ভাৰতীয়
জীৱন বীমা নিগমৰ কাৰ্যালয়ত মোৰ এক তিক্ত অভিজ্ঞতা হ’ল৷ এনে অভিজ্ঞতা যে কেৱল মোৰেই
হৈছে এনে নহয়, বহুজন গ্ৰাহকৰে এনে তিক্ত অভিজ্ঞতা হোৱা বুলি আমাক জনাইছে৷ সেয়ে ৰাইজক
কথা খিনি মুকলিকৈ জনাওঁ বুলি ভাৱিলো৷
মই ২৮/৭/১৯৯৮ তাৰিখে ভাৰতীয় জীৱন বীমা নিগমৰ এটা
শাখাত ২৫,০০০/=টকাৰ এখন জীৱন বীমা পলিচী খুলিছিলো৷ পলিচীখনত মোৰ জন্মৰ তাৰিখ ০১/৩/১৯৫৪
লিখা আছে আৰু সেইমতে পলিচীখনৰ মাহেকীয়া কিস্তি ৯২/=টকা ধাৰ্য কৰা বুলি লিখি দিছে৷ তাত
ম্যাদ পূৰ্ণ হোৱা তাৰিখ ২৮/৭/২০২৮ লিখি জ্যেষ্ঠ শাখা পৰিচালকে মোক প্ৰদান কৰা দিন ধৰি
মই প্ৰতিমাহে ৯২/=টকাকৈ মোৰ মাহেকীয়া দৰ্মহাৰ পৰা কটাই প্ৰিমিয়াম দি আহিছিলো ; কিন্তু
মোৰ চাকৰিৰ অৱসৰৰ পিছত যেতিয়া নিজে প্ৰিমিয়াম জমা দিবলৈ যাওঁ তেতিয়া মোক জনোৱা হয় যে
মোৰ কেইবাটাও প্ৰিমিয়াম দিয়া হোৱা নাই, সেই থাকি যোৱা প্ৰিমিয়াম সুতসহ জমা দিব লাগে৷
মই শাখা পৰিচালকক সুধাত তেওঁ বিনম্ৰভাৱে নিজৰ দোষ স্বীকাৰ কৰি ক’লে যে অফিচৰ কামবোৰ
কমপিউটাৰ যোগে কৰিবলৈ যাওঁতে কিবা খেলিমেলি হ’ল আৰু সেয়ে বহুতো গ্ৰাহকে ধন ভৰিব লগা
হ’ল৷ তেওঁৰ কথাতে পতিয়ন গৈ ময়ো আন গ্ৰাহকসকলৰ দৰে ধন ভৰি দিলো৷ তাৰ পিছত মাহে মাহে
প্ৰিমিয়াম দি থাকি অৱশেষত যেতিয়া পলিচীখনৰ প্ৰিমিয়াম বছেৰকীয়া কৰিবলৈ গ’লো, তেতিয়া
হিচাপ নিকাচ কৰি কোৱা হ’ল যে বয়স ভুলকৈ হিচাপ কৰা বাবে মোৰ পৰা ৯৪/=টকা প্ৰিমিয়ামৰ
ঠাইত ৯২/=টকাকৈ লোৱা হৈছিল৷ এতেকে প্ৰতিমাহে ২/=টকাকৈ অতীতৰ সমগ্ৰ কালছোৱাৰ বাবে অতিৰিক্ত
৪০৮/=টকা আৰু তাৰ সুত ৩৯/=টকা অৰ্ধাৎ সৰ্বমুঠ
৪৪৭/=টকা মই ওপৰঞ্চি জমা দিব লাগে৷
এতিয়া মোৰ
প্ৰশ্ন হ’ল ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়াৰ ভুলৰ বাবে এজন গ্ৰাহকে কিয় ধন/সুত ভৰিব লাগে
? এয়া এক অন্যায় অথবা শোষণ কৰা হোৱা নাই জানো? সহ্য কৰি গৈ থকাটো উচিতনে?
*****************
No comments:
Post a Comment