( এটি কবিতা)
শুন হেৰৌ পো-নাতি,
লাগে মোক চাহৰ
বাতি৷
পাত আকৌ জুহালখন
নাভাঙিবি মোৰ
মন৷
চহকীৰ বৰ ভেম
এতিয়াই এৰি দে
খৰি খেৰ গোটাই
মোক জুইকুৰা ধৰি দে৷
হয় যদি লেতেৰা
তহঁতৰ পকীঘৰ
জুহাল পাতিবলৈ
আছে নহয় গোদামঘৰ৷
গাটো গৰম নহ’লে
এনেহেন জাৰত
নোৱাৰো থাকিব
মই তহঁতৰ ঘৰত৷
আছে মোৰ জী-নাতি
সদায়ে থাকে মোক
মাতি৷
গাঁৱত সিহঁতৰ
ঘৰ
থাকি পাওঁ আৰাম
বৰ৷
জাৰৰ দিনত জুহালত
সাধু কথা কওঁ
তাৰে মাজে মাজে
চাহৰ জুতি লওঁ৷
মইনাহঁতে সাধু
শুনি টোপনি যায়
আমিও শুই থাকো
ভাত মুঠি খাই৷
পুৰণি কথা মোৰ
মনত পৰে
পুৱাতে আইয়ে জুইকুৰা
ধৰে৷
ঘৰৰ আটাইবোৰে
বেৰা মাৰি ধৰোঁ
জুই ফুৱাবলৈ পীৰাবোৰ
পাৰোঁ৷
জুইকুৰাৰ ওপৰত
কেটলিটো থাকে
পানী উতলিলে আইয়ে
চাহপানী বাকে৷
গুৰকণৰ লগত চাহ
খাই ভাল লাগে৷
তেহে যেন মানুহবোৰ
টোপনিৰ পৰা জাগে৷
তেহেলৈ আইয়ে গাখীৰ
খীৰাই আনে
জনপান দিবি আই,
কওঁ কাণে কাণে৷
আইয়ে বোলে ৰচোন
গাখীৰকণ পগাই লওঁ
সৰখিনি ঘিঁউ বনাবলৈ
মলাত কাঢ়ি থওঁ৷
গাখীৰ নমাই আইয়ে
চৰুটো পাতে
চেৱা-দিয়া বৰাজলপান
বনাই দিয়ে তাতে৷
হাতে হাতে লৈ
আমি বাটি দিওঁ পাতি
জলপানৰ লগত দিয়ে
গাখীৰ খাতি৷
জুহালত আলু পুৰি
খাই ভাল লাগে
যদিওবা দুই এটাহে
পৰে ভাগে ভাগে৷
নৈ বিল পুখুৰীত
বৰশী বালো
জুহালত মাছ পুৰি
কিমান যে খালো৷
জুহালতে পুৰিছিলো
হাঁহ পাৰৰ ঠেং
ভাগ বটাই খাওঁতে
লাগে বৰ জেং৷
ফেঁহু চুঙা ,
চুঙা চাউল জুইত পুৰি লৈ
হেঁপাহত ৰৈ থাকোঁ
জুতি ল’বলৈ৷
পেহীয়ে পোৰা আলুত
পকা আঙঠা দি লয়
মিঠা তেল ঢালি
দি তাতে ঢাকন মাৰি থয়৷
এইদৰে তেল মাৰি
আলু পিটিকা খাই
আলহী ঘৰৰ পৰা
নেযায় হে নেযায়৷
জুহালতে দিহা
দিয়ে কোনে কি কৰিব
সৰু বৰ ভাগে ভাগে
দায়িত্ব পৰিব৷
জুহালৰ খৰি-কাঠ
বিচাৰি গৈ
কাঠনিত সোমাইছিলো
দা-কুঠাৰ লৈ৷
বেত কাঁইটৰ পৰা
বাচিবলৈ
কাঠৰ ফানটি পিন্ধি
লৈ৷
কিমান যে আনিলো
খৰি
ভাৰ কৰি কৰি৷
গধূলি গৰু বান্ধি হাত ভৰি ধুই
পিৰালিতে টেঁটু
ফালোঁ ধৰিলিনে জুই?
জাৰ কালি আলহীয়ে
জুই ফুৱাই ভাল পায়
ইঘৰ সিঘৰৰ কথা
এফালৰ পৰা গাই যায়৷
জুইতে ফটফটাই
বুঢ়ী আইয়ে সৰিয়হ ফুটাই
ঘৰৰ কেঁচুৱাৰ
মুখ লগা ভঙায়৷
জুহালতে আইতাই
খুন্দনাটি লৈ
তামোল খুন্দি
থাকে সাধু কথা কৈ৷
পকা অঙঠাৰ মাজত
বিন্ধনা থয়
টটকৈ ৰঙা হ’লে
উলিয়াই লয়৷
বিন্ধা কৰি বনায়
উঘা-চেৰেকী
এতিয়া চোন তাৰ
নাইয়ে চানেকি৷
জ্বলি থকা খৰিৰে
আমাৰ বৰপিতাই
বৰ আৰামত চুৰটটৌ
জ্বলায়৷
কেঁচা খৰিৰ ধোঁৱাই
যেতিয়া চকু পোৰে
লাগনি খৰিলৈ মনত
পৰে৷
আমাক পাঁচি বাইটিয়ে
লাগনি খৰি অনাই
জুহালতে চিৰা-মুড়ি
পিঠা-পনা বনায়৷
খেদিলেও দূৰ হৈ
নেযায় মেকুৰী
চাপি আহে জুইকুৰাৰ
উম বিচাৰি৷
জুইকুৰা নুমালে
এঙাৰকণ পাওঁ
দাঁত কেইটা মাজি
মাজি মুখ ধুব যাওঁ৷
জুহালৰ ফুটছাই
পেলনি নেযায়
বাচন ধুবলৈ তাতকৈ
একো নাই৷
জম্মু কাশ্মীৰত
বুকুতে লৈ ফুৰে জুইকুৰা
নাম দি লৈছে তাৰ
কাংৰা৷
পানী লগা জ্বৰ হ’লে
ভাল হয় সেক দিলে৷
জুইৰ গুণ বখানি
কৰিব নোৱাৰো শেষ
সাৱধান ন’হলেহে
পুৰি যায় কেশ৷
এতিয়া তহঁতৰ জুহালেই
নাই
কিনো হ’ব লাভ
এইবোৰ গাই?
ভাত খাৱ গেচত
ৰান্ধি
বেমাৰবোৰ থৈছ
পেটত বান্ধি৷
জুইকুৰা ধৰিব
নোৱাৰ তই
জী নাতিৰ ঘৰলৈয়ে
যাওঁগৈ মই৷
হেৰৌ নাতি
টেকেলী কাটি৷
০০০০০০০০০০)(০০০০০০০
No comments:
Post a Comment