চাকৰিত যোগদান কৰাৰ প্ৰথম দিনৰে কথা৷ এজন মানুহ আহি কাষৰ হোটেলখনৰ পৰা ভালৰো ভাল মিঠাই আৰু স্পেচিয়েল চাহ আনি অফিচৰ প্ৰত্যেকৰ সমুখৰ টেবুলে টেবুলে দি গ’ল৷ মানুহজনেও আমাৰ লগতে চাহ মিঠাই খাই কিছু সময় বহি ওচৰৰ সাপ্তাহিক বজাৰলৈ গুচি গ’ল৷ আমাৰ অফিচৰ কোনজনৰ লগত মানুহজনৰ বিশেষ চিনাকি সেই কথা নজনাকৈয়ে থাকি গ’ল৷
মানুহজন প্ৰায়ে অফিচলৈ এনেদৰে আহে আৰু চাহ মিঠাই খুৱাই
আৰু নিজেও খাই যায় ; কিন্তু কোনো দিনে তেওঁৰ কিনো অভিপ্ৰায় আছে ব্যক্ত নকৰিলে৷ কথাটো
চিন্তা কৰি মইতো আচৰিতেই হ’লো৷ পিছে মাহটোৰ শেষৰ ফালে মানুহটোক আৰু দেখা নোপোৱা হ’লো৷
পিছে জোলোঙাৰ মেকুৰী ওলাবলৈ দেৰি নালাগিল৷ অফিচৰ এজন ষ্টাফৰ
মাহেকীয়া চাহৰ বিল পৰিশোধ কৰিবলৈ গৈ হোটেলৰ খাটাৰ হিচাপ দেখি চকু কপালত উঠিল৷ হায় ! ফিৰি চাহ মিঠাই !! মানুহটোৱে হোটেলৰ খাটাত
অফিচৰ নামত লিখাই আমাক তৃপ্তি দিয়াৰ লগতে নিজেও মজা ল’লে৷
+++====++====++
No comments:
Post a Comment