পাহাৰীয়া নৈখনৰ
যিমানে ওপৰলৈ গৈ আছো সিমানে বেছিকৈ মাছ পাবলৈ ধৰাত আমি মাজ নিশা যে হ’ল গমেই নাপালো
৷ পটে নৈত মাজে মাজে কোনো কোনো দিনত বহুত মাছ ভৈয়ামৰ পৰা পাহাৰৰ ফালে গতি কৰে ৷ কেৱল
পটে নৈতে নহয় , জোনাই মহকুমাৰ প্ৰত্যেকখন নৈতে
এই দৰে মাছ ওলায় ৷ মাছ ওলোৱা বুলি খবৰ পালেই নৈত মাছ ধৰা মানুহবোৰ উবুৰি খাই
পৰেগৈ ৷ পিছে আজি পটে নৈত মাছ উজুৱা কথা কীৰ্ত্তিকান্ত আৰু মোৰ বাহিৰে আন কোনেও গম
নাপায় ; কাৰণ , গধূলি আমি মাছলৈ অহাৰ পিছৰ পৰাহে মাছবোৰ উজাবলৈ আৰম্ভ কৰিছে ৷
মোৰ হাতত টৰ্চলাইট আৰু কীৰ্ত্তিকান্তৰ হাতত মাছ কটা দাখন আৰু ককালত বান্ধি লোৱা খালৈটো ৷
মই পাহাৰীয়া নৈখনৰ তলি জিলিকি থকা ফটফটীয়া পানীলৈ টৰ্চৰ পোহৰ পেলাই
দিওঁ আৰু সি পৈনত মাছুৱৈৰ
পাৰ্গতালি প্ৰদৰ্শন কৰি দাৰে ঘপিয়াই মাছবোৰ কাটি কাটি খালৈত ভৰাই গৈ থাকে৷ এইদৰে আমি নৈয়েদি
বহুদূৰ আগুৱাই গ’লো ৷
“বৰাচাৰ , মই খাওঁ দেই , বেয়া নাপাব
৷ বৰ ভোক লাগিছে ৷” কীৰ্ত্তিকান্তই কথাষাৰ কৈয়ে
খালৈৰ পৰা আধা
কটা ধুনীয়া মাছ এটা উলিয়াই কেঁচাই কেঁচাই খাবলৈ ধৰিলে ৷ হতবাক হৈ তাৰমুখলৈ
চাই উচপ খাই গ’লো
৷ তাৰ মুখৰ অবয়বটো যেন সলনি হৈ গৈছে –এনে লাগিল৷
কি? তেনেহলে এইটো কীৰ্ত্তিকান্ত
নহয়নেকি ? কথাটো মই ভাৱি চালো ৷ অ’ সেই কাৰণে আজি তাৰ কথাবোৰ কিবা ধৰণৰ হৈছে৷ এনেয়ে কাহানিও
সি নোকোৱা কথা কিছুমান আজি কৈছিল ৷ মই কিবা তাবিজ-চাবিজ পিন্ধি আহিছো নেকি বুলি সুধিছিল
আৰু মই তন্ত্ৰ-মন্ত্ৰ কিবা জানোনে নাজানো তাকো
সুধিছিল ৷ কথাটো ভাৱি শেষ হ’বলৈয়ে নাপালে
সি নৈৰ পাৰৰ পৰা ডাঙৰ কেঁকোৰা এটা ধৰি আনি কামোৰ মাৰিলে ৷ লগে লগে তাৰ পেটত থকা কণ কণ
পোৱালিবোৰ ওলাই কীৰ্ত্তিকান্তৰ গালে – মুখে
যেনি তেনি বগাই যাব ধৰিলে ৷ তাৰমুখৰ কোণেদি বৈ
যোৱা তেজৰ সুঁতিটোৱে তাক অধিক বিভৎস ৰূপ দিছিল ৷
এইটো জোনাকী
বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক
কীৰ্ত্তিকান্ত বৰুৱা হ’বই নোৱাৰে ৷ এইবাৰ
মই দৃঢ় হ’লো আৰু তাক তাতে এৰি টোঁৱাই-ভিৰাই ঘৰৰ ফালে দৌৰিব ধৰিলো ৷ ঘৰ গৈ পোৱাত গৃহিনীয়ে
মোৰ পুতৌ লগা অৱস্থা দূৰ কৰিবলৈ জুইত সৰিয়হ ফুটাব ধৰিলে ৷ গাৰ পৰা কেইবা দিনলৈ জ্বৰ
এৰা নিদিয়াত অফিচলৈকে যাব নোৱাৰিলো ৷
মোৰ বাৰু যি ঘটিবলৈ আছিল ঘটিল ; কিন্তু
কীৰ্ত্তিকান্তৰ খবৰটো শুনিহে দুখ লাগিল ৷ তাক মই মাছ
মাৰিবলৈ লগ নধৰা
হ’লে চাগৈ তাৰ এনেদৰে অকাল মৃত্যু নঘটিল হেতেন ৷
No comments:
Post a Comment