Wednesday 16 May 2018

কেৱল মৃত্যু দণ্ডই অপৰাধ প্ৰৱণতা ৰোধ কৰিবনে ?

কেৱল আমাৰ অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে নাৰী নিৰ্যাতনৰ ঘটনা ইমানেই বৃদ্ধি পাব ধৰিলে যে ধৰ্ষণ ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি অপৰাধীৰ শাস্তি স্বৰূপে মৃত্যু দণ্ডৰ ব্যৱস্থা কৰিব লগা হ’ল৷ সমাজত কৰ্কট ব্যাধিৰ ৰূপ ধাৰণ কৰা বলাৎকাৰ নিৰ্মূলৰ বাবে কৰ্কট ৰোগ অস্ত্ৰোপচাৰ কৰি দূৰ কৰিবলৈ চেষ্টা কৰাৰ দৰে মৃত্যু দণ্ডৰ যোগে অপৰাধী নিঃশেষ কৰিব পৰা যাবনে ? নে অপৰাধৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হ’ব? দেশৰ প্ৰচলিত আইনৰ প্ৰতি ভয় ভাবেই কেবল অপৰাধ নিয়ন্ত্ৰণ কৰিবনে ? আইনৰ প্ৰতি শ্ৰদ্ধাৰ ভাব জাগ্ৰিত হ’ব নালাগিবনে? ইয়াৰ বাবে ৰাজনৈতিক নেতাকে ধৰি সাধাৰণ জনতালৈকে সমাজৰ সৰ্বস্তৰৰ লোকৰ দায়বদ্ধতা নাইনে ? সমাজৰ সকলো ধৰণৰ দুৰ্নীতি, অপৰাধ প্ৰৱণতা আৰু চৰকাৰী ভ্ৰষ্টাচাৰৰ দ্বাৰা ধৰ্ষণকাৰীহঁত মানসিক ভাৱে প্ৰভাবিত আৰু উৎসাহিত হোৱা নাইনে? দেশখনক, বিশেষকৈ আমাৰ অসমখনক আৰ্থিকভাৱে কোঙা কৰি সংঘটিত কৰা বৃহৎ বৃহৎ অৰ্থনৈতিক কেলেংকাৰিবোৰে সমাজখনৰ চাৰিত্ৰিক বৈশিষ্টত কোনো ধৰণৰ কু-প্ৰভাব পেলোৱা নাই নেকি? সেইবোৰে ধৰ্ষণত জড়িতহঁতক দেশৰ প্ৰচলিত আইনক উপলুঙা কৰিবলৈ উদগনি দিয়া নাইনে? তেনে অপৰাধীবোৰ আৰু তেনে অপৰাধীক প্ৰশয় দি ধন আহৰণ কৰা ৰাজনৈতিক নেতাসকল  কেনেকৈ ক্ষমাৰ যোগ্য হ’ব পাৰে ? তেনেবোৰ অপৰাধীৰ বাবে আইন কঠোৰ হ’ব  নালাগে নেকি? উচ্চ শিক্ষিতসকলে দুৰ্নীতি কৰি হাঁহিমুখে কাৰাগাৰত প্ৰৱেশ কৰিলে বাকীবোৰলৈ থকিল কি ?
দৰাচলতে অতি সাম্প্ৰতিক কালত আমাৰ দেশে  বিশ্ব-অৰ্থনীতিৰ অঘোষিত  প্ৰতিযোগিতাত ভাগ লৈ দৌৰ মাৰোঁতে সকলোকে লগত লৈ আগ নাবাঢ়ি কেইজনমান বাছক-বনীয়া ব্যৱসায়ীৰ বাউসীত ওলমিছে৷ ইয়াৰ পৰিণাম স্বৰূপে বণিক গোষ্ঠীক নানা সা-সুবিধা আগ বঢ়াবলৈ গৈ দেশৰ কৌটি কোটি জনতাৰ স্বাৰ্থক আওকান কৰি যাব ধৰিছে৷ সেয়ে দেশত স্বৰ্গ আৰু নৰকৰ দৃশ্য জলজল পটপটকৈ দৃশ্যমান হৈ পৰিছে৷ লাহে লাহে দেশ দুখন হৈ পৰিছে৷ এখন ধনীৰ আনখন দুখীয়াৰ দেশ৷ ধনীসকলে দূখীয়াসকলক শোষণ কৰাৰ সকলো পথ বিচাৰি পোৱাৰ বিপৰীতে দুখীয়াসকলে জীয়াই থকাৰ পথ বিচাৰি নাপাই ইতৰ প্ৰাণীৰ শাৰীত থিয় দিছে৷ সমাজ ব্যৱস্থাৰ এই আসোঁৱাহ আৰম্ভণিতে নিৰ্মূল নকৰি স্বাধীনোত্তৰ কালৰ সত্তৰটা বছৰত সৰ্বহাৰা লোকৰ উত্তৰণৰ নামত নানা আঁচনি প্ৰস্তুত কৰি  ৰাজনৈতিক নেতা, বণিক গোষ্ঠী, আমোলা-বিষয়া সকলোৱে মিলি ধন আত্মসাৎ কৰি যাবলৈ চৰকাৰে সুবিধা দিলে৷ কোনো ধৰণৰ আইনে এনে দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে৷ এৰা, কথাতেই কয় নহয়, ‘ৰজাই ভাল দেখে যাক…৷’ দেশৰ প্ৰচলিত আইন উলঙ্ঘাকাৰীসকল অত্যুৎসাহী হৈ পৰিল৷ তেওঁলোকেই ধনতন্ত্ৰৰ কোলাত লালিত-পালিত হ’ব ধৰা গণতন্ত্ৰৰ সুবিধা লৈ শাসনৰ বাঘজৰী হাতত ল’বলৈ সুযোগ পালে৷ দেশখন ক্ৰমান্বয়ে যে ৰসাতলে যাব ধৰিলে তাক উন্নয়নৰ শ্লোগান গাই কৌশলেৰে ঢাকি গ’ল তথাকথিত দেশৰ জনপ্ৰিয় চৰকাৰে৷ এইদৰেই দেশৰ ৩৬ কোটিৰ অধিক  জনতা দৰিদ্ৰ সীমা ৰেখাৰ তলতেই থাকি গ’ল চিৰ দিনৰ বাবে৷ বৰ্তমানৰ চৰকাৰী নীতিয়ে ভুল পথেৰে গতি কৰি দেশৰ বৃহৎ অৰ্থনৈতিক ক্ষতি কৰি তাক পূৰণৰ বাবে এচাম লোকৰ জীৱিকাৰ সম্বল কাঢ়ি নিছে, যাৰ ফলত তেওঁলোকো দৰিদ্ৰ সীমা ৰেখাৰ তললৈ নামি গৈছে৷ চৰকাৰৰ এই বঞ্চনাৰ পৰিক্ৰমাৰ পৰা অৱসৰপ্ৰাপ্ত বয়োজ্যেষ্ঠসকলেও ৰেহাই পোৱা নাই৷ তেওঁলোককো প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত কৰি কাপ কাপ কৰি মৰিবলৈ এৰি দিয়া হৈছে৷ দেশৰ ন্যায় পালিকাও নিমাত৷ হাঁয় ভাৰত মাতা ! ৰাষ্ট্ৰপতি, ন্যায়ধীশ, মন্ত্ৰী, সাংসদ, বিধায়ক, আমোলা-বিষয়া, ঠিকাদাৰ আৰু বণিকসকলৰবোৰহে জীৱন৷ বাকী কৃষক মজদুৰৰ এই দেশত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ যেন হেৰাই যাব ধৰিছে৷

স্বাধীন ভাৰতত অংকুৰিত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষৰ পুলিটো শাসনৰ বাঘজৰী হাতত লোৱা ৰাজনৈতিক নেতাসকলে উৎখাত কৰিবলৈ তেওঁলোকৰ নৈতিকতাৰ অভাৱ ঘটিল৷ কাৰণ, তেওঁলোক দূৰ্নীতি ভ্ৰষ্টাচাৰৰ পংকিলতাত নিজেই নিমগ্ন হৈ পৰিল৷ পুলিটো এতিয়া এক প্ৰকাণ্ড বট-বৃক্ষলৈ ৰূপান্তৰিত হ’ল - যাৰ ছায়াতে সৰ্ব স্তৰত অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে৷ এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষক সমুলঞ্চে উভালি পেলোৱাৰ প্ৰচেষ্টাৰ অভাৱ বতৰ্মানো পৰিলক্ষিত হয়৷ ধনতন্ত্ৰৰ প্ৰত্যক্ষ প্ৰভাব পৰা গণতন্ত্ৰত এয়া যেন কোনো কাহানিও সম্ভৱ নহ’ব৷ এনেবোৰ দুৰ্নীতি ভ্ৰষ্টাচাৰেই আমাৰ দেশৰ সমাজ ব্যৱস্থাক বাৰুকৈয়ে কলুষিত কৰিছে যাৰ ফলত আইনৰ প্ৰতি জনতাৰ শ্ৰদ্ধা কমিছে আৰু নাৰীৰ শ্লীলতা হানি কৰা এচাম লোকৰ সৃষ্টি হৈছে৷  
দূৰলৈ নগৈ আমাৰ অসমৰ পটভূমিতে কথাবোৰ আলোচনা কৰিব পাৰি৷ অসমত যিবোৰ দুৰ্নীতি ব্যভিচাৰৰ কাহিনী পোহৰলৈ আহিব ধৰিছে সেইবোৰ ধৰ্ষণৰ ঘটনাতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে৷ অসমৰ সমূহ জনগণ ৰাজপথলৈ ওলাই আহি এনেবোৰ দুৰ্নীতি ব্যভিচাৰৰ আঁৰত থকা ৰাজনৈতিক নেতাক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী কৰা উচিত৷ এনে তথাকথিত শিক্ষিত নেতাবোৰে চলাই যোৱা শোষণৰ ফলতেই সমাজৰ এচাম লোক অন্ন-বস্ত্ৰ, শিক্ষা, স্বাস্থ্য আদি সুবিধাৰ পৰা বঞ্চিত হৈছে ৷ তেওঁলোকৰ এচামলোক  চৰকাৰী অৱহেলাৰ ফলত সকলো দিশতে পিছ পৰি থাকি কু-সংস্কাৰৰ বলি হৈ অপৰাধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷ অসমৰ অন্যান্য দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু  লোক সেৱা আয়োগৰ দুৰ্নীতিৰ ফলত সৃষ্ট দুৰ্নীতিপৰায়ণ এচাম আমোলা বিষয়াই ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়সমূহত কিমান যে দুৰ্নীতি সংঘটিত কৰিলে তাৰ কোনো তথ্য বিচাৰ কৰা হোৱা নাই৷ এই বোৰ দুৰ্নীতিৰ পাৰ্শ্ব ক্ৰিয়া সমাজৰ বাবে কেনে হ’ব পাৰে ভাবি চাওকচোন৷ আইনৰ প্ৰতি শ্ৰদ্ধা জগাই তুলিব পৰা শ্ৰদ্ধাস্পদ আইন ৰক্ষীসকলেই যদি আইন উলঙ্ঘা কৰি ধন ঘটিব ধৰে তেন্তে ঘটীৰাম বাটিৰামৰ সামান্য মগজুত অপৰাধ প্ৰৱণতা জাগি উঠাটো তেনেই স্বাভাৱিক৷ গতিকে শিক্ষিত অপৰাধী আৰু ৰাজনৈতিক অপৰাধীৰ শাস্তিৰ বিধান কঠোৰ হোৱা দৰকাৰ৷ যিহেতুকে তেওঁলোকে সমাজখন নিকা কৰিব পৰা ক্ষমতা লাভ কৰি তাৰ বিপৰীতে নিজে সমাজ কলুষিত কৰিবলৈ গৈছে, গতিকে দুগুণ শাস্তি পোৱা উচিত৷

প্ৰকৃততে সমাজখন নিকা কৰি ৰাখিবলৈ সৰ্ব স্তৰৰ লোকৰ মনত দেশ প্ৰেমৰ ভাৱনা জগাই তুলিব পাৰিব লাগিব৷ এয়া কেৱল গণতন্ত্ৰতহে সম্ভৱ৷ শাসকবৰ্গই দেশৰ জনতাক গণতন্ত্ৰৰ সোৱাদ পাবলৈ দিব লাগিব৷ জনগণে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ উপভোগ কৰিবলৈ পাব লাগিব৷ জনগণে উপলব্ধি কৰিব পাৰিব লাগিব যে চৰকাৰ তেওঁলোকে পাতি দিছে আৰু তেওঁলোকেই দেশৰ মালিক আৰু শাসকসকল তেওঁলোকৰ সেৱক৷ এনে ভাৱৰ উন্মেষ ঘটাবৰ বাবে  গণতন্ত্ৰ সুপ্ৰতিষ্ঠিত হোৱাৰ বিপৰীতে দেশত অন্ধ বিশ্বাসৰ ওপৰত ভিত্তি কৰা ধৰ্ম তথা জাতপাতৰ সংকীৰ্ণ গণ্ডীৰ ৰাজনীতিয়েহে গা কৰি উঠিছে৷ দেশত সচেতন নাগৰিকৰ সৃষ্টি নহৈ শিক্ষা লাভৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত এচাম অৰ্থৰ বিনিময়ত বিক্ৰী হোৱা দৰিদ্ৰ ভোটাৰৰ সৃষ্টি কৰি থকা হৈছে- যিসকল বাংলা দেশৰ পৰা আগমণ ঘটা ভিন্ন ধৰ্মী বিদেশীও হ’ব পাৰে৷ এতিয়া এইচাম লোককে ধৰি দেশৰ ভিন্ন জনগোষ্ঠীৰ দৰিদ্ৰ জনসাধাৰণক উচ্চ প্ৰযুক্তিৰ সোৱাদ দি তেওঁলোকৰ ধন টকা-পইচা ধনী ব্যৱসায়ীসকলক লুটিবলৈ নানা সুযোগ দিয়া হৈছে৷ ইন্টাৰনেটৰ অপৰিসীম সুবিধাৰে সৈতে হাতত স্মাৰ্টফোন লৈ এচাম অশিক্ষিত আৰু অৰ্ধশিক্ষিত যুৱকে অশ্লীল ভিডিঅ’ চাই যৌন উন্মাদনাত ভূগি নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ দৰে ঘটনাৰ পৰিসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ এইবোৰৰ প্ৰতি চৰকাৰৰ বিশেষ মনোযোগ নাই৷

নিজৰ অপ্ৰাপ্তবয়স্ক সন্তান অথবা তেনে অন্য কাৰোবাৰ পৰা স্মাৰ্টফোনৰ ব্যৱহাৰ, ইন্টানেট প্ৰয়োগৰ শিক্ষা, ফেচবুক, টুইটাৰ আৰু ইনষ্টগ্ৰাম আদি সামাজিক মিডিয়াত নিজকে অন্তৰ্ভুক্তি কৰিবলৈ অ-আ ক-খ শিকা অনভিজ্ঞ অভিভাৱকসকলেনো কিদৰে কণমানিহঁতক ইন্টাৰনেটৰ অপব্যৱহাৰৰ ফলত ঘটিব পৰা কু-ফলৰ পৰা ৰক্ষা কৰিব? উপায় নাই! ভিক্ষা কৰি হ’লেও পিতৃ-মাতৃয়ে সন্তানক স্মাৰ্টফোন কিনি দিব লাগিব৷ তাৰ ফলাফল তেহেলৈ যিয়েই নহওক লাগে৷ দেশ প্ৰগতিৰ পথত৷ ইন্টাৰনেট আৰু স্মাৰ্টফোন বিক্ৰী হ’ব লাগে৷ ধনী অধিক ধনী হ’ব লাগে আৰু চৰকাৰী বঞ্চনাৰ বলি দৰিদ্ৰই ইতৰ প্ৰাণীৰ শাৰীলৈ গৈ জীৱন কটাওক৷ পিচে ইতৰ প্ৰাণী হৈ তেওঁলোকে ইতৰ প্ৰাণীৰ দৰে আচৰণ নকৰি কৰিব কি? তেওঁলোকে আইনে কি শাস্তি বিহিব তাক অনুভৱ কৰিবনে? ফাঁচীকাঠত কিমানজনক তুলিব ? শেষ হ’বনে অপৰাধী ? সমাজৰ ধনী ব্যক্তিসকলে সমাজৰ নিম্ন স্তৰৰ লোকসকলক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ নিদি,  মানৱ-ধৰ্ম পাহৰি গৈ ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি নিজে সামাজত অসুৰ তথা দৈত্য–দানৱৰ সৃষ্টি কৰি গৈছে৷ এইদৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈ সভ্যতাৰ জখলাত বগাব পাৰিবনে সমাজখনে?
+++++++++সমাপ্ত++++++++
বিঃ দ্ৰঃ প্ৰবন্ধটো ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰচলিত আৰু শক্তিশালী কাকত 'তিনিদিনীয়া অগ্ৰদূত'ত ১৬ মে' ২০১৮ সংখ্যাত বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷

No comments:

Post a Comment