(এটি গীত)
বনঘীত এফাঁকি
গাওঁ
মোৰ লাহৰী অ’
সুৰটি বিচাৰি
পথাৰে পথাৰে
ধাননীৰ আলিৰে
মই যে আগুৱাই
যাওঁ
মোৰ লাহৰী অ’
মই যে আগুৱাই
যাওঁ৷
দূৰণীৰ পথাৰত
তোমাকে দেখা পাওঁ
বনগীতৰ সুৰটি
বুকুতে বান্ধি লৈ
আছা তুমি ধানে
দাই
মোৰ সপোনৰ পৰিটি
হৈ
বন গীত এফাঁকি……….
মই যে আগুৱাই
যাওঁ৷
বনগীতৰ সুৰ লহে
পহে কৰি
উঠা নমা কৰে
মোৰে মন বিৰিনা
ফাগুণৰ বতাহত
হালিজালি নাচিব
ধৰে৷
বন গীত এফাঁকি…..
মই যে আগুৱাই
যাওঁ৷
দিবানে তোমাৰ
সুৰ
মোৰ উকা গীতত
কাষ চাপি যাওঁ
মই
মায়া ভৰা সেই
সুৰত
থাকিবানে মোৰে
কাষৰত৷
বন গীত এফাঁকি….
মই যে আগুৱাই
যাওঁ৷
-----০--------
No comments:
Post a Comment