Friday 5 July 2019

কৃত্ৰিম বুদ্ধিমত্তাৰ কৰ্মসংস্থান আৰু অৰ্থনৈতিক বৈষম্যৰ ওপৰত প্ৰভাৱ

বুদ্ধিমত্তা বুলিলে অতীজতে মানুহে ব্যক্তি বিশেষৰ মাজৰ পাৰ্থক্যৰ কথা মনলৈ আনিছিল। কিন্তু বৰ্তমান যুগত মানুহ নিজে জীৱ-জন্তু, গছ-গছনি আৰু কম্পিউটাৰতকৈ কিমান বুদ্ধিমান তাকো বিবেচনা কৰিব লগা হৈছে। বিৱৰ্তনে মানুহক কিছুমান কথাত ভাল কৰিছে আৰু কিছুমান কথাত সিমান ভাল কৰা নাই আৰু এই ক্ষেত্ৰত প্ৰত্যেকজন মানুহ পৃথকমানুহে নিজকে বিশেষ ধৰণৰ বুলি ভাৱে আৰু এবাৰ কিবা এটা বুজি উঠিলে তাৰ ৰহস্য ভেদ কৰি দিয়ে। দবা খেলক বুদ্ধিমত্তাৰ সু-উচ্চ চূড়াত স্থান দিয়া হৈছিল। পিচে, ১৯৯৭ চনত যেতিয়া বিশ্ব দবা চেম্পিয়ন ৰাছিয়াৰ গেৰি কাছপাৰোভক (Garry Kasparov)  আই বি এমৰ চুপাৰ কম্পিউটাৰ ডীপ ব্লুৱে (IBM’s supper –computer “Deep Blue”)দবা খেলত পৰাস্ত কৰিলে, তেতিয়া কৃত্ৰিম বুদ্ধিমত্তাই (Artificial Intelligence)বলেৰে ভাঙি ওলাই যোৱা প্ৰধান বাধাবোৰৰ ভিতৰত দবাখেল প্ৰথম হিচাপে চিনাক্ত হৈ ৰল। তেতিয়াৰ পৰাই মানুহে জানিব পাৰিলে যে কম্পিউটাৰেও দবা খেল খেলিব পাৰে আৰু সেইটো প্ৰকৃততে বুদ্ধিমত্তা নহয় স্বয়ং গেৰি কাছপাৰোভেও কৈছে যে ডীপ ব্লুৰ লগত তেওঁ পৰাজিত হোৱা 
কথাটোৱে ইয়াৰ সৃষ্টিকৰ্তা আৰু উচ্চ পৰ্যায়ৰ প্ৰযুক্তিৰ যোগে উপকৃত হোৱাসকলকে ধৰি সমগ্ৰ মানৱ জাতিৰে জয় যাত্ৰাৰ সূচনা কৰিছে মানুহে কম্পিউটাৰবোৰক কেনেকৈ বুদ্ধিমান কৰিব পাৰি তাক লৈ চিন্তা-চৰ্চা আৰম্ভ কৰিলে আৰু সেইদৰেই কম্পিউটাৰৰ উন্নয়ন সাধন হব ধৰিলে। কম্পিউটাৰক শিক্ষা দিয়া কাম আৰম্ভ হল। কিছুমান তথ্য আৰু প্ৰতিবিম্বৰ মাজৰ পাৰ্থক্য বিচাৰি উলিয়াবলৈ সক্ষম কৰা হল। প্ৰথম অৱস্থাত কম্পিউটাৰে ভুল কৰিছিল। শুধৰণী কৰা হল। কম্পিউটাৰে কুকুৰ মেকুৰীৰ মাজৰ পাৰ্থক্য চিনি পালে। এতিয়া ই ভাষা জ্ঞান আহৰণ কৰিব ধৰিছে, এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ অনুবাদ কৰা কাম আয়ত্ব কৰিব ধৰিছে। গাড়ী চালনাকে ধৰি অনেক কামত কৃত্ৰিম বুদ্ধিমত্তাক প্ৰয়োগ কৰিব ধৰা হৈছে। আই বি এমে শেহতীয়াকৈ চাম্ইট্ (Summit) আৰু চিয়েৰ্ এ(Sierra) নামৰ দুটা বিশ্বৰ ভিতৰত অতি দ্ৰুতবেগী কম্পিউটাৰ নিৰ্মাণ কৰিছে। এনে কম্পিউটাৰে সকলো ধৰণৰ ব্যৱসায়তে প্ৰযুক্তি প্ৰয়োগৰ দ্বাৰা কাম সমাধা কৰিব পাৰিব। আনকি ই কেম্সাৰ, জেনেটিক আৰু পৰিৱেশৰ ক্ষেত্ৰতো উকৰ্ষ সাধনত সহায় কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশবোৰে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি বহু ক্ষেত্ৰত উন্নয়ন সহজ সাধ্য কৰি তুলিছে আৰু বিশ্বৰ চহকী ৰাষ্ট্ৰবোৰক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তি বিক্ৰী কৰি অধিক লাভৱান হৈছে। এই ক্ষেত্ৰত চীন দেশো যথেষ্ট আগ বাঢ়ি গৈছে আৰু উন্নয়নশীল দেশবোৰক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তি যোগান ধৰি নিজ দেশৰ আয় বৃদ্ধি কৰিছে। উদাহৰণ স্বৰূপে চীনৰ ১৯৯৯ চনত স্থাপিত মাত-কথা চিনাক্ত(Voice recognition software) কৰিব পৰা তথ্য প্ৰযুক্তি কোম্পানী iFlytek আৰু লগতে Megvii আৰু চেন্স টাইম(SenseTime) ৰ দৰে চেহেৰা বা আকৃতি চিনাক্ত কৰিব পৰা কোম্পানীবোৰ মূলধনী বজাৰৰ পৰিমাপ অনুযায়ী উদ্যোগৰ পৰিচালক হৈ পৰিছে গুগল( Google), টেচলা(Tesla) আৰু উবাৰৰ(Uber)দৰে কোম্পানীবোৰৰ পৰিচালনাত স্বায়ত্ব যানবানৰ উন্নয়নত আমেৰিকা যুক্তৰাষ্ট্ৰই জয় ধ্বজা হাতত লৈ আগ বাঢ়ি গৈছে। এইদৰেই বিগত দুটা শতিকাত প্ৰযুক্তি প্ৰয়োগৰ জড়িয়তে বিশ্বৰ বহুতো দেশৰ মুঠ ঘৰুৱা উপাদন অভাৱনীয় হাৰত বৃদ্ধি পালে। আমেৰিকা-ইজৰাইলৰ অৰ্থনৈতিক ইতিহাসবিদ নৰ্থ বিষ্টন বিশ্ব বিদ্যালয়ৰ অৰ্থশাস্ত্ৰ আৰু ইতিহাসৰ অধ্যাপক জোৱেল মোকিৰে(Joel Mokyr)যুক্তি ডাঙি ধৰিছে যে গ্ৰেট ব্ৰিটেইনৰ শিক্ষা-সংস্কৃতিয়ে বৈজ্ঞানিক আবিষ্কাৰক কাৰ্যকৰি হাথিয়াৰলৈ পৰিবৰ্তিত কৰিবলৈ অভিযন্তা আৰু শিল্পীসকলক নতুন পথ আনি দিলে। ষ্ট্ৰীম ইঞ্জিন, বিদ্যু, স্বাস্থ্য বিধিৰ উকৰ্ষ সাধন আদি হৈছে প্ৰযুক্তিগত আৱিষ্কাৰৰ উদাহৰণ যিবোৰে সমগ্ৰ বিশ্বৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰি অৰ্থনৈতিক উন্নয়নৰ চালিকা শক্তিক সমুখলৈ ঠেলি নিছিল। এই ক্ষণত সকলোতকৈ ভাল কৃত্ৰিম বুদ্ধিমত্তাৰ হাথিয়াৰবোৰৰ(গুগল কম্পিউটাৰ প্ৰগ্ৰেমৰ দৰে)পৰা সাধাৰণ জ্ঞানৰ যুক্তিযুক্ততা বিচাৰ, বহুমুখী জ্ঞান বিস্তাৰৰ পৰা শিক্ষা লোৱা, অনুভৱ কৰা, আবেগ প্ৰকাশ আৰু বুজি পোৱা ইত্যাদি ইত্যাদিত কামত লগাব পৰা সাধাৰণ বুদ্ধিমত্তাৰ প্ৰযুক্তিৰলৈকে উপাদানবোৰৰ বাদে যেন অন্য কোনো পথ আমাৰ নাই।
উদ্যোগিক বিপ্লৱৰ আৰম্ভণিতে ব্ৰিটিছ বস্ত্ৰ শিল্প খণ্ডত শ্ৰমিক বৰ্খাস্তকৰণৰ ভয়ত লুডাইট আন্দোলন(the Luddite movement)গা কৰি উঠিছিল। ইংলেণ্ডৰ নটিংহামতেই এই আন্দোলন ১৮১১ চনত আৰম্ভ হয়। শ্ৰমিকসকলে গোপনীয়তা ৰক্ষা কৰি শপত গ্ৰহণ কৰি আন্দোলনত নামিছিল। তেওঁলোকে উগ্ৰপন্থা অৱলম্বন কৰিছিল। সমাজৰ এজন সক্ৰিয় সদস্য হিচাপে নিজৰ ভূমিকা অটুট ৰাখিবলৈ তেওঁলোকে কামত ব্যৱহাৰ কৰা বিশেষ মেচিনবোৰ লুডাইত প্ৰতিবাদীসকলে ধ্বংস কৰি কৰি পেলাইছিল। তেওঁলোকৰ যুক্তি আছিল যে যদিহে সয়ংক্ৰিয় যন্ত্ৰই কৰ্মীসকলতকৈ বহুগুণ বেছি কাম কৰিব পাৰে তেন্তে অৰ্থনীতিত বৰ্তমানৰ কৰ্মবাহিনীৰ অৰ্ধেকৰো অৰ্ধেকৰহে প্ৰয়োজন হব। সৰ্বশেষত ১৮১৬ চনত সেনাবাহিনীয়ে লুডাইট অভিযানক প্ৰতিহত কৰিছিল। কিন্তু বুৰঞ্জীয়ে প্ৰমাণ কৰিছে যে আংশিকভাৱে হলেও তেওঁলোকৰ যুক্তি সত্য। আজিৰ মানুহে ১৯ শতিকাতকৈ কম সময় কাম কৰে। নতুন প্ৰযুক্তি বিপ্লৱৰ বিস্তৃতিলৈ চাই অনুমান কৰিব পাৰি যে বৰ্তমানে মানুহে কৰা সৰহভাগ কাম কৃত্ৰিম বুদ্ধিমত্তাই সয়ংক্ৰিয়ভাৱে কৰি পেলাব। যেনেদৰে গাড়ী মটৰে ঘোঁৰাবোৰ আঁতৰাই পেলালে, ঠিক একেদৰে স্বয়ংক্ৰিয়ভাৱে চালিত যানবাহনে গাড়ী চালকসকলকো কাম নোহোৱা কৰিব। কাৰাখানাবোৰে ব্যক্তিগত কম্পিউটাৰৰ উপাদানবোৰৰ উপাদন কৰি গৈ আছে আৰু টেবলেটবোৰো অধিক স্বয়ংক্ৰিয় হৈছে। এনে ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা হাজাৰ হাজাৰ জ্ঞানৰ বিস্তৃতিত বিয়পি পৰিছে আৰু এইদৰে গৈ ই বহু চাকৰি নোহোৱা কৰি পেলাব। এনে চফ্টৱেৰৰ দ্বাৰা বেংক টেলাৰ, গ্ৰাহক সেৱা প্ৰতিনিধি, টেলিমাৰ্কেটাৰ, ষ্টক আৰু বণ্ডৰ ব্যৱসায়ী আনকি পেৰালিগেল আৰু ৰেডিঅলজিষ্টসকলকো ক্ৰমান্বয়ে আঁতৰ কৰিব। ২০১৬ চনৰ ২৫ মে তাৰিখে বিবিচিয়ে (BBC) কৈছে যে টাইৱানৰ ব্লেকবেৰী, আইফোন, আইপেড আদি বিদ্যুতৰ সা-সামগ্ৰী উৎপাদন কৰা ফোক্সকোন(FoxConn) কোম্পানীয়ে তেওঁলোকৰ ৬০,০০০ কৰ্মীক আঁতৰাই তাৰ ঠাইত ৰবটক কামত লগাইছে। ২০১৬ চনৰ জানুৱাৰী মাহত অক্সফৰ্ড বিশ্ব বিদ্যালয়ে কৰা এক অধ্যয়ণে দাবী কৰে যে দৈহিক শ্ৰমৰ সলনি স্বয়ংক্ৰিয় যন্ত্ৰ ব্যৱহাৰৰ ফলত ভাৰতবৰ্ষৰ ৬৯% কে ধৰি আমেৰিকাৰ ৪৭%, চীনৰ ৭৭% আৰু সমগ্ৰ বিশ্ব জুৰি ৫৭%  লোকে কৰ্ম সংস্থাপন হেৰুৱাব  
মেচিনৰ শিক্ষাই ৰবটবোৰক উচ্চ পৰ্যায়ৰ দক্ষ মানুহে সিদ্ধান্ত লোৱা বিস্তৃত তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লবলৈ সক্ষম কৰি তুলিছে। এনে কথাবোৰলৈ লক্ষ্য ৰাখিলে মনলৈ ভাৱ আহে যেন  আগন্তুক কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱে মানৱ জাতিক বৰ্তমানৰ জীৱনৰ গঠন প্ৰণালীক সম্পূৰ্ণ পুনৰবিবেচনা কৰিবলৈ বাধ্য কৰিব। সকলো সময়ৰে এজন অতি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক চিন্তাবিদ জে এম কেইন্সে তেওঁৰ ১৯৩০ চনৰ ৰচনা আমাৰ নাতি-পুতিসকলৰ অৰ্থনৈতিক সম্ভাৱনা (The Economic Possibilities for our Grandchildren) লিখিছিল যে একবিংশ শতিকাত আমি সপ্তাহত পোন্ধৰ ঘন্টা কাম কৰি আমাৰ প্ৰয়োজনীয়তা আৰু আৱশ্যকীয়তাবোৰ পূৰা কৰি জীৱনৰ বাকীখিনি ধন টকা পইচাৰ লগত সম্বন্ধ নথকা কথাত কামত লগাব পাৰিম। পিচে, ২০১৪ চনত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙে বি বি চি ক (B B C)কৈছিল যে কৃত্ৰিম বুদ্ধিমত্তাই মানৱ জাতিৰ সমাপ্তি ঘটাব, যদিহে ইয়াক নিয়ন্ত্ৰণত ৰখা নহয়। ঠিক একেদৰে প্ৰযুক্তি প্ৰয়োগৰ পক্ষপাতী হৈয়ো অৰ্থনীতিবিদ ইলুন মাস্ক ( Elon Musk) আৰু বহুতো গৱেষকে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ পোষকতা কৰিছে।

দীৰ্ঘ দিন ধৰি অৰ্থনীতিবিদসকলে কৰ্ম সংস্থানৰ ওপৰত প্ৰযুক্তি আৰু মানৱ শ্ৰমৰ সলনি ব্যৱহাৰ কৰা স্বয়ংক্ৰিয় যন্ত্ৰৰ প্ৰভাৱক লৈ বিতৰ্ক কৰি আহিছে। প্ৰথম প্ৰশ্ন হৈছিল শ্ৰমিকৰ বহিষ্কৰণ আৰু কামৰ ভৱিষ্যত আছেনে নাই তাক লৈ। দ্বিতীয় প্ৰশ্ন আছিল দৈহিক শ্ৰমৰ সলনি ব্যৱহৃত যন্ত্ৰৰ আয় আৰু সম্পদৰ ওপৰত কেনে প্ৰভাৱ পৰিব তাক লৈ। এহাতে, এক শতাংশই মাথো ৰবটৰ মালিকী স্বত্ব লাভ কৰিছিল আৰু ৯৯ শতাংশই চাকৰি হেৰুৱাইছিল। ইয়াৰ ফলত অৰ্থনৈতিক বৈষম্য আহি পৰিছিল আৰু ইতিমধ্যে বৃদ্ধি পাই যাব ধৰে। অন্যহাতে, প্ৰযুক্তিগত পৰিবৰ্তনে শ্ৰমৰ বজাৰত ৯৯ শতাংশৰ মাজত মেৰু বিভাজনৰ সৃষ্টি কৰিছে। আমেৰিকাৰ অৰ্থনীতিবিদ ডেভিড অটৰৰ (David Autor) মতে, ১৯৮৯ আৰু ২০০৭ চনৰ মাজত নিম্ন হাৰৰ আৰু উচ্চ হাৰৰ দৰ্মহাৰ চাকৰি সৃষ্টি হৈছিল, মধ্যম শ্ৰেণীৰ চাকৰি বিলুপ্তি ঘটিছিল। এইটো সত্য যে মানৱ শ্ৰমৰ সলনি যন্ত্ৰৰ ব্যৱহাৰে কিছুমান খণ্ডত শ্ৰমিক আঁতৰ কৰিছে, কিন্তু অন্য খণ্ডত পুনৰ বন্টন কৰিছে। প্ৰযুক্তিগত পৰিবৰ্তনৰ আন লাভজনক দিশো আছে। দৈনন্দিন ব্যৱহৃত বাচন-বৰ্তন ধোৱা, ঘৰ পৰিষ্কাৰ কৰা যন্ত্ৰ, কাপোৰ ধোৱা আৰু শুকুওৱা যন্ত্ৰৰ দৰে সামগ্ৰীয়ে ঘৰ ধৰাৰ বোজা পাতলাই দিছে আৰু মহিলাসকলক মুক্ত কৰি দি কৰ্ম সংস্থান বিচৰাৰ সুযোগ আনি দিছে।
সেইবুলি এইটো নহয় যে প্ৰযুক্তিগত পৰিবৰ্তনৰ ফলত সমাজৰ হানি নহয়। কৃষি খণ্ডৰ পৰা উপাদন খণ্ডলৈ স্থানান্তৰ হওঁতে সময় লাগে আৰু হ্ৰস্ব কালিন অৱস্থাত পূৰ্বৰ কৃষি কৰ্মী সকলৰ মাজত মানসিক উদ্বেগ, কৰ্মহীনতা আৰু দৰিদ্ৰতা বঢ়াই তোলে। সেই একেটাই প্ৰযোজ্য হয় সেৱা অৰ্থনীতিলৈ স্থানান্তৰৰ ক্ষেত্ৰত। ইউনিয়নৰ সভ্য ভৰ্তিৰ যোগে উপাদন খণ্ডলৈ স্থানান্তৰত উচ্চ মজুৰি আৰু নিয়োগৰ প্ৰতিৰক্ষা থাকে। সেৱা খণ্ডলৈ স্থানান্তৰৰণত সিমানখিনি সুবিধা নাথাকে। নিম্ন দক্ষতাৰ কৰ্মীসকলক উপাদন খণ্ডত একে ধৰণৰ দক্ষতাৰ কৰ্মীতকৈ কম মজুৰি দিয়া প্ৰৱণতা থাকে। সেৱা খণ্ডৰ শ্ৰমিকসকল স্বাভাৱিকতে ঐক্যবদ্ধ নহয়, যাৰ ফলত তেওঁলোকে মজুৰিৰ ক্ষেত্ৰত সমূহীয়াভাৱে দৰদাম কৰাৰ সুবিধা লব নোৱাৰে। অতীতৰ উন্নত প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা সম্পূৰ্ণ ভাৱে পৃথক। সেয়ে এই কথা নিশ্চিত যে দৈহিক শ্ৰমৰ সলনি যন্ত্ৰ ব্যৱহাৰ কৰা মানেই কৰ্ম সংস্থানৰ বিলুপ্তি ঘটা দক্ষতা থকা কৰ্মীৰ নতুন প্ৰযুক্তিৰ বাবে অপৰিহৰ্য আৰু যান্ত্ৰিকীকৰণৰ ফলত বৃদ্ধি পোৱা উপাদনৰ বাবে তেওঁলোকৰ মজুৰি বাঢ়ি গৈ থাকে। এই দৰেই সফল প্ৰযুক্তি কোম্পানীৰ নিৰ্দিষ্ট সংখ্যক মুখ্য কাৰ্যবাহী বিষয়াৰ আয় আকাশলঙ্ঘী হোৱা দেখা যায়। ইয়াৰ ফলতে আয়ৰ বৈষম্য এক সৰ্বজন বিদিত সমস্যা ৰূপে চিনাক্ত হৈছে। বিগত কেইটামান দশকৰ ভিতৰত ধনী দুখীয়াৰ মাজৰ পাৰ্থক্য যথেষ্ট বৃদ্ধি পালে, কিন্তু ২০০৮ চনৰ বিত্তীয় জটিলতাৰ পাচত অতিমাত্ৰা বৃদ্ধি পালে। অৰ্থনীতিবিদসকল এই কথাত একমত যে গোলকীয় বৈষম্যৰ সমস্যাটো প্ৰযুক্তিৰ উন্নয়নে বঢ়াই তুলিলে। আমেৰিকাৰ অৰ্থনীতিবিদ এৰিক ব্ৰিজোল্ফচনে(Erik Brynjolfsson) কয় যে বৰ্তমানৰ বৈষম্য বৃদ্ধিৰ প্ৰধান সঞ্চালক হিচাপে প্ৰযুক্তিকে চিহ্নিত কৰিব পাৰি, ইয়েই সকলোতকৈ ডাঙৰ উপাদান।
কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্তমান থকা উৎপাদনবোৰৰ ইমান খৰকৈ উন্নতি ঘটিছে যে সেয়া যেন ভাললৈ হোৱা নাই। যদিওবা সেইবোৰ কেৱল সৰঞ্জামহে, বুদ্ধমত্তাৰ সৈতে ফেৰ মাৰিব পৰা গঠন নহয়, কিন্তু সেইবোৰে অদ্ভুত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি কৰিছে, আনকি গোলকীয় ক্ষমতাৰ ভাৰসাম্য সলনি কৰি কামৰ সংজ্ঞা আৰু সম্পদ আহৰণৰ পুনৰ ৰূপ দিব ধৰিছে। সেয়েহে, নাগৰিক আৰু নীতি নিৰ্ধাৰকসকলে চিন্তা কৰে যে যান্ত্ৰিকীকৰণৰ ফলত হোৱা বৈষম্যৰ ওপৰত নজৰ ৰখা দৰকাৰ। ১৯৮০চনৰ সময়ছোৱাত অৰ্থনীতিবিদসকলে যোগান দিশটো আকোঁৱালি লৈ উন্নয়নৰ বাবে বৈষম্য সহায়কাৰী বুলি গণ্য কৰিছিল, কিন্তু বৰ্তমানৰ শৈক্ষিক গৱেষণাই ইয়াৰ বিপৰিতটোহে দেখুৱাইছে। আপেক্ষিকভাৱে অতি কম সংখ্যকলোকৰ হাতত বৃহ পৰিমাণৰ সম্পদ জমা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ য়োগেদি আহৰণ কৰা বৃহ পৰিমাণৰ ধন যিসকলৰ চাকৰি গৈছে তেওঁলোকলৈ স্থানান্তৰিত হোৱা দৰকাৰ। এইটো  অৰ্থনীতিবিদ কেইন্সৰ পদ্ধতিৰ যোগেদিহে সম্ভৱ হব। সেই অনুযায়ী ধনী কোম্পানীৰ পৰা কৰৰ যোগেদি সংগ্ৰহ কৰা ধনৰ সহায়ত চৰকাৰী ব্যয় বৃদ্ধি কৰিব লাগিব। সামাজিক কল্যাণৰ যোগেদি চৰকাৰে চৰ্তসাপেক্ষে সাৰ্বজনীন বুনিয়াদী আয় প্ৰদান কৰিব লাগিব। যাৰ বিত্তীয় প্ৰয়োজনীয়তা আছে, যিয়ে প্ৰশিক্ষণ লৈ নিজৰ পছন্দ মতে কিছু ঘন্টা স্বেচ্ছাই কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় তেনে লোকৰ কল্যাণ সাধন কৰা উচিত।
উল্লেখযোগ্য  যে আমাৰ ভাৰতবৰ্ষই কৃত্ৰিম বুদ্ধিমত্তাই আগবঢ়োৱা অসংখ্য সুযোগ-সুবিধাবোৰ লবলৈ এতিয়াও সম্পূৰ্ণভাৱে প্ৰস্তুত হব পৰা নাই। আনকি এক প্ৰযুক্তিজ্ঞান সম্পন্ন নিপুণ দল, প্ৰসিদ্ধ বিশ্ব বিদ্যালয়সমূহ, সুস্থ-সবল ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ আৰু শক্তিমান নিগমসমহ থকা সত্বেও ভাৰতবৰ্ষই কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰধান সূচকবোৰৰ উন্নয়নৰ ক্ষেত্ৰত পিচ পৰি আছেভাৰতবৰ্ষই এই ক্ষেত্ৰত কৰিব লগা বহু কাম বাকী আছে। গৱেষকসকলৰ মতে ২০৩৫ চনতহে ভাৰতবৰ্ষই কৃত্ৰিম বুদ্ধিমত্তাক সম্পূৰ্ণ নিজৰ দখললৈ আনিব পাৰিব। তথাপিও বিদেশৰ পৰা লব্ধ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তি কিছুমান লাভজনক দিশত প্ৰয়োগ কৰি দেশৰ চহকী ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ যথেষ্ট সম্পদশালী হৈ পৰিছে। ইয়াৰ ফলত ভাৰতবৰ্ষত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাই গৈ আছে। অক্সফাৰ্মৰ তথ্য অনুযায়ী ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় ১ শতাংশ ধনাৰ্ধ্যই দেশৰ ৭৩ শতাংশ সম্পদ হস্তগত কৰিছে সেই অনুপাতে কিন্তু দেশৰ সামগ্ৰিক উন্নয়ন সাধন হোৱা নাই। তাৰ বিপৰতে দেশৰ মুঠ ঘৰুৱা উপাদন ৫.৮ শতাংশলৈ নিম্নগামী হৈছে আৰু দেশত নিবনুৱাৰ হাৰ উৰ্ধগামী হৈ ৬.১ শতাংশ হৈছে, যিটো ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই তথ্য দেশৰ পৰিসংখ্যা বিভাগে আগ বঢ়াইছে। সেয়ে চৰকাৰে আয়ৰ বৈষম্য দূৰ কৰিবলৈ অধিক উপাৰ্জনকাৰীসকলৰ আয়ৰ ওপৰত অধিক হাৰত কৰ আৰোপৰ ব্যৱস্থা কৰিব লাগে আৰু মধ্য আৰু নিম্ন আয়ৰ গোটসমূহক আয়ৰ ক্ষেত্ৰত সুৰক্ষা দি তেনেলোকৰ ক্ৰয় ক্ষমতা অক্ষুন্ন ৰথা উচিত।ভাৰতবৰ্ষৰ দৰে ৰপ্তানি বাণিজ্য বিহীন দেশ এখনৰ উপাদিত সামগ্ৰীৰ প্ৰধান উপভোক্তা এই শ্ৰেণীৰ লোকসকলেই; ধনী শ্ৰেণীৰ লোকসকলে উপভোগতকৈ সঞ্চয়হে অধিক কৰে। অতিকৈ নিঃস্বজনক সাহাৰ্য আৰু কৰ্ম সংস্থান দিব নোৱাৰিলে নিবনুৱাসকলক চৰকাৰে ভাট্টা দিয়া উচিত। এনে ধৰণৰ সামাজিক কল্যাণমূলক ৰাজহুৱা ব্যয়ে চৰকাৰৰ সৰ্বসাধাৰণ জনতাৰ প্ৰতি থকা সদ্দিচ্ছা আৰু দায়িত্ববোধৰ পৰিচয় দিয়াৰ লগতে দেশলৈ শান্তি সমৃদ্ধি নমাই আনিব।এই ক্ষেত্ৰত মনত ৰাখিব লগীয়া কথাটো হৈছে যে ৰবাত যদি দৰিদ্ৰতা থাকে তেন্তে সকলো ঠাইৰে সমৃদ্ধিৰ প্ৰতি ভাবুকি আহিব পাৰে।কাৰণ, বৰ্তমান সময়ত সমগ্ৰ বিশ্বই সমুখীন হোৱা জলন্ত সমস্যা উশৃঙ্খলতা আৰু সন্ত্ৰাসবাদৰো এক প্ৰধান কাৰণ হৈছে অৰ্থনৈতিক বৈষম্য।
সম্পদ আৰু আয়ৰ বৈষম্যৰ গৱেষক ফ্ৰান্সৰ অৰ্থনীতিবিদ থমাচ পিকেটী(Thomas Piketty),কেলিফোৰ্নিয়া বিশ্ব বিদ্যালয়ৰ প্ৰফেচাৰ অৰ্থনীতিবিদ ইমেনুৱেল চাজ (Emmanuel Saez), আৰু অৰ্থনীতিৰ প্ৰখ্যাত  গ্ৰন্থ দ্য হিডেন ৱেল্ থ অব নেশ্যন : দ্য স্কাৰ্জ অব টেক্স হেভেনচ ৰ(The Hidden Wealth of Nation :The Scourge of Tax Havens.)লিখক ফৰাচী অৰ্থনীতিবিদ গেব্ৰিয়েল জুকমেনে( Gabriel Zucman) বিশ্বৰ ধনী দেশবোৰৰ ধনীসকল কিদৰে সম্পদশালী হৈছে তাক বৰ্ণনা কৰিছে। অৰ্থনীতিবিদ থমাচ পিকেটিৰ তত্বাৱধানত কৰা গৱেষণাৰ অন্তত গেব্ৰিয়েল জুকমেনে তেওঁৰ গৱেষণা পত্ৰত কিদৰে বিশ্বৰ ধনীসকলে শত পৰাৰ্দ্ধ সংখ্যক ডলাৰ(Trillions of dollars) কৰ ফাঁকি দি সেই ধন চুইজাৰলেণ্ডৰ বেংকত জমা কৰিছে সেই কথা উদংকৈ দেখুৱাইছে  এইসকল গৱেষকে পৰামৰ্শ দিয়ে যে উচ্চ আয়ৰ ওপৰত উচ্চ প্ৰান্তিক কৰৰ হাৰ হোৱা উচিত। অৰ্থা এক নিৰ্দিষ্ট পৰিমাণৰ আয়ৰ পিচত প্ৰতি ডলাৰ উপাৰ্জনৰ ওপৰত উচ্চ হাৰৰ কৰ লগোৱা কাৰ্যই ব্যক্তিৰ কৰ্ম প্ৰেৰণাক আঘাত নকৰাকৈ দীৰ্ঘ দিন বৈষম্য হ্ৰাস কৰি গৈ থাকিব। নিবনুৱা ভাট্টা দিবলৈ বা যন্ত্ৰ ব্যৱহাৰৰ ফলত শিক্ষা আৰু চাকৰি হেৰুওৱা শ্ৰমিকক অন্যত মকৰল কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা কামত কৰৰ যোগে লাভ কৰা তেনে ধন ব্যৱহাৰ কৰিব পাৰি। দৰাচলতে, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্ট সমৃদ্ধিৰ সমগ্ৰ মানৱ জাতিক উপকৃত কৰাকৈ বিস্তৃতভাৱে বিতৰণ হব লাগে আমি নিশ্চিত হব লাগিব যে কৃত্ৰিম বুদ্ধিমত্তাই যাতে বৈষম্য বৃদ্ধি কৰিব নোৱাৰে। যিকোনো প্ৰকাৰেই নহওক আমি দেশৰ ভিতৰত বা দেশৰ মাজত কৃত্ৰিম বুদ্ধিমত্তাই ইন্ধন যোগান ধৰি বঢ়াই তোলা পোৱা নোপোৱাৰ মাজৰ ব্যৱধানবোৰ হ্ৰাস কৰিব লাগিব।
 ---------------)(------------

  • বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত সাদিন ৰ ৫ জুলাই ,2019 তাৰিখৰ সংখ্যাত  প্ৰকাশ পাইছে।

No comments:

Post a Comment