Friday 4 May 2018

অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতাৰ আলোচনা তথা দেশৰ অৰ্থনীতিৰ চৰ্চা



সাম্প্ৰতিক কালৰ এক মহান চিন্তাবিদ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ ‘The Idea of Justice’ শিৰোনামৰ গ্ৰন্থখন অৰ্থনীতিৰ ন্যায় তত্ত্বৰ বিশ্লেষণৰ ক্ষেত্ৰত এক অনবদ্য অৱদান৷  ইয়াৰ পূৰ্বে John Rawls য়ে A Theory of Justice ত ন্যায় তত্ত্বৰ বিশ্লেষণ কৰিছে৷ অৰ্থনীতিবিদ অমৰ্ত্য সেনে তেখেতৰ গ্ৰন্থখনত মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতা সন্দৰ্ভত নিজৰ মন্তব্য ৰাখিছে৷

অমৰ্ত্য সেন ডাঙৰীয়াই ক’ব খোজে যে ‘আমি উন্নয়নৰ অধিকতম চাহিদাবোৰ আৰু সামাজিক কল্যাণৰ অনুধাৱন কৰিবলৈ হ’লে অৰ্থনৈতিক বৃদ্ধি অতিক্ৰম কৰি যাব লাগিব৷’ এই কথা কোৱাৰ কাৰণ এয়ে যে অৰ্থনৈতিক বৃদ্ধি বুলি ক’লে দেশখনৰ জাতীয় আয়, গড় জনমূৰি আয় বৃদ্ধি পাব পাৰে; কিন্তু এখন দেশৰ সামাজিক উন্নয়ন অথবা জনকল্যাণ সমানে বৃদ্ধি নহ’বও পাৰে৷ এই প্ৰসংগতে আমি আমাৰ দেশৰ অৰ্থনীতিৰ কথা উনুকিয়াব পাৰোঁ৷ বৰ্তমান আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থালৈ মন দিলে দেখা যায় যে এচাম পুঁজিপতি বণিক আৰু আন্তৰ্জাতিক কোম্পানীয়ে ব্যৱসায় বাণিজ্যৰ সৰ্বদিশতে প্ৰভুত্ব বিস্তাৰ কৰি ধন আহৰণত উঠি পৰি লাগি গৈছে৷ সেয়ে বিশ্ববেংকৰ তথ্যত প্ৰকাশ পাইছে যে ব্যৱসায়ৰ বাণিজ্যৰ সৰলীকৰণৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ১৯০ খন দেশৰ ভিতৰত পূৰ্বৰ ১৩৪ ৰ পৰিবৰ্তে ১০০তম স্থানত উপনীত হৈছে৷ দেশত আধুনিক প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োগৰ যোগে সামগ্ৰীকভাৱে দেশ উন্নয়নৰ পথত আগ বঢ়া যেন দেখা গ’লেও জনসাধাৰণক ধনৰ বিনিময়ত প্ৰযুক্তিগত উন্নয়নৰ সোৱাদ দিয়া বণিকগোষ্ঠীহে আচলতে লাভৱান হৈ গৈ আছে৷ বণিকগোষ্ঠীটো প্ৰবল প্ৰতাপী হৈছে আৰু ৰাজনৈতিক ছত্ৰছায়াতে থাকি ৰাজনৈতিক নেতাৰ ভাগ্য নিয়ন্ত্ৰা হৈ পৰিছে৷ অন্যহাতে কেতবোৰ ভুল অৰ্থনৈতিক পদক্ষেপৰ ফলত কৰ্মসংস্থানহীন হৈ পৰি দেশৰ গৰিষ্ঠসংখ্যক লোকৰ অৰ্থনৈতিক অৱস্থা তেনেই কাহিল হৈ পৰিছে৷ এনে পৰিস্থিতিত এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ৰাইজ চৰকাৰৰ ভূমিকাক লৈ সন্দিহান হৈ পৰিছে৷ চৰকাৰৰ অৰ্থব্যৱস্থাক লৈ জনসাধাৰণে প্ৰতিবাদ কৰা দেখা গৈছে৷ সামুহিক জনকল্যানমূলক আঁচনিযোগে জনসাধাৰণৰ মংগল সাধিব নোৱাৰা চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোটি কোটি লোকৰ মন জিনিবলৈ ব্যক্তিগত তোষণৰ প্ৰচেষ্টাৰে কোটি কোটি জনলৈ ব্যক্তিগত পেন্সন, ব্যক্তিগত ভাট্টা আদি আঁচনিৰ কথা ঘোষণা কৰিছে৷ এনে আঁচনিবোৰ কৰ্ম সংস্থান সৃষ্টিত বিফল হোৱা পূৰ্বৰ চৰকাৰবোৰেও একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বৰ বাবে হাতত লৈ কিছু দিনৰ বাবে চলাই দেখুৱাই সইবোৰ পিছত পৰিহাৰ কৰিছিল৷

অৰ্থনীতিবিদ অমৰ্ত্য সেন দেৱে কৈছে যে ‘গণতন্ত্ৰ, ৰাজনৈতিক আৰু অসামৰিক স্বত্ব বা অধিকাৰে বাক স্বাধীনতা প্ৰদানযোগে, অন্ততঃ বহু পৰিস্থিতিত, বঞ্চিত আৰু পীড়িতসকলক অন্য ধৰণৰ(যেনে মানৱ–নিৰাপত্তা)স্বাধীনতা আগবঢ়াই দিয়ে৷’ এই কথাত আমি মনোযোগ দিব লাগে৷ ‘ই এক বিচাৰ্য বিষয় আৰু ৰাজহুৱা বিচাৰ বিবেচনা আৰু ‘আলোচনা ধৰ্মী চৰকাৰ’ক পৃষ্ঠপোষকতা কৰা গণতন্ত্ৰৰ ভুমিকাৰ সৈতে ওতঃপুতঃ ভাৱে জড়িত৷ দুৰ্ভিক্ষ নিয়ন্ত্ৰণত গণতন্ত্ৰৰ কৃতকাৰ্যতা মানৱ-নিৰাপত্তা আগবঢ়োৱাৰ গণতান্ত্ৰিক বিভিন্ন দিশৰ অৱদানত অন্তৰ্নিহিত হৈ থাকে; কিন্তু ইয়াত অন্য বহুতো ক্ষেত্ৰৰ প্ৰয়োগো থাকে৷’ সেয়ে আমি ভাৱোঁ যে বঞ্চিত আৰু পীড়িত জনগণে গণতন্ত্ৰৰ যোগে লাভ কৰা বাক স্বাধীনতা সুবিধাৰ সুপ্ৰয়োগ কৰি নিজকে বঞ্চনা আৰু শোষণৰ পৰা মুক্ত কৰিব পাৰে৷

‘দুৰ্ভিক্ষ প্ৰতিৰোধতকৈ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গণতন্ত্ৰৰ প্ৰতিৰক্ষা শক্তি আচলতে অধিক ব্যাপক৷ দোপত দোপে উধাই যোৱা দক্ষিণ কোৰিয়া বা ইণ্ডোনেছিয়াৰ দৰিদ্ৰসকলে ১৯৮০ চন বা ১৯৯০ ৰ পূৰ্বে যেতিয়া সকলোৰে অৰ্থনৈতিক সুভাগ্য একেলগে বৃদ্ধি পাই যোৱা দেখা পাইছিল, গণতন্ত্ৰৰ বিষয়ে বিশেষ চিন্তা কৰা নাছিল; কিন্তু যেতিয়া ১৯৯০ চনৰ পিছত অৰ্থনৈতিক সংকটে দেখা দিলে( তেওঁলোক বিভাজিত হৈ পৰিল) তেতিয়া যিসকলৰ অৰ্থনৈতিক অৱলম্বন আৰু জীৱিকাক অগতানুগতিক ভাৱে ক্ষতিগ্ৰস্ত কৰিলে সেইসকলে হতাশাজনক ভাৱে গণতন্ত্ৰ আৰু ৰাজনৈতিক তথা অসামৰিক স্বত্ব বা অধিকাৰৰ কথা সোঁৱৰিলে৷ সেইবোৰ দেশত গণতন্ত্ৰ আলোচনাৰ এক কেন্দ্ৰীয় বিষয় বস্তু হৈ পৰিল৷ এই গতি ধাৰাত দক্ষিণ কোৰিয়াই মুখ্য ভূমিকা পালন কৰি আগুৱাই গ’ল৷’ অমৰ্ত্য সেন দেৱৰ এই কথাখিনিলৈ মন দি ভাৱি চালে আমি ক’ব পাৰোঁ যে আমাৰ দেশৰ অৰ্থনীতি যি গতিত আগুৱাই গৈ আছে সেই একে গতিতে ধাৱমান হৈ থাকিলে আমাৰ দেশৰ জনতাৰো দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়াৰ দৰিদ্ৰ জনতাৰ দৰেই অৱস্থা হ’বগৈ আৰু শেষত গণতন্ত্ৰৰ আশ্ৰয় লৈ চৰকাৰৰ নীতি সলনি কৰিবলৈ মাৰ বান্ধি ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হ’ব৷

‘প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰীয়ে ভাবুকি দিলে প্ৰতিপালন কৰ্তা স্বৰূপে কাম কৰিবলৈ সুন্দৰ ৰাজনৈতিক উদগনি শাসকসকলক দিয়া গণতন্ত্ৰৰ প্ৰতিৰক্ষামূলক ভূমিকাৰ বাবে ভাৰত লাভৱান হৈছে৷ যেইকি নহওক, কামত কিছুমান দক্ষতা লাভ কৰা দেখা যায় যদিও ভাৰতবৰ্ষত বৰ্তি থকাৰ দৰে গণতন্ত্ৰত অনুশীলন আৰু প্ৰাপ্তি ত্ৰুতিপূৰ্ণ৷ গণতন্ত্ৰই বিৰোধীক কৰ্মপন্থা বা নীতি পৰিবৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ সুযোগ দিয়ে৷ সমস্যাটো পুৰণি হ’লেও আনকি দুৰ্ভিক্ষৰ দৰে তীক্ষ্ন আৰু আকস্মিক নহৈ তাৰ এক দীঘলীয়া বুৰঞ্জী থাকিলেও বিৰোধীসকলে গণতন্ত্ৰৰ যোগে হেঁচা প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব পাৰিব লাগে’; কিন্তু দেখা গৈছে ভাৰতবৰ্ষৰ ত্ৰুতিপূৰ্ণ গণতন্ত্ৰৰ বাবে দেশখনৰ বহুতো সমস্যা সমাধান নোহোৱাকৈ বহুবছৰ ধৰি ৰৈ গৈছে৷ উদাহৰণ স্বৰূপে অসমৰ বাংলাদেশী প্ৰবৰ্জনৰ সমস্যা, আন্তঃৰাজ্যিক ভূমি বিবাদ, বৃহৎ নদীবান্ধ নিৰ্মাণ, ক্ৰমাগত অধ্যাধিক মূল্যবৃদ্ধি ইত্যাদি সমস্যাৰ কথা ক’ব পাৰি৷ বৃহৎ নদী বান্ধ নিৰ্মাণৰ পোষকতা কৰা ভাৰতবৰ্ষৰ চৰকাৰে গণতন্ত্ৰৰ মানৱ-নিৰাপত্তাক বিঘ্নিত কৰিব বিচাৰিছে আৰু তেনে কাৰ্য পন্থাক বিৰোধীয়ে হেঁচা প্ৰয়োগ কৰি সলনি কৰাত বিফল হৈছে৷ এনে দেখা যায় যেন নিজে ক্ষমাতাত থকা কাৰ্যকালত কৰা দুৰ্নিতিবোৰৰ তদন্ত গাপ দি ৰখাৰ স্বাৰ্থত শাসনকৰ্তা ৰাজনৈতিক দলৰ সৈতে গোপন বুজাবুজি কৰি বিৰোধী দলৰ নেতাসকলে চৰকাৰৰ বিৰোধিতা কৰা কামৰ পৰা বিৰত আছে আৰু এইদৰে দেশৰ জনগণক প্ৰতাৰণা কৰিছে৷ ৰাইজে সেয়ে  একমাত্ৰ সংবাদ মাধ্যমৰ ওপৰতে ভৰসা কৰিব লগা হৈছে৷ মাজে মাজে আকৌ সংবাদ মাধ্যমৰ স্বাধীনতাও সংকটাপন্ন হোৱা পৰিলক্ষিত হয়৷ সাংবাদিকসকল নিৰাপত্তাহীন হৈ পৰাৰ ফলত শাসনত অধিষ্ঠিত ৰাজনৈতিক দলৰ কু কৰ্মত বাধা দিওঁতাৰ অভাৱ হয়৷
বিদ্যালয়ৰ শিক্ষা, প্ৰাথমিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা, শিশুৰ পৰিপুষ্টিকৰণ, অতি প্ৰয়োজনীয় ভূমি সংস্কাৰ আৰু লিংগ সমতা আদি ক্ষেত্ৰত ভাৰতীয় সামাজিক নীতিৰ দুৰ্বলতাই কেৱল চৰকাৰৰ কাৰ্যকৰি ভাৱনাৰ অসম্পূৰ্ণতাকে নহয়, ৰাজনৈতিক ভাৱে নিয়োগ কৰা ৰাজহুৱা বিচাৰশক্তি আৰু সামাজিক চাপৰো (বিৰোধীৰ পৰা অহা চাপকো ধৰি)নাটনি প্ৰতিফলিত কৰে৷ প্ৰকৃততে ভাৰতবৰ্ষই গণতন্ত্ৰৰ সফলতাৰ গুৰুত্বপূৰ্ণ নিদৰ্শন আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সুযোগসমূহৰ অযথাযোগ্য ব্যৱহাৰেৰে ইয়াৰ বিশেষ বিফলতা--এই উভয়কে দেখুৱাইছে৷’ অমৰ্ত্য সেন দেৱৰ উপৰি উক্ত কথাখিনিৰ গুৰুত্ব কিমান বেছি আমি তাক বাৰুকৈয়ে উপলব্ধি কৰিছোঁ৷ বিদ্যালয়ৰ শিক্ষা নিয়ন্ত্ৰণৰ ভাৰো বণিক গোষ্ঠীৰ হাতলৈ গুছি গৈছে, চৰকাৰী স্বাস্থ্য খণ্ডৰ পঁয়ালগা অৱস্থাটোৰ ফলত হাস্পতালত অভাৱনীয় ভাৱে ৰোগী আৰু শিশুৰ মৃত্যু ঘটিছে, উপযুক্ত ভূমি সংস্কাৰ নীতিৰ অভাৱত কৃষি ভূমি হ্ৰাস হৈ যাব ধৰিছে৷ লিংগ বৈষম্যতাৰ কৱলৰ পৰা নাৰীয়ে উদ্ধাৰ পাবলৈ এতিয়াও বহু বাকী৷

শেষত এই কথা উল্লেখ কৰিব পাৰি যে সময় থাকোঁতেই আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ সংস্কাৰ সাধন নকৰিলে দেশত জনতাৰ মাজত সৃষ্ট ব্যাপক অৰ্থনৈতিক ব্যৱধানৰ ফলতেই নানা অসূয়া অশান্তিৰ সৃষ্টি হ’ব৷ শাসক গোষ্ঠী, বিৰোধী দল, সংবাদ মাধ্যম, জনসাধাৰণ আদি সংশ্লিষ্ট সকলো পক্ষই বৰ্তমানৰ দেশৰ অৰ্থনৈতিক গতিধাৰাৰ ওপৰত তীক্ষ্ন নজৰ ৰখা উচিত আৰু অনতিপলমে অত্যাআধুনিক প্ৰযুক্তি প্ৰয়োগৰ সুফল দেশৰ মুষ্টিমেয় এচাম লোকেই যাতে ভোগ কৰিবলৈ নাপায় আৰু দেশৰ গৰিষ্ঠসংখ্যকলোক উপকৃত হয় তাৰ ব্যৱস্থা কৰা উচিত৷
+++++++++সমাপ্ত++++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় তথা বহুল প্ৰচাৰিত পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ ১৬-৩১ মাৰ্চ সংখ্যাত প্ৰকাশ পাইছে৷

No comments:

Post a Comment