Monday 26 October 2015

তাহানিৰ বিহু

প্ৰতি বছৰে বিহু আহিছে আৰু গৈছে৷ এই গতানুগতিক ধাৰাত বিহুৱে গতি কৰোঁতে অসমীয়া জনজীৱনৰ পৰিবৰ্ত্তিত ৰূপটোৱে যেনে ধৰণৰ ভাঁজ দিছে তেনে ধৰণেই আগুৱাই গৈ আছে৷ প্ৰাচীন পৰম্পৰা ভংগ কৰি হয়তো বিহুৰ অতি প্ৰাচীন পৰম্পৰা( ৰজাঘৰীয়া) সংৰক্ষণৰ প্ৰচেষ্টা চলিছে- ধনৱন্তসকলৰ উদ্যোগত,বাকীসকলে উৱাদিহ নোপোৱা হৈছে৷ অতীজতে যেন আপদাল আৰু প্ৰতিপালনহীন  ভাৱে বিহু গৃহস্থৰ চোতালত, গছতলত, বাঁহতলত অথবা হাবিয়ে জংগলে আলৈ-এথানি হৈ  মৃত্যুৰ ক্ষণ গণি আছিল-এনে ভাৱ পোষণ কৰা দেখা গৈছে৷ বৰ্তমানৰ বিহুৰ ৰেহ ৰূপ দেখিলে এনে ধাৰণা হয় যেন বুঢ়ী আইতাকে মৃত্যুৰ সময়ত নাতিনীয়েকক মৰমতে দি যোৱা কাণৰ থুৰীয়াযোৰ কাণত নিপিন্ধি মৰমৰ চিন স্বৰূপে  বাকচত সযতনে থ’ব খুজিছে বা বেংকৰ ল’কাৰত সংৰক্ষণ কৰিব খুজিছে৷ অৰ্থাৎ আমাৰ পূৰ্বজসকলৰ মৰমৰ বস্তু আমি মিউজিয়ামত( ব্ৰিটিছ মিউজিয়াম ?) হ’লেও ৰাখিম৷ এইবোৰৰ বাবে টকা-পইচা খৰচ হৈছে, ৰাইজে বৰঙণি দিছে৷

সাম্প্ৰতিক কালৰ এই বাণিজ্যিক বিহুবোৰ  প্ৰথমে আহি  পায় নগৰ; দোকান –বজাৰ , বিগ বজাৰ আদিত বিহুৰ পিঠা–পনা, জা-জলপান, বিহুৱান আৰু অনান্য সাজ-পাৰেৰে ভৰি পৰে৷ পিছত নিৰ্দ্দিষ্ট দিনৰ বাবে  বিহুৱে বিয়া দিয়া জীয়াৰীৰ দৰে গাঁৱত জিৰণি লৈ নৰগৰ বিহু মঞ্চলৈ দৌৰ মাৰে—চুক্তি ৰূপায়ণৰ বাবে৷ নৱ-প্ৰজন্ম ইয়াতে অভ্যস্ত হৈছে৷ বিহুমঞ্চত শিল্পীয়ে ইলেক্ট্ৰিক গীতাৰত সুৰ দিয়াৰ লগে লগে চাগৈ বিহু বিহু লাগি যায় গাত৷ পিছে বয়স-ভাটি দিয়া অসমীয়াৰ গাত তাহিনি দিনৰ দৰে বিহু নালাগে, তেওঁলোকে গাত বিহু লম্ভা অতীতৰ দিনবোৰৰ ৰোমন্ঠন কৰি হা-হুমুনিয়াহ কাঢ়ি ঘৰৰ ওচৰত হোৱা বিহুৰ নাইট-ফাংচনত আমদানিকৃত শিল্পীয়ে পৰিবেশন কৰা হিন্দী গীতৰ মুৰ্চনা শুনি শুনি জোৰ কৰি টোপনি যাবলৈ চেষ্টা কৰে৷

তাহানিখন পলাশ, শিমলূ , মদাৰে ৰঙা দলিচা পাৰি বহাগীক আদৰি অনাৰ লগে লগে গছ-বনে সেঁউজী ৰহন লগাই কুলি-কেতেকীৰ মন উদ্বাউল কৰি দিয়াৰ ক্ষণতে গাঁওবাসীয়ে বিহুৰ আগলি বতৰা পাই পুলকিত হৈ পৰে৷ লগে লগে সকলোৱে নিজা-ববীয়াকৈ বিহু পালনৰ প্ৰস্তুতি চলাই যায়৷ গাভৰুহঁতৰ, ন-বোৱাৰীহঁতৰ গাত উথপ-থপ লাগি গৈ তাঁতৰ শালত হাতৰ মাকোক তৰণি নোপোৱা কৰি দিয়ে৷ গণি চায় বিহুলৈনো আছে কেইদিন,গামোছাবোৰ কাটিব কেতিয়া? কণ কণ ল’ৰাবোৰৰ বহুতো দায়িত্ব আহি পৰে৷ খৰি লুৰি আনি নিদিলে পিঠা-পনা , জা-জলপান নহ’ব৷ জাকে-জোমে খৰি লুৰিবলৈ যোৱা ক্ষণতে সিঁহতৰ গাত বিহু লম্ভে৷ ম’হঘূলি চাপৰিৰ বিস্তৃৰ্ণ অঞ্চল জুৰি থকা ইকৰানিত সোমাই তাৰ মাজত থকা শুকান খাগৰি খৰি লুৰি মুঠা বান্ধি কান্ধত লৈ জাক পাতি আহোতেই সিঁহতে বিহু গীতৰ আখৰা সমাপন কৰে৷ ল’ৰাহঁতে চোতালত খৰি দ’মাই দিয়াৰ পিছত জীয়াৰী-বোৱাৰীহঁতে জোখমতে ভাঙি –কাটি খাগৰি খৰিবোৰ জু-হাল পোৱাগৈ আৰু পিঠা- পনা , জা-জলপান তৈয়াৰ কৰাত লাগি যায়৷

বিহুৰ কেইদিন গাঁৱৰ গৃহস্থৰ ঘৰত ঢেঁকী বজাব নাপায়৷ আগতেই চাউল , চিৰা যি লাগে খুন্দি ল’ব লাগিব৷ সেয়ে পুৱতি নিশা কাৰ ঘৰৰ জীয়ৰী বা বোৱাৰীয়ে সকলোতকৈ সোনকালে উঠি ঢেঁকী জুৰিব পাৰে তাৰে অঘোষিত প্ৰতিযোগিতা চলে৷ গাঁৱৰ ল’ৰাহঁতৰ গাত লম্ভা বিহুৱে সিহঁতক আকৌ চাপৰিলৈ লৈ যায়৷ বিহুত গৰুক নতুন পঘাৰে বান্ধিব নালাগিব জানো ? হাবিৰ মাজত ল'ৰাহঁতে তৰা ফিটিয়াবলৈ লাগি যায়৷ তৰাবোৰৰ পাত আৰু টান অংশ কাটি পেলাই দি কোমল তৰাখিনি গোটা কৰি ভালদৰে বন্ধাৰ পিছত ঢোল খোলত  লগোৱাৰ দৰে ৰছি লগাই লৈ ল’ৰা বোৰে ডিঙিত ওলমাই লৈ তাকে  খোল বজোৱাৰ দৰে  বজাই  মুখৰে শব্দ কৰি কৰি শাৰী পাতি ঘৰমূৰা হোৱা দৃশ্যটো ল’ৰা কালত নিজেও এনে কৰা কথা মনত পেলাই নব্বৈ উৰ্ধৰ দয়াৰাম ককাই হেঁপাহ পলুৱাই চায়৷ সৰু সৰু ল’ৰাহঁতে আনি দিয়া তৰাবোৰৰ পৰা পঘা তৈয়াৰ কৰা কামটো জ্যেষ্ঠসকলৰ৷ গাত বিহু লম্ভা কণ কণ মইনাহঁতৰ ৰ’বলৈ সময় নাই৷ বিহু পালেহিয়েইচোন৷ দীঘলঁতি- মাখিয়তী নহ’লে গৰু বিহু পালিব পৰা নাযাব৷ হাবিত দীঘলঁতি মাখিয়তী পাবলৈ টান হৈ আহিছে৷ সেয়ে মাখিয়তী বিচাৰি আগতীয়াকৈ কাটি হাবিৰ মাজত লুকুৱাই থ’ব লাগিব৷  তাকো গাঁৱৰ  ঢেঁকীৰ মাত নুশুনা মাখিয়তী হ’ব লাগিব৷ এইবোৰ কামৰ পিছতে আহিল ঢোল-তাল ঠিক-ঠাক কৰি যোগাৰ কৰি লোৱা৷ নিচেই সৰু চামৰ ল’ৰা ছোৱালীহঁতৰ বাবে তাহানিখনত বয়োজ্যেষ্ঠসকলে ঢোল- তাল আদি তৈয়াৰ কৰি দিছিল৷ তাৰ বাবে বিশেষ খৰচ কৰিব লগা হোৱা নাছিল৷ ডাঙৰ ধঁপাতৰ চুঙাৰ দুয়োফালে ঢকুৱা দুখন বান্ধি কান্ধত ওলমাই ল’বলৈ ৰছি লগাই দিলেই ঢোল এটা হৈ যায়৷ তালযোৰৰ বাবেও বিশেষ একো নালাগে৷ জোতা পলিচ কৰিবলৈ অনা টেমা খালি হ’লে থৈ দিয়া হয়৷  টেমাটো আৰু তাৰ  ঢাকনি খনত মাজখণ্ডত ফুটা কৰি ৰছি বান্ধি দিলেই তালযোৰ হৈ যায়৷ টকা, গগণা, ম’হৰ শিঙৰ পেঁপা আৰু বাঁহি আদি কণ কণ হঁতৰ বাবে নহ’লেও চলি যায়৷ আইতাই বিহুগীত শিকাই দিব—“ভাটিফালৰ তামোল জুপি তোমাৰ আইদেউ চুলি চুটি , কোনে দিলে বেনি গুঠি---------৷”

গৰু বিহুৰ আগদিনাই ল’ৰাহঁতে ঢেঁকীৰ মাত নুশুনা দূৰত্বৰ পৰা দীঘলঁতি, মাখিয়তী গোটাই আনে৷ সাপ্তাহিক বজাৰৰ চ’তৰ শেষৰ বাৰটোক  বিহু বজাৰৰ দিন ঘোষনা কৰি ঢোল পিটি  আগৰ বজাৰৰ দিনাই শুনাই দিয়া হয়৷ বিহুৰ বজাৰৰ দিনা গাঁৱৰ  ৰাইজে কাপোৰ কানিকে ধৰি বিহুৰ বাবে প্ৰয়োজনীয় বস্তুবোৰৰ কিনা-বেছা কৰোতেই ঘৰত নাথাকিলে লাও,বেঙনা ,কেৰলা,  হালধি আদি গৰু বিহুৰ বাবে কিনি আনে৷ গৰু বিহুৰ আগ দিনা চাং-তেলিয়া ঘৰৰ চাংতলত থকা, বজাৰৰ জুপুৰিৰ তলত শুই থকা বা ৰাস্তাৰ কাষৰ বৰগছৰ তলত শুই দিন অতিবাহিত কৰা কেইটাকে ধৰি ঘৰৰ আটাইকেইটা গৰু বিচাৰি আনি গোহালীত বান্ধি ৰখা হয়৷ গৰু বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি ল’ৰাহঁতে গৈ নুফুলা ভাঙৰ পুলি বিচাৰি আনেগৈ৷ ইতিমধ্যে ডাঙৰ কেইজনে গৰু গা ধুৱাওঁতে সিহঁতৰ গাত মাৰিবলৈ লাও,বেঙেনা, কেৰেলা , হালধি  আদি  চিলাবলৈ দুডলীয়া ,তিনিডলীয়া বা চাৰিডলীয়া যাৰ যেনে ইচ্ছা তেনেদৰে বাহঁৰ চাট তৈয়াৰ কৰে৷ চাটত বেঙেনা, কেৰেলা আদি চলাই লৈ  এখন সৰু ডলাত থোৱা হয়৷ ডলাখনত আৰু কেইবিধমান বস্তু লোৱা হয়৷ সেয়া হ’ল ভাঙৰ পুলি,দীঘলঁতি, মাখিয়তী ইত্যাদি৷ কেইবাখনো গাঁৱৰ ৰাইজে চাৰিকড়িয়া নদীৰ একটা ঘাটতে গৰু গা ধোৱাব লগা হোৱা বাবে দূৰণী গাঁৱৰ ৰাইজক আগতীয়াকৈ ধুৱাই ল’বলৈ সুযোগ দিয়া হয়৷ জোমে জোমে গৰুবোৰ নদীৰ ফালে আনোতে গৰুবোৰৰ যে কি আনন্দ উল্লাস ! তাৰ মাজে মাজে মাকবোৰে নিজৰ পোৱালি বিচাৰি হেম্বেলিয়াই আৰু প্ৰত্যুত্তৰত পোৱালিয়ে হেম্বে হেম্বে বুলি দিয়ে সঁহাৰি৷ কিযে উৎসৱমুখৰ পৰিবেশ৷ জাকে জাকে গৰু পানীত নমাই নিজৰ গৰুকেইটা বিচাৰি বিচাৰি গাত পানী চটিয়াই লাও খা বেঙেনা খা-----কৈ কৈ গৰুৰ গালৈ সেইবোৰ দলিয়াই থাকোতে ইচ্ছাকৃতভাৱে মাজে মাজে ডেকাবোৰে ইটোৱে সিটোৰ গাতো মাৰি ধেমালি কৰে৷ গা ধুৱাই হ’লে গৰু পাল ৰখীয়াই গৰুজাক চৰাবলৈ লৈ যায়৷  চাটত থাকি যোৱা লাও, বেঙেনাৰে সৈতে সেইডাল আনৰ সৈতে সলাব লাগে৷ ইয়াৰো নিয়ম আছে৷ যেইডলীয়া চাট তাৰ সমান ডলীয়া চাটৰ লগতহে সলাব পাৰি৷ অন্য হাতে চাটত কেৰেলা দিলে গৰু ছেৰেলা হ’ব বুলি ভয় কৰি কিছুমানে কেৰলা নিদিয়ে৷ সেয়ে তেওঁলোকে কেৰেলা নিদিয়া লোকৰ সৈতেহে চাটডাল সলাব৷ লগত নিয়া ডলাখনত থাকি যোৱা বস্তুবোৰ লৈ নিজৰ আহুধানৰ পথাৰলৈ গৈ তাৰ মাজৰ আলিত মখিয়তীৰ ডাল, দীঘলঁতি আৰু ভাঙৰ পুলি ভগৱন্তক চিন্তি   গোঁজ মাৰি পুতি থৈ আহে যাতে পোক-পৰুৱা আদি একোৱে ধানডৰাৰ হানি বিঘিনি ঘটাব নোৱাৰে৷ গধূলি পৰত  গৰুবোৰ গোহালিত সোমোৱাৰ পূৰ্বেই পদূলিত জাক দিয়া হয়৷ জাক দিবলৈ জলোৱা তঁহজুইত দীঘলঁতি, মাখিয়তী আৰু ভাঙৰ পুলি আদিও জাপি দিয়া হয়৷ গৰুৰ ভৰি ধুৱাই দি পুজা কৰি ডিঙিত নতুন পঘা লগাই দি পিঠা খাবলৈ দিয়া হয়৷ ঘৰৰ বাৰীত থকা তামোল, নাৰিকল আদি মূল্যবান গছবোৰক দেৱজ্ঞান কৰি ধান খেৰৰ জৰিৰে সাদৰেৰে বান্ধি পেলোৱা হয়৷ গৰু বিহু শেষ হোৱাৰ লগে লগে গাঁৱৰ মূৰব্বীজনাৰ ঘৰৰ পৰা ল’ৰাহঁতে হুঁচৰি গোৱা আৰম্ভ কৰি দিয়ে৷ ধনী-দুখীয়া ভেদাভেদ নোহোৱাকৈ প্ৰতিঘৰতে হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশলে থাকিবলৈ আৰ্শীবাদ দিয়া হয়৷ ডাঙৰ গাঁও হলে হুঁচৰি গাই শেষ কৰোঁতে কেইবা দিনো লাগে৷ শেষত হুঁচৰি গাই পোৱা ধন নামঘৰ সজা বা পুথিভঁৰাল নিৰ্মাণ আদি কামত লগোৱাৰ উপৰিও এক প্ৰীতি ভোজৰো আয়োজন কৰি তাতো খৰচ কৰা হয়৷

গাঁৱৰ গাভৰুহঁতে লগ লাগি চাপৰিৰ গছতলৰ ছাঁত বিহু মৰা আৰম্ভ কৰি হেপাহ পলুৱাই বিহু গাই নাচি বাগি সাত দিনৰ দিনা বিহু উৰুৱাই বনভোজ খায়৷

তাৰ পিছতে আহি পৰে ফাট বিহু৷ অঞ্চলটোৰ ৰাইজ হিলদল ভাঙি ফাট বিহু স্থলিত যোগ দিয়ে আৰু হিয়া উজাৰি বিহু মাৰিবলৈ ধৰে৷ আয়োজক সকলে বিহু বলিয়া ৰাইজক যথোচিত সন্মান যাচে৷

মনত পৰে গোঁসাই বিহুৰ দিনা পিতৃ- মাতৃ তথা মান্যজনক সেৱা-সৎকাৰ কৰি আৰ্শীবাদ লোৱা অতীত হৈ যোৱা দিনবোৰৰ কথা৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment