মধ্য আয় ফান্দ(Middle Income Trap) বুলিলে তাত্বিক অৰ্থনৈতিক উন্নয়নৰ এনে এটা অৱস্থাক বুজায় য’ত এখন দেশে উন্নতি সাধন
কৰি(কিছু সুবিধা লাভ কৰি)আয়ৰ এটা পৰ্যায় পোৱাৰ পিচত তাতেই থমকি ৰ’ব লগা হয়। তেনে দেশ
সম্পূ্ৰ্ণ উন্নত দেশৰ শাৰীলৈ যাব নোৱাৰে। মধ্য আয় ফান্দৰ সম্ভাব্য কাৰণ অনেক থাকিব পাৰে। তাৰে কিছুমান কাৰণ উল্লেখ কৰিব
পাৰি। শ্ৰমিকক কম মজুৰি দি কামত
নিয়োগ কৰি আয় বৃদ্ধি কৰা দেশৰ বাবে মজুৰি/শ্ৰমৰ এককৰ ব্যয় বৃদ্ধিয়ে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। অতিৰিক্ত শ্ৰমিক যোগান ক্ৰমান্বয়ে হ্ৰাস পাই গ’লে আৰু গ্ৰাম্যাঞ্চলৰ পৰা নগৰলৈ গতিকে ধৰি
শ্ৰমিকৰ প্ৰবৰ্জন কমি গ’লে বা জনসংখ্যা
পৰিবৰ্তন, আৰ্হি-স্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ অৱনতি ঘটিলে
চাহিদা অনুপাতে শ্ৰমিকৰ যোগান কমি যায় আৰু মজুৰি উৰ্ধগামী হয়, উৎপাদন বৃদ্ধিৰ লাভ
কম হৈ যায়। সম্ভাব্য মানৱ মূলধন
বিনিয়োগত বিফলতা আহি পৰে। তেতিয়া ধনী নহওতেই দেশবোৰে বৃদ্ধ হ’বলৈ আৰম্ভ কৰিব
পাৰে। আগতীয়া উন্নতিয়ে উৎপাদনমুখী হোৱাতকৈ ৰপ্তানিমুখী হোৱা দৰকাৰ যদিও কাৰ্যতঃ
তেনে নহয়। প্ৰযুক্তি অধিক মাৰ্জিত, উচ্চখাপৰ আৰু সুসংগত
নোহোৱাৰ ফলত উন্নত দেশৰ সৈতে প্ৰতিযোগিতাত অবতীৰ্ণ হ’ব নোৱাৰে। ব্যক্তিগত খণ্ডই যথাযথ ভাৱে উদ্ভাৱন
বা আৱিষ্কাৰত বিফল হোৱা বাবেও আয়
উৰ্ধগামী নহয়। আৱিষ্কাৰ, উদ্ভাৱনে বিশ্ব বজাৰত অধিক মূল্য নোপোৱা সত্বেও বস্তু
উৎপাদন কৰি গৈ থাকে। ইতিমধ্যে চহকী হোৱা দেশক সহজে নকল কৰি উৎপাদন বৃদ্ধি কৰা দেশৰ বাবে নতুন উদ্ভাৱন জটিল
হৈ পৰে। আনুষ্ঠানিক বিফলতা আৰু সামাজিক মূলধনৰ দুৰ্বলতাও
ভাৰতবৰ্ষৰ দৰে উন্নয়শীল দেশৰ বাবে অৰ্থনীতিক সবল কৰাৰ ক্ষেত্ৰত সমস্যা হৈ পৰিছে। প্ৰতিষ্ঠানসমূহে উপযোগী আৰু সৃষ্টিশীল অৰ্থনীতি
আৰু সমাজক সমৰ্থন কৰা নাই আৰু বহনক্ষম উন্নয়নত বিশেষকৈ বিদ্যাৰ খণ্ডত সামাজিক
মূলধনে সমৰ্থন আগ বঢ়োৱা নাই। সমষ্টিগত
অৰ্থনীতিৰ ভাৰসাম্যতা ৰক্ষাত সমস্যাৰ উদ্ভৱ হৈছে। এনেবোৰ কাৰণতে এখন দেশৰ
আয় বৃদ্ধি স্তমিত হৈ মধ্য আয় ফান্দত পৰে।
মধ্য আয়ৰ ফান্দ এৰাই চলিবলৈ হ’লে প্ৰত্যকখন দেশে তেওঁলোকৰ জনমুৰি আয় অধিক
উদ্ধগামী হৈ যাব পৰাকৈ চাহিদা আৰু যোগানৰ যথোপযুক্ত সংমিশ্ৰণ ঘটাব পৰা নীতি বিচাৰি
উলিয়াব লাগিব। প্ৰত্যেক দেশৰে
এক পৃথক অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, জনসাংখ্যিক আৰু
ৰাজনৈতিক বাতাৱৰণ থাকে, গতিকে মধ্য আয় ফান্দৰ পৰা ৰক্ষা পাবলৈ কোনো
নিৰ্দিষ্ট নীতি নাথাকে। যি উন্নয়নে দেশক চৰম দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰে সেই ধৰণৰ
উন্নয়নেও এখন দেশক ধনী কৰি তুলিব নোৱাৰে আৰু তেওঁলোকৰ জনমুৰি আয় মধ্য আয়ৰ স্তৰৰ
পৰা ওপৰলৈ উঠাব নোৱাৰে। এখন দেশৰ উদ্যোগ নিম্ন মূল্য সংযুক্তৰ পৰা উচ্চ মূল্য
সংযুক্তলৈ গতি কৰা পদ্ধতিটো বাহাল ৰাখিব নোৱাৰাৰ ফলতেই মধ্য আয়ৰ ফান্দত পৰে। মধ্য
আয় আৰু উচ্চ আয়ৰ স্তৰ পোৱাৰ লগে লগে নিম্ন মূল্যৰ শ্ৰম আৰু বিদেশী প্ৰযুক্তিৰ
অনুকৰণৰ সুবিধা নাইকীয়া হৈ পৰে। উৎপাদন পদ্ধতিত ভূমি, শ্ৰমিক, মূলধন আদি
বিনিয়োগ কৰাৰ দৰে সংকীৰ্ণতাত গুৰুত্ব দিয়াতকৈ প্ৰতিযোগিতা বঢ়োৱাৰ প্ৰতি অধিক
গুৰুত্ব দিব লগা হয়। মধ্য আয়ৰ দেশবোৰৰ উন্নয়ন নিম্নগামী হ’ব ধৰে। উন্নয়নশীল
এচিয়ান অৰ্থনীতি বৃহৎ কিন্তু চহকী নহয়। উন্নয়নশীল এচিয়াৰ যিকোনো এখন দেশৰে গড়
জনমুৰি আয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ষিক ৭০০০ ডলাৰতকৈ কম।
প্ৰধান মন্ত্ৰী
নৰেন্দ্ৰ মোডীৰ অৰ্থনৈতিক উপদেষ্টা সমিতিৰ সদস্য আৰু ৰাজহুৱা বিত্ত যোগান আৰু
নীতিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সঞ্চালক ৰথীন ৰয়ে এন ডি টি ভি ক দিয়া এক সাক্ষাৎকাৰত কয় যে ভাৰতীয় অৰ্থনীতি মধ্য আয়ৰ ফান্দত
আবদ্ধ হ’ব পাৰে। কাৰণ, দেশৰ অৰ্থনীতি
গাঁথনিগত মন্থৰতাৰ দিশে আগবাঢ়িছে আৰু ই মুঠেই শুভ নহয়। অৰ্থনীতিৰ গাঁথনিত সংকটৰ
বাবেই ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা মধ্য আয়
ফান্দত আবদ্ধ হৈ পৰে। তেওঁ কয যে ১৯৯১ চনৰ পৰা অৰ্থনীতিৰ
বিকাশ ঘটিছে যদিও ৰপ্তানিৰ ভিত্তিত নহয়, সেয়া হৈছে ১০ কোটি ভাৰতীয়
নাগৰিকে কি ভোগ কৰিব বিচাৰে তাৰ ভিত্তিতহে। কিন্তু ভাৰতীয় অৰ্থনীতিৰ বিকাশত শক্তি
দিয়া এই ১০ কোটি ভাৰতীয়ৰ সক্ৰিয়তাত এতিয়া স্থবিৰতা আহিছে আৰু দেশৰ আয়ো বৃদ্ধি
নোহোৱা হৈছে।। উল্লেখ্য যে বিত্তমন্ত্ৰণালয়ে
প্ৰকাশ কৰা মাৰ্চৰ মাহিলী অৰ্থনৈতিক প্ৰতিবেদনতো ভাৰতীয় অৰ্থনীতি ২০১৮-১৯ ত কিছু
মন্থৰ হোৱা বুলি প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ অন্তৰালত ব্যক্তিগত ভোগৰ আবনমন, স্থিৰ বিনিয়োগৰ
মন্থৰ বৃদ্ধি আৰু হ্ৰাসমান ৰপ্তানি থকা বুলি মন্তব্য কৰা হৈছিল। ভাৰত বিশ্বৰ সবাতোতকৈ দ্ৰুত বিকশিত আৰ্থনীতি হ’লেও এই পৰ্যায় ভাৰতৰ
ইতিহাসৰ সবাতোকৈ দ্ৰুত বিকশিত নহয়। চীন সবাতোতকৈ দ্ৰুত বিকশিত নহয় বাবেহে ভাৰতে
এনে স্থান লৈছে। এতিয়া ভাৰতৰ বিকাশৰ হাৰ ৬.১-৬.৬ শতাংশ যদিও ভোগৰ মন্থৰতাই ইয়াক অধিক মন্থৰ কৰিব। অহা ৫-৬ বছৰত ভাৰতৰ বিকাশৰ হাৰ বছৰি
৫-৬ শতাংশকৈহে হ’ব। কিন্তু এনে সময় আহিব
যেতিয়া সেয়া বন্ধ হ’ব। ভাৰত দক্ষিণ কোৰিয়া বা
চীন নহয়। ভাৰত ব্ৰাজিল হ’ব। ভাৰত দক্ষিণ
আফ্ৰিকা হ’ব। আমাৰ দেশ হ’ব মধ্যমীয়া আয়ৰ দেশ য’ত দৰিদ্ৰ বহুলোকৰ মাজত অপৰাধ বাঢ়িব। ইতিহাসত
বহু দেশেই মধ্য আয় ফান্দৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে। কিন্তু এবাৰ কোনো দেশ যদি
ইয়াত বন্দী হৈছে, ওলাই আহিব পৰা নাই।
সহজ কথাত ক’বলৈ গ’লে,
দেশৰ মধ্য আয়ৰ লোকসকলে
দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবলৈ আগতে কিমান পৰিমাণৰ ব্যয় কৰিছিল, এতিয়া কিমান ব্যয়
কৰে আৰু ভবিষ্যতে এই একে গতি বাহাল থাকিবনে-এইখিনি কথাই মধ্য আয় ফান্দৰ সৈতে জড়িত
হৈ আছে। বহল ভাৱে চালে, এইটো এটা দৃশ্যপট
য’ত গাড়ী, অটম’বাইল আৰু শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আদি কিনি মধ্য আয়ৰ
গোটবোৰে অৰ্থনীতিৰ ঘৰুৱা উপভোগৰ দায়িত্ব এই পৰ্যন্ত কান্ধ পাতি লৈ আহিছে, বিশ্বাস হেৰাই য়োৱা বাবে আৰু আয়ৰ হানি বিঘিনিৰ
ভয়ত তেওঁলোকে ক্ৰমান্বয়ে সেই কাম কৰাটো বন্ধ কৰি দিছে।
দ্ৰুত গতিশীল
উপভোগ্য দ্ৰব্যৰ (FMCG বা Fast-moving
consumer goods) কোম্পানীবোৰে
চাহিদা কমি যোৱা বুলি মন্তব্য কৰিছে আৰু তেওঁলোক হ্ৰস্বম্যাদী সম্ভাৱনাৰ প্ৰতিও বহুপৰিমাণে নিৰাশাবাদী। কটাক
ইন্ ষ্টিটিউশ্বনেলৰ( Kotak
Institutional Equities) এক তথ্যই হ্ৰস্বকালিন
চাহিদা ৰাশিৰ এক দ্ৰুত, আকস্মিক অৱনতি
ঘটা বুলি কৈছে। আশা কৰাতকৈ অধিক উপভোগ্য সামগ্ৰীৰ চাহিদা কমি যোৱালৈ চাই অৰ্থনীতিৰ
গাঁথনিগত ব্যৱস্থাত দৃহভাৱে আলোকপাতৰ প্ৰয়োজন আছে। নেলচেনৰ(Nielsen)বৰ্ণনা অনুযায়ী দ্ৰুত গতিশীল উপভোগ্য দ্ৰব্যৰ(FMCG) উদ্যোগ ২০১৮ চনতকৈ ২০১৯ চনত ১১-১২ শতাংশ ধীৰ
খোজেৰে গতি কৰিছে। উৎপাদন বৃদ্ধিত
বাধা পৰিছে আৰু অৰ্থনীতিৰ সামগ্ৰিক দুৰ্বলতা স্পষ্ট হৈ পৰিছে। উপভোক্তা খণ্ডৰ বৃদ্ধিৰ গতিধাৰালৈ মন দিলেই নক্সাটো ভালদৰে দৃশ্যমান হয়।
উপভোগ্যদ্ৰব্য আৰু অনা উপভোগ্য দ্ৰব্যৰ উচ্চহাৰৰ
বৃদ্ধি অতীতৰ দিনতকৈ দ্ৰুতভাৱে কমি গৈছে। শেহতীয়াকৈ বেংকৰ খুচুৰা বেংক ব্যৱসায়ে
কেনেদৰে গতি কৰিছে তাক লক্ষ্য কৰিলেও এই কথা সূচনা কৰা দেখা যায়। ভাৰতীয় ৰিজাৰ্ভ
বেংকৰ তথ্য অনুযায়ী ২০১৮ চনৰ মাৰ্চত ব্যক্তিগত ঋণৰ বৃদ্ধিৰ হাৰ আছিল ১৭.৮ শতাংশ
আৰু ২০১৯ চনৰ মাৰ্চত সি হলগৈ ১৬.৪ শতাংশ। এইটোৱে সূচনা কৰিছে যে উপভোগৰ বাবে
ব্যক্তিগত ঋণ কমি গৈছে। দুৰ্ভাগ্যবশত, ভাৰতবৰ্ষৰ
উন্নয়নৰ অত বছৰৰ কাহিনীৰ সৈতে ৰপ্তানি মূল উপাদান কাহানিও নোহোৱাটোৱেই ইয়াৰ
অৰ্থনীতিৰ সমস্যা। বিশেষভাৱে ১৯৯০ চনৰ পৰাই চৰকাৰী ব্যয় আৰু ঘৰুৱা উপভোগে যৌথভাৱে
উন্নয়ন অব্যাহত ৰখাত সদায়ে ভূমিকা পালন কৰি আহিছে। এতিয়া অন্তত বিত্তীয় বাধাৰ বাবে
আৰু ৰাজনৈতিক দলে জনপ্ৰিয়তাৰ বাবে ভোটদাতাক দিয়া প্ৰতিশ্ৰুতি মতে কৰা ব্যয়ৰ হেচাত
আগন্তুক বছৰটোত চৰকাৰী ব্যয় আগৰ দৰে গতি নকৰিব। যদিহে উপভোগ অতি নিম্নগামী হয়
তেন্তে ৰথীন ৰয়ে সাৱধান কৰি দিয়া মতেই, ভাৰতীয় অৰ্থনীতি
অতি বিপৰ্জয়ৰ ফালে গতি কৰিব। কিছুমান দেশে চৰম দৰিদ্ৰতা হ্ৰাস কৰি গাঁথনিগত
পৰিবৰ্তন আৰু উন্নয়ন সাধন কৰাৰ পিচত মধ্য আয়ৰ পৰা বগাই গৈ উচ্চ আয়ৰ সম্পূৰ্ণ উন্নত
অৱস্থাত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হৈ মধ্য আয়ৰ ফান্দতে সোমাই থাকে। মুঠ ঘৰুৱা উৎপাদনৰ হাৰ প্ৰায় নিম্নগামী হয় আৰু আন্তৰ্জাতিক
প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ এখন দেশে সংগ্ৰাম কৰি থাকিব লগীয়া হয়। বিশ্ব বেংকৰ
সমীক্ষাত পোৱা গৈছে যে ১৯৬০ চনত মধ্য আয়ত থকা বুলি গণ্য কৰা ১০১ খন দেশৰ ভিতৰত
মাত্ৰ ১৩ খন দেশে ২০১১ চনত উচ্চ আয়ৰ স্তৰলৈ আহিব পাৰিছে।
সমন্বিত উন্নয়নৰ অভাৱতেই স্থবিৰতাৰ সম্ভাৱনাৰ কথা শীৰ্ষস্থানীয় অৰ্থনৈতিক
বিশ্লেষকসকলে ব্যক্ত কৰি আহিছে। আমি বৈষম্য হ্ৰাস কৰিবই লাগিব আৰু প্ৰত্যেককে
উদ্ধগামী গতিত সহায় কৰিব লাগিব। উন্নয়নশীল দেশবোৰৰ সম্পদৰ বৈষম্য আৰু শ্ৰেণী
বিভাজন কৰি কৰা আয়ৰ বিতৰণে বহু আগৰে পৰা উন্নতিৰ হেঙাৰ হৈ আহিছে। স্তৰসমূহৰ মাজৰ
ব্যৱধান যিমানে অধিক নিম্ন স্তৰৰ পৰিয়ালবোৰৰ উদ্ধগামী গতি সিমানেই ধীৰ হৈ পৰে। এনে
অৰ্থনীতিয়ে শীৰ্ষত থকাসকলৰ হঠাৎ অৰ্থনৈতিক
সমৃদ্ধি নিশ্চিত কৰে আৰু নিম্নত থকাসকলৰ ওচৰ নচপাকৈ এফালে ঢাল খোৱা সম্প্ৰসাৰণৰ
অভিজ্ঞতা লাভ কৰে। বহনশীল উন্নয়ন হ’বলৈ হ’লে বিত্তৰ বুজন পৰিমাণৰ গতিশীলতাৰ লগতে মানৱ
সম্পদৰ দৰকাৰ আৰু যদিহে বৈষম্য প্ৰবল হয় তেন্তে মানৱ সম্পদ হ্ৰাস পাব। পৰিঘটনাটো
ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা , কিছুমান অন্য
দেশৰ মাজত উদাহৰণ দি দেখাব পাৰি। এই দেশবোৰে এক বহল পৰিসৰত বহুবছৰ ধৰি দ্ৰুত গতিত
তেওঁলোকৰ অৰ্থনৈতিক উৎপাদন বৃদ্ধি
কৰিলে, কিন্তু তেওঁলোকৰ জনসংখ্যাৰ বৃহৎ অংশই জীৱনটো ভাললৈ অহা দেখা নাপালে। তেওঁলোক
পিচপৰি থাকি গ’ল। ভাৰততো ঠিক তেনে এক
অৱস্থাই হ’বলৈ যোৱা দেখা গৈছে। ১৯৯০
চনৰ প্ৰথম ভাগতে গোলকীয় পুঁজি মুক্তকৰণে অৰ্থনীতিত এক ডাঙৰ বৃদ্ধি আনি দিলে। সিয়ে আকাৰ সলনি কৰি স্বীকৃতি ব্যতিতভাৱে উচ্চ কঠিন আৱৰণে ঢকা আৰু মধ্য শ্ৰেণীৰ
জীৱনশৈলীৰ আবিৰ্ভাৱ ঘটালে। তেওঁলোকৰ সমৃদ্ধিয়ে দ্ৰব্য আৰু সেৱাৰ যথেষ্ট চাহিদা
বঢ়ালে। ভাৰতবৰ্ষৰ কিছু উন্নয়ন সাধন হ’ল। এইটো পৰিষ্কাৰ
যে দৰিদ্ৰতা থাকিয়ে গ’ল। তথাপি উন্নতি অব্যাহত
থাকিল আৰু অৰ্থনীতি ধৰাশায়ী নহৈ স্থিৰ হৈ ৰ’ল। ভাৰতবৰ্ষৰ সংমিশ্ৰণ নীতিকে দোষাৰোপ কৰিব পাৰি। সংশোধনৰ
যোগেদি অৰ্থনীতিৰ সম্ভাৱনীয়তা ঘূৰাই আনিব পৰা যায়। যেইকি নহওক, মধ্য আয় ফান্দৰ বিস্তৃত দায়িত্বক নুই কৰা উচিত
নহয়। ২০১৭-১৮ চনৰ অৰ্থনৈতিক সমীক্ষাই নিম্ন উৎপাদনৰ পৰা উচ্চ উৎপাদনলৈ সম্পদৰাজিৰ স্থানান্তৰকৰণ আৰু উন্নতিৰ
সহায়ক হিচাপে বলিষ্ঠ ৰপ্তানিকে প্ৰতিপন্ন কৰিছে। যিহেতু উৎপাদনৰ প্ৰতিযোগিতাই ৰপ্তানিৰো গতিবেগ বৃদ্ধি
কৰাত সহায় কৰে, সেয়ে দুয়োটাৰ মাজত
সম্পৰ্ক আছে।
সম্পদ আহৰণ আৰু উপাৰ্জনৰ অসমতাকে অৰ্থনৈতিক বৈষম্য বোলা হয়। আয়ৰ সৈতেই ই অধিক
জড়িত। আয়ৰ বৈষম্যই এখন দেশৰ অৰ্থনৈতিক দক্ষতাৰ অনিষ্ট সাধন কৰাৰ কিছুমান কাৰণ
আছে। এক ব্যষ্টিগত অৰ্থনীতিৰ স্তৰত ৰুগ্ন স্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষাৰ ব্যয়
বঢ়ায় আৰু দৰিদ্ৰসকলৰ শৈক্ষিক দক্ষতা অৱনমিত কৰে। এই দুটা উপাদানে কৰ্মী বাহিনীৰ
উৎপাদনশীলতা হ্ৰাস কৰাত অৰিহণা যোগায়। এক সমষ্টিগত অৰ্থনৈতিক স্তৰত বৈষম্যই
উন্নয়নৰ গতি ৰোধক হ’ব পাৰে আৰু অৰ্থনীতিক
অস্থিৰ কৰি তুলিব পাৰে। যদি মানুহবোৰ স্বাস্থ্যৱান নহয় তেন্তে তেওঁলোকে সম্পূৰ্ণ
উৎপাদন ক্ষমতাৰে কাম কৰিব নোৱাৰে। বৈষম্যই ৰুগ্ন স্বাস্থ্যৰ প্ৰত্যক্ষ কাৰণ হয়নে
নহয় সেইটো নিৰ্ণয় কৰা জটিল। সমতাপূৰ্ণ অৱস্থাত, গৱেষণাই এই
কথা সূচনা কৰা দেখা যায় যে বৈষম্যই
স্বাস্থ্য হানি কৰে। বৈষম্যই মানসিক
চাপ বৃদ্ধি কৰে আৰু তাৰ যোগেদি বহুধৰণৰ বেমাৰ আহি যায়। বিশ্ব স্বাস্থ্য সংগঠনৰ
গৱেষণাই বিশেষ ভাৱে দেখুৱাইছে যে ইউৰোপৰ বহুতো বৈষম্যপূৰ্ণ দেশত মানসিক স্বাস্থ্যৰ
দৈন্যতা বাঢ়িছে। বহুতো চহকী দেশত এজন ব্যক্তিৰ স্বাস্থ্যৰ ব্যয়ত ক্ৰমহ্ৰাসমান
প্ৰান্তীয় প্ৰত্যাবৰ্তন
ঘটে অৰ্থাৎ ব্যয় কমি গৈ নোহোৱা হয়। গতিকে চহকীসকলৰ শুশ্ৰূষাৰ ধন দৰিদ্ৰসকলক শুশ্ৰূষা
কৰিবলৈ স্থানান্তৰিত কৰিলে বৈষম্য কমিব আৰু সকলোৰে স্বাস্থ্যৰ উন্নতি সাধন কৰিব।
তুলনামূলক ভাৱে এখন চহকী দেশত বৈষম্য অধিক, আৰু এখন দুখীয়া
দেশ সমতাপূৰ্ণ। দৰিদ্ৰতাৰ বহুতো কুপৰিণামৰ কথা সৰ্বজন বিদিত। উদাহৰণ স্বৰূপে, আজিৰ সমাজত দৰিদ্ৰ পৰিয়ালবোৰৰ সন্তানে শিক্ষাৰ
ক্ষেত্ৰত চহকী পৰিয়ালৰ সন্তানৰ দৰে উন্নত মানদণ্ডৰ ফলাফল দেখুৱাব নোৱাৰে।
দৰিদ্ৰলোকৰ স্বাস্থ্য চহকী লোকতকৈ অতি বেছি বেয়া হয়। সন্তানসকল বিদ্যালয়ত কম
কৃতকাৰ্য হ’লে অতি দক্ষ কৰ্মী হোৱাৰ
সম্ভাৱনা কমি যায়। তেওঁলোকৰ উৎপাদন ক্ষমতা কমি যায়, লগে লগে
অৰ্থনীতিত উৎপাদন ক্ষমতা হ্ৰাস পায়। আৰ্থিক সহযোগ আৰু বিকাশ সংগঠন(OECD) ৰ গৱেষণাত মন্তব্য কৰিছে যে উচ্চ মাধ্যমিক
শ্ৰেণীৰ শিক্ষা সাং কৰাৰ হাৰ বৃদ্ধিৰ নীতিয়ে ঘৰুৱা মুঠ উৎপাদন বৃদ্ধি কৰে। বৈষম্যই
ইয়াৰ খণ্ডিতকৰণ প্ৰতিক্ৰিয়াৰ বাবে দক্ষতা হ্ৰাস কৰে। ইয়াৰ এটা সুন্দৰ প্ৰমাণ আছে
যে তেওঁলোকৰ সমনীয়াসকলৰ আগ্ৰহ আৰু অনুপ্ৰেৰণাৰ ওপৰত অন্ততঃ আংশিক ভাৱে হলেও সন্তানসকলৰ
বিদ্যালয়ৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে। যদিহে বিদ্যালয়সমূহ পৃথকীকৰণ কৰা হয় তেন্তে আৰ্থসামাজিকভাৱে
বাধাগ্ৰস্ত সন্তানসকলে অন্য বাধাগ্ৰস্ত সন্তানসকলৰ লগত মিলামিছা কৰিব, আৰু সেইদৰে সেইবোৰ সন্তানে ভাল ফলাফল প্ৰদৰ্শন
কৰিব নোৱাৰে। বিদ্যালয়ৰ শিক্ষকৰ মানদণ্ডকে ধৰি বিদ্যালয়ৰ যিকোনো প্ৰভাৱতকৈ সমনীয়াৰ
প্ৰভাৱ বেছি হয়। বৈষম্যপূৰ্ণ সমাজত পৃথকীকৰণ প্ৰবল হয়। অধিক প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে মিলামিছা কৰি
চহকী ঘৰৰ সন্তানৰ ওপৰত পৰা ইতিবাচক প্ৰভাৱতকৈ কম প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে
মিলামিছা কৰা দৰিদ্ৰ সন্তানৰ ওপৰত বেছি নেতিবাচক প্ৰভাৱ পৰে। গতিকে বৈষম্যই শিক্ষা
প্ৰাপ্তিত আচল কৰ্তন আনি দিয়ে। দৰি্দ্ৰ বিদ্যালয়লৈ সামান্য কিছু সম্পদ যোগানে স্বাস্থ্য খণ্ডৰ দৰে
বৈষম্য হ্ৰাস কৰাত প্ৰভাৱ নেপেলায়। ওপৰত উল্লেখ কৰা গৱেষণাই বৰ্ণনা কৰিছে যে
যেতিয়ালৈকে আবাসিক পৃথকীকৰণ বা পিতৃ-মাতৃয়ে বিদ্যালয় নিৰ্বাচন কৰাটো চলি থাকিব
তেতিয়ালৈকে বৈষম্যমূলক ফলাফল অটুট থাকিব। সেইদৰেই বৈষম্যৰ সাধাৰণ দৃষ্টিতেই ধৰা
পৰা অৰ্থনৈতিক বৈষম্যৰ ওপৰত প্ৰতযক্ষ প্ৰভাৱ আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত অধিক
বিনিয়োগ কৰিব লাগে। কৰ আৰোপ পদ্ধতি অধিক প্ৰগতিশীল কৰিব লাগে। আবাসিক পৃথকীকৰণৰ ওৰ
পেলাব লাগে।
বহুতো অৰ্তনীতিবিদে যুক্তি প্ৰদৰ্শন কৰে যে বৈষম্যই অৰ্থনৈতিক ভাৰসাম্যহীনতা আনি
দিয়ে। এনে হোৱাৰ প্ৰক্ৰিয়াটো ঘটে এইদৰে- ধনীসকলে দুখীয়াতকৈ তেওঁলোকৰ আয়ৰ এক অতি কম
অংশ ব্যয় কৰে। যিখিনি ধন নিম্ন
আয়ৰ লোকসকলে ব্যয় কৰিলেহেঁতেন সেইখিনি ধনীসকলে সঞ্চয় কৰে। ই সৰ্বমুঠ চাহিদাৰ
পৰিমাণ হ্ৰাস কৰে, যাৰ ফলত কৰ্মহীনতাৰ উদ্ভৱ
হয়। ইয়াৰ বাবে চৰকাৰে চাহিদাৰ সম্প্ৰসাৰণ ঘটাবলৈ সুতৰ হাৰ কম কৰাৰ দৰে ব্যৱস্থা
হাতত লয়। এই কাৰ্যই সম্পদশালী ঠগসকলক সুযোগ আনি দিয়ে-উদাহৰণ স্বৰূপে, অবহনক্ষম ধৰণে ঘৰ-সম্পত্তিৰ মূল্য বৃদ্ধি ঘটিব
ধৰে। বৈষম্য বাঢ়ি যোৱাৰ লগে লগে আপেক্ষিকভাৱে নিম্ন আৰু কমি গৈ থকা আয়ৰ সন্মুখীন
হোৱা ব্যক্তিসকলে ধাৰ-বাকী কৰি(ধনীসকলৰ জমাৰ পৰা যোগান ধৰা বিত্ত) তেওঁলোকৰ উপভোগ
চলাই নিয়ে। তেনেই কম পৰিমাণে কৰ্মহীনতা দূৰ হয় আৰু সুতৰ হাৰ বাঢ়ে, যাৰ বাবে বন্ধকী ঋণ বা উপভোক্তা ঋণ অনাদায় হৈ
ৰয়। ইয়াৰ ফলত অৰ্থনীতিলৈ সৰ্বনশীয়া পৰিণাম আহি পৰে।
জেমছ কে গেলব্ৰেইথে (James K Galbraith) তেওঁৰ পুথি বৈষম্য আৰু অস্থিৰতা (Inequality and Instability )ত মন্তব্য কৰিছে যে অধিক সমদৰ্শী সমাজে নিম্ন
পৰ্যায়ৰ স্থিৰ হৈ থকা কৰ্মহীন অৱস্থা কামনা কৰে। তেওঁলোকে প্ৰযুক্তিগত উন্নয়ন আৰু
অৰ্থনৈতিক বৃদ্ধিও বিচাৰে। এক সমমজুৰি
বিতৰণে উচ্চ প্ৰমূল্যযুক্ত উদ্যোগসমূহৰ বিশেষীকৰণত উৎসাহ যোগায়। নিম্ন মজুৰি, নিম্ন
প্ৰমূল্যসংযুক্ত উদ্যোগবোৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব নোৱাৰে।
ইতিমধ্যে,
আন্তৰ্জাতিক মুদ্ৰা
নিধিৰ(International
Monetary Fund) অৰ্থনীতিবিদসকলৰ কাৰ্যই দেখুৱাইছে যে আয় বিতৰণৰ
অধিক সমতাৰ সৈতে দীৰ্ঘ ম্যাদী উন্নয়ন বলিষ্ঠভাৱে জড়িত হৈ আছে। নিৰ্ধাৰিত লক্ষ্যৰ
নিয়োগ যোজনাৰ যোগেদি কৰ্ম সংস্থাপনৰ সৃষ্টি আৰু বুনিয়াদ গঠনত ৰাজহুৱা বিনিয়োজন
ঘটাব লাগে। শীৰ্ষ স্থানত থকা উপাৰ্জনকাৰীৰ আয়ৰ ওপৰত উচ্চ হাৰৰ কৰ আৰোপকৰণ হোৱা
উচিত। কাৰণ, ইয়াকে নকৰিলে বৈষম্যই সৰ্বশেষত ধনৱানসকলকো আঘাত কৰিব। অৰ্জিত
আয়ৰ ওপৰত কৰ সম্প্ৰসাৰণ কৰিব লাগে।
বিশ্ব বেংকৰ মতে তিনিটা দিশত বৈষম্য হ্ৰাসকৰণৰ উপায় নিহিত হৈ আছে।
১) মহিলাসকলৰ বাবে বিনিয়োগ, ২) কৃষি খণ্ডত
বিনিয়োগ আৰু ৩)শ্ৰমিক আইনৰ সংশোধন।
মহিলাসকলৰ বাবে বিনিয়োগ
গুৰুত্বপূৰ্ণ কৰ্মী হিচাপে মহিলাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো আজি কালি বৈষম্য
হ্ৰাস কৰিবলৈ আৰু দেশৰ ঘৰুৱা মুঠ উৎপাদন বৃদ্ধি কৰিবলৈ দৰকাৰী আৰু জৰুৰী হৈ পৰিছে।
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰমুখ ব্যক্তি ক্ৰাইষ্টাইন লেগাৰডে(Christine Lagarde) অলপতে কৈছে, যদিহে বিশ্বৰ
কৰ্মীবাহিনীত মহিলাৰ অংশগ্ৰহণ পুৰুষৰ সমান হ’লহেতেন তেন্তে
জাপানে বছৰি ৯ শতাংশ উন্নয়ন আৰু ভাৰতে প্ৰতি বছৰে ২৭ শতাংশ উন্নয়ন কৰিলেহেতেন। ভাৰতৰ ওপৰত অধিক আলোকপাত
কৰি মেককিনচিয়ে (Mckinsey) ২০১৬ চনৰ আগষ্ট
মাহত বৰ্ণনা কৰিছে যে ভাৰতত মহিলাই মুঠ ঘৰুৱা উৎপাদনলৈ ১৭ শতাংশ অৱদান আগ বঢ়ায
আৰু ধাৰণা কৰা যায় যে এই ব্যৱধান শেষ কৰি ভাৰতে ২০২৫ চনত মুঠ ঘৰুৱা উৎপাদনত ৭০০
বিলিয়ন ডলাৰ যোগ দিব পাৰে। যিহেতু এই উন্নয়নত উপনীত হোৱাৰ চাবি কাঠি হৈছে মহিলাক
কৰ্মক্ষেত্ৰত সক্ৰিয় কৰি ৰাখি এটা পৰিয়ালক উচ্চ স্তৰলৈ নিয়া। পিতৃত্ব-মাতৃত্বৰ বাবে ছুটি মঞ্জুৰ আৰু কণমানিহঁতক কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ
দৰে পৰিৱেশ গঢ়ি তুলি অধিক পৰিয়াল বন্ধুত্বপূৰ্ণ কৰ্ম পন্থা ল’ব লাগিব। এই কথাই ইয়াকে বুজাইছে যে অধিক পুৰুষে
কেঁচুৱা ডাঙৰ-দীঘল কৰাত আৰু ঘৰুৱা কাম-বনত সমান দায়িত্ব ল’ব লাগিব। এইটো সকলো কৰ্মক্ষেত্ৰলৈ সম্প্ৰসাৰিত
কৰিব লাগে আৰু পুৰুষ পৰিচালিত লিয়মাৱলীত এক সংস্কৃতি গঢ়ি উঠিব লাগে, যাৰ দ্বাৰা কৰ্মীদলটোৰ সদস্যসকলৰ মাজত লিংগৰ
প্ৰভেদ নোহোৱাকৈ পিতৃ-মাতৃৰ প্ৰতি অধিক সুসংগত সহানুভূতি জাগি উঠে।
কৃষি খণ্ডত বিনিয়োগ
বিশ্ব বেংকৰ মতে, কৃষিয়ে গাঁৱত বাস কৰা আৰু
প্ৰধানকৈ কৃষি পামত নিয়োজিত বিশ্বৰ ৮০ শতাংশ দৰিদ্ৰৰ দৰিদ্ৰতা হ্ৰাস কৰিব পাৰে।
তাৰোপৰি ই বৰ্ণনা কৰিছে যে ৬৫ শতাংশ দৰিদ্ৰ প্ৰাপ্ত বয়স্কই কৃষিৰ যোগেদি জীৱিকা
অৰ্জন কৰে। খেতিয়কসকলক বীজ যোগান ধৰা, সাৰ যোগান ধৰা
আৰু উৎপাদন প্ৰক্ৰিয়াত সহায় কৰা আদি জটিল কাম। কিন্তু আজিকালি বতৰ ক্ষীপ্ৰতা আৰু
বতৰ স্থিতিস্থাপকতাতও বিশেষ আলোপাত হোৱা দৰকাৰ। আমি বতৰ বীমা আৰু হৰণ-ভগণৰ দায়িত্ব
স্বীকাৰৰ পৰা হাত সৰাৰ পদ্ধতিবোৰ দৰে
হৰণ-ভগণৰ উপশমৰ পদ্ধতিবোৰৰ ওপৰত আলোকপাত কৰা উচিত। কৃষি পামৰ সম্ভাৱনা বৃদ্ধি কৰি
আৰু সাৰ্বজনীন প্ৰাথমিক আয় প্ৰদানৰ যোগেদি মহিলাসকলৰ বৃহত্তৰ অংশ গ্ৰহণেৰে অৰ্থনৈতিক
বৈষম্য দূৰ কৰা ক্ষেত্ৰত কিছু আগ বাঢ়ি যাব পৰা যায়। ডাভোছত অনুষ্ঠিত হৈ যোৱা
বিশ্ব অৰ্থনৈতিক সংস্থাৰ বাৰ্ষিক সভাত বৈষম্যৰ সৈতে কিদৰে যুঁজ দিয়া হ’ব এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আছিল। এইটো
সময়োপযোগী বিষয় বস্তু আছিল। যিহেতুকে
অক্সফামে বৰ্ণনা কৰিছে যে ৭৬২ বিলিয়ন ডলাৰৰ সম্পত্তি হস্তগত কৰি বিশ্বৰ এক শতাংশ
ধনাৰ্ধ্য ব্যক্তিয়ে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে
পঞ্চাশ শতোংশ লোকৰ সম্পদ বৃদ্ধি নোহোৱাটোৱে সমাজত শ্ৰেণী বিভাজন বঢ়াইছে।
এনে ধৰণৰ অৰ্থনৈতিক বৈষম্যৰ ফলত অসৎ ৰাজনৈতিক অনুষ্ঠান, মুষ্টিমেয় ধনৱানৰ
দ্বাৰা আনসকলক নিয়ন্ত্ৰণ আৰু অসাধু শ্ৰমিক আইন আহি পৰিব পাৰে।
শ্ৰমিক আইন সংশোধন
কৰ্মচাৰীসকলৰ আইনবোৰ সংশোধণ ঘটাই বৈষম্য হ্ৰাস কৰিব পৰা যায়। ন্যুন্যতম মজুৰি
আৰু সাৰ্বজনীন প্ৰাথমিক আয়- এই দুটা শ্ৰমিক আইনৰ সংশোধন কৰিব লগা পদ্ধতিবোৰৰ ভিতৰত
জনপ্ৰিয় পদ্ধতি। দুয়োটাৰে উদ্দেশ্য একেই-আয়ৰ তফাৎ হ্ৰাস কৰিবৰ বাবে কম
ভাগ্যশালীসকলৰ আয় বৃদ্ধি কৰা। এই বোৰ আইনে বান্ধি দিয়ে আৰু নিয়োগকাৰীয়ে প্ৰদানহে
কৰে। স্বাস্থ্যৰ ওপৰত আয়ৰ বৈষম্যৰ প্ৰভাৱৰ ওপৰত গৱেষণা কৰি থকা বেলজিয়ামৰ ছেম
ব্ৰুক্কেনে(Sam Brokken ) বৰ্ণনা কৰিছে যে
যেতিয়া গ্ৰেট ব্ৰিটেইনে জাতিটোক এই নীতিত প্ৰভাৱিত হ’বলৈ দিলে তেতিয়া বৈষম্য হ্ৰাসৰ অগ্ৰগতিৰ ফলাফল
চাৰিশ কাউন্সিলত দেখা গ’ল। ন্যুন্যতম
মজুৰিৰ মুদ্ৰাস্ফিতি নিবাৰক আৰু বৈষম্য হ্ৰাসৰ দক্ষতা থাকিব লাগে। ইয়াৰ এক বাৰ্ষিক
পুনৰ নিৰ্ধাৰণকৰণ আৰু সন্তোষজনক শুদ্ধিকৰণৰ আৱশ্যক। ন্যুন্যতম মজুৰি
বৃদ্ধি কৰি কৰ্মীসকলৰ দক্ষতা বঢ়াব পাৰি। নথিভুক্ত নোহোৱা কৰ্মীসকলক কেৱল মজুৰিৰ
ক্ষেত্ৰতে নিয়মীয়াকৰণ নহয়, একে কৰ্মক্ষেত্ৰৰ
কৰ্মীৰ সৈতে সমান মজুৰি প্ৰদান কৰা উচিত। ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলক আৰ্জিত
ৰোগজনিত ছুটি আৰু পাৰিবাৰিক কৰ্মবিৰতিৰ সুযোগ দিব লাগে। এনে ব্যৱস্থাই
কৰ্মচাৰীসকলৰ দৰ্মহা বঢ়োৱাই নহয় তেওঁলোকক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে। মুদ্ৰা
নীতি প্ৰস্তুতৰ বেলিকা অতি নিম্ন হাৰৰ কৰ্মহীনতাৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগে।
নিম্নতম মজুৰি বৃদ্ধি ওপৰলৈ গতি নকৰা পৰ্যন্ত অৰ্থনীতিৰ গতি ধিমা হ’বলৈ দিব নালাগে।
কিন্তু কেৱল ন্যুন্যতম মজুৰি বৃদ্ধি কৰি বৈষম্যৰ মূল কাৰণ সলনি কৰিব পৰা নাযায়, দৰিদ্ৰতা আৰু ৰাজহ বিষয়ক বিশেষজ্ঞ ব্ৰুকিংছ
প্ৰতিষ্ঠানৰ( Brookings Institution) ৰ শিশু আৰু
পৰিয়াল কেন্দ্ৰৰ সহ-সঞ্চালক ইচাবেল চৱহিলে (Isabel Sawhill) কয় যে বিশ্বায়ণ আৰু প্ৰযুক্তিয়ে শীৰ্ষ স্থানীয়
কৰ্মচাৰীৰ লাভাংশ সংযুক্ত বৃহত্তৰ মজুৰি আৰু একেবাৰে নিম্ন পৰ্যায়ৰ স্থবিৰ মজুৰিৰ
সৃষ্টি কৰিছে। নগদ ধনৰ স্থানান্তৰকৰণৰ যোগেদি এইটো নিশ্চিত কৰিব পৰা যায় যে
প্ৰযুক্তিকৰণৰ উপকাৰসমূহ প্ৰত্যেকে অনুভৱ কৰিব পাৰিছে। ফিনলেণ্ডত সমগ্ৰ দেশৰ ২০০০
নিৱনুৱালোকক প্ৰতি মাহে ৫৬০ পাউণ্ড কৈ দুবছৰৰ বাবে সাৰ্বজনীন প্ৰাথমিক আয় আগ
বঢ়াইছে। কেৱল ফিনলেণ্ডতে নহয় ফ্ৰান্স, ইষ্টুনিয়া, জাৰ্মানী, আয়াৰ্লেণ্ড ইটালি, জাপান
আদি বিশ্বৰ বহু দেশতে নিবনুৱা আৰু অক্ষমসকলৰ বাবে এনে কল্যাণমূলক আচঁনি চৰকাৰে
গ্ৰহণ কৰিছে। আমাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় এনে ভাৱধাৰণাৰ
বশবৰ্তী হৈয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত(প্ৰধান মন্ত্ৰী নহওঁতে)বিদেশত থকা
ভাৰতৰ ক’লা ধন আনি দৰিদ্ৰ দেশবাসীৰ প্ৰত্যেকৰে চেভিংছ
বেংক একাউন্টত পোন্ধৰ লাখকৈ টকা সোমোৱাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আমি বিশ্বাস কৰো
যে দেশৰ এনে এক শীৰ্ষ স্থানীয় নেতাই দেশৰ অৰ্থনীতিৰ আলেখলেখ গমিপিতি চাইহে তেনে
প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু দৰিদ্ৰসকলক পোন্ধৰ লাখ টকাকৈ নগদ ধন দিলেহে দেশৰ
অৰ্থনৈতিক বৈষম্য যে দূৰ হ’ব তাক ভালদৰেই
অনুভৱ কৰিহে তেনে সিদ্ধান্ত মনলৈ আনিছিল যিটো কোনো অজ্ঞাত কাৰণত বিগত পাঁচ বছৰীয়া
কাৰ্যকালত কাৰ্যকৰি কৰাত বিফল হ’ল। মুঠৰ ওপৰত
স্বাধীনোত্তৰ কালৰ শাসন ব্যৱস্থাই সৃষ্টি কৰা অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ পথ এয়াই
যদি হয় তেন্তে বিলম্ব নকৰাই মংগলজনক হ’ব। ততালিকে
নিৱনুৱাসকলক নিৱনুৱা ভাট্টা আৰু অ্ন্যান্য বঞ্চিতসকল আৰু নিঃস্বসকলক দেশৰ চৰকাৰে
নগদ ধন স্থানান্তৰকৰণৰ যোগেদি জীয়াই থকাৰ সম্বল প্ৰদান কৰি ভৱিষ্যতে দেশৰ
অৰ্থনীতিলৈ অৱদান আগবঢ়াবলৈ সক্ষম কৰা উচিত যাতে হতাশাগ্ৰস্ত
হৈ দৰিদ্ৰলোকসকলৰ মাজত অপৰাধ প্ৰবণতা গঢ় লৈ নুঠে আৰু দেশখনো মধ্য আয় ফান্দৰ পৰা
সাৰি উন্নতিৰ জখলাত বগাব পাৰে। মনত ৰখা উচিত যে ক’ৰবাত দৰিদ্ৰতা থাকিলে সকলো ঠাইৰ প্ৰাচুৰ্যৰ
প্ৰতি ভাবুকি আহে।
এই দৰেই নিম্ন স্তৰৰ আৰ্থ-সামাজিক গতি পথৰ বাধাবোৰ দূৰ কৰিলেহে মধ্য আয়ৰ
ফান্দৰ কবলৰ পৰা হাত সাৰিব পৰা যাব। তাকে কৰিবলৈ হ’লে বঞ্চিত জনগণৰ
স্বাস্থ্যৰ প্ৰতি যত্ন লৈ, শিক্ষা আৰু
দক্ষতা বৃদ্ধিৰ ওপৰত গভীৰ ভাৱে মনোযোগ দি উচ্চ স্তৰলৈ নিব লাগিব। এইবোৰ দীৰ্ঘ
ম্যাদী আঁচনি, পূৰ্বৰে পৰা চলি আহিছে
আৰু ফলাফল লাভ কৰিবলৈ দীৰ্ধ কাল লাগিব। কিন্তু অৰ্থনীতি আংশিকভাৱে নহয়, সম্পূৰ্ণভাৱে উন্নত হোৱা উচিত। মধ্যবৰ্তী কালত
দৰিদ্ৰসকলৰ অবিলম্ব উন্নতিৰ ক্ষেত্ৰত মধ্য আয়ৰ ফান্দৰ কথা দোহাই দি নীতি নিৰ্ধাৰকসকলে গা এৰা দিলে নহ’ব। এনে অৱস্থাত
বিফল হ’লে ভাৰতবৰ্ষ নিম্ন মধ্য আয়ৰ মাজতে আবদ্ধ হৈ ৰ’ব। চীন দেশে আমেৰিকাক চেৰ পেলাই উচ্চ শিখৰ স্পৰ্শ
কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেয়ে এচিয়াত নিজৰ জয়ধ্বজ্জা উৰুৱাবলৈ ভাৰতে উন্নয়নৰ উচ্চ শিখৰ দখল কৰিব
লাগিব।
---------------------)(---------------
No comments:
Post a Comment