Friday 30 October 2015

ভুৱা যানবাহন চালক,ভুৱা চিকিৎসক ইত্যাদিৰ দৌৰাত্ম্য আৰু অসহায় জনতা

সাম্প্ৰতিক কালত আমাৰ সমাজত ভুৱা যানবাহন চালক, ভুৱা চিকিৎসক, ভুৱা শিক্ষক, ভুৱা প্ৰেমিক, ভুৱা ফেচবুক ফ্ৰেণ্ড, ভুৱা পুলিচ, ভুৱা বিত্তীয় প্ৰতিষ্ঠান, ভুৱা শিক্ষানুষ্ঠান, ভুৱা বেচৰকাৰী প্ৰতিষ্ঠান, ভুৱা উগ্ৰপন্থী, ভুৱা সমাজ সেৱক, ভুৱা সাংবাদিক ইত্যাদিৰ যি দৌৰাত্ম্য চলিব ধৰিছে তাৰ বাবে সৰ্বসাধাৰণ লোকৰ কেনে ধৰণৰ ক্ষতি হৈছে সেয়া নিতৌ বাতৰি কাকত আৰু বৈদ্যুতিন প্ৰচাৰ মাধ্যমত প্ৰকাশ পাই আছে৷ এই সন্দৰ্ভত বিস্তৃত বৰ্নণা বিৰক্তিৰ কাৰণহে হ’ব৷ ভুক্তভোগীসকলৰ যাতনা আৰু অপৰাধীহঁতৰ নিষ্ঠুৰতা প্ৰত্যক্ষ কৰি ৰাইজে মৰ্মাহত হৈ ধিক্কাৰ দিছে, প্ৰতিবা্দ কৰিছে৷  তথাপিও এইবোৰৰ পৰা ৰাইজে সামান্যতমো সকাহ পোৱা নাই৷ নানা উপায় অৱলম্বন কৰি ৰাইজে  এইবোৰক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই জনাই অৱশেষত  প্ৰমাণ পাইছে যে চৰকাৰ গঠন কৰা দলৰ নেতাসকলেই ভুৱা মখাৰ স’তে আপোচ কৰে৷ সেয়ে তেওঁলোকো ভুৱা নেতা৷ অন্য কথাত ক’বলৈ গ’লে চৰকাৰখনেই ভুৱা৷ অৰ্থাৎ সৰিয়হৰ ডুলিতেই ভূত৷ এতেকে অৰণ্য ৰোদন কৰি লাভ নাই৷ অশিক্ষিত, অজ্ঞ, সহজতে  সামান্য উপঢৌকনতে ফুচুল খোৱা ভোটাৰ ৰাইজক ৰজা পতাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল’বলৈ নিদি শিক্ষিত লোকসকল একত্ৰিত হৈ মাৰ বান্ধি ওলাই আহি জনজাগৰণ সৃষ্টি কৰি গণতান্ত্ৰিক পদ্ধতিৰে ভুৱা প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘ-জৰী ধৰি থকা ভুৱা চৰকাৰক ওফৰাই জনহিতৈষী চৰকাৰ গঠনৰ বাবে দৃঢ় প্ৰতিজ্ঞ হ’বৰ এতিয়া সময় সমাগত৷

বিঃ দ্ৰঃ(চিঠিৰ আকাৰত ইতিমধ্যে অসমৰ বহুল প্ৰচাৰিত জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ত প্ৰকাশ পাইছে)

No comments:

Post a Comment