আমাৰ বাসস্থান এই
পৃথিবী নামৰ গ্ৰহত কালক্ৰমত জীৱজগত আৰু উদ্ভিদজগতৰ বিকাশ ঘটিল।ডাৰউইনৰ
ক্ৰমবিৱৰ্তমান তত্ত্ব অনুযায়ী জীৱজগতৰ শ্ৰেষ্ঠ প্ৰাণী মানুহৰ ক্ৰমবিকাশ ঘটি
বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছে, য’ত জীৱজগতৰ বাকী সকলোবোৰ প্ৰাণী আৰু উদ্ভিদ জগতখনক নিজৰ
নিয়ন্ত্ৰণাধীন কৰি মানুহে নিজৰ সুখ-সুবিধাবোৰ আদায় কৰি ল’বলৈ সক্ষম
হৈছে।জ্ঞান-বিজ্ঞানৰ বলত মানুহে পৃথিবীখনকে সলনি কৰি পেলালে।বিশ্ব-ব্ৰক্ষ্মাণ্ডখন
ভ্ৰমি ফুৰিব ধৰিলে। সাম্প্ৰতিক বিশ্বায়ণৰ যুগত
কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত প্ৰযুক্তি প্ৰয়োগৰ ফলত সমগ্ৰ বিশ্বই এক গোলকীয় গাঁওলৈ
ৰূপান্তৰিত হৈছে।
এসময়ত মানুহে
নাজানিছিল পৃথিবীখন ঘূৰণীয়া নে চেপেটা, নাজানিছিল নিজে থকা ঠাইখনৰ বাদে আন ক’ৰবাত মানুহ বা অন্য কোনো প্ৰাণী থাকিব পাৰে বুলি। যোগাযোগৰ কোনো ব্যৱস্থা নথকা সেই সময়ৰ পৃথিবীখনত জীৱন
সংগ্ৰাম চলাই জুম বান্ধি বিচৰণ কৰি ফুৰা মানুহে শ্ৰেষ্ঠজনক অনুকৰণ কৰিছিল। তেনে
শ্ৰেষ্ঠজন বা দলপতিয়ে প্ৰকৃতিৰ কোনো শক্তিক নিজতকৈ মহান বুলি ধৰি লৈ সমীহ কৰিলে
তেওঁৰ অনুগতসকলেও তাকেই কৰিছিল।ভয়তে ভক্তি ভাৱৰ উদয় হৈছিল আৰু মানুহতকৈ উচ্চ স্থান
দি শিৰ নত কৰিছিল-সেয়া লাগিলে তৃন-তৰু, শিলা, ড্ৰেগন-ডাইনছৰ অথবা অন্য জীৱ আদি
যিয়েই নহ’ওক।এইদৰেই পৃথিবীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰ্মগুৰুৰ
তত্বাৱধানত অনেক ধৰ্মমতৰ সৃষ্টি হ’ব ধৰিলে।বহু যুগৰ পূৰ্বতেই পৃথিবীৰ বহু ঠাইত বহু কেইজন ভগৱান, ভগৱানৰ দূত আৰু
ভগৱানৰ অৱতাৰ মানুহে আৱিষ্কাৰ কৰিলে।ধৰ্মগুৰুসকলে ভগৱানৰ দোহাই দি সমাজখন
শৃঙ্খলাবদ্ধ কৰি ৰাখিবলৈ কিছুমান নিয়ম নীতি মানি চলিবলৈ পৰামৰ্শ দিলে।এইদৰেই
বিশ্বৰ হিন্দুধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আদি ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ
কৰা ভক্তৰ সখ্যা বাঢ়ি যাব ধৰিলে। প্ৰত্যেক ধৰ্মৰে ধৰ্মগুৰুসকলে ভক্তসকলক সৎ আৰু ন্যায়পৰায়ণ হ’বলৈ শিক্ষা দিয়ে,
বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা এজন বুলিয়েই কয়।
উশৃঙ্খল নোহোৱাকৈ
মানৱ সমাজক ধাৰ্মিক চেতনাবোধেৰে আগুৱাই আনি যুগ-ধৰ্মৰ সহায়ত ধৰ্মগুৰু আৰু
পয়গম্বৰসকলে আধুনিক যুগৰ আজিৰ গোলকীয় গাৱঁৰ সমাজ ব্যৱস্থাত উপনীত কৰালে।সেইসকল
ধৰ্মগুৰুৱে আজিৰ গোলকীয় গাৱঁত ধৰ্ম প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিব লগা হোৱা হ’লে নিশ্চয় সকলোৱে মিলিজুলি
এটাই মাথো ধৰ্মৰ সৃষ্টি কৰিলেহেঁতেন আৰু সেইটোৱেই হৈছে মানৱ ধৰ্ম।এৰা, এতিয়া
বিশ্বত সকলো ধৰ্মৰে ন্যায়সংগত ৰীতি-নীতিবোৰ একত্ৰিত কৰি মাথো মানৱ ধৰ্ম নামেৰে এটা
ধৰ্ম প্ৰৱৰ্তন কৰা গুৰু লাগে আৰু সমগ্ৰ বিশ্ববাসীয়েই মানৱ ধৰ্মৰ শিষ্য হৈ ধৰ্মৰ
নামত উগ্ৰবাদৰ পোষকতা কৰাসকলক প্ৰতিহত কৰিব লাগে।আমাৰ ভাৰতবৰ্ষত স্বাধীনোত্তৰ
কালৰে পৰা ধৰ্মৰ নামত ৰাজনীতি চলি আহিছে। ক্ষমতা হস্তগত কৰিবলৈ কৰা এনে ধৰ্মীয়
মেৰুকৰণৰ ৰাজনীতিয়ে ধনী-দুখীয়াৰ মাজৰ পাৰ্থক্য নিতৌ বাঢ়ি যাবলৈ দি সৰ্বসাধাৰণলোকৰ
দৃষ্টি তাৰ পৰা আঁতৰাই তেওঁলোকক জাতি-ধৰ্মৰ বিভেদৰ দ্বাৰা সৃষ্ট ৰণস্থলিত জপিয়াই
পৰিবলৈ প্ৰৰোচিত কৰিছে।
এতিয়া জাতি ধৰ্মৰ
বাছ-বিচাৰ কৰাৰ দিন নাই বুলি সকলোৱেই জানে আৰু মুখে মুখে কয় আৰু তেনে সংকীৰ্ণতাৰ
পৰা মানুহে পৰিত্ৰাণ পাব বিচাৰিলেও স্বাৰ্থান্বেষীসকলে নানা কূট-কৌশল প্ৰয়োগ কৰি
বহুযুগৰ আগৰ দিনবোৰলৈ তেওঁলোকক টানি নিয়ে। ফু মাৰি পানী জাৰি দি বেমাৰ ভাল কৰাৰ চমৎকাৰী দিনবোৰৰ সোৱাদ দিব খোজে, জাগ-যজ্ঞ, ভূমি পূজন, নমামি
ব্ৰক্ষ্মপুত্ৰ, নমামি বৰাকৰ দৰে বিলাস বহুল অনুষ্ঠানৰ আয়োজন কৰি দেশৰ
দৰিদ্ৰ ৰাইজে দিয়া অধিকাৰৰ দুৰ্প্ৰয়োগ কৰে আৰু ৰাজহুৱা ধনৰ অপব্যয়ৰে বৰ্তমান যুগত
কোনোৰকমেই খাপ নোখোৱা অতীতৰ দিনবোৰলৈ জনতাক ঘূৰাই লৈ যায়।বিজ্ঞান-প্ৰযুক্তিৰ দিশে
দিব লগা খোজ কেইটাত পাক লগাই অবাবত ধনৰ লগতে সময়ৰো অপচয় ঘটায়। ভগৱানৰ পিচফালে
ৰৈ থকা ভুত-প্ৰেত, ডাইনী-যখিনীক পাহৰি যোৱা সকলৰো মনত আউল লগায় আৰু অন্ধ বিশ্বাসৰ বলি হৈ মহানগৰবাসীজনেও
কাৰোবাক ডাইনী বুলিবলৈ কুন্ঠাবোধ নকৰা হয়। ৰজাঘৰীয়া বৰেণ্য ব্যক্তিসকলৰ ধৰ্ম-কৰ্মৰ প্ৰতি থকা অগাধ
বিশ্বাস দেখি একাংশ প্ৰজা লখীন্দ্ৰ-বেউলাৰ দিনলৈ ঘূৰি গৈছে, সৰ্প দংশনত মৃতলোকক
কোনোবা বেজ-জ্ঞানীয়ে জীয়াই তুলাৰ আশাত বন্দী হৈ মৃতদেহ ভুঁৰত উঠাই নদীৰ ভটিয়নী
সোঁতত এৰি দিছে, বহুদিনৰ পূৰ্বে মৃত্যু হোৱা সন্তান জীৱিত হোৱাৰ আশাত বেজৰ নিৰ্দ্দেশত
কবৰৰ পৰা খান্দি উলিয়াইছে। অম্বুবাচী মেলাত কোনো দুৰ্বিত্তই দুৰ্ভগীয়া নাৰীৰ শিৰচ্ছেদ
কৰিছে।সদ্যহতে প্ৰকাশিত বাতৰি হৈছেগৈ এনে ধৰণৰ- “কলাইগাঁৱত শিশু বলি দিব খোজা বিজ্ঞান শিক্ষক
পৰিয়ালৰ তাণ্ডৱ।ভণ্ড বাবাৰ প্ৰৰোচনাত উলংগ হৈ পূজা।আৰক্ষীকো আক্ৰমণ, গুলীয়াইহে
কাবু কৰিলে উন্মত্ত ভক্তক।“ ভাৱি চাওকচোন মানুহ কিমান দূৰ পিচলৈ ঘূৰি গ’লে এই অৱস্থা হ’ব পাৰে। এয়াই নেকি ডিজিটেল
ইণ্ডিয়াৰ বিজ্ঞান মানসিকতা?
আমাৰ মানুহবোৰে
বাস্তৱৰ পৰা আঁতৰি অতীতত বিচৰণ কৰি মৰিচীকা খেদি
ফুৰোঁতে আতচবাজীৰ প্ৰচণ্ড শব্দত মেদিনী কঁপাইছে আৰু তাৰ ধোঁৱাৰে বায়ুমণ্ডল
প্ৰদূষিত কৰিছে। লাউডস্পিকাৰ ব্যৱহাৰ কৰি
নিজৰ নিজৰ ভগৱানক তোষামোদ কৰিবলৈ প্ৰতিযোগীতাত নামি শব্দ প্ৰদূষণৰ সৃষ্টি কৰি থকা
সময়তে মানৱ জাতিৰ প্ৰগতিশীল চিন্তা-ভাৱনাৰ এচাম লোকে গোলকীয় উষ্ণতাৰ ফলত হোৱা
জলবায়ু পৰিবৰ্তনৰ বাবে বিজ্ঞানীসকলে ভৱিষ্যত বাণী কৰাতকৈ পূৰ্বেই আমাৰ এই পৃথিবী
নামৰ গ্ৰহটোৰ জীৱজগতৰ বাবে ভয়ংকৰ বিপদ আহিব বুলি শংকিত হৈ সকলোকে একগোট হৈ তাৰ পৰা
পৰিত্ৰাণ পাবৰ বাবে যত্নপৰ হ’বলৈ আহ্বান জনাইছে।এনে সন্ধিক্ষণত সৰ্বাংগীণ বহনক্ষম
উন্নয়নৰ অভাৱত বিশ্বৰ সমগ্ৰ মানৱ জাতিয়ে উন্নয়নৰ সুযোগ-সুবিধাবোৰৰ ভাগ সমপৰিমাণে
পোৱা নাই যদিও গোলকীয় সমস্যা সমাধানৰ বাবে তৎপৰ হ’ব লগা হৈছে।এতিয়া সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন হৈছে আৰু
বিজ্ঞানীসকলে ‘সেউজ বহনক্ষম উদ্ভাৱনী বিজ্ঞান’ৰ সহায়ত পৰিস্থিতিৰ মোকাবিলা
কৰাৰ পোষকতা কৰিছে।
পণ্ডিতসকলৰ মতে
গোলকীয় জনসংখ্যাৰ অতি চহকী দহ শতাংশ লোকে গোলকীয় আয়ৰ ৫২ শতাংশ হস্তগত কৰিছে আৰু
সকলোতকৈ ধনী এক শতাংশ আৰু ০.১ শতাংশই সৰ্বমুঠ আয়ৰ বৃহৎ অংশ লাভ কৰিছে।ইয়াৰ বিপৰীতে বিশ্বৰ অতি দৰিদ্ৰ অৰ্ধেক
সংখ্যক লোকে মুঠ গোলকীয় আয়ৰ দহ ভাগৰ এভাগতকৈ কম আয় লাভ কৰে।এয়া নিশ্চয় কোনো পধ্যে
যুক্তিসংগত কথা হোৱা নাই।আয়ৰ গোলকীয় বিতৰণৰ এনে বৈষম্যই জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত
ল’ব লগা ব্যৱস্থাত কু-প্ৰভাৱ পেলাইছে।সম্পদশালী দেশবোৰত বাস
কৰা চহকীসকলে অধিক পৰিমাণে সেউজ গৃহ গেছ নিৰ্গত কৰি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা
যোগাইছে আৰু দৰিদ্ৰ দেশৰ লোকসকলে তুলনামূলক ভাৱে কমকৈ সেউজ গৃহ গেছ নিৰ্গত কৰি
গোলকীয় উষ্ণতা বৃদ্ধিত সামান্য প্ৰভাৱ পেলাইছে।কিন্তু উষ্ণতা প্ৰধান অঞ্চলত বাস
কৰি দৰিদ্ৰ দেশৰ লোকসকলে যিমান পৰিমাণৰ ক্ষতিৰ সন্মুখীন হৈছে তেনে দৰে শীত প্ৰধান
অঞ্চলত বাস কৰা ধনী দেশৰ চহকীসকলে ক্ষতিৰ পৰিবৰ্তে বৰ্তমান সময়ত লাভৱানহে হৈছে।গতিকে
জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত ল’ব লগীয়া ব্যৱস্থাৰ বাবে ধনীসকলে অধিক ত্যাগ স্বীকাৰ কৰা
উচিত। ধনী দেশৰ চহকীসকলে মানৱ ধৰ্ম ৰক্ষা কৰি আগুৱাই আহিলেহে গোলকীয় উষ্ণতা ৰোধ
কৰি জলবাযু পৰিবৰ্তনৰ ফলত ঘটিব পৰা বিপদৰ পৰা সকলোৱে ৰক্ষা পাব।
আমাৰ দেশৰ ৰাজনৈতিক
দলবোৰে লোকলুভাৱনবাদৰ(Populism) চিন্তা পৰিহাৰ কৰা উচিত।লোকলুভাৱনবাদী(Populist) ৰাজনৈতিক দলে চৰকাৰ
গঠন কৰি দৰিদ্ৰৰ হকে( Pro-poor) হাতত লোৱা নীতিৰ যোগেদি দৰিদ্ৰ শ্ৰেণীটোক বুনিয়াদী
সুচলতাবোৰ প্ৰদান কৰি অৰ্থনীতিৰ মূল সুঁতিলৈ অধিক লোকক আনিব পাৰে, বিশেষকৈ সুবিধাৰ
পৰা বঞ্চিত সকলক, ই সমাধান নহৈ বৈষম্যৰ লক্ষণবোৰৰ প্ৰতি ৰাজনৈতিক সঁহাৰি হয়। অৰ্থনৈতিক বৈষম্য
দূৰ কৰাৰ পৰিবৰ্তে চিৰকাল স্থায়ী কৰা ভাৰতীয় অৰ্থনৈতিক পদ্ধতিৰ মূল চৰিত্ৰৰ ওপৰত
দেশ বা ৰাজনৈতিক দল কোনেও প্ৰশ্ন কৰা নাই। এহাতেদি
প্ৰদান কৰি অন্য হাতেদি ঘূৰাই লোৱা ধৰণৰ কল্যাণকামী বহী-খাটাই দেশৰ অৰ্থনৈতিক
বৈষম্য দূৰ কৰিব নোৱাৰে আৰু দেশৰ অৰ্থনৈতিক সমৃদ্ধিয়ে পুঁজিপতিসকলৰহে স্বাৰ্থ
সিদ্ধি কৰিব, দৰিদ্ৰ আৰু সাধাৰণ জনতাৰ নহয়।দেশৰ চৰকাৰে সংবিধান প্ৰদত্ত অধিকাৰবোৰ
সম্পূৰ্ণ ৰূপে ৰাইজে পাব পৰা ব্যৱস্থা কৰা উচিত। এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ ধৰ্ম
হৈছে মানৱ ধৰ্ম।এই ধৰ্ম গোলকীয় ধৰ্মলৈ উন্নীত হ’ব লাগে। মুঠতে, আমাৰ গোলকীয় গাওঁখনৰ জীৱজগতৰ মংগলাৰ্থে কাম
কৰাটোহে সাম্প্ৰতিক কালৰ প্ৰকৃত আৰু শ্ৰেষ্ঠ মানৱ ধৰ্ম।
----------)(---------
বি:দ্ৰ: প্ৰবন্ধটো অসমৰ বলিষ্ঠ আৰু বহুল প্ৰচাৰিত সাপ্তাহিক কাকত "সাদিন"ৰ 2 আগষ্ট 2019 তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷
বি:দ্ৰ: প্ৰবন্ধটো অসমৰ বলিষ্ঠ আৰু বহুল প্ৰচাৰিত সাপ্তাহিক কাকত "সাদিন"ৰ 2 আগষ্ট 2019 তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷
No comments:
Post a Comment