Monday 26 October 2015

প্ৰযুক্তিক সক্ষম কৰি দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ

মাৰাত্মক, অবাঞ্চিত আৰু দুষ্ট অপকৰ্মবোৰৰ ভিতৰত দুৰ্নীতিও এটা৷ কিছুমান ভোকাতুৰ দৈত্য-দানৱে নিৰীহ লোকৰ ওপৰত দুৰ্নীতি চলায়৷ আজিকালি সকলোতে দুৰ্নীতি দেখিবলৈ পোৱা যায়, যিহেতু বৰ্তমান ই সৰ্বব্যাপ্ত৷ ই সামাজিক জীৱনৰ কৰ্কট ৰোগ স্বৰূপ হৈ পৰিছে৷ ই ৰাতিটোৰ ভিতৰতে ইমান বৰ্দ্ধিষ্ণু আৰু যুগমীয়া হোৱা নাই, এক দীৰ্ঘ কালৰ ভিতৰতহে হৈছে৷ মহাত্মা গান্ধী, চৰদাৰ বল্লব ভাই পেটেল আৰু লাল বাহাদুৰ শাস্ত্ৰী আদিৰ দৰে মহানুভৱে যিখন দেশত জন্ম লৈ এক মূল্যবোধেৰে দেশ পৰিচালিত কৰিছিল তেনে এখন দেশে এতিয়া দুৰ্নীতিৰ দৰে সমস্যাৰ সন্মুখীন হৈছে৷ নিশ্চিতভাৱে গণতান্ত্ৰিক দেশসমূহে মুখামুখি হোৱা প্ৰত্যাহ্বানটোৱেই হৈছে দুৰ্নীতি আৰু ই দেশৰ উন্নয়নত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে৷

‘দুৰ্নীতি হৈছে সামাজিক পাপ৷’ ‘ক্ষমতাই দুৰ্নীতিৰ স্পৃহা জগায় আৰু পূৰ্ণমাত্ৰাৰ ক্ষমতাই সম্পূৰ্ণ ৰূপত দুৰ্নীতি কৰাত সহায় কৰে৷’ সহজ অৰ্থত দুৰ্নীতিক ভেঁটী লোৱা কাৰ্য বা ৰাজহুৱা পদমৰ্যদা বা ক্ষমতা ব্যক্তিগত উদ্দেশ্য পূৰণত অথবা ব্যক্তিগত মনোকামনা চৰিতাৰ্থৰ বাবে অপব্যৱহাৰ কৰা বুলি সংজ্ঞা দিব পাৰি৷ টকা-পইচা সংক্ৰান্তীয় নহ’লেও ব্যক্তিগত লাভৰ বাবে কৰ্তৃত্বৰ অপব্যৱহাৰকো দুৰ্নীতি বোলা হয়৷ অন্য কথাত, দুৰ্নীতিয়ে নৈতিকতা, সাধুতা, সততা, উচিত আৰু ন্যায়ৰ প্ৰতি শ্ৰদ্ধা নোহোৱাকে বুজায়৷  অৰ্থলোভী দৃষ্টিভংগীৰে কৰ্তব্য পালন অৰ্থাৎ ঘোচ লোৱা, কোনো টকা-পইচা সংক্ৰান্তীয় বা অন্য লাভালাভৰ বাবে কাৰোবাক অনুচিত অনুগ্ৰহ কৰা কাৰ্যকো দুৰ্নীতি বোলে৷ দুৰ্নীতিয়ে সাধাৰণ জনতাৰ ক্ষতিৰ বিনিময়ত পক্ষপাতিত্ব, স্বজনপ্ৰীতি আৰু স্বজনতোষণত উদগনি যোগায়৷ একে সময়তে প্ৰকৃত দাবীদাৰক তেওঁলোকৰ অধিকাৰ বা সা-সুবিধাৰ পৰা বঞ্চিত কৰাটোও দুৰ্নীতিমূলক কাম৷ কোনোৱে নিজৰ কৰ্তব্যৰ ক্ষেত্ৰত কোঁচ খোৱা বা কৰ্তব্যৰ প্ৰতি অৱহেলা কৰাটোও এক প্ৰকাৰ দুৰ্নীতি৷ তাৰোপৰি চোৰ-ডকাইতি, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আদিও ভিন্ন ধৰণৰ দুৰ্নীতি৷ অসাধু আচৰণ, শোষণ, ভ্ৰষ্টাচাৰ, কেলেংকাৰি আৰু কলঙ্ক-অপবাদ আদিও দুৰ্নীতিৰ বিভিন্ন অভিব্যক্তি প্ৰকাশ৷

সংবিধানত সযত্নে ৰখা আমাৰ মূল্যবোধ আৰু আদৰ্শসমূহ আদায় কৰাৰ ক্ষেত্ৰত দুৰ্নীতিয়ে মুখ্য বাধক স্বৰূপে কাম কৰিছে৷ ই মানুহৰ মাজত বহুলভাৱে বৈষম্যৰ সৃষ্টি কৰিছে আৰু তেওঁলোকক উন্নয়নৰ লাভালভৰ পৰা বঞ্চিত কৰিছে৷

যদিওবা আমি বুজি পাওঁ যে কোনো পদ্ধতিয়েই পৰিপূৰ্ণ নহয়, তথাপি দুৰ্নীতি নিৰ্মূল কৰিবলৈ, কৰ্ম-পদ্ধতি আৰু নিয়ম-নীতিৰ স্বচ্ছতা আনিবলৈ চেষ্টা কৰিব পৰা যায়৷ এখন দেশ দুৰ্নীতিমুক্ত কৰিবলৈ সু-শাসন অতি গুৰুত্বপূৰ্ণ৷ যিহেতু সু-শাসন হ’ল দায়বদ্ধ, স্বচ্ছ, উত্তৰকাৰী, সমতাপূৰ্ণ আৰু দায়িত্বশীল, কাৰ্যশীল আৰু যথাযোগ্য, অংশগ্ৰহণকাৰী আৰু সু-শাসনে আইনৰ নিয়ম মানি চলে৷

নিৰ্বাচনী প্ৰক্ৰিয়াত তথ্য আৰু যোগাযোগ প্ৰযুক্তি প্ৰয়োগ কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে ভোটাৰৰ লগতে আইনজ্ঞসকলৰ মাজত আগ্ৰহ আৰু ব্যগ্ৰতা জাগি উঠিল৷ আজি, পৃথিবীৰ বেছিভাগ নিৰ্বাচনী পৰিচালনা নিকায়সমূহে (Electoral Management Bodies)স্বচ্ছ, সুন্দৰ আৰু মুক্ত নিৰ্বাচন নিশ্চিত কৰি নিৰ্বাচন প্ৰক্ৰিয়াৰ উন্নয়নৰ লক্ষ্য ৰাখি নতুন প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিছে৷ এনে ধৰণৰ নিৰ্বাচনে দুৰ্নীতি নিবাৰণ কৰিব পৰা সু-শাসন প্ৰতিষ্ঠা কৰাত সহায় কৰে৷

দুৰ্নীতি প্ৰতিৰোধ কৰিবলৈ আধুনিক প্ৰযুক্তিৰ সৰ্বোৎকৃষ্ট ব্যৱহাৰ কৰিবৰ বাবে ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জী আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনগণক আহ্বান জনাইছে৷ ২৭/১০/২০১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা ‘সতৰ্কতা সপ্তাহ’(Vigilance Week)ৰ আৰম্ভণীৰ বাৰ্তাত ৰাষ্ট্ৰপতি গৰাকীয়ে কয়,‘আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ যোগে সেৱা প্ৰদান ব্যৱস্থাৰ দ্বাৰা মানৱীয় হস্তক্ষেপ নোহোৱা কৰিব পাৰি৷’ দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিয়াটো চৰকাৰী বিষয়া-কৰ্মচাৰী তথা দেশৰ নাগৰিকৰ সংঘবদ্ধ দায়বদ্ধতা বুলি বৰ্ণনা কৰি মুখাৰ্জীয়ে কয় যে দুৰ্নীতি এক জটিল সমস্যা ,ইয়াৰ বাবে বহুমুখী পদক্ষেপৰ আৱশ্যক৷ তাৰ ভিতৰত এটা হ’ল প্ৰযুক্তিৰ ব্যৱহাৰ, যিয়ে নেকি উন্মুক্ততা আৰু স্বচ্ছতা বৃদ্ধিত সহায় কৰিব পাৰে৷ আৰ্থিক লাভালাভ হোৱাকৈ দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিওঁতে প্ৰযুক্তিৰ অৱলম্বন কৰিবলৈ ৰাষ্ট্ৰপতি গৰাকীয়ে জনসাধাৰণক অনুৰোধ কৰে৷

প্ৰধান মন্ত্ৰীয়ে চৰকাৰী চাকৰিয়ালসকলৰ সাধুতাৰ ওপৰত জোৰ দি কয়,“এইটো আঙুলিয়াই দিয়াৰ প্ৰয়োজন নাই যে দুৰ্নীতি মুক্ত, স্বচ্ছ আৰু যোগ্য প্ৰশাসনৰ বাবে চৰকাৰী চাকৰিয়ালৰ সাধুতা আৰু ৰাজহুৱা কাৰ্যালয়ৰসমূহৰ স্বচ্ছতা অত্যন্ত আৱশ্যকীয়৷”সমাজৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাটো কেৱল আইনগত বাধ্যবাধকতাই নহয়, প্ৰতিজন ভাৰতীয়ৰে নৈতিক কৰ্তব্যও৷

সৰ্বোচ্চ শাসন আৰু ন্যুনতম চৰকাৰৰ লক্ষ্যত উপনীত হ’বলৈ দুৰ্নীতিমুক্ত বাতাবৰণৰ দৰকাৰ৷ বৃহৎ সংখ্যক জনতাই দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ তেওঁলোকৰ অভিযোগবোৰে দুৰ্নীতিগ্ৰস্ত লোকক ভীতিগ্ৰস্ত কৰি তুলিব পাৰিব৷ জনতাই তেওঁলোকৰ ওপৰত চলা দুৰ্নীতি বা হাৰাশাস্তিৰ অভিযোগসমূহ ০১১-২৩৩৪৮৪৭৬ নম্বৰৰ টেলিফোনত যিকোনো কৰ্মদিনত ‘সতৰ্কতা সঞ্চালক’ৰ(Vigillance Director)  ওচৰত দাখিল কৰিব পাৰে বা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ(Central Control Room) ০১১-২৩৩৪৮৩০০ বা ০১১-২৩৩৪৮৩০১ নং টেলিফোনত যিকোনো সময়তে অভিযোগ দাখিল কৰিব পাৰে৷

যদিওবা প্ৰযুক্তি স্বচ্ছতা বৃদ্ধিৰ কাৰ্যকৰি আহিলা, তথাপি তথ্য-প্ৰযুক্তি অপৰাধ (Cybercrime)বৃদ্ধিৰ প্ৰতি সতৰ্ক হৈ থকা দৰকাৰ৷ প্ৰযুক্তি এতিয়া মানৱ-সম্পদৰ কাৰণে সক্ষম হৈ পৰিছে, যিহেতু প্ৰযুক্তিক স্বচ্ছতা আৰু দায়বদ্ধতা বৃদ্ধিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ লগতে দুৰ্নীতি চিনাক্তকৰণ আৰু হ্ৰাস কৰণৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হৈছে৷ যোগাযোগ প্ৰযুক্তিয়েও দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিয়া প্ৰচেষ্টাক সমৰ্থন কৰে আৰু দুৰ্নীতিৰ বিৰূদ্ধে জনতাক একত্ৰিত কৰাত সহায় কৰে৷ প্ৰযুক্তিয়ে স্বচ্ছতাৰ প্ৰকৃত অৰ্থ প্ৰদান কৰিব পাৰে আৰু দায়বদ্ধতাই অন্ধকাৰত সূৰ্যৰ পোহৰ পেলাব পাৰে৷ কিন্তু প্ৰযুক্তিও মানুহৰ দ্বাৰা সৃষ্ট আৰু পৰিচালিত৷প্ৰযুক্তিয়ে যে সততাত সহায় কৰে সেয়া সদায়ে লেখত ল’ব লগীয়া কথা হৈ থাকিব৷

প্ৰযুক্তিয়ে বিস্তৃতভাৱে উন্নতি সাধি হিতাধিকাৰীসকলৰ বাবে জটিল তথ্য আৰু সেৱা আগ বঢ়াই ইতিমধ্যে উন্নয়নৰ চালিকা শক্তি হৈ পৰিছে৷ ক’ত কেনেকৈ ভুল হৈছে তাক নিৰ্ণয় কৰাত প্ৰযুক্তিয়ে সহজ কৰি তুলিছে আৰু তাৰ বাবে দায়বদ্ধ কৰিব পৰা কৰিছে৷ আধুনিক প্ৰযুক্তিয়ে প্ৰদান কৰা  কাৰ্যকৰি শক্তি পূৰ্ণমাত্ৰাই ব্যৱহাৰ কৰি ৰাজহুৱা কাৰবাৰত আৰু লেনা-দেনাত স্বচ্ছতা নিশ্চিত কৰি চৰকাৰে ভাল স্থানত অৱস্থান কৰিব পাৰে৷ তাৰ দ্বাৰা দুৰ্নীতিৰ সুযোগ হ্ৰাস কৰিব পাৰে৷ কাৰণ, স্বচ্ছতাই হৈছে দুৰ্নীতিৰ আটাইতকৈ ভাল প্ৰতিষেধক৷

দুৰ্নীতিয়ে অতি বেয়া ধৰণে দেশৰ অৰ্থনৈতিক উন্নয়নত আৰু উন্নয়নৰ লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰভাব পেলায়৷ ই সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত অদক্ষতা বঢ়ায়, বজাৰ সংকুচিত কৰে আৰু  দ্ৰব্যৰ মানদণ্ডৰ ক্ষেত্ৰত আপোচ কৰে৷ শাসনৰ ক্ষেত্ৰত দক্ষতা আৰু লক্ষ্য নিৰ্দ্ধাৰনেই ৰাজহুৱা জীৱনৰ পৰা দুৰ্নীতি নিৰ্মূল কৰণৰ চাবি-কাঠী৷ এই উদ্দেশ্যে যথাস্থানত স্বচ্ছ আৰু প্ৰবঞ্চনামুক্ত ব্যৱস্থা আৰু নীতি নিয়ম প্ৰয়োগ কৰিব লাগিব, যিটোৱে শাসন পদ্ধতিৰ প্ৰতিটো স্তৰতে ৰাজহুৱা প্ৰশাসনত যথোচিত দায়বদ্ধতা আনি দিয়ে৷

চৰকাৰৰ কাম-কাজত প্ৰযুক্তিৰ সহায় লোৱা বাবে ইয়াৰ সংগঠনসমূহে দুৰ্নীতিৰ বিৰূদ্ধে বহু পৰিমাণে মাত মাতিব পাৰিছে৷ প্ৰযুক্তিগত প্ৰণালীসমূহৰ আৰম্ভণীয়ে বিভিন্ন ধৰণৰ কাৰকসমূহ উপশম ঘটাবলৈ সক্ষম হৈছে, যিবোৰে স্বচ্ছতাৰ অভাৱ, লেধেপা নিয়ম আৰু সিদ্ধান্ত গ্ৰহণত পলম কৰা আদিৰ দৰে দুৰ্নীতিবোৰ চলাই নিয়ে৷ চৰকাৰী পদ্ধতিসমূহ পুনৰ উদ্ভাৱন যোগে ক্ষমতা সীমিত কৰি আৰু দায়বদ্ধতা বৃদ্ধি কৰি বিভাগসমূহে/সংগঠনসমূহে কাৰ্যকৰিভাৱে সেৱা প্ৰদান ব্যৱস্থাত স্বচ্ছতা আৰু দক্ষতা আনিব পাৰে,যিটোৱে সৰ্বসাধাৰণ নাগৰিকক বেছিকৈ প্ৰভাবান্বিত কৰে৷ ইলেকট্ৰনিক কাৰ্যনিৰ্বাহে(E-procurement) দ্ৰব্য যোগানত , কাম-কাজত আৰু সেৱাৰ ক্ষেত্ৰত অৰ্থনীতি আৰু দক্ষতা আনিব পাৰিব৷ তথ্য-প্ৰযুক্তি ব্যৱহাৰ কৰিলে পদ্ধতিটো খৰতকীয়া হ’ব আৰু তেতিয়া দুৰ্নীতিৰ অৱসৰ হ্ৰাস পাব৷ গতিকে কেন্দ্ৰীয় সতৰ্কতা আয়োগে (Central Vigilance Commission) সংগঠনসমূহক দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিবলৈ প্ৰযুক্তি প্ৰয়োগৰ পৰামৰ্শ দিছে আৰু সেয়ে ২৭/১০/২০১৪ তাৰিখৰ পৰা ০১/১১/২০১৪ তাৰিখৰলৈকে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে ‘ সতৰ্কতা সপ্তাহ’ পালন কৰে৷

০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০

No comments:

Post a Comment