Monday 10 July 2023

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা দিনবোৰৰ স্মৃতি ৰোমন্থন

তেতিয়া মোৰ বয়স ছয় বছৰ হোৱাই নাছিল, স্কুললৈ যাবলৈ ব্যাকুল হৈ পৰিলোঁ।খেল ধেমালীৰ লগৰীয়া, কাণসমনীয়া বাল্য বন্ধু শৰতেও চাগৈ মোৰ দৰেই স্কুললৈ য়োৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁৰ দেউতাক, ঢকুৱাখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তথা আমাৰ ককা চন্দ্ৰ দাসদেৱে এদিন আমাক নি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ক মান শ্ৰেণীত নাম ভৰ্তি কৰাই দিলে।মই লেখা-পঢ়া বিষয়ৰ সামান্যতমো কথা ঘৰত শিকা নাছিলোঁ বা ঘৰত কোনেও কাহানিও মোক একো শিকোৱা নাছিল। ক, খ ,গ, ঘ এইবোৰনো কি মই জনা নাছিলোঁ।স্কুলত শিক্ষকে মাটি পেন্সিলেৰে মাটিৰ স্লেটত সেইবোৰ লিখিবলৈ কওঁতে মই বাকীবোৰ বুজি নাপাই ঘ মানে ঘৰ লিখিব বা অঁকিব দিছে বুলি ভাৱি লৈ ঘৰৰ ছবি এটা আঁকি শিক্ষকক দেখুৱাইছিলোঁ।ঘৰৰ ছবি আঁকি শিক্ষা জীৱনৰ পাতনি মেলা মুহূৰ্তত ছাৰে মোৰ মুখলৈ ৰলাগি চোৱা দৃশ্য আজিও মানস পটত ভাঁহি উঠে।ছাৰে কি ভাৱিছিল নাজানো, ভাল অথবা বেয়া একো মন্তব্য দিয়া নাছিল বাবে মই নিজৰ পাৰদৰ্শিতাত সন্তুষ্টি লাভ কৰিছিলোঁ।ক্ষন্তেক পিছতে ছাৰে মোৰ স্লেট পেন্সিল লৈ তাত অলপ ডাঙৰকৈ ক আখৰটো লিখি দি ক’লে, “এইটো ক আখৰ হয়, তুমি আঁকিব পাৰিবানে?”।মই পাৰিম বুলি কৈ ক্ষন্তেকতে ক আখৰটো চাই চাই আঁকি পেলালোঁ, মানে লিখি পেলালো।এইদৰেই ক, খ বোৰ অঁকাৰ লগতে আম,অমিতা,মানুহ, জীৱ-জন্তু আৰু অন্যান্য ছবিবোৰ আঁকি দিনবোৰ পাৰ কৰিব ধৰিলোঁ।মোৰ যিমানদূৰ মনত পৰে, মই ক মান শ্ৰেণীত মাথো এটা বছৰেই আছিলোঁ এনে নহয়, বেছি দিন আছিলোঁ।সেয়েহে ষোল্ল বছৰ বয়সত এম ভি পৰীক্ষা পাছ কৰি গৈ ঢকুৱাখনা হাইস্কুলত নাম ভৰ্তি কৰিছিলোঁ আৰু ১৯৭৩ চনত মেট্ৰিক পাছ কৰোঁতে বয়স উন্নৈশ বছৰ হৈছিল। অৱশেষত ক মান শ্ৰেণীৰ পৰা খ মান শ্ৰেণীলৈ উতীৰ্ণ হলোঁ।শ্ৰেণীৰ ভিতৰতে মই প্ৰথম হলোঁ।এতিয়াও ভালদৰে মনত আছে মোৰ সহপাঠী মাণিকপুৰ গাঁৱৰ জালালউদ্দীনে দ্বিতীয় স্থান লাভ কৰিছিল।বিদ্যালয়ৰ বছেৰেকীয়া অধিবেশনৰ লগতে প্ৰতি বছৰেই বটা বিতৰণী সভাও অনুস্থিত হয়।প্ৰথম হৈ প্ৰমোছন পোৱা বাবে মোক তদানীন্তন উদীয়মান লেখক ফনী বৰগোঁহাঞিদেৱে ৰচনা কৰা সাধু কিতাপ ৰঘূবংশৰ কথা পুৰষ্কাৰ স্বৰূপে দিছিল।তাৰ পিছৰ বছৰ দ্বিতীয় স্থান পাওঁতে ফনী বৰগোঁহাঞি দেৱইে লিখা মহামায়াৰ সাধু নামৰ কিতাপখন পুৰষ্কাৰ স্বৰূপে দিছিল।(অৱশ্যে, পিছত বিদ্যালয়লৈ ঘাঁহি গাঁৱৰ কুশল হাজৰিকা আৰু যোগেশ বৰুৱা,বান্টৌ গাঁৱৰ পূৰ্ণানন্দ গগৈ আদি ছাত্ৰসকল অহাত তেওঁলোকক চেৰ পেলাই প্ৰথম দ্বিতীয় স্থান লাভ কৰিব নোৱাৰা হলোঁ।) পাঠ্যপুথিৰ উপৰি জীৱনত প্ৰথম পঢ়া বাহিৰা কিতাপ আছিল এই দুখনেই। অতি হেঁপাহেৰে কিতাপ দুখন পঢ়িছিলোঁ।এবাৰ নহয়, বহুবাৰ পঢ়িলোঁ আৰু কিতাপ দুখনো বহুবছৰ ধৰি সংৰক্ষণ কৰি থৈ অৱশেষত ঢকুৱাখনা বালি গাঁৱৰ নেহেৰু অধ্যয়ন চক্ৰ নামৰ পুথিভঁৰালত থ’বলৈ দান কৰি দিলোঁ।।তেতিয়াৰ পৰাই সাধু কিতাপ পালেই পঢ়িব ধৰিলোঁ। কিতাপ পঢ়াৰ হেঁপাহ পূৰণ কৰিবলৈ বিদ্যালয়ৰ পুথিভঁৰালত অসমীয়া আৰু ইংৰাজী ভাষাত বহুতো শিশু উপযোগী কিতাপ আছিল।সেইবোৰৰ নিয়মীয়া পঢ়ুৱৈ হৈ পৰিলো। আজি কালিৰ দৰে আমি বিদ্যালয়ত পঢ়ি থকা দিনত বিদ্যালয়ৰ পাঠ্য-পুথিসমূহ সঘনাই সলনি কৰি থকা নাছিল বাবে আমাৰ দৰে দৰিদ্ৰ কৃষকৰ সন্তানে নতুন কিতাপ নিকিনাকৈ আনৰ পৰা পুৰণি কিতাপ খুজি আনি পঢ়িবলৈ সুবিধা হৈছিল।অমৃত বৰগোহাঁঞি মোৰ ওপৰৰ শ্ৰেণীত আৰু তেওঁৰ ভাগিনিয়েক দেৱাশীষ বুঢ়াগোহাঁই মোৰ তলৰ শ্ৰেণীত পঢ়িছিল বাবে প্ৰতি বছৰেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দিনা মোৰ কিতাপবোৰ নি দেবাশীষক দি অমৃতৰ কিতাপখিনি লৈ আহিছিলোগৈ।সেইবোৰ পুৰণি হ’লেও মই কিতাপবোৰত নতুন কিতাপৰেই গোন্ধ পাইছিলোঁ।মনটো উৎফুল্লিত হৈ পৰিছিল আৰু সেইবোৰ যিমান পাৰোঁ পঢ়াত ব্যস্ত হৈ পৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ বছেৰেকীয়া অধিৱেশনত এবাৰ ভীম বকাসুৰৰ যুদ্ধ পৰিৱেশন কৰা হৈছিল।তাত মই বকাসুৰৰ ভাও দিছিলোঁ আৰু আমাৰ গাঁৱৰ হীৰা চুতীয়াই অতি নিখুঁতভাৱে ভীমৰ ভাওত অভিনয় কৰিছিল। সেয়ে তেতিয়াৰ পৰাই হীৰাক আটায়ে কলিৰ ভীম বুলি মাতিছিল।মোৰ ভাগ্য ভাল আছিল যে কোনো দিনে বিদ্যালয়লৈ নোযোৱা আমাৰ পিতৃদেৱতা গৈ আমাৰ ভীম বকাসুৰৰ যুদ্ধ উপভোগ কৰিছিল।কথাবোৰ মোৰ আজিও স্পষ্ট মনত আছে। অনুস্থান শেষ হোৱাৰ পিছত দেউতাই মোক কেইঅনামান পইচা দিছিল। তাৰ পৰাই অনুমান হৈছিল যে আমাৰ অভিনয় চাই দেউতা বহুত অধিক অভিষিক্ত হৈছিল। আমাৰ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত ছাত্ৰসকলক কেৱল পাঠ্য-পুথিৰ জ্ঞানেই নিদি জীৱনত আৱশ্যক হোৱা বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয়।বিছনি, খৰাহী আদি বাঁহ বেতৰ সঁজুলি নিৰ্মাণৰ শিক্ষা আমি বিদ্যালয়তে লাভ কৰিছিলোঁ। চাফ চিকুনতাৰ জ্ঞান আমি ক মান শ্ৰেণীৰ পৰাই পাই আহিছিলোঁ।বিদ্যালয়ৰ চৌপাশ আমি ছাত্ৰসকলেই চাফ চিকুন কৰি ৰাখিছিলোঁ।ছায়াদাৰ ফুলগছৰ তলৰ নিমজ দলিছাৰ দৰে বননিত বহি যোগ বিয়োগ, পূৰণ হৰণৰ নেওঁতা আওৰুৱা কথা মনত পৰিলে আজিও নষ্টালজিক হৈ পৰোঁ।ছাত্ৰসকলক যোগ শিক্ষা প্ৰদান কৰিবলৈ আদিত্য তালুকদাৰ নামৰ যোগগুৰু এজনক আমন্ত্ৰণ কৰি অনা হৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে তেখেতৰ পৰাই যোগ শিক্ষা লাভ কৰিছিলোঁ।গুৰুজনাই আমাক তেওঁ লিখা যোগাসনৰ কিতাপ-পত্ৰও যোগান ধৰিছিল।সহজ যোগাসন নামৰ কিতাপখন আজিও সযতনে ৰাখি থৈছোঁ আৰু আৱশ্যক হ’লে সাদৰেৰে মেলি লওঁ।খেলা-ধুলা আৰু কুচ-কাৱাজ আদি বিদ্যালয়ৰ ছাত্ৰসকলৰ বাবে অপৰিহায্য আছিল।সৰস্বতী পূজা আছিল ছাত্ৰসকলৰ অতি প্ৰিয় উৎসৱ।সৰস্বতী পূজা পালন কৰোঁতেও ছাত্ৰসকলক নানা ধৰণৰ সামাজিক জ্ঞান প্ৰদান কৰা হয়।পূজাৰ কিছুদিনৰ পূৰ্বে বিদ্যালয়ত এখন সাধাৰণ সভা অনুস্থিত কৰা হয়।সভাত প্ৰথমে সৰস্বতী পূজা পতা হ’বনে নহয় সেইটো ঠিৰাং কৰা হয়।গৰিষ্ঠ সংখ্যক ছাত্ৰই পূজা পতাৰ সন্মতি প্ৰদান কৰিলেহে বিষয়টোৰ সন্দৰ্ভত আলোচনা আগুৱাই যায়।তাৰ পিছত মূৰ্তি পূজা হ’বনে নহ’ব সেই বিষয়ত সৰ্বসন্মতিক্ৰমে প্ৰস্তাব গ্ৰহণ কৰা হ’ব। ইয়াৰ পিছত আলোচনা হ’ব পূজাৰ প্ৰসাদ সন্দৰ্ভত।মাহ-প্ৰসাদ, লুচি-ভাজি নে পায়সেৰে অপ্যায়ণ কৰা হ’ব সেয়াও গৰিষ্ঠ সংখ্যক ছাত্ৰৰ সন্মতিৰ ওপৰতেই নিৰ্ভৰ কৰিব।এই দৰেই গণতান্ত্ৰিক বিচাৰ ধাৰাৰে শৃঙ্খলাবদ্ধভাৱে সমাজখন আগুৱাই নিয়াৰ শিক্ষা আমাক দিয়া হৈছিল।নীতি শিক্ষাৰ জ্ঞান প্ৰতি গৰাকী শিক্ষকেই শ্ৰেণীত ছাত্ৰসকলক নিতৌ প্ৰদান কৰিছিল।এইদৰেই গৰ্হিত কামৰ পৰা ছাত্ৰসকলক বিৰত ৰাখিছিল।আমাক স্বাৱলম্বী হবলৈ শিকোৱা হৈছিল।সৰস্বতী পূজাৰ কাম-কাজবোৰ আমি নিজৰ মাজত ভগাই লৈ কৰিছিলোঁ। পূজাৰ প্ৰসাদ বিতৰণৰ বাবে আৱশ্যক হোৱা কৌপাত সংগ্ৰহ কৰিবলৈ আমি ছাত্ৰসকল জাকে জোমে কোৱঁৰ গাঁও আৰু বৰুৱাটিকা গাঁৱৰ ডাঙৰ ডাঙৰ বাৰীত প্ৰৱেশ কৰি পিটপিটাই ফুৰিছিলোঁ আৰু কৌপাতবোৰ আনি বিদ্যালয়ত জমা কৰি পূজাৰ প্ৰসাদ বিতৰণৰ কামত ব্যৱহাৰ কৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ সমুখ ভাগত বিদ্যালয়ৰ প্ৰৱেশ পথৰ দুয়োপাৰে দুখন ফুলনি বাগিছা আছিল। মালীয়ে তাৰ তদাৰক হিচাপে কাম কৰে যদিও ছাত্ৰসকলকো বৃক্ষৰোপণ আৰু তাৰ পৰিচৰ্যাৰ জ্ঞান দিবৰ বাবে মাজে মাজে বাগিছাৰ কাম কৰিবলৈ দিয়া হৈছিল।আনহে নালাগে নাৰিকল গছ কিদৰে ৰোপণ কৰা হয় তাৰো জ্ঞান আমি লাভ কৰিছিলো।আমি ৰোপণ কৰা কেইজোপামান নাৰিকল গছ বৰ্তমানো বিদ্যালয়ৰ চৌহদত দেখিবলৈ পাওঁ। বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তিভাৱত আমাৰ শিৰ সদায়ে নত হৈ থাকে। সেইবোৰ দিনত চেকনিৰ আগতহে বিদ্যা বুলি এক দৃঢ মত পোষণ কৰা হৈছিল।বেতৰ কোবৰ পৰা হাত হাৰি থাকিবৰ বাবে পঢ়া-শুনাৰ কামবোৰ নিয়াৰিকৈ কৰিব লগা হৈছিল।আমি জানিছিলোঁ যে শিক্ষা গুৰুসকলে আমাৰ ভালৰ বাবে, আমাৰ উন্নতিৰ হকে সদায় চিন্তা কৰে আৰু মাথো সেই উদ্দেশ্য আগত ৰাখিয়েই বেতডাল হাতত লৈ ফুৰে।সেয়ে আমাৰ শ্ৰদ্ধা-ভক্তি সদায়ে অটুত আছিল।মৌখিকৰ উত্তৰ দিব নোৱাৰিলে শ্ৰদ্ধেয় মুখেশ্বৰ গগৈ ছাৰৰ সৌকাৰ কোব হাতৰ তলুৱাত পৰিবই, সেয়ে তাৰ পৰা ৰক্ষা পাবলৈ মৌখিক পাৰিবই লাগিব।।সৰু নেওঁতাৰ পৰা বৰ নেওঁতালৈকে সকলো সম্পূৰ্ণ মুখস্থ থাকিব লাগিবই, এইটো ধৰা-বন্ধা কথা। পূৰ্ণানন্দ সন্দিকৈ ছাৰে ইয়াৰ ব্যতিক্ৰম হ’বলৈ নিদিছিল।এনে জটিল পৰিস্থিতিৰ মাজতো ৰসাল সাধু কথা শুনাই আনন্দ দিছিল খগেশ্বৰ হাজৰিকা ছাৰে। ছাৰ আমাৰ শ্ৰেণী কোঠালৈ অহালৈ অতি ব্যগ্ৰতাৰে বাট চাই ৰৈছিলোঁ আমি। প্ৰতি বছৰে গৰমৰ বন্ধ ঘোষণা কৰা দিনটোত পুৱাতেই বিদ্যালয় আৰম্ভ হয় আৰু আমি ধূপ-ধুনা দি পূজা কৰি, ফুলৰ মালা বিন্ধাই, চাহ মিঠায়েৰে অপ্যায়ণ কৰি শিক্ষাগুৰুসকলৰ শ্ৰীচৰনত প্ৰণাম জনাই আন্তৰিক শ্ৰদ্ধা-ভক্তি প্ৰকট কৰোঁ। সত্য কথা ক’বলৈ গ’লে, এইখন বিদ্যালয়ত নপঢ়া হেতেন মই সৰুতে যি হ’ম বুলি মন বান্ধিছিলো সেইয়াই হ’লো হেতেন।ভাৱিলে মোৰ নিজৰে হাঁহি উঠে,ডাঙৰ হ’লে মই কোলাবুঢ়ী নাচ নাচি বিখ্যাত মানুহ হ’ম বুলি সপোন ৰচিছিলোঁ।কাৰণ,আমাৰ গাঁৱৰ চুটি চাপৰ মানুহ তথা আমাৰ ডাঙৰ ভিনিহীদেউ গেঠন চুতীয়াই গাঁৱৰ বিয়াবোৰত কোলাবুঢ়ী নাচ নাচি ৰাইজৰ মাজত যথেষ্ট খ্যাতি অৰ্জন কৰিছিল।ৰাইজে তেওঁক তামোল-পাণৰ বটাত ধন দি, ফুলাম গামোচা পিন্ধাই তেওঁৰ গুণ বখানিছিল।এইবোৰ দেখি শুনি মই অভিভূত হৈ পৰিছিলোঁ।খগেশ্বৰ হাজৰিকা ছাৰে এদিন আমাৰ শ্ৰেণীৰ প্ৰতিজন ছাত্ৰকে থিয় কৰাই জীৱনৰ লক্ষ্য কি সুধিছিল।ছাৰে মোকো সুধিলে,”যুগল, তই ডাঙৰ হ’লে কি কৰিবি?” মই তপৰাই উত্তৰ দিলো,”কোলাবুঢ়ী নাচ নাচিম, ছাৰ” ।মোৰ উত্তৰ শুনি নিজে কৌতুক কৈ নহঁহাকৈ থকা ছাৰেও হাঁহি ৰখাব নোৱাৰিলে আৰু লগতে শ্ৰেণী কোঠাৰ আটাইবোৰ ছাত্ৰই গিৰ্জনিমাৰি হাঁহিলে।ময়ো স্বভাৱজাত মেলেঙা হাঁহিটো মাৰি দাঁত চেলাই ৰৈ গ’লোঁ।পিছত ছাৰে কথাবোৰ বুজাই দি জীৱনৰ লক্ষ্য সলনি কৰিবলৈ ক’লে মোক। ব্ৰিটিছৰ শাসন কালতে ১৮৭২ চনত প্ৰতিষ্ঠা কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত পঢ়িবলৈ পোৱা বাবে নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰোঁ।পৰম শ্ৰদ্ধাভাজন শিক্ষাগুৰুসকলৰ পৰা অতি মূল্যৱান শিক্ষা লাভৰ উপৰিও বিদ্যালয়খনৰ আহল-বহল চৌহদ, পকী শ্ৰেণী কোঠা, শিশু উপযোগী সুন্দৰ আৰু সৰু সৰু কাঠৰ বেঞ্চ-ডেক্স, ফুটবল খেলৰ পথাৰৰ সুবিধা আৰু বিদ্যালয়ৰ দক্ষতা সম্পন্ন চৌকিদাৰৰ ঘন্টি বা বেল বজাওঁতে সৃষ্ট সুমধূৰ সুৰ আদিৰ বাবে আমাক আন আন বিদ্যালয়ৰ ফুটবল খেলৰ পথাৰ আদিৰ সুবিধাই আমাক আন আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীতকৈ অধিক উচ্চ স্থানত থকা বুলি অনুভৱ কৰাৰ সুযোগ দিছিল।এইবোৰ কাৰণতেই দূৰ দূৰণিৰ পৰা ছাত্ৰ আহি স্কুলৰ চৌহদত থকা বৰ্ডিং ঘৰত থাকি পঢ়িছিলহি। আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰসকলৰ হাতৰ আখৰ সুন্দৰ কৰা আৰু ছবি অঁকাত পাকৈত হোৱাত অধিক গুৰুত্ব দিছিল।তেতিয়া আমাক পাখি কলম অথবা বাঁহৰ কলম লৈ চিয়াঁহীৰ দোৱাতত তিয়াই তিয়াই হাতৰ আখৰ লিখিবলৈ দিয়া হৈছিল।আমাক নিজৰি কলম অৰ্থাত্ ফাউন্টেইন পেন ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল আৰু বৰ্তমান সময়ৰ দৰে ডট পেনো বজাৰত উপলব্ধ হোৱা নাছিল।সকলো ছাত্ৰই হাতৰ আখৰ ভাল কৰিবলৈ চেষ্টা চলাইছিল। কাৰণ, হাতৰ আখৰ সুন্দৰ হ’লে পৰীক্ষাত অধিক নম্বৰ লাভ কৰিব পাৰি আৰু ছবি আঁকি থাকিলে শিশু ধৈৰ্যশীল তথা অধ্যৱসায়ী হয়।ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে মই ছবি আঁকিব পৰা হৈ গ’লো; কিন্তু মোৰ হাতৰ আখৰ তুলনামূলকভাৱে অন্য ছাত্ৰসকলতকৈ বেয়া। ভাল কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, পিছে সফল হ’ব নোৱাৰিলোঁ।ইয়াৰ বিপৰীতে ছবি অঁকাৰ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে বিভিন্ন ধৰণৰ ছবিবোৰ আঁকিব পৰা হ’লোঁ।শ্ৰেণীৰ বিভিন্ন বিষয়ৰ টোকা বহীবোৰৰ উকা কাগজত মন গ’লেই একোখন ছবি আঁকি পেলাইছিলো।মোকে অনুসৰণ কৰি এনে কাম শৰতেও কৰিছিল।তেওঁ বেছিকৈ মানুহৰ ছবি আঁকিছিল আৰু মূৰত একোটা দীঘল ৰঙা টুপী পিন্ধাই দিছিল। তেওঁ অঁকা ছবিবোৰ চাই আমি বেছ আমোদ লাভ কৰিছিলোঁ আৰু তেওঁক ৰঙা টুপী বুলি নাম দি জোকাইছিলোঁ। কেতিয়াবা কেতিয়াবা শিক্ষকে আমাৰ এনে কাণ্ডবোৰ ধৰা পেলাই আৰু আমোদ পাই খং কৰিবলৈ পাহৰি গৈছিল।ছবি অঁকা কামত শৰত আত্মবিশ্বাসী হৈ পৰিছিল।সেয়েহে চাগৈ এটা সময়ত তেওঁ এনে কামৰ যোগেদি অৰ্থ উপাৰ্জন কৰি নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰিবলৈ সমৰ্থৱান হৈছিল।মই নিজেও বহু সময়ত আৰ্থিক সংকটত পৰি চিত্ৰাংকনৰ জৰিয়তে ধন উপাৰ্জন কৰিছোঁ, যি কাম আজি পৰ্যন্ত বন্ধ হোৱা নাই। ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত সাতোটা বছৰতকৈ অধিক কাল পঢ়া দিনবোৰৰ কিছুমান স্মৃতিয়ে আজিও মনৰ মাজত ঢৌ খেলি থাকে। শিক্ষাগুৰুসকলে আমাৰ মানসিক দিশৰ উত্তৰণৰ হেতু গম্ভীৰ ভাৱে চিন্তা কৰি কৰা কামবোৰৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।তেনেধৰণৰ কামৰ এক উদাহৰণ দিব পাৰি।ঢকুৱাখনাৰ সুসন্তান, জালভাৰী গাঁৱৰ শ্ৰদ্ধেয় ভোগেশ্বৰ দত্তদেৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা গৈ ছোভিয়েট দেশ ভ্ৰমণ কৰি ঘূৰি অহাৰ পিছত তেওঁক আমাৰ বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনি তেওঁৰ অভিজ্ঞতাবোৰ আমাক শুনাবলৈ দিছিল।কেৱল এয়াই নহয়, সুযোগ সুবিধা অনুযায়ী যিকোনো ধৰণৰ প্ৰয়োজনীয় সমল ব্যক্তিকে আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনি আমাৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধিৰ প্ৰচেষ্টা চলাইছিল। দেৰশ বছৰত এই বিদ্যালয়খনে হেজাৰ হেজাৰ সুনাগৰিকৰ সৃষ্টি কৰিছে আৰু ভৱিষ্যেতেও এই বিদ্যালয়ৰ গৰিমা অক্ষুন্ন হৈ থাকক।সাম্প্ৰতিক কালৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাদুৰ্ভাৱে যাতে সৰ্বসাধাৰণ লোকৰ সন্তানে সহজে শিক্ষা লাভ কৰিব পৰা এনে বিদ্যালয়ৰ কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি সকলো পক্ষই দৃষ্টিপাত কৰি থকা উচিত। -----------------সমাপ্ত-----------------

No comments:

Post a Comment