আমি
১৯৭৮-৭৯ চনত ডিব্ৰুগড়
বিশ্ববিদ্যালয়ত পঢ়িবলৈ
যাওঁতে তাত বিশ্ববিদ্যালয়
এখনত থাকিব লগা
বাতাবৰণেই নাছিল৷ আছিল বিশ্ববিদ্যালয়ৰ
নামত হাবি-জঙ্গলেৰে ভৰা এক
বৃহৎ চৌহদ আৰু শিক্ষক-ছাত্ৰৰ সীমাহীন অভাৱ-অনাতন তথা
ওজৰ-আপত্তি৷ সেই অভাৱবোৰ
পূৰণৰ হেতু যুঁজ দিয়াৰ
প্ৰতিশ্ৰুতিৰে গঠন হোৱা ছাত্ৰ
একতা সভাৰ হৈ পৰিলো
এজন সদস্য৷ সাধাৰণ সম্পাদক দেবাঙ্গ
বুঢ়াগোহাঞি( তেওঁ গড়গাওঁ বালিকা
মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল আৰু স্বৰ্গগামী
হৈছে) আছিল এজন শিল্পী আৰু
অধ্যৱসায়ী যুৱক৷ ছাত্ৰ একতা
সভাৰ সদস্য গোলোক নাহৰ
ডেকা( বৰ্তমান নাহৰকটিয়াৰ কাৰিকৰি মহাবিদ্যালয়ৰ অধ্যক্ষ্), নিত্যানন্দ কছাৰী আদি আমি কেইজনমানে অনবৰতে
দেবাঙ্গৰ লগত থাকি বিশ্ববিদ্যালয়খনিৰ
উন্নয়নৰ হকে কৰ্তৃপক্ষৰ ওচৰত ওজৰ-আপত্তি দাখিল কৰি
গৈছিলো৷ আমাৰ যেন পঢ়া-শুনাৰ কামেই নাছিল,
বিশ্ববিদ্যালয়খন ঠিক কৰিবলৈহে গৈছো৷অঁকৰা
মৈত উঠিলো৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই
ধনৰ অভাৱৰ কথা কোৱাত ধন
বিচাৰি দিশপুৰলৈ দৌৰিলো- দেবাঙ্গৰ সৈতে প্ৰতিনিধি হিচাপে৷
জনতা চৰকাৰ চলি আছিল৷
বিধায়ক প্ৰমোদ গগৈদেৱৰ
হোষ্টেল পালোগৈ ; কথাবোৰ জনাই তাতে
খালো আৰু ৰাতিটো
কটালো৷ মন্ত্ৰী দুলাল বৰুৱাক লগ
কৰিলো৷ তেখেতে ধেমালিৰ চলত
আমাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জঙ্গলৰ জন্তু বুলি
ক'লে৷ পিছদিনা বিধান
সভালৈ গ'লো৷ অধিবেশন চলি আছিল৷ তাত
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ সন্দৰ্ভত প্ৰমোদ গগৈদেৱে প্ৰশ্ন উত্থাপন কৰিলে৷ দুলাল বৰুৱাদেৱে
বিতৰ্কত ভাগ লৈ ডিব্ৰুগড়
বিশ্ববিদ্যালয়ক ধন আবন্তন দিয়াৰ
সপক্ষে
মাত মাতি টেবুল ঢকিয়ালে৷
আমি সফল হ'লো৷
তেতিয়াই আৰম্ভণি হৈ
ডিব্ৰগড় বিশ্ববিদ্যালয়ে বহুত ধন আবন্তন
পালে আৰু বিশ্ববিদ্যালয়ৰ চেহেৰা সুন্দৰ
হ'ল৷ প্ৰতি
বছৰে নতুন নতুন ছাত্ৰ
ছাত্ৰীয়ে তাত পঢ়িবলৈ আহিল৷ আমিবোৰ দূৰ
দিগন্তত হেৰাই গ'লো৷
No comments:
Post a Comment