Friday 19 July 2019

অৰ্থনৈতিক বৈষম্য আৰু সন্ত্ৰাসবাদ

বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা মানৱ সমাজত অৰ্থনৈতিক বৈষম্যৰ ফলত নানা প্ৰকাৰৰ অসূয়া- অশান্তি, যুদ্ধ-বিগ্ৰহ আদি চলি আহিছে।বিশ্বৰ বহুতো প্ৰাচীন ধৰ্মগ্ৰন্থত এনে কাহিনী পঢ়িবলৈ পোৱা যায়। পুৰাণত উল্লেখ থকা দেৱতা আৰু অসুৰৰ মাজৰ যুদ্ধ-বিগ্ৰহবোৰৰ মুখ্য কাৰণ আছিল ধন-ঐশ্বৰ্য। হিন্দু ধৰ্মৰ এক প্ৰধান ধৰ্মপুথি মহাভাৰত মহাকাব্যত বৰ্ণনা কৰা কৌৰৱ আৰু পাণ্ডৱৰ মাজত আৰম্ভ হোৱা মহাভাৰতৰ যুদ্ধৰ মূল কাৰণো আছিল অৰ্থনৈতিক বৈষম্য। কৌৰৱ আৰু পাণ্ডৱৰ মাজত সম্পত্তিৰ সমবিতৰণ হোৱা নাছিল। কৌৰৱসকল অজস্ৰ সম্পত্তিৰ গৰাকী হোৱা সত্বেও ইন্দ্ৰপ্ৰস্থত পাণ্ডৱসকলৰ ঐশ্বৰ্য-বিভূতি দেখি জ্বলি পকি মৰিছিল আৰু নানা কূট-কৌশল কৰি পাণ্ডৱসকলক সম্পত্তিৰ পৰা বঞ্চিত কৰিবলৈ যাওঁতেই মহাভাৰতৰ যুদ্ধৰ সূত্ৰপাত ঘটে। এনেধৰণৰ অলেখ পৌৰাণিক কাহিনী আছে।

ৰোম সাম্ৰাজ্য পৃথিবীৰ ভিতৰতে এক চহকী সাম্ৰাজ্য আছিল, কিন্তু ৰাজসভাৰ বাছকবণীয়া কেইজনসান ৰাজমন্ত্ৰীৰ হাততে ধন-সম্পদ কেন্দ্ৰীভূত হৈ আছিল আৰু বাদ বাকী সকলো আছিল সমূলি দৰিদ্ৰ। বৈষম্যৰ সাৱধান বাণীক আওকাণ কৰা হল আৰু ফলস্বৰূপে গৃহযুদ্ধ আৰম্ভ হয়। যদিওবা বাহিৰা শক্তিৰ দ্বাৰা ৰোমক আক্ৰমণ কৰা হৈছিল, ভীষন বিত্তীয় সংকটৰ প্ৰকোপত পৰি আভ্যন্তৰীণ কলহত ৰোম সাম্ৰাজ্য টুকুৰা টুকুৰ হৈ পৰিছিল। অবিৰাম যুদ্ধ আৰু অতিৰিক্ত ব্যয়ে সাম্ৰাজ্যৰ ৰাজভঁৰাল উদং কৰিছিল, সেয়ে দমনমূলক কৰ আৰোপ কৰা হৈছিল আৰু মুদ্ৰাস্ফিতিয়ে ধনী দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিছিল। সমৃদ্ধিশালী শ্ৰেণীৰ বহুতো সদস্যই কৰ ফাঁকি দিয়াৰ আশাৰে আনকি গ্ৰাম্যাঞ্চললৈ পলাই গৈ স্বাধীনভাৱে জাগিৰ প্ৰতিষ্ঠা কৰিছিল। একে সময়তে সাম্ৰাজ্যখনক শ্ৰমিকৰ নাটনিয়ে জোকাৰি গৈছিল। সকলো ধৰণৰ অৰ্থনৈতিক কাম কাজতে ৰোম সাম্ৰাজ্য দাসসকলৰ ওপৰতে নিৰ্ভৰশীল আছিল আৰু ইয়াৰ সৈন্য বাহিনীৰ কাম কাজত জয় কৰা দেশবোৰৰ লোকক লগাই গতানুগতিক ভাৱে নতুন অনুপ্ৰৱেশৰ সূচনা কৰে। কিন্তু যেতিয়া দ্বিতীয় শতিকাত সম্প্ৰসাৰণ শাম কাটিলে, ৰোমৰ দাস যোগান আৰু অন্য যুদ্ধৰ আহিলা পাতি নোহোৱা হব ধৰিলে। পোন্ধৰ শতিকাত অন্য এক আঘাত পৰিল, যেতিয়া ৱাণ্ডালসকলে (Vandals)উত্তৰ আফ্ৰিকা দাবী কৰিলে আৰু সাগৰীয়া ডকাইতৰ দৰে গোপন সন্ধান চলাই ৰোম সাম্ৰাজ্যৰ বাণিজ্যত ব্যাঘাত জন্মাব ধৰিছিল।ইয়াৰ অৰ্থনীতি উজুটি খোৱাৰ লগতে কৃষি আৰু বাণিজ্যিক উৎপাদন কমি যোৱাত ৰোম সাম্ৰাজ্যই ইউৰোপত খোপনি হেৰুৱাবলৈ আৰম্ভ কৰিলে।

২০১১ চনত আয়ৰ বৈষম্যই ইংলেণ্ডৰ নগৰবোৰত বিস্তৃত ভাৱে বিয়পি পৰা ৰাজনৈতিক বিক্ষো উদ্ভৱত অৰিহণা যোগাইছিল।যত বৈষম্য অধিক, তাতে শিশুৰ কল্যাণ নিম্নগামী হৈছিল। আপেক্ষিক বঞ্চনা পৰিয়াল আৰু জনগোষ্ঠীয় জীৱনৰ হতাশাৰ সৈতে লগ লাগে, গতিকে ভুক্তভোগীসকল স্বাভাৱিক হৈ থকাৰ স্থল নোহোৱা হৈ পৰে। দেশত ব্যয়বহুল মৰ্য্যাদাৰ নিদৰ্শন প্ৰাপ্তিৰ বাবে এচাম ধনীলোক ব্যস্ত হৈ পৰেগতিকে অধিক বৈষম্যমূলক হেঁচা দৰিদ্ৰসকৰ ওপৰত পৰিব ধৰেবৰ্ধিত বৈষম্যই উন্মত্ততা আৰু আৰ্জন সমন্ধীয় অপৰাধকে ধৰি অধিক অপৰাধ আনি দিয়ে। এইটো প্ৰমাণিত হৈছে যে যত বৈষম্য বেছি তাতে আৰক্ষী বাহিনীক মাৰাত্মক ভাৱে ব্যৱহৃত হৈছিল। অতিমাত্ৰা বৈষম্যই সমাজৰ সংলগ্নতা অবনমিত কৰিছিল, জাতীয় জীৱন দুৰ্বল কৰিছিল আৰু বিশ্বাস কমাই দিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়ৰ অসমতা আৰু সমগ্ৰ বিশ্বৰে অৰ্থনৈতিক বৈষম্যৰ বিৰূদ্ধে গোলকীয় মনোযোগ আকৰ্ষণ কৰি আৰু আন্দোলন বৃদ্ধি কৰি নিউয়ৰ্ক চিটিৰ ৱাল ষ্ট্ৰীট ফাইনেন্সিয়েল ডিষ্ট্ৰিক্টৰ জুক্কুট্টি পাৰ্কত(Zuccotti Park) ২০১১ চনৰ চেপ্তেম্বৰ মাহত আৰম্ভ হোৱা প্ৰতিবাদী অন্দোলনকে ৱাল ষ্ট্ৰিট দখল (Occupy Wall Street(OWS) বোলা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ২০১৩ চনতেই কৈছিল যে বৃদ্ধি পাই অহা বৈষম্যই বৰ্তমান সময়ৰ মূল ৰাজনৈতিক বিষয় বস্তু। ৱাল ষ্ট্ৰীট দখল অভিযান প্ৰতিবাদৰ মূল কথা আছিল ইয়ে আৰু সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহলৰ যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল। 

ফ্ৰান্সৰ বিদ্ৰোহত প্ৰকৃতাৰ্থত পেৰিছ জ্বলিছিল। পীতব্ৰস্ত পৰিহিত প্ৰতিবাদকাৰীসকলৰ দ্বাৰা সমগ্ৰ আলোক নগৰতে অগ্নি সংযোগ কৰি দিয়া হৈছিল। কাৰণ আছিল, ফ্ৰান্সৰ বৰ্ধিত বৈষম্যই জনসাধাৰণক চূড়ান্ত ভাৱে অৱমাননা কৰা হৈছিল। ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰুনৰ আপেক্ষিক ভাৱে নতুন প্ৰশাসন সমস্যাত পৰিছিলইয়াৰ প্ৰতি সঁহাৰি জনাই তেওঁ ইতিপূৰ্বেই গেছৰ ওপৰত আৰোপিত কৰ প্ৰত্যাহাৰ কৰিব লগা হৈছিল।পীত বস্ত্ৰ পৰিধানকাৰীসকলে কৰা সমালোচনাৰ কিছুমান ভিত্তি আছিল। বিগত পোন্ধৰতা বছৰত ফ্ৰান্সে প্ৰকৃততেই বৰ্ধিত বৈষম্যৰ তিক্ত অভিজ্ঞতা লাভ কৰিছিল। আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰেই এই পৰিবৰ্তনে উচ্চ স্তৰৰ কৰ্মচাৰীৰ বাবে উচ্চতৰ আয়, সেই দৰে নিয়োজিত পুঁজিৰ বাবে অধিক সুতৰ ফালে লৈ গৈছিল। ফলস্বৰূপে, মধ্য আৰু নিম্ন শ্ৰেণীৰলোকসকলক নিষ্পেষণ কৰা হৈছিল আৰু তেওঁলোক এই কথাত খঙাল হৈ পৰিল। তেওঁলোকে অনুভৱ কৰিছিল যে মাক্ৰোনেও সকলোকে অনিষ্ট কৰা বেছি ধনীসকলকে তেওঁৰ ফালৰ পৰা সমৰ্থন কৰিছিল।
বাল্টিমোৰৰ উশৃঙ্খলতাৰ সূত্ৰপাত ফ্ৰিডি গ্ৰেৰ(Freddie Gray) মৃত্যুৰ পিচতে হৈছিল, কিন্তু তাৰ মূল কাৰণসমূহ আমেৰিকাৰ ধনী আৰু দুখীয়াৰ মাজৰ বিস্তৃত পাৰ্থক্যৰ মাজতহে বিচাৰি পোৱা গৈছে। এই কথা অৰ্থনীতিবিদ Nouriel Roubani য়ে কৈছে। আয়ৰ পৰিমাণ, নিয়োগ, দৰিদ্ৰতা, বাসগৃহ, কাৰাবাস আৰু সাধাৰণ স্বাস্থ্যৰ তুলনা কৰি চালে দেখা যায় যে নগৰৰ কৃষ্ণবৰ্ণৰ বাসিন্দাসকল তেওঁলোকৰ ওচৰচুবুৰীয়া গৌৰবৰ্ণৰলোক সকলতকৈ পৃথক নগৰত বাস কৰিছিলবাল্টিমোৰৰ জনসংখ্যাৰ ৬৩ শতাংশই কৃষ্ণ বৰ্ণৰ আৰু তেওঁলোকে হতভম্ব হব লগীয়া ধৰণৰ বৈষম্যৰ সন্মুখীন হয়। ৰাষ্ট্ৰখনৰ শীৰ্ষস্থানীয় মেডিকেল কলেজ আৰু হস্পিটেলৰ অন্যতম জন হপকিন্স ইউনিভাৰচিটি বাল্টমোৰতেই আছে, কিন্তু ই স্বাস্থ্যকৰ নগৰ নহয়
বাল্টিমোৰৰ অৰ্থনীতি ইমান হতাশাজনক হোৱাৰ কাৰণ হল ইয়াৰ বহুতো বাসিন্দা জেলত আছিল। ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বাঢ়ি গৈ থাকিল। কিবা উন্নতি হলেই নিম্ন আয়ৰ গৃহষ্ঠিসমূহক একাষৰীয়া কৰি অসমানুপাতিকভাৱে উচ্চ স্তৰৰ আয়ৰ গোটকহে উপকৃত কৰে। এই দীৰ্ঘদিন জোৰা আয়ৰ বৈষম্য বৃদ্ধিয়ে কেৱল সামাজিক আৰু ৰাজনৈতিক উদ্বেগেই বঢ়োৱা নাই, অৰ্থনৈতিক উদ্বিগ্নতাও বঢ়াই তুলিছিল  নিম্ন স্তৰৰ ৪০ শতাংশৰ পৰা বাকী সমাজৰ দূৰত্ব বাঢ়ি যোৱা বাবে মুঠ ঘৰুৱা উপাদনৰ বৃদ্ধিও নিম্নগামী হব ধৰনিম্ন আয়ৰ লোকসকলক তেওঁলোকৰ মানৱ মূলধন সম্ভাৱনীয়তাৰ বিষয়ে অনুভৱ কৰাৰ পৰা বাৰণ কৰা হৈছিল, ই সামগ্ৰিকভাৱে অৰ্থনীতিৰ বাবে বেয়া কথা হৈছিল

বৰ্তমান সময়ত সমগ্ৰ বিশ্ববাসীয়ে সন্মুখীন হোৱা প্ৰধান সমস্যাবোৰৰ ভিতৰত সন্ত্ৰাসবাদ অন্যতম হিচাপে পৰিগণিত হৈছে।বিশ্বৰ বহু দেশে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি আহিছে আৰু কিছুসংখ্যক সন্ত্ৰাসবাদীক নিধন কৰিছে; কিন্তু সন্ত্ৰাসবাদক নিৰ্মূল কৰাত সফল হব পৰা নাই।সন্ত্ৰাসবাদে ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা দেশসমূহৰ লোকৰ কেৱল প্ৰাণ আৰু সম্পত্তি হানি কৰিয়ে এৰা নাই,অৰ্থনীতিৰ যথেষ্ট ক্ষতি সাধন কৰিছে। সন্ত্ৰাসবাদৰ ফলত বিনিয়োগৰ কাম-কাজ আৰু বাণিজ্যৰ লগে লগে বিত্তীয় বজাৰত বেয়া প্ৰভাৱ পৰে। সন্ত্ৰাসবাদ দমনত অধিক ধন ব্যয় কৰিব লগা হোৱাৰ ফলত অন্য কামত চৰকাৰী ব্যয় হ্ৰাস পায় আৰু দেশৰ অৰ্থনীতি দুৰ্বল হৈ পৰে।সেইবাবেই সন্ত্ৰাসবাদৰ সৈতে জড়িত ৰাজনৈতিক অস্থিৰতা অৰ্থনৈতিক উন্নয়নৰ বাবে হানিকাৰক।গতিকে সন্ত্ৰাসবাদ আৰু ইয়াৰ সৈতে জড়িত আৰ্থসামাজিক ক্ষতি হ্ৰাস কৰিবলৈ হলে কেনে ধৰণৰ সামাজিক বাতাৱৰণত সন্ত্ৰাসবাদৰ উদ্ভৱ হয় তাক বুজি পোৱা দৰকাৰ।বহু গুণী জ্ঞানী তথা প্ৰভাৱশালী ব্যক্তিয়ে বাৰম্বাৰ কৈ আহিছে যে আয়ৰ আপেক্ষিক বৈষম্যৰ সন্ত্ৰাসবাদ আৰু উশৃঙ্খলতা উদ্ভৱৰ সৈতে সম্পৰ্ক আছে। ২০১৩ চনত পোপ ফ্ৰান্সিচে (Pope Francis) বৰ্ণনা কৰিছে, “সমাজ আৰু মানুহৰ মাজত বহিষ্কৰণ আৰু বৈষম্য দূৰ নোহোৱা পৰ্যন্ত উশৃঙ্খলতা দূৰ কৰাটো সম্ভৱ নহব।সংঘৰ্ষ তত্ব(Conflict Theory), ওলফগেং আৰু ফেৰাকুটি চাপ তত্ব(Wolfgang and Ferracuti Strain Theory), সুযোগ তত্ব(Opportunity Theory),সামাজিক বেমেজালি তত্ব (Social Disorganization Theory), অপৰাধৰ অৰ্থনৈতিক তত্বসমূহ(Economic Theories of Crime), আপেক্ষিক বঞ্চনাৰ তত্ব( Relative  Deprivation Theory) আৰু উপ-সংস্কৃতি তত্বসমূহকে( Subcultural Theories) ধৰি এলানি তত্বই প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে অপৰাধ আৰু অৰ্থনৈতিক অৱস্থাৰ মাজৰ সংযোগৰ অনুসন্ধান কৰিছে।

যেতিয়া সমাজৰ উচ্চ স্তৰৰ লোকসকলে নিজে সকলোধৰণৰ অৰ্থনৈতিক লাভালাভ হস্তগত কৰি সমাজৰ নিৰ্দিষ্ট কিছুমান গোটক উন্নয়নৰ সুযোগ সুবিধাৰ পৰা পদ্ধতিগত ভাৱে বঞ্চিত কৰে আৰু তেওঁলোক কৰ্মবিহীন হৈ পৰে, তেতিয়া বঞ্চিতকৰণে হতাশাগ্ৰস্ততা নমাই আনে। তেনে পৰিস্থিতিৰ পৰাই মৌলবাদ আৰু সন্ত্ৰাসবাদৰ উদ্ভৱ হয়।বহুতো উন্নয়নশীল দেশত বুজন সংখ্যক সু-শিক্ষিত যুৱক-যুৱতী কৰ্মহীন হৈ থাকিব লগাটো চিন্তনীয় বিষয় হৈ পৰিছে।পৰিসাংখ্যিক তথ্যবোৰেও আয়ৰ বৈষম্য আৰু হিংসা-হত্যা আদিৰ মাজত সম্পৰ্ক প্ৰতিপন্ন কৰিছে।সেইদৰে কৰ্মবিহীনতাই চৰমপন্থী গোটবোৰত যোগদানৰ ক্ষেত্ৰত এক উৰ্বৰা ক্ষেত্ৰৰ সৃষ্টি কৰিছে।জানিব পৰা মতে, উগ্ৰবাদী গোট আইছিছে(ISIS) তেওঁলোকৰ যোদ্ধাসকলক প্ৰতিমাহে ৫০০ মাৰ্কিন ডলাৰ বেতন আগ বঢ়ায়।গ্ৰাম্যাঞ্চলৰ অশিক্ষিত আৰু অদক্ষ নিৱনুৱাৰ বাবে ই অতি আকৰ্ষনীয় কথা হৈ পৰিছে। অন্যান্য উগ্ৰপন্থী গোটবোৰেও এইদৰেই নিবনুৱাসকলক আকৰ্ষণ কৰিছে।আনকি সন্ত্ৰাসবাদী গোটে বুজন পৰিমাণৰ ধন খৰচ কৰি আত্মঘাতী বোমাৰুৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ে। দ্য আইৰিছ টাইমছৰ(The Irish Times) খবৰ অনুযায়ী ছাদ্দাম হুছেইনে পেলেষ্টাইনী আত্মঘাতী বোমাৰুৰ পৰিয়ালক ২৫,০০০ মা্ৰ্কিন ডলাৰ পৰ্যন্ত ধন দিছিল। জেহাদীসকলে নিজৰ দেশৰ লোকসকলৰ বাবে সামাজিক কল্যাণমূলক কাম কৰিবলৈ যথেষ্ট ধন লাভ কৰে। গতিকে উগ্ৰবাদী গোটবোৰৰ প্ৰতি আকৰ্ষিত হোৱাৰ অনেক কাৰণ আছে।এনে পৰিপেক্ষিততে উল্লেখ কৰিব পাৰি যে, আমাৰ চৰকাৰবোৰে জলন্ত সমস্যাবোৰ আন্তৰিকতাৰে সমাধানৰ কথা চিন্তা কৰা পৰিলক্ষিত হোৱা নাইসেয়েহে ভাৰতবৰ্ষৰ নিৱনুৱাৰ সংখ্যা বিগত বছৰত ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে।আমাৰ অসমতে শেহতীয়া মাত্ৰ এটা বছৰৰ ভিতৰতে নিবনুৱা প্ৰায় চাৰি লাখৰো অধিক বৃদ্ধি পাইছে২০১৮ চনৰ শেষৰলৈকে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২০,৩৬,১১৮ গৰাকী। এনে অৱস্থাতো ইতিমধ্যে মেধাৰ ভিত্তিত নিযুক্তিপ্ৰাপ্ত ৰাজ্যখনৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰি চৰকাৰে তেওঁলোকক আন্দোলনৰ পথ লবলৈ দিয়াটো সমীচীন হোৱা নাই।মুঠতে, দেশৰ চৰকাৰে কেৱল পুঁজিপতিসকলক লগত লৈ দেশখন চহকী কৰিবলৈ নগৈ সৰ্বসাধাৰণ জনতাৰ পক্ষত থিয় দিলেহে প্ৰকৃত পক্ষত দেশ প্ৰগতিৰ পথত আগুৱাই যাব। মনত ৰখা দৰকাৰ যে ৰবাত যদি দৰিদ্ৰতা থাকে তেন্তে সকলো ঠাইৰ সমৃদ্ধিৰ প্ৰতি ভাবুকি আহিব পাৰেসেয়েহে দেশৰ জনতাক চৰকাৰী বঞ্চনাৰ বলি হবলৈ দিয়া উচিত নহয়।তেতিয়া চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই বঞ্চিতসকলে আইনৰ সহায় বিচাৰে। ইয়াৰ ফলত দেশৰ ন্যায়ালয়সমূহতো অনাকাঙ্খিত ভাৱে কামৰ হেঁচা পৰিব ধৰে।

সন্ত্ৰাসবাদৰ চালিকা শক্তি স্বৰূপে বৈষম্যৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰিধিৰ লগে লগে গোলকীয় বিস্তৃতিও আছেআন্তৰ্জাতিক সংস্থা অক্সফাৰ্মে তথ্য দাঙি ধৰিছে যে বিশ্বৰ ৮৫জন ধনী ব্যক্তিৰ ধন-সম্পত্তিৰ পৰিমাণ বিশ্বৰ ৩.৬ বিলিয়ন অতি দৰিদ্ৰলোকৰ ধন-সম্পত্তিৰ সমান। আয়ৰ বৈষম্য যিমানেই অধিক হয় সিমানেই অধিক সন্ত্ৰাসবাদ বৃদ্ধি পায়। ইয়াৰ অনেক বলিষ্ঠ উদাহৰণ আছে। এই প্ৰতিক্ৰিয়াটো অৰ্থনৈতিক ভাৱেও অপৰিহাৰ্য।সমাজৰ আয়ৰ বৈষম্যৰ বাবে হতাশাগ্ৰস্ততাৰেই ই প্ৰত্যক্ষ পৰিণতি। ইয়াৰ ফলত সন্ত্ৰাসবাদী কন্ঠস্বৰৰ প্ৰতিবাদ আৰম্ভ হয় আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ যোগেদি সম্পদৰ পুনৰ বিতৰণ ঘটায়। এয়া আপেক্ষিক বঞ্চনা তত্বৰ সৈতে সামঞ্জস্যপূৰ্ণ। তাৰোপৰি সন্ত্ৰাসবাদক প্ৰৰোচিত কৰিব পৰা ধৰণৰ সামাজিক ক্ষতি কৰি বৈষম্যই প্ৰৰোক্ষভাৱে সন্ত্ৰাসবাদক অৰিহণা যোগাব পাৰে।বৈষম্যৰ ফলত অনুষ্ঠান প্ৰতিষ্ঠানৰ অৱক্ষয়(আইন-কানুনৰ অৱনতি)ঘটিলেও আৰ্থ-সামাজিক অৱস্থাৰ অৱনতিতকৈ বেছি প্ৰচণ্ডভাৱে এই প্ৰৰোক্ষ সংযোগবোৰে কাম কৰে।

বৈষম্যই অৰ্থনীতিৰ অনিষ্ট সাধন কৰিছে। অধিকাংশ লোকে উপৰঞ্চি আয়ৰ ধন খৰচ কৰে। পিচে ধনীসকলে অসমানুপাতিক ভাৱে অতিৰিক্ত আয় সঞ্চয় কৰিব খোজে, এই কথাই বুজায় যে আয় কেন্দ্ৰীভূত কৰণে উপভোক্তাৰ চাহিদা বিনাশ কৰে আৰু নতুন বিনিয়োগৰ বিকাশ ক্ষমতালৈ ভাবুকি নমাই আনে-যিটো ১৯২০ আৰু ১৯৩০ চনত ঘটিছিল। ১৯২০ চনৰলৈকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি দ্ৰুতগতিত বাঢ়ি গল, আৰু ১৯২০ চন আৰু ১৯২৯ চনৰ ভিতৰত দেশৰ সম্পদ দুগুণতকৈ অধিক হএই সময়ছোৱাক ‘The Roaring Twenties.’ আখ্যা দিয়া হৈছিল।কিন্তু অৱশেষত মহামন্দাৰ কলীয়া ডাৱৰে আৱৰি ধৰি অৰ্থনীতি থানবান কৰি দিলে।

ধনী আৰু দুখীয়াৰ মাজৰ প্ৰভেদ বাঢ়ি গৈয়ে আছে। অৰ্থনৈতিক সহযোগিতাৰ দেশৰ ২০১৫ চনৰ এক তথ্য অনুযায়ী অৰ্থনৈতিক সহযোগিতামূলক দেশবোৰৰ ১০ শতাংশ জনসংখ্যাই অতি দৰিদ্ৰ ১০ শতাংশ লোকতকৈ ৯.৬ গুণ অধিক উপাৰ্জন কৰে। অলপতে জানিব পৰা গৈছে যে বৰ্ধিত বৈষম্যই উশৃঙ্খলতা আৰু চৰম পন্থা বেছি কৰি দিয়ে। সমাজত যিমান বেছি বৈষম্য বৃদ্ধি পাব সুবিধাবাদী গোটবোৰে সিমান বেছিকৈ শ্ৰেণী বিভাজনক সমৰ্থন জনায়। ওচলো বিশ্ব বিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক  Lotte Thomsen য়ে কৈছে যে এই শ্ৰেণীৰ লোকসকলে নিজৰ স্থিতি সবল কৰি ৰাখিবৰ বাবে উশৃঙ্খলতাক ব্যৱহাৰ কৰিবলৈ অধিক আগ্ৰহী। স্বাস্থ্য ৰক্ষা আৰু শিক্ষাৰ অভাৱ, গণতন্ত্ৰৰ অভাৱ, মুক্তভাৱে ভাৱ প্ৰকাশৰ অভাৱ আৰু লিংগ সমতা নোহোৱাকৈ বৈষম্য বৃদ্ধি পাই গৈছে। শ্বেত আমেৰিকান নাগৰিকসকলে উশৃংঙ্খলতাক ব্যৱহাৰ কৰাত আগ্ৰহী। ফ্লুৰিদা, ইণ্ডিয়ানা আৰু আলাবামা আদি বৈষম্য আৰু সামাজিক সমস্যা তুলনামূলকভাৱে অধিক ৰাজ্যবোৰত শ্বেতলোকসকলে শ্ৰেণী বিভাজনক বেছিকৈ সমৰ্থন কৰে। পৰিণাম স্বৰূপে শ্ৰেণী বিভাজনত নিজৰ স্থান শীৰ্ষত ৰাখিবলৈ তেওঁলোকে আনসকলক হেঁচা দি ৰাখিব খোজে। বেছি বৈষম্যৰ সমাজত নিজৰ সুবিধাজনক অৱস্থা লাভ কৰিবলৈ শ্ৰেণী বিভাজনক সমৰ্থন কৰাটোৱেই পথ বা উপায় হব পাৰে।

ভাৰতবৰ্ষৰ উপ ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনচাৰীয়ে তেখেতৰ বক্তৃতাত কৈছে-বাঢ়ি অহা বৈষম্য সামাজিক আৰু ৰাষ্ট্ৰীয় উভয় স্তৰতে সংঘৰ্ষ আনি দিব পাৰে যি পৰ্যন্ত ধনী আৰু দুখীয়াৰ মাজৰ বৈষম্যৰ আপেক্ষিক স্তৰ মাত্ৰাধিক বহল নহয় সেই পৰ্যন্ত ৰাজনৈতিক কোলাহল এৰাই চলেঠিক একেদৰে আনবিলাক অধ্যয়ণেও সূচনা কৰিছে যে গোটসমূৰ মাজত বৃহ বৈষম্য থকা অৱস্থাসমূহতহে সামাজিক সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কিছুমান অধ্যয়ণে মন্তব্য কৰিছে যে দেশৰ গড় জনমুৰি আয়তকৈ অধিক নিম্ন স্তৰৰ আয়ৰ নৃগোষ্ঠীৰ দলসূহেই গৃহযুদ্ধত লিপ্ত হোৱাৰ সম্ভাৱনা থাকে। সমগ্ৰ বিশ্বতে নতুন প্ৰতিবাদী গতিধাৰা আৰম্ভ হৈছে, দ্ৰুতগতিত বৃদ্ধি পোৱা বৈষম্যৰ বিৰূদ্ধে যুক্তিসংগতভাৱে  হৈ-হাল্লা কৰিছে। 

কিন্তু ধনী দেশবোৰত, বিশেষকৈ আমেৰিকাৰ দৰে দেশবোৰত কি ঘটিছে তাৰ ওপৰতে অধিক আলোকপাত কৰি আলোচনাবোৰ হৈছিল। বি্শ্বৰ অন্য দেশবোৰৰ বৈষম্যৰ সন্দৰ্ভত কমেই জানিব পৰা যায়। সাধাৰণভাৱে বৈষম্য উৰ্ধগামী হোৱা নাই। সকলো ঠাইতে বৈষম্য বাঢ়ি গৈছে বুলি ভৱাটো ভুল হব। ২৫ টা বছৰত বহুতো দেশত বৈষম্য বাঢ়ি গৈছে আৰু আন বহুতো দেশত কমি গৈছে। দেখা গৈছে যে বৈষম্য সৰ্বব্যাপী বৃদ্ধি পাই যোৱা নাই, গোলকীকৰণৰ পথত বৈষম্য অনিবাৰ্য নহয়, আৰু এইটো ইংগিত দিয়ে যে ব্যক্তিগত স্তৰত দেশবোৰে ৰাজনীতি আৰু নীতি নিৰ্দেশনাৰ যোগেদি বৈষম্য কমাব বা বঢ়াব পাৰে। এইদৰেই এখন দেশৰ লগত আন খন দেশৰ বৈষম্য পৃথক হব পাৰে। বৈযম্যৰ ক্ষেত্ৰত লেটিন আমেৰিকাই শীৰ্ষ স্থান দখল কৰা সময়ত স্কেণ্ডিনাভিয়া সৰ্ব নিম্ন বৈষম্যৰ দেশৰ শাৰীত পৰিছে। চীন, ভাৰত, আমেৰিকা আৰু ইণ্ডোনেচিয়াকে ধৰি বিশ্বৰ বহুতো ঘন জনবসতিপূৰ্ণ দেশত ১৯৯০ চনৰ পৰা ২০১৫ চনলৈ বৈষম্য বৃদ্ধি পালে। বৈষম্য বৃদ্ধি গোলকীয় অৰ্থনৈতিক শক্তিৰ ফলত উদ্ভৱ অৱশ্যম্ভাৱী, নিযন্ত্ৰণৰ বাহিৰত নহয়। বিতৰণৰ মাজেদি এই শক্তিবোৰে আয়ৰ ওপৰত কেনে প্ৰভাৱ পেলায় তাক গঢ় দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ, ৰাজনীতি আৰু নীতি নিৰ্দেশনাই এক প্ৰধান ভূমিকা পালন কৰে।  বৈষম্য হ্ৰাস কৰিবলৈ কি উপায় কৰিব পৰা যাব তাক জানিবলৈ হলে দেশবোৰৰ মাজত থকা পাৰ্থক্যবোৰৰ প্ৰতি মনোযোগ দিব লাগিব। পুনৰ বিতৰণ পদ্ধতিৰ(যি বজাৰত সৃষ্টি হোৱা আয়ৰ বৈষম্য দূৰ কৰাত সহায় কৰে) প্ৰচেষ্টা বৈষম্য হ্ৰাস কৰাত সম্পূৰ্ণ কাৰ্যকৰী আৰু তাৰ ফলত সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস হয়। ভৱিষ্যতৰ উশৃঙ্খলতা ৰোধ কৰিবলৈ হলে উচ্চ স্তৰীয় প্ৰত্যয় আৰু বলিষ্ঠ জনগোষ্ঠীৰে এক নিম্ন বৈষম্যৰ সমাজ গঢ়ি তুলিব লাগিব।
----------)(---------

বিঃদ্ৰঃপ্ৰবন্ধটো "সাদিন "কাকতৰ 27 চেপ্তেম্বৰ,2019 তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷

No comments:

Post a Comment