গাৱঁৰ মেধাবী ছাত্ৰ কোমল বৰা এদিন
এজন নামজ্বলা ডাক্তৰ হ’ল৷ তেৱঁৰ গৱেষণামূলক কাম কাজসমূহত গুৰুত্ব দি আমেৰিকা যুক্তৰাষ্ট্ৰই
আমন্ত্ৰণ কৰি নি গৱেষণাৰ কামত নিয়োজিত কৰিলে৷
জিনৰ ওপৰত গৱেষণা কৰি তেওঁ বেমাৰ
প্ৰতিৰোধ কৰিব পৰা অনেক ঔষধ উদ্ভাৱন কৰিলে৷ সমগ্ৰ বিশ্বতে তেওঁৰ নাম উজলি উঠিল৷ পিছে
নিজ দেশৰ ঘৰত এৰি অহা পিতৃ-মাতৃলৈ তেওঁৰ সদায়ে মনত পৰি থাকে৷ কিবা উপায়েৰে তেওঁলোকক
বহু বছৰ জীয়াই ৰাখিব পাৰি নেকি তাৰ চিন্তাত কোমল বৰা বিভোল হৈ পৰিল৷
অৱশেষত তেওঁ বহু চেষ্টাৰ মূৰত
নিজৰ গাঁঠিৰ ধন খৰচ কৰি তিনিটা মহামূল্যৱান টেবলেট অতি গোপনে
প্ৰস্তুত কৰি উলিয়ালে৷ কোমল বৰাই টেবলেট তিনিটা মাক –দেউতাকলৈ পঠাই দিলে৷ লগত পঠিওৱা
পত্ৰযোগে জনালে যে তিনিটা টেবলেটৰ এটা দেউতাকে খাব, আনটো মাকে খাব আৰু থাকি যোৱাটো
ভালদৰে থৈ দিব৷ ঘৰলৈ গৈ সেই টেবলেটটো কোমল বৰাই নিজে খাব৷
কথামতেই কাম৷ এটা টেবলেট দেউতাকে
খালে আৰু আনটো খালে মাকে৷ কি আচৰিত ! টেবলেট
খোৱাৰ কিছু সময়ৰ পিছতে দুয়োৰে গালৈ ডেকা ডেকেৰীৰ শক্তি ঘূৰি আহিল৷ দেউতাকে স্ফুৰ্তিত
ক’ব নোৱাৰা হ’ল৷ তেওঁ বিহু গাই গাই নাচ এটাকে মাৰি দিলে৷
দেউতাকে ভাৱিলে, “সিতো তাত এনেকুৱা
বহুত টেবলেট বনাব, তালৈ টেবলেটটো কিয় থ’ব লাগিছে ? তালৈ থোৱাটোও খাই পেলাওঁ বাপ্পেকে ; গাটো আৰু অলপ ভাল লাগক৷”
দেউতাকে মাকৰ পৰা খুজি পুতেকলৈ
থোৱা টেবলেটটোও খাই পেলালে৷ কিছু সময়ৰ ভিতৰতে ঘৈনীয়েকৰ চকুৰ সমুখতে মানুহটোৰ শৰীৰৰ
এক অকল্পনীয় আৰু অবাস্তৱ পৰিবৰ্তন ঘটি গ’ল৷ আপুনি বা মই বিশ্বাস কৰিলে বা নকৰিলেও মানুহটো
এটা কেঁচুৱালৈ ৰূপান্তৰিত হ’ল৷ মাকৰ হাঁহিমেই নে কান্দিমেই অৱস্থা হ’ল৷ কাকনো ক’ব ? কোনেনো শুনিব?
কিছু দিনৰ পিছত পুতেক ঘৰলৈ আহি
চোতালতে মাকক দেখা পাই কথমপিহে চিনিব পাৰিলে৷
“ মা, মা , মই আহিলো৷ তুমি একেবাৰে
গাভৰু ছোৱালী হৈ পৰিলা৷ দেউতা, দেউতা ক’ত আছে মা ?”
পুতেকে আৱেগতে একে উশাহতে কৰা
প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মাকৰ মুখত কথাই নোলালে তেতিয়া৷ মাকে মোথো পুতেকৰ হাতত ধৰি ঘৰৰ ভবিতৰলৈ টানি নি বিছনাৰ ওচৰ পোৱালেগৈ ৷
বিছনাত শুৱাই থোৱা কেঁচুৱাটোলৈ
আঙুলিয়াই মাকে ক’লে, “এইটোৱেই তোৰ দেউতা, তোলৈ থোৱা টেবলেটটোও খাই দিয়াৰ পিছত এই অৱস্থা
হ’ল৷ মোৰ এতিয়া উপায় নোহোৱা হৈছে৷ দেউতাৰলৈ গাখীৰ অকণমানৰ ব্যৱস্থা কৰ বোপাই৷”
---=====+++++====---
No comments:
Post a Comment