Saturday 4 February 2023

অপৰিসীম ধৈৰ্যৰ প্ৰতীক স্বৰূপ মান্যবৰ ঠগেন গগৈ দেৱৰ পৱিত্ৰ স্মৃতিত পুষ্পাঞ্জলী তৰ্পণ

বিচিত্ৰ মানৱ জীৱনত সফলতা প্ৰাপ্তিৰ বাবে কেৱল নিপুণতা, কৰ্মদক্ষতা,যোগ্যতা আৰু পাৰদৰ্শীতা থাকিলেই নহ’ব, লগতে অপৰিসীম ধৈৰ্যৰো প্ৰয়োজন।সেয়েহে নিপুণ, কৰ্মদক্ষ আৰু পাৰদৰ্শী লোকেও ধৈৰ্যৰ অভাৱতে সফলতা লাভ কৰিব নোৱাৰে।তেনে লোকে ধৈৰ্যৰ বান্ধ ছিগি যোৱাৰ ফলত সফলতা প্ৰাপ্তিৰ বাবে ব্যগ্ৰ হৈ পৰি উগ্ৰতা প্ৰদৰ্শন কৰে, বহুলোকে তেনে ক্ষেত্ৰত দুৰ্নীতি, মিথ্যাচাৰ আৰু ব্যভিচাৰৰ আশ্ৰয় লয়।এনেবোৰ কাৰণতে মানৱ সমাজখন উশৃঙ্খল হৈ পৰে আৰু শান্তি ভঙ্গ হয়।যোগ্যজনক বঞ্চিত কৰি তুলনামূলকভাৱে অযোগ্যজনে ক্ষণিকৰ বাবে হ’লেও নিজকে সফলকাম কৰি তোলে; কিন্তু যোগ্যজনে আনে স্বীকৃতি নিদিলেও সকলো ক্ষেত্ৰতে নিজৰ যোগ্যতা অতুত ৰাখি, সমাজৰ আইন-শৃঙ্খলা মানি চলি শান্তিপূৰ্ণভাৱে জীৱনটো আগুৱাই নিয়ে।এইসকল লোকে জীৱনৰ সফল পৰিসমাপ্তি ঘটাই নিজৰ যোগ্যতাৰ পৰিচয় অন্তিম বাৰৰ বাবে দি যায়।পৰম শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱৰো সৌসিদিনা জীৱনৰ সফল পৰিসমাপ্তি ঘটিল।নিজৰ যোগ্যতাৰে গঢ় দিয়া সংসাৰখনৰ আত্মীয়-স্বজনৰ বিপুল আদৰ-সন্মান আৰু আলপৈচনৰ মাজেদি জীৱনৰ শেষৰ দিনকেইটো অভিজ্ঞ ডাক্তৰৰ নিৰীক্ষণত অতিবাহিত কৰি আমাৰ দদাইদেউ ঠগেন গগৈদেৱে আটাইকে শোক সাগৰত ডুবাই অনন্ত অনাদি ধামত ধ্যানত মগ্নজনৰ আহ্বানত তালৈ বিদেহ আত্মা হৈ অদৃশ্য ৰথত উঠি গমণ কৰিলে। ঠগেন গগৈদেৱৰ জীৱন-সংগ্ৰামৰ জটিল সময়ছোৱাৰ মাজতেই আমি তেওঁক লগ পাইছিলোঁ।বিদ্যালয়ৰ সহকৰ্মী হিচাপে আমাৰ পৰিচয় ঘটিছিল।শান্ত-শিষ্ট তথা অমায়িক স্বভাৱৰ জ্যেষ্ঠ শিক্ষকজনৰ কথা-বতৰা আৰু ভাৱ-ভঙ্গীত আন্তৰিকতা উপচি পৰিছিল।তাহানিতেই আমাৰ মনত ৰেখাপাত কৰি যোৱা সেই আন্তৰিকতাৰ ওৰ নপৰিল।অলপ দিনৰ পিছতেই তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰিলে।তেতিয়া তেওঁৰ আন্তৰিকতাৰ প্ৰভাৱে বিদ্যালয়ৰ প্ৰতি আমাৰো দায়িত্ব বৃদ্ধি কৰিলে।হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ পিছত কলেজীয়া জীৱনৰ পাতনি মেলাৰ লগে লগে আমি সমান্তৰাল ভাৱে শিক্ষকতাৰে কৰ্ম জীৱনৰো পাতনি মেলিব লগা হৈছিল। সেই গতিধাৰাৰ যতি পৰিছিল ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত ছাত্ৰ জীৱনৰ পাতনি মেলোঁতে।দুটা বছৰত বিশ্ব বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি পুনৰ আমাৰ কৰ্ম জীৱনৰ আৰম্ভণী হয় শিক্ষকতাৰেই। ঠগেন গগৈদেৱে জ্যেষ্ঠ শিক্ষক হিচাপে আমাক যিবোৰ কথা শিকাইছিল পূৰ্বতে কোনেও শিকোৱা নাছিল।তেওঁৰ উপদেশবোৰে আমাৰ কৰ্ম জীৱনৰ জটিলতা কিছুমান দূৰ কৰাত সহায়ক হৈছিল।বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্ন সাজ-পোছাক পৰিধান কৰিহে কাৰ্যালয়লৈ যোৱা ক্ষেত্ৰত তেওঁ বেছি গুৰুত্ব আৰোপ কৰিছিল। ঠগেন গগৈদেৱৰ জ্ঞান পিপাসু স্বভাৱটোৱে সততে আমাক আকৰ্ষণ কৰিছিল।সমাজৰ সকলো দিশতে, সকলো বিষয়তে তেওঁ নজৰ ৰাখিছিল।সেয়েহে সকলো ধৰণৰ আলোচনাতে ভাগ লৈ নিজৰ জ্ঞান গৰীমা প্ৰকাশ কৰিব পাৰিছিল।আমি জনাত তেওঁ আজৰি পালেই বিভিন্ন বিষয়ৰ পুথি অধ্যয়ন কৰিছিল।চাকৰি কৰি থকা সময়ছোৱাত শিক্ষা বিষয়ক কিতাপ-পত্ৰ অনেক অধ্যয়ন কৰিছিল আৰু তাৰ যোগেদি প্ৰলব্ধ জ্ঞানৰাশি কৰ্ম জীৱনৰ প্ৰায়োগিক দিশত প্ৰয়োগ কৰিছিল।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ ফলাফল অধিক ভাল কৰিবিলৈ অনবৰতে তেওঁক চিন্তান্বিত হৈ থকা দেখা গৈছিল।আমি জনাত এই বিষয়ত কি ব্যৱস্থা ল’লে ভাল হ’ব সেই সন্দৰ্ভত আন আন ওচৰ-পাজৰৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক সকলৰ লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু তাক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিছিল।।মুঠতে ক’বলৈ গ’লে তেওঁ বিদ্যালয়খনৰ উন্নতিৰ বাবে নিজৰ ব্যক্তিগত জীৱনৰো অধিকাংশ সময় ব্যয় কৰিছিল। এজন প্ৰধান শিক্ষক হিচাপে তেওঁ উৰ্ধতম কৰ্তৃপক্ষৰ সতে সততে যোগাযোগ ৰক্ষা কৰি চলিছিল।বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰাৰ পৰা আৰম্ভ কৰি আৰ্থিক অনুদান লাভ কৰালৈকে অনেকবাৰ অফিচলৈ বাটকুৰি বাব লগীয়া হৈছিল আৰু তেওঁ অক্লান্ত ভাৱে সেয়া কৰি গৈছিল আৰু অৱশেষত তেওঁৰ মৰমৰ বিদ্যালয়খনৰ গৃহ সজ্জাৰ পূৰ্ণতা প্ৰাপ্তি ঘটিছিল।তাতেই তেওঁ যেন জীৱনৰ চৰম আনন্দ লাভ কৰিছিল। ঠগেন গগৈদেৱে সদায়ে তেওঁৰ সহকৰ্মীসকলৰ লগত এক সু-সম্পৰ্ক বজাই ৰাখিছিল। কাৰোৰে সৈতে কাহানিও হাই-কাজিয়াত লিপ্ত হোৱা নাছিল।সহকৰ্মীসকলৰ সুখত সুখী হৈছিল আৰু দুখত আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছিল।সেয়েহে তেওঁ এজন সৰবৰহী লোক হৈ পৰিছিল।যিকোনো পৰিবেশতে নিজৰ বিদ্যালয়ৰ শিক্ষকসকলে যাতে সময়মতে মাহেকীয়া দৰ্মহা লাভ কৰিব পাৰে তাৰ বাবে সততেই সজাগ হৈ থাকে আৰু নিজৰ কষ্টক আওকান কৰি সেয়া সম্ভৱপৰ কৰিহে এৰে।তেওঁৰ সহকাৰী শিক্ষকসকলৰ যেয়ে যেনেকৈ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা কিবা সা-সুবিধা লাভ কৰাৰ যোগ্যতা ৰাখে তাক ফলৱতী কৰাত সততেই হাত উজান দিছিল।সেই বাবেই আমিও তেওঁৰ অনুগ্ৰহত সুদূৰ হিমাচল প্ৰদেশৰ শিমলাত এন চি ই আৰ টিৰ অধীনত পুতলা নিৰ্মাণৰ এমহীয়া প্ৰশিক্ষণত ভাগ ল’বলৈ সুযোগ পাইছিলোঁ। ইয়াৰ বাবে আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’লোঁ। আমাৰ প্ৰৱন্ধ-পাতি অসমীয়া কাকত-আলোচনীত প্ৰকাশ পাই থকা দিনবোৰত যেতিয়া সন্মানীয় ঠগেন গগৈদেৱক লগ পাইছিলোঁ তেতিয়া আমাক যিদৰে লিখি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল সেয়া চিৰস্মৰণীয় হৈ ৰ’ব।কেৱল আমাৰ ক্ষেত্ৰতেই নহয়, তেওঁক শেষ বাৰৰ বাবে লগ পোৱাৰ দিনা আমাৰ পূৰ্বৰ সহকৰ্মী তথা বৰ্তমান সময়ৰ সু-লেখক চাবুৱাৰ শ্ৰীযুত যতীন নেওঁগদেৱৰো তেওঁ ভূয়সী প্ৰসংশা কৰিছে।এইবাৰৰ আগত লগ পাওঁতে আমাৰ তাহানিৰ সহকৰ্মী তথা বৰ্তমান শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীযুত গুণ শইকীয়াদেৱ আৰু আমাৰ সহকৰ্মী ৰাম চন্দ্ৰ গোহাঁইৰ প্ৰসংশাত তেওঁ পঞ্চমুখ হৈ পৰিছিল। আমি শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱক তেওঁলোকৰ গৃহত অন্তিম বাৰৰ বাবে তেওঁৰ মৃত্যুৰ মাথো কেইদিনমানৰ আগত, বিগত বছৰৰ নবেম্বৰ মাহৰ আঠাইশ তাৰিখে লগ কৰিছিলোঁগৈ।পাৰ হৈ যোৱা অসুখৰ পিছত তেতিয়া তেওঁ ক্ৰমান্বয়ে আৰোগ্য লাভ কৰা বুলি আমাক জনাইছিল।অশীতিপৰ দদাইদেৱে নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত গৌৰৱেৰে কৈছিল যে অত’দিনে মধূমেহ, ৰক্তচাপ আদি কোনো ধৰণৰ জটিল ৰোগত নোভোগাকৈ আৰু চুলি নপকাকৈ থাকিল তেওঁ।সেইদিনা তেওঁৰ পৰা বিদায় লৈ আহি বাটত আমি কৈছিলোঁ, “দদাইদেউ পুনৰ সম্পূৰ্ণ সুস্থ হৈ পৰিব চাবা”; কিন্তু বিধিৰ যি বিধান সেইমতেই সকলো হৈ গ’ল। লগে লগে সমাজৰ বাবে তথা আমাৰ সকলোৰে বাবে এএক অপূৰণীয় ক্ষতি হ’ল।শেষত শিশুৰ দৰে সৰলতাৰে নিজৰ খং আৰু অভিমান প্ৰকাশ কৰোঁতা মান্যবৰ আমাৰ দদাইদেউ ঠগেন গগৈদেৱৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ওম্ শান্তি, ওম্ শান্তি। ----সমাপ্ত------ বিঃদ্ৰঃ ১৯৮০চনত মই ডিব্ৰুগড বিশ্ব বিদ্যালয়ৰ পৰা এম এ পাছ কৰি লগে লগে ডিব্ৰুগডৰ বকুল হাইস্কুলত ইংৰাজী পঢাবৰ বাবে সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলোঁ।সেই স্কুলৰে প্ৰতিস্থাপক শিক্ষক স্বনাম ধন্য ঠগেন গগৈদেৱে অলপ দিনৰ পিছত প্ৰধান শিক্ষক হৈ সময়ত অৱসৰ গ্ৰহণ কৰিলে। বিদ্যালয়খনত পাঁচটা বছৰ শিক্ষকতা কৰি বেংকৰ চাকৰিত যোগদান কৰি পিছত তেখেতৰ ভতিজী ৰুমী গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হওঁ। সেয়ে তেখেত মোৰ সম্বন্ধত দদাইদেউ হয়। ১৬ দানুৱাৰী , ২০২৩ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।লেখাটো তেখেতৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাৰ্ঘ্য নামেৰে নামাকৰণ কৰা স্মৰণিকাত প্ৰকাশ পাইছে।

No comments:

Post a Comment