সাম্প্ৰতিক
কালত মানুহ ইমানেই বস্তুবাদী
হৈ পৰিছে যে জীৱনটো
ভোগ-বিলাসত পাৰ কৰি
দিবৰ বাবে সদায়ে ধন,
টকা-পইচাৰ সন্ধানত থাকে৷
মানুহৰ এনে সন্ধানী দৃষ্টিয়ে
ধৰ্ম, ক’লা-সংস্কৃতি
একোকেই বাদ দিয়া নাই৷
বাদ পৰা নাই আমাৰ
জাতীয় উৎসৱ বিহু৷ ৰঙালী,
কঙালী আৰু ভোগালী এই
আটাই কেইটা বিহুক কেন্দ্ৰ
কৰি ব্যৱসায়-বাণিজ্য চলিব ধৰিছে৷ এনে
ধৰণৰ ব্যৱসায়-বাণিজ্যৰ যোগেদি এচাম লোকে
দুবেলা-দুমুঠি খাবৰ বাবে
দুপইচা অৰ্জন কৰিছে আৰু
অন্য এচাম সুযোগ সন্ধানী
লোকে অন্যায় ভাৱে অধিক
মুনাফা লুটিছে৷
বস্ত্ৰ ব্যৱসায়
বহাগ
বিহু বা ৰঙালী বিহুৰ বতৰত বসন্তৰ আগমন ঘটাৰ লগে লগে গছ-বিৰিখত কুঁহি পাত ওলায় আৰু বনৰীয়া
ফুল ফুলি চৌদিশ জকমকাই তুলে৷ প্ৰকৃতিৰ এনে বিনন্দিয়া ৰূপত মুগ্ধ হৈ বিহু বলিয়া অসমীয়া
ৰাইজ আনন্দত মতলীয়া হৈ প্ৰকৃতিৰ লগত খাপ খুৱাই নিজেও নতুন সাজ-পোছাক পিন্ধি বিহু উৎযাপনত
ব্যস্ত হৈ পৰে৷ ৰাইজৰ এনে সময়ৰ দুৰ্বলতাৰ সুযোগ ল’বলৈ উঠি পৰি লাগি যায় ব্যৱসায়ী মহল৷
বস্ত্ৰ ব্যৱসায়ীসকলৰ বাবে অধিক মুনাফা লুটাৰ সোণালী সুযোগ আহি পৰে৷ এনে ব্যৱসায়ৰ লগত
জড়িত অনা-অসমীয়া ব্যৱসায়ীসকলে নানা কৌশল প্ৰয়োগ কৰি বিহু বলিয়া ৰাইজক চলনা কৰি ধন ঘটে৷
অসমৰ গামোচা, মেখেলা-চাদৰ, চেলেং-চাদৰ, মুগাৰ ৰিহা-মেখেলা, পাটৰ মেখেলা-চাদৰ আদি সকলোবোৰ
কাপোৰ-কানিৰ অনুকৰণত বৰ্হি ৰাজ্যৰ কলঘৰত প্ৰস্তুত বস্ত্ৰ আনি অসমৰ বজাৰত মেলি দি স্থলুৱা
শিপিনী তথা উদ্যোগীৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছে৷ অন্যহাতে খাতি খোৱা অসমীয়াক
চৰা দামত নকল বস্ত্ৰ বিক্ৰী কৰি বৰ্হি ৰাজ্যৰ বণিকসকলে তেওঁলোকৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ
ঘটাই যাব ধৰিছে৷
নানা ধৰণৰ অলংকাৰ আৰু গহনা-পাতিৰ
ব্যৱসায়
বিহুৰ
দিন কেইটাত নতুন সাজ-পোছাকৰ লগতে জীয়াৰী-বোৱাৰীসকলে নানা ধৰণৰ অলংকাৰ আৰু গহনাপাতি
পৰিধান কৰি নিজকে সজাই তুলিব খোজে৷ বিহু নাচিবলৈ বিহুৱতীক লাগে গাম খাৰু, গলপতা ইত্যাদি৷৷
আ-অলংকাৰৰ স’তে জড়িত ব্যৱসায়ীসকলে প্ৰকৃত ধাতুৰ ওপৰিও নকল ধাতুৰ অলংকাৰেৰে বজাৰ ভৰাই
তুলে৷ ধনৱানসকলে আচল সোণ-ৰুপেৰে তৈয়াৰী আ-অলংকাৰ কিনি পৰিধান কৰে৷ সোণৰ অলংকাৰ কিনিব
নোৱাৰা সকলে নকল সোণেৰে তৈয়াৰী গহনাপাতিকে পৰিধান কৰি বিহু উৎযাপন কৰে৷ বিহুৰ বতৰত
জাগি উঠা অলংকাৰপাতিৰ প্ৰতি দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ব্যৱসায়ীসকলে চৰা দামত
সামগ্ৰীসমূহ বিক্ৰী কৰি অধিক লাভবান হয়৷
বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ
ব্যৱসায়
বিহুৰ
কেইদিন গৃহস্থই নানা ধৰণৰ খাদ্য সম্ভাৰ সংগ্ৰহ কৰি অপ্যায়নৰ বাবে সাজু হৈ আলহী-অতিথিলৈ
অপেক্ষা কৰি ৰয়৷ বিশেষকৈ বিহু বুলিলেই নানা বিধ পিঠা-পনা আৰু জলপান যিকোনো উপায়েৰে
হ’লেও গৃহস্থই যোগাৰ কৰি ৰাখিবই ৰাখিব৷ ইয়াৰ বাবে অতি আৱশ্যকীয় বস্তুটো হ’ল গাখীৰ৷
গৰু গাখীৰেই হওক বা ম’হৰ গাখীৰ, এৱাঁই হওক বা দৈ, যেয়ে যি ভাল পায় সংগ্ৰহ কৰে৷ হাতত
ধন লৈ বজাৰলৈ গ’লেই হ’ল, বজাৰত আজিকালি সকলো পায়৷ পিছে, দৈ টেকেলি কিনোতে সাৱধান নহ’লে
ঘৰত আনি দেখিব যে দৈ টেকেলিত গাখীৰতকৈ পানীৰ পৰিমাণ বেছি৷ তাৰোপৰি ভেজাল গাখীৰৰ সমস্যা
আছেই৷
বিহু
ওচৰ চাপি অহাৰ লগে লগে বজাৰত তামোল-পানৰ বেপাৰীৰ উথপ-থপ লাগে৷ সাধাৰণতে যিমান তামোল-পান
বজাৰত বিক্ৰী হয় তাৰ বহুগুণে বেছি বিক্ৰী হয় বিহুৰ বতৰত৷ কাৰণ, গুৱা-পান নহ’লে যে অসমীয়া
ৰাইজৰ গৃহস্থী ধৰ্ম পালন নহয়৷ ঠিক একে দৰে মাঘ বিহু বা ভোগালী বিহুত আলু এক অপৰিহাৰ্য
খাদ্য৷ আলু নাখালে বোলে পৰজনমত গাহৰি হৈ জনম লভে৷ সেয়েহে বিবিধ আলুৰে বজাৰ ওপচি পৰে৷
বহাগ
বিহুৰ উৰুকাৰ দিনা এশ এবিধ বন-শাকৰ আঞ্জা খালে বেমাৰ আজাৰৰ পৰা হেনো ৰক্ষা পাব পাৰি৷
আজি কালি বজাৰত সেই এশ এবিধ বন-শাকো পোৱা যায়৷ আপুনি বজাৰলৈ জোলোঙাখন লৈ গৈ ধন দি আনিবহে
লাগে৷ পিছে হিচাপ কৰি চাব দেই, এশ এবিধ নাথাকিবও পাৰে৷ আমৰলি টোপ খায় যদি সেয়াও এতিয়া
বিহুৰ বতৰত বজাৰতে পাব, আপুনি মিছাতে আমৰলিৰ কামোৰ খোৱাৰো দৰকাৰ নাই৷
মদৰ
ব্যৱসায়ীসকলে বিহুৰ দিন কেইটাত অতিৰিক্ত ধন উপাৰ্জন কৰিবলৈ সুবিধা পায়৷ আজিকালি আমাৰ
অসমৰ প্ৰায় সকলো জাতি-জনজাতিৰ লোকেই মদ্য পান কৰাত অভ্যস্ত হৈ পৰিছে বুলি ক’লেও ভুল
কৰা নহ’ব৷ যিহেতু আমাৰ চৰকাৰে পানীয়কণ সহজতে উপলব্ধ হোৱাকৈ বিলাতী সুৰাৰ দোকানবোৰ পাতিবলৈ
অনুমতি পত্ৰ দিয়া হেতু যেনিয়ে চাই তেনিয়ে সেইবোৰ দোকানেৰে ভৰি পৰিছে৷ মুঠতে, বিহুৰ
দিন কেইটাত উপভোক্তাসকলে যি বিধৰ মদ্য পান কৰিব খোজে তাকে অতি সহজে পাব পৰাকৈ এখন বজাৰ
গঢ় লৈ উঠে৷ দেখা গৈছে যে সহজ লভ্য বিলাতী সুৰাৰ ব্যৱসায় সম্পৰসাৰণত উঠি অহা যুৱক-যুৱতীৰ
এটা চামে বিশেষভাৱে অৰিহণা যোগাইছে৷
মাছ-মাংস
আৰু কণী বেপাৰীয়ে বৰ্ধিত চাহিদাৰ সুযোগ লৈ অতিৰিক্ত দৰত মাছ-মাংস আৰু কণী বিক্ৰী কৰি
অধিক লাভৱান হয়৷ বিহুৰ বতৰত মানুহে মাছে-মঙহেৰে এসাজ ভালদৰে খাই তৃপ্তি লাভ কৰিব খোজে৷
অন্যহাতে পৰাম্পৰাগত ভাৱে চলি অহা কণী যুঁজ আছেই৷ সেইয়ে এনে ব্যৱসায়ৰ লগত জড়িতসকলে
বজাৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মাছ-মাস আৰু কণীৰে বজাৰ উপচায় দিয়ে আৰু তেওঁলোকৰ
বিক্ৰীও ভাল হয়৷
বিহু উৎযাপনৰ বাবে আৱশ্যক
হোৱা নানা বিধ দ্ৰব্যৰ ব্যৱসায়
গৰু
বিহুৰ দিনা গৰু নোৱাবলৈ লাগে মাহ-হালধি ইত্যাদি৷ গৰু-গা ধুৱাওঁতে চাট মাৰিবলৈ লাগে
লাও, বেঙেনা, ঠেকেৰা, কেৰেলা, হালধি ইত্যাদি৷ জাক দিবলৈ লাগে দীঘলতি, মাখিয়তী আৰু ভাং
গছৰ সৰু পুলি৷ সেইবোৰ বস্তুৰো এখন বজাৰ গঢ় লৈ উঠিছে৷ কিছু দিনৰ পৰা দেখা গৈছে যে আমাৰ
নগৰত বসবাস কৰা অসমীয়াসকলে হেৰাই যাবলৈ ধৰা বিহুৰ কৌটিকলীয়া পৰম্পৰাসমূহ ঘুৰাই আনিবলৈ
চেষ্টা কৰিছে৷ এই কাম কৰিবলৈ যাওঁতে ধনৰ বিনিময়ত পৰম্পৰাৰ স’তে জড়িত সামগ্ৰীবোৰ লাভৰ
প্ৰচেষ্টাৰ পৰিণাম স্বৰূপেই তেনে সামগ্ৰী বোৰে আহি নগৰৰ বজাৰ দখল কৰিছে আৰু ই এক ভাল
ব্যৱসায়ত পৰিণত হৈছে৷ আনহে নালাগে কাতি বিহুৰ দিনা ৰোপণ কৰা তুলসী পুলিটোৱেও নগৰৰ বজাৰত
স্থান পাইছে৷ আজিকালি নগৰ-চহৰ সকলোতে মাঘ বিহুৰ মেজি আৰু ভেলাঘৰ সজা হয় আৰু তাৰ বাবে
প্ৰয়োজন হোৱা কাঠ-বাঁহ, খৰিৰ এক লাভজনক ব্যৱসায় গঢ় লৈ উঠিছে৷ আনহে নালাগে নাচনীৰ খোপাৰ
কপৌ ফুলেও বজাৰত স্থান পাইছে৷
বিহু-গীত আৰু বিহু-নৃত্য
প্ৰশিক্ষণৰ ব্যৱসায়
আজিকালি
মঞ্চত বিহু-গীত আৰু বিহু-নৃত্যৰ প্ৰতিযোগিতাত ভাগ ল’বলৈ হ’লে প্ৰশিক্ষণপ্ৰাপ্ত হ’ব
লাগিব৷ মঞ্চ বিহু প্ৰতিযোগিতাসমূহ ইমাণেই উন্নত হ’ব ধৰিছে যে বিহু গীত, বিহু-নৃত্যৰ
পাৰদৰ্শিতা থাকিলেও প্ৰতিযোগীয়ে বিহু সম্বন্ধীয় জ্ঞান আহৰণ কৰি নল’লে বিজয়ীৰ সন্মান
লাভ কৰিব নোৱাৰে৷ বিহু প্ৰতিযোগিতাৰ বাবে আগ বঢ়োৱা আকৰ্ষণীয় পুৰষ্কাৰ লাভৰ আশাত প্ৰতিযোগীৰ
সংখ্যা দিনকদিকনে বৃদ্ধি পাব ধৰিছে৷ সেয়ে প্ৰশিক্ষণ কেন্দ্ৰৰ সংখ্যাও বাঢ়ি গৈছে আৰু
ইয়াৰ যোগদি প্ৰশিক্ষকসকলৰ বাবে ই এক ব্যৱসায়ত পৰিগণিত হৈছে৷
বিহু-মঞ্চত গীত পৰিবেশণ কৰাৰ
বাবে মঞ্চ-শিল্পীৰ ব্যৱসায়
স্থানীয়ভাৱে
আয়োজন কৰা বিহু-মঞ্চসমূহত গীত পৰিবেশনৰ বাবে শিল্পীৰ সৈতে ধনৰ বিনিময়ত চুক্তি কৰা হয়৷
এনেদৰে ধনৰ বিনিময়ত বিহু পৰিবেশন কৰিবলৈ পাই এচাম শিল্পী উৎসাহিত হৈ পৰিছে আৰু এনে
শিল্পীসকলে বিহুক এক উদ্যোগ হিচাপে গণ্য কৰি ধন বিনিয়োগ কৰিছে৷ অৰ্থাৎ শিল্পীয়ে লাখ
টকা খৰচ কৰি বাদ্য যন্ত্ৰ ক্ৰয় কৰিছে আৰু নিজৰ ব্ৰেণ্ড গঠন কৰিছে৷ এইদৰে শিল্পীৰ সহযোগীসকলৰো
উপাৰ্জনৰ পথ মুকলি হৈছে৷
ঢোল-তাল, পেঁপা,গগণা আদি
বাদ্য যন্ত্ৰৰ ব্যৱহায়
বিহুৰ
ভালেমান দিনৰ আগৰে পৰাই ঢোল-তাল আদি নিৰ্মাণ কৰা লোকসকলে বজাৰৰ সম্ভাৱ্য চাহিদালৈ লক্ষ্য
ৰাখি বাদ্য যন্ত্ৰবোৰ নিৰ্মাণৰ কামত লাগি যায়৷ অসমত আজিকালি কেৱল ঢোল-তালেই নহয়, পেঁপা,
গগনা আৰু টকা আদি সকলোবোৰ বাদ্য যন্ত্ৰ বজাৰত উপলব্ধ হৈছে৷ ইয়াৰ উপৰিও বিহু মঞ্চৰ শিল্পীসকলে
নিজৰ বেণ্ডৰ বাবে প্ৰয়োজনীয় ড্ৰাম চেট, গীতাৰ, তবলা আৰু হাৰমনিয়াম আদি আধুনিক বাদ্য
যন্ত্ৰসমূহ ক্ৰয় কৰি এনে ব্যৱসায়ৰ লগত জড়িতসকলৰ ব্যৱসায় সম্প্ৰসাৰণত উৎসাহ যোগায়৷
বিহু উৎযাপনৰ নামত চান্দা
সংগ্ৰহৰ ব্যৱসায়
সমাজৰ
এচামলোকে বিহু-মেলা, বিহু-সন্মিলন পতাৰ নামত চান্দা সংগ্ৰহত নামি পৰে৷ এনে অভিযানত
নামি পৰি এচামে নিজৰ পকেট গৰম কৰা বুলি বহু দিনৰ পৰাই কথাটোৰ চৰ্চা হৈ আহিছে ; কিন্তু
এনে গৰ্হিত কাৰ্যত বাধা দিয়াটো সম্ভৱ হোৱা নাই৷ বৰঞ্চ চান্দা সংগ্ৰহ কৰা কামটো এক লাভজনক
ব্যৱসায় হৈ পৰিছে৷ আনকি ৰাজনৈতিক দলবোৰেও দলীয় স্বাৰ্থ ৰক্ষাৰ বাবে চান্দা আগ বঢ়াই
সংগ্ৰহকাৰী সকলক অধিক উৎসাহিত কৰি গৈছে৷
বিজ্ঞাপনৰ ব্যৱসায়
শিল্পীসকলে
নিজকে পণ্যলৈ পৰিণত কৰি বিহু-সন্মিলন, বিহু-মেলাৰ আয়োজকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে
বাতৰি কাকতত বিজ্ঞাপন দিয়ে, বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ, ফেষ্টুন, ফ্লেক্স আৰু প’ষ্টাৰ
আদি চকুত লগাকৈ আঁৰি দিয়ে৷ অন্য হাতে বিহু মেলাৰ আয়োজকসকলেও মেলালৈ ৰাইজক আমন্ত্ৰণ
জনাই ফ্লেক্স, প’ষ্টাৰ আৰু বেনাৰ আদি লগায়৷ এনেবোৰ প্ৰচাৰ ধৰ্মী কামৰ যোগেদি এচাম লোক
লাভবান হয়৷ দেখা গৈছে যে আজিকালি বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীবোৰেও বিহুক আলম কৰি
বিজ্ঞাপন দিয়া কাম আৰম্ভ কৰি দিছে৷
বিহু-সন্মিলন, বিহু-মেলা
আয়োজনৰ ঠিকা লোৱা ব্যৱসায়
বিহু-সন্মিলন,
বিহু-মেলা আদিৰ আয়োজক সকলে বিহু-মঞ্চ নিৰ্মাণকে ধৰি প্ৰয়োজনীয় সকলো যা-যোগাৰৰ কাম ঠিকাদাৰক
দিবলৈ ধৰাত ঠিকা ব্যৱসায়ত নিয়োজিত লোকসকল লাভৱান হ’ব ধৰিছে৷ বিহুতলিত ৰভাঘৰ নিৰ্মাণৰ
পৰা আৰম্ভ কৰি দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা কৰালৈকে সকলো কামৰ দায়িত্ব ঠিকাদাৰক দি আয়োজক
সকলে নিশ্চিন্ত মনেৰে সফলতাৰে বিহুমেলা পতাত ব্যস্ত হৈ পৰে৷
দালালৰ ব্যৱসায়
মঞ্চলৈ
বিহুৰ আগমন ঘটাৰ লগে লগে বিহু এক উদ্যোগলৈ ৰূপান্তৰিত হ’ব ধৰিলে৷ এনে পৰিস্থিতিত সুযোগ
সন্ধানী মধ্যভোগী দালালে ধন ঘটাৰ পথ উলিয়াই ল’লে৷ তেওঁলোকে মঞ্চত বিহু পৰিবেশন কৰা
শিল্পী আৰু আয়োজকৰ মধ্যস্থতাকাৰীৰ ভূমিকা লৈ কমিশ্যন লোৱা আৰম্ভ কৰি দিলে৷কেৱল ইয়াতেই
তেওঁলোকৰ কাম-কাজ সীমাবদ্ধ নাথাকিল৷ বিহু-প্ৰতিযোগিতাৰ পুৰষ্কাৰ প্ৰদানৰ ক্ষেত্ৰতো
দালালৰ প্ৰবেশ ঘটিল৷ এনেবোৰ কামক নিজৰ ব্যৱসায় হিচাপে লৈ এচাম লোকে ধন ঘটিবলৈ আৰম্ভ
কৰাৰ লগে লগে অসমীয়াৰ বাপতিসাহন বিহুৰ মৰ্যদা হানি হ’ব ধৰিছে৷
সামৰণি
সময়ৰ
গতিত নানা পৰিবেশ পৰিস্থিতিৰ মাজেদি আগুৱাই যাওঁতে কলা-সংস্কৃতিয়ে নানা ঘাত-প্ৰতিঘাতৰ
সন্মুখীন হৈ কেতিয়াবা স্বকীয় ৰূপো হেৰুৱাব লগা হয়৷ আমাৰ বিহুৰ স্বকীয়তা হেৰাই যোৱা
নাই যদিও ইয়াৰ ওপৰত আধুনিকতাৰ প্ৰভাব বাৰুকৈয়ে পৰিলক্ষিত হৈছে৷ তথাপিও আজিৰ পৰা কেইটামান
বছৰৰ পূৰ্বৰে পৰা দেখা গৈছে যে বিহুক পৰম্পৰাগত ৰূপত জীয়াই ৰাখিবলৈ অসমীয়া ৰাইজে প্ৰচেষ্টা
চলাইছে৷ নিশ্চয়কৈ ই এক প্ৰসংশনীয় পদক্ষেপ৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
No comments:
Post a Comment