Wednesday 11 November 2015

ভাৰত বৰ্ষৰ কৃষি উন্নয়নত মহিলা কৃষক-শ্ৰমিকৰ ভূমিকা

যিবোৰ দেশৰ দৰিদ্ৰলোকসকলৰ প্ৰধান জীৱিকা কৃষি, তেনে দেশৰ উন্নয়ন আৰু দৰিদ্ৰতা হ্ৰাস কৰণত কৃষি এক গুৰুত্বপূৰ্ণ চালিকা শক্তি হ’ব পাৰে৷ কৃষি আৰু গ্ৰাম্য অৰ্থনীতিত এৰাব নোৱাৰা সম্পদ স্বৰূপ মহিলাই বাধা প্ৰাপ্ত হোৱা বাবে বহুতো দেশত আংশিকভাৱে কৃষি খণ্ডই নিম্ন পৰ্যায়ৰ ফলাফল প্ৰদৰ্শন কৰিছে৷  উন্নয়নশীল বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাই অতি আৱশ্যকীয় অৱদান আগ বঢ়াইছে৷ বিশেষকৈ উন্নয়নশীল দেশবোৰৰ কৃষি আৰু অৰ্থনীতিলৈ মহিলাই প্ৰয়োজনীয় অৱদান আগ বঢ়াইছে৷ উন্নয়নশীল দেশৰ বহুতো মহিলাই কৃষিত জীৱিকা নিৰ্বাহ কৰে৷ এছিয়াৰ নিম্ন আয়ৰ দেশবোৰৰ মহিলাৰ কৃষিৰ ওপৰত জীৱিকা নিৰ্বাহৰ হাৰ ৬০-৮০ শতাংশৰ মাজত৷ গ্ৰামীণ মহিলাসকলে সততে জটিল ঘৰ-গৃহস্থিবোৰ চম্ভালে আৰু বহুমুখী জীৱিকাৰ কৌশলৰ সন্ধান কৰে৷

ভাৰতীয় মহিলাসকল ব্যাপকভাৱে কৃষি কাৰ্যৰ সৈতে জড়িত৷ কৃষিজাত উৎপাদন ব্যৱস্থাৰ তাৰাতম্য অনুযায়ী তেওঁলোকৰ জড়িতকৰণৰ প্ৰকৃতি আৰু পৰিসৰ পৃথক হয়৷ কৃষি পামৰ গৰাকীৰ ভূমি মালিকী স্বত্ত্ব অনুযায়ী কৃষি উৎপাদনত মহিলাৰ অংশ গ্ৰহণৰ ধৰণ সলনি হয়৷ পৰিচালকৰ পৰা ভূমিহীন শ্ৰমিকৰ পদমৰ্যদালৈকে তেওঁলোকৰ ভূমিকা ব্যাপ্ত হৈ আছে৷ সমগ্ৰ কৃষি উৎপাদনত মুঠ শ্ৰমিকৰ শতকৰা  হাৰৰ হিচাপত মহিলাৰ গড় অৰিহণা ৫৫% ৰ পৰা ৬৬% ধাৰ্য কৰা হৈছে, কোনো কোনো অঞ্চলত তাতকৈ অধিকহে হ’ব৷ ভাৰতৰ হিমালয় অঞ্চলত এহাল গৰুৱে ১০৬৪ ঘন্টা, এজন মানুহে ১২১২ ঘন্টা আৰু এগৰাকী মহিলাই এক হেক্টৰৰ কৃষি ভূমিত এটা বছৰত ৩,৪৮৫ ঘন্টা কাম কৰে৷ ১৯৯১ চনত কৰা এক সমীক্ষাত প্ৰকাশ পোৱা এই তথ্যই কৃষি উৎপাদনত মহিলাৰ গুৰুত্বপূৰ্ণ অৱদানৰ বৰ্ণনা কৰিছে৷  Kavya Dashora কৈছে যে ভাৰতীয় কৃষি উৎপাদনত ৫০-৬০% শ্ৰমৰ অৱদান মহিলাই দিয়ে৷ যদিহে কৃষি খণ্ডটো মহিলা কেন্দ্ৰীভূত হয় তেনেহলে উৎপাদন ১০-২০%লৈ বৃদ্ধি পাব, পাৰিপাৰ্শিক ভাৰ সাম্যতা পুনৰ ঘূৰি আহিব, আৰু জনগোষ্ঠীবোৰৰ খাদ্য নিশ্চয়তাৰ উন্নয়ন হ’ব৷

ভাৰতীয় কৃষি আৰু ইয়াৰ সৈতে জড়িত  ক্ষেত্ৰতসমূহত  মহিলাৰ ভূমিকা

কৃষিজাত শস্যৰ উৎপাদন, পশু পালন, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু প্ৰস্তুত, কৃষি আৰু অন্য গ্ৰাম্য উদ্যোগত মজুৰীৰ বাবে কাম কৰা, খৰি আৰু পানী সংগ্ৰহ কৰা, ব্যৱসায়-বাণিজ্যত নিয়োজিত হোৱা, পৰিয়ালৰ সদস্যসকলৰ যত্ন লোৱা আৰু তেওঁলোকৰ ঘৰবোৰ প্ৰতিপালন কৰা আদিয়ে দৃষ্টান্ত স্বৰূপে তেওঁলোকৰ কামবোৰ সাঙুৰি লৈছে৷ ৰাষ্ট্ৰীয় হিচাপ-নিকাচত এইবোৰ কামৰ বহুখিনি “অৰ্থনৈতিক ভাৱে সক্ৰিয় নিয়োগ নহয় বুলি সংজ্ঞা দিছে; কিন্তু সেইবোৰ গ্ৰামীণ গৃহস্থীৰ মঙ্গলৰ বাবে অতি প্ৰয়োজনীয়৷ মহিলাসকলৰ ভূমিকা অঞ্চলৰ মাজত আৰু ভিতৰত গুৰুত্বপূৰ্ণ ভাৱে সলনি হয় আৰু বিশ্বৰ য’ত অৰ্থনৈতিক আৰু সামাজিক শক্তিবোৰে কৃষি খণ্ডৰ আকাৰ সলনি কৰি গৈছে তাৰ বহু অংশত দ্ৰুত ভাৱে পৰিবৰ্তন ঘটিছে৷ মহিলাসকল কৃষি কৰ্মশক্তিৰ ৰাজহাড় আৰু ভাৰতীয় অৰ্থনীতিৰ জীৱনৰক্ষক অংগ৷ কৃষি উন্নয়ন, খাদ্য নিৰাপত্তা, উদ্যান শস্য, গো-পালন, পৰিপুষ্টি, ৰেচম শিল্প, মীন পালন, আৰু অন্যান্য সমন্বিত খণ্ডত মহিলাৰ মুখ্য ভূমিকাৰ বিষয়ে বিগত বছৰবোৰত লাহে লাহে অনুভৱ হ’ব ধৰে৷ ভাৰতবৰ্ষত মহিলাৰ দ্বাৰা কৃষি শ্ৰমিকৰ সৰহ ভাগ গঠন হয়৷ মহিলাসকলক শ্ৰমিক হিচাপেই মাথো নিয়োগ নকৰি যোগ্য আৰু গুণী স্বৰূপেও তেওঁলোকক নিয়োজিত কৰা হৈছে৷

 বন নিৰোৱা, কোৰ মৰা, ঘাঁহ কটা, ফল ছিঙা, কপাহৰ ডাল সংগ্ৰহ, মঙহত লাগি থকাৰ পৰা বীজক পৃথক কৰাকে ধৰি অসংখ্য শ্ৰম জড়িত কাম গ্ৰাম্য মহিলাই কৰে৷ পথাৰৰ পৰা কাঠ সংগ্ৰহ কৰা কামটোও মহিলাৰ পৰাই আশা কৰা হয়৷ এই কাঠ ৰন্ধা-বঢ়া কামত লগোৱা ইন্ধনৰ মুখ্য উৎস স্বৰূপে ব্যৱহাৰ কৰি অহা হৈছে৷ বৰ্ধিত জনসংখ্যাৰ হেঁচা, অধিক চৰণীয়া পথাৰ আৰু গৰ-আবাদীকৰণৰ ফলত মহিলাসকলে জুই ধৰা খৰিৰ সন্ধানত কষ্ট ভোগ কৰিব লগা হৈছে৷

গ্ৰা্ম্য অঞ্চলত পৰিষ্কাৰ খোৱা পানী আন এক ডাঙৰ সমস্যা৷ খৰি সংগ্ৰহৰ দৰে দূৰ দূৰণিলৈ গৈ পানী অনাটোও মহিলাসকলৰে কাম৷ যিহেতু মহিলাসকল কৃষি পামৰ কামবোৰৰ বাবে দায়িত্বশীল, সেয়ে জীৱ-জন্তু ৰখা আৰু ইয়াৰ সৈতে জড়িত গাখীৰ খিৰোৱা, গাখীৰ প্ৰক্ৰিয়াকৰণ আৰু ঘিউ আদি প্ৰস্তুতকৰণৰ দৰে কামবোৰ মহিলাই কৰি যাব লগা হয়৷

ঘৰুৱা আহাৰৰ প্ৰয়োজনীয়তা পূৰণৰ লগে লগে ওপৰঞ্চি ফাৰ্ম উপাৰ্জনৰ কাৰণে ব্যৱহাৰ কৰা প্ৰাথমিক আনুসঙ্গিক কাৰ্যই হ’ল পশু পালন৷ সৰহ সংখ্যক ফাৰ্ম কিছু সংখ্যক জীৱ-জন্তুৰহে অধিকাৰী হয়৷ গৰু-ম’হৰ খাদ্য আৰু ঘাঁহকে ধৰি ফাৰ্মৰ আকৃতি, শস্যৰ খেতি কৰাৰ নমুনা, ভূমি-পৰিসৰৰ প্ৰাপ্যতা আদিৰ দৰে বিভিন্ন কাৰণৰ ওপৰত জীৱ-জন্তুৰ সংখ্যাৰ নমুনা মুখ্যতঃ প্ৰভাবিত হয়৷ মহিলাৰ যৌতুকৰ এক অংশ স্বৰূপে এটা জন্তু দিয়াটো গ্ৰাম্যাঞ্চলৰ সাধাৰণ প্ৰথা৷ অধ্যয়নে ব্যক্ত কৰিছে যে গ্ৰামীণ মহিলাসকলে  গাখীৰ আৰু জীৱ জন্তুবোৰ বিক্ৰী কৰি ওপৰঞ্চি ধন উপাৰ্জন কৰে৷ জীৱ-জন্তু আৰু গোহালি ঘৰ পৰিষ্কাৰ কৰি ৰখা, পানী যোগান  আদি কামত মহিলাসকল বিশেষ ভাৱে নিয়োজিত হৈ থাকে৷

গ্ৰামীণ মহিলা সকল দুখীয়া পৰিয়াললৈ উপৰুৱা আয় আনি দিয়া,  গোবৰ সংগ্ৰহ আৰু গোবৰৰ কেক তৈয়াৰ কৰা কামতো দায়িত্বশীল৷ স্পষ্ট ভাৱে, গ্ৰাম্য মহিলা সকলে পশু ধনৰ লগত সম্পৰ্কিত প্ৰায় সকলোবোৰ কামৰ সৈতে জড়িত৷ জীৱ জন্তু চৰোৱা কামৰ বাদে পশু পালন পৰিচালনাৰ কামবোৰ প্ৰবল ভাৱে মহিলাই সমাধা কৰে৷ বেছি ভাগ মহিলাই ফাৰ্মৰ বাবে সাৰ সংগ্ৰহত জড়িত থাকে৷ যেইকি নহওক, ৰুগীয়া জীৱ-জন্তুৰ যত্নৰ ক্ষেত্ৰত দায়িত্বৰ ভাগ পুৰুষ সকলেও লয়৷ এইটো প্ৰামাণ্য যে পশুধন আৰু পৰিচালনাৰ কামবোৰত মহিলাসকলে এক প্ৰভাবশালী ভূমিকা পালন কৰি গৈছে৷

হাঁহ-কুকুৰা প্ৰতিপালন  গ্ৰাম্য অৰ্থনীতিৰ ডাঙৰ উৎসবোৰৰ ভিতৰত এটা৷ ঘৰুৱা স্তৰত হাঁহ-কুকুৰা পালনত মহিলাৰ ভূমিকা হাঁহ-কুকুৰা পালন উদ্যোগৰ কেন্দ্ৰ হৈ পৰিছে৷ বেমাৰৰ প্ৰতিশেধক প্ৰদান আৰু উন্নত খাদ্য যোগান আদিৰ দৰে আধুনিক প্ৰতিপালন পদ্ধতিৰ প্ৰয়োগ নকৰিলেও গ্ৰাম্য মহিলাসকলৰ হাঁহ-কুকুৰা পালন এক প্ৰভাবশালী উদ্যোগ৷ প্ৰতি বছৰে হাঁহ-কুকুৰা পালনৰ আয় বৃদ্ধি পাইছে৷ অধিকতকৈ অধিক আয়ৰ বাবে গ্ৰামীণ মহিলাসকলে নিজৰ ব্যৱহাৰৰ বাবে একো নথৈ সকলো কণী আৰু হাঁহ–কুকুৰাৰ মাংস বিক্ৰী কৰি দিয়ে৷ দ্ৰৰিদ্ৰতাৰ বাবে আৰু প্ৰয়োজনীয় পৰিমাণৰ প্ৰ’টিনৰ অভাৱত সৰহ সংখ্যক মহিলাৰ স্বাস্থ্য অতি বেয়া৷ সৰহ ভাগ মহিলাই পুষ্টিহীনতাত ভোগে৷

এক অধ্যয়নত এই কথা মন কৰা হৈছে যে গ্ৰামীণ মহিলাসকল অশিক্ষিত, অদক্ষ আৰু চলি অহা ৰীতিত বাধিত, সেয়ে তেওঁলোকৰ উৎপাদন ক্ষমতা নিম্ন মানৰ আৰু অদক্ষ শ্ৰম হিচাপে গণ্য কৰা হয়৷ যদিও গ্ৰামীণ মহিলাসকলে ধান, ঘেঁহু আৰু গোমধানৰ দৰে খাদ্যৰ মূল উপাদান জাত শস্যৰ উৎপাদনত সহায় কৰে, তেওঁলোকৰ অৱদান সেই ক্ষেত্ৰত গৌণ৷ যেইকি নহওক, মাহ জাতীয় শস্য আৰু শাক পাচলিৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সহায়ক৷

গ্ৰামীণ মহিলাৰ জীৱন উত্তেজনাপূৰ্ণ৷ দোকমোকালিতে তেওঁলোকৰ কাম আৰম্ভ হয় আৰু নিশা শেষ হয়৷ ঘৰ পৰিষ্কাৰ কৰা, খোৱা পানী অনা, বাচন-বৰ্তন ধোৱা, কাপোৰ-কাণি ধোৱা আৰু ইষ্ট্ৰী কৰা, পৰিয়ালৰ বাবে খাদ্য প্ৰস্তুত কৰা, সন্তানৰ যত্ন লোৱা আৰু কাপোৰ-কানি চিলোৱাৰ পৰা দিনটোৰ কৰ্ম সূচী আৰম্ভ হয়৷ এগৰাকী মহিলাই এই কামবোৰ অতি সুচাৰুৰূপে পৰিচালনা কৰে৷ উন্নয়নৰ কৌশল আৰু নীতিৰ পৰা মহিলা কৃষকসকলক সততে উহ্য ৰখা হয়৷ বহুতো উন্নয়নশীল দেশত মহিলা পুৰুষ উভয়ৰে সম্পদ আহৰণৰ যথোপযুক্ত পথ নাই, কিন্তু তেওঁলোক সাংস্কৃতিক, গতানুগতিক আৰু সামাজিক কাৰকবোৰৰ বাবে  আনকি বেছিহে বাধ্য হয়৷

মহিলাসকলৰ বহুমুখী ভূমিকা:

কৃষি কৰ্মত বীজ সিঁচা, শস্য ৰোপণ, বন নিৰোৱা, জল-সিঞ্চন, সাৰ প্ৰয়োগ, শস্য নিৰাপত্তা, শস্য চপোৱা, শস্য জৰা, শস্য সঞ্চয় ইত্যাদি কাম মহিলাই সমাপন কৰে৷ ঘৰুৱা কাম-কাজ, ৰন্ধা-বঢ়া কাম, সন্তান ডাঙৰ দীঘল কৰা, পানী অনা, জুই ধৰা খৰি সংগ্ৰহ, ঘৰ চলোৱা আদি কামবোৰ মহিলাই কৰে৷ কৃষি খণ্ডৰ সৈতে সম্বন্ধিত গৰু-গাই পৰিচালনা, পশু ধনৰ বাবে খাদ্য সংগ্ৰহ, গাখীৰ খিৰোৱা ইত্যাদি কামবোৰ মহিলাই কৰে৷

পৰিয়ালৰ আৰ্থ-সামাজিক স্থান আৰু আঞ্চলিক কাৰকবোৰৰ ওপৰত নৰ্ভৰ কৰি কৃষি কাৰ্যত গ্ৰামীণ  মহিলাসকল প্ৰধানকৈ তিনিটা বিভিন্ন ধৰণত নিয়োজিত হৈ আছে৷ সেই কেইটা হ’ল:-মজুৰী প্ৰাপ্ত শ্ৰমিক, নিজৰ ভূমিত শ্ৰম কৰা কৃষক, শ্ৰমিক তদাৰক হিচাপে আৰু খেতি চপোৱাৰ পাছৰ কামত অংশ গ্ৰহণ কৰাৰ দৰে কৃষি উৎপাদনৰ কিছুমান ক্ষেত্ৰত পৰিচালকৰ ভূমিকা পালন কৰে৷

কৃষি খণ্ডত মহিলা সকলৰ উন্নয়নৰ প্ৰধান বাধাবোৰ:

অলপ সংখ্যক মহিলাইহে ভূমি, পশুধন আৰু যন্ত্ৰপাতি আদিৰ দৰে কৃষি উৎপাদনৰ প্ৰয়োজনীয় আহিলাবোৰৰ গৰাকী হৈছে৷ ঘৰতেই হওক বা বাহিৰতেই মহিলাসকলে সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত উনুপস্থিত থাকে৷ মহিলাসকলে সকলো যন্ত্ৰবিহীন কৃষি কৰ্ম কৰে আৰু বহুমুখী কামবোৰ সমাধা কৰে, যিটোৱে তেওঁলোকৰ ওপৰত অধিক বোজা জাপি দিয়ে৷ কৃষি খণ্ডৰ মহিলাসকলৰ মাজত অশিক্ষিতৰ হাৰ অতি উচ্চ আৰু তেওঁলোক বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হয়৷ মহিলাসকলে কমকৈ মজুৰী লাভ কৰে, বিশেষকৈ যুটীয়া, অনানুষ্ঠানিক আৰু ব্যক্তিগত খণ্ডত৷ মহিলাসকলে তেওঁলোকৰ আইনগত অধিকাৰৰ বিষয়ে নাজানে৷ উত্তৰাধিকাৰ আইনৰ দৰে কিছুমান আইন আৰু নীতি মহিলাসকলৰ ক্ষেত্ৰত দুৰ্প্ৰয়োগ কৰা হয়৷

 মহিলাৰ  কৃষি  আৰু  ইয়াৰ  সৈতে  জড়িত  ক্ষেত্ৰত  অৱদান  সমূহৰ  স্বীকৃতি  দিবলৈ  আৰু  লিংগ বৈষম্য  হ্ৰাস  কৰিবলৈ  বিশেষজ্ঞসকলে  আগবঢ়োৱা  পৰামৰ্শবোৰঃ-

 গ্ৰাম্য অৰ্থনীতিত মহিলা-কৰ্মীৰ শ্ৰমজনিত কামক অৰ্থকৰি চুক্তিৰে ধাৰ্য কৰি স্বীকৃতি দিয়া উচিত৷

 ভূমি, কৃষি আৰু পশুপানৰ বৰ্ধিত সেৱাৰ বাবে দৰিদ্ৰ গ্ৰাম্য মহিলাক অধিক সা-সুবিধা দিব লাগে৷

 ব্যৱসায় গঠনৰ বাবে, সম্পত্তি ক্ৰয়ৰ বাবে, গৃহ নিৰ্মাণৰ কাৰণে মহিলাসকলক বেংক আৰু অন্য বিত্তীয় প্ৰতিষ্ঠানবোৰে মৃদু চুক্তিত ঋণ ধাৰ্য কৰাত অগ্ৰাধিকাৰ দিব লাগে৷

 মহিলাৰ শিক্ষিতৰ হাৰ বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ৷ সেই উদ্দেশ্য সাধনৰ বাবে এক পৃথক শিক্ষা নীতি প্ৰস্তুত কৰা উচিত৷

 গাথঁনিগত পৰিবৰ্তন ঘটাই মহিলাসকলক সিদ্ধান্তকাৰী দলত জড়িত কৰিব লাগে৷ এই কাৰ্যই সমাজৰ লিংগ সম্পৰ্কত কিছু পৰিবৰ্তন আনিব৷

 তেওঁলোকৰ অধিকাৰ, আইগত সকাহৰ পথ আৰু প্ৰতিবিধান, আইনগত সংস্কাৰ যোগে বৈষম্য দূৰীকৰণ আৰু আইন সাহাৰ্য্য প্ৰদান কৰি দিহা-পৰামৰ্শৰে সহায় কৰি মহিলা সকলক সজাগ কৰিব লাগিব৷

 কিছুমান   লক্ষ্য   আগত   ৰাখি  চেষ্টা   চলালে  মহিলাৰ  চেতনাই    গ্ৰামীণ  ভাৰতৰ   চেহেৰাই   সলনি   কৰি   দিব৷  কাৰ্যকৰণৰ  বিভিন্ন  ক্ষেত্ৰত  প্ৰশিক্ষণ  প্ৰদান  যোগে  মহিলাৰ   দক্ষতা   শক্তিশালী   কৰিব   পাৰি৷  সেই  ক্ষেত্ৰবোৰ   -- ক্ষেত্ৰ   পৰ্যৱেক্ষণ,  জৈৱবৈচিত্ৰতা  সংৰক্ষন,  পুষ্টিকৰণৰ  জৈৱ-নিশ্চয়তা,   বৃত্তিগত   প্ৰশিক্ষণ,   সংগঠিত কৃষি  পাম  আৰু  মহিলাৰ   বাবে  প্ৰযুক্তিৰ  উন্নয়ন৷ সেই  উদ্দেশ্যে  বিভিন্ন  কৃষি   ক্ষেত্ৰ  পৰ্যৱেক্ষণত   সৰঞ্জামসমূহ সজাই  তুলিব  লাগিব৷  পশু  পালনত   গুৰুত্ব  আৰোপ   কৰিব   লাগিব৷ তাৰ  বাবে  কৃত্ৰিম  প্ৰজনন  আৰু  পশু  চিকিৎসা   জ্ঞান  মহিলাসকলে  আহৰণ  কৰিব  লাগিব৷ মহিলা  সকলে  বাহিৰা  উপাৰ্জনৰ  পথ  লাভ  কৰিবলৈ  লে   কাঠ-ফুলাৰ  খেতি  আৰু  ফল-মূলৰ  খেতিত  মনোযোগ  দিব  লাগিব৷ মহিলাসকলে   আত্ম  সহায়ক  গোট  গঠন  কৰিলে  তাৰ  যোগে  বিত্তীয়  পৃষ্ঠপোষকতা   লাভ  কৰিব   আৰু  নিয়োগ   সৃষ্টিত  সহায়ক  ব৷ তথ্য  সংগ্ৰহ  আৰু  বিশ্লেষণৰ  দ্বাৰা  মহিলাৰ  অৱদানবোৰ  ডাঙি  ধৰিবৰ  বাবে  তথ্য  সংগ্ৰহ   আৰু  তাক  অৱগত  কৰিব  লাগিব৷  কৃষি  ক্ষেত্ৰত  কৃতকাৰ্য   হোৱা   মহিলাৰ  নিদৰ্শন  ডাঙি  ধৰা   উচিত৷  মহিলাসকলৰ   অৱদানক   অৰ্থনৈতিক  সংজ্ঞাত  প্ৰতিনিধিত্ব   কৰা   দৰকাৰ৷ মহিলাক  বিত্তীয়   ক্ষমতা  প্ৰদান   কৰিবলৈ  লে  ভূমি   ধাৰণৰ  ক্ষেত্ৰত  প্ৰতিনিধিত্ব  দিয়া   প্ৰয়োজন৷

সামৰণি

কৃষি ক্ষেত্ৰত মহিলাৰ ভূমিকা অপৰিসীম৷ সেয়ে লিংগ বৈষম্য দূৰ কৰি  তাৰ অন্তৰ্নিহিত মুনাফা লাভ কৰিবলৈ চেষ্টা কৰিব লাগে৷ গোলকীয় শ্ৰমিক শক্তিৰ  প্ৰায় ৪৩%  উন্নয়নশীল দেশৰ মহিলা শ্ৰমিকৰ দ্বাৰা গঠিত হৈছে; কিন্তু অঞ্চলৰ ভিতৰত আৰু দেশৰ ভিতৰত বয়স আৰু সামাজিক শ্ৰেণী অনুযায়ী এই তথ্যৰ বিবেচনাপূৰ্বক তাৰাতম্য ঘটিছে৷ আফ্ৰিকা আৰু এছিয়াৰ বহুতো দেশত শ্ৰমিক শক্তিৰ আধা বা তাতকৈ অধিক মহিলাৰ দ্বাৰা গঠিত হৈছে, কিন্তু আনবোৰ ঠাইত অংশ গ্ৰহণ বহু কম৷

 গ্ৰাম্য মহিলাৰ ওপৰত শ্ৰমৰ বোজা পুৰুষতকৈ অধিক আৰু খাদ্য প্ৰস্তুতকৰণ, জুই ধৰা খৰি সংগ্ৰহ আৰু পানী যোগাৰ কৰা আদিৰ দৰে অধিক মাত্ৰাৰ মূল্য নিদিয়া ঘৰুৱা দায়িত্ব লগত জাপি দিয়া হৈছে৷ কৃষি আৰু খাদ্য উৎপাদনলৈ মহিলাৰ অৱদান পৰিষ্কাৰ ভাৱেই গুৰুত্বপূৰ্ণ৷ যিহেতু ঘৰৰ সদস্যসকলৰ মাজত কৃষি স্বাভাৱিকতে এক প্ৰচেষ্টা আৰু পূৰ্বতেই লিংগৰ দ্বাৰা আৰোপ নকৰাকৈ এলানি সম্পদ আৰু আহিলা জড়িত হয়, সেয়ে মহিলাসকলে উৎপন্ন কৰা অংশটো দেখদেখকৈ পৃথক কৰটো সম্ভৱ নহয়৷

আঞ্চলিক পৰিসৰত গ্ৰাম্য শ্ৰমিকৰ বজাৰত মহিলাৰ অংশগ্ৰহণে সানমিহলি প্ৰদৰ্শন কৰে, বিন্তু মহিলাসকলক অবৈতনিক, বতৰীয়া আৰু অংশকালিন হিচাপে প্ৰতিনিধিত্ব কৰা হয়৷ আনকি একে কামৰ বাবে পুৰুষতকৈ মহিলাক কম পাৰিশ্ৰমিক দিয়া হয়৷

ভাল লিঙ্গ-সচেতন কৃষি নীতি প্ৰস্তুত কৰিবলৈ সঠিক, চলিত, আঞ্চলিক ভাৱে নিৰ্দিষ্ট তথ্য আৰু তাৰ বিশ্লেষণৰ প্ৰয়োজন৷ মহিলাৰ ভূমিকা বৈচিত্ৰপূৰ্ণ আৰু অঞ্চল আৰু দেশৰ মাজত ভিন ভিন৷ এই ভূমিকা সঠিক ভাৱে বুজিব পৰা নাযায়৷ ভূমি, মূল ধন, সম্পদ, মানৱ সম্পদ আৰু উৎপাদনৰ অন্য সমলবোৰৰ বৈষম্যমূলক পথ বুজি নোপোৱাকৈ লক্ষ্যকৃত হস্তক্ষেপ কাৰ্যকৰি নহয়৷

শেষত এই মন্তব্য দিব পাৰি যে ভূমি স্বত্বাধিকাৰীসকলে নিজৰ ভালৰ বাবে আৰু নিজে চহকী হ’বলৈ  মহিলাসকলৰ ওপৰত শোষণ চলাই যায়৷ মহিলাসকলক অনুগত দাস বা ব্যক্তিগত সম্পত্তিৰ দৰে গণ্য কৰে৷ এই ক্ষেত্ৰত মহিলাসকলৰ দক্ষতা বঢ়াবলৈ আৰু তেওঁলোকৰ কামক অৰ্থনৈতিক সূচক হিচাপে ধৰিবলৈ চৰকাৰে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা দৰকাৰ৷ মহিলাৰ ভূমিকাত বহু বিচিত্ৰতা আছে আৰু নীতিৰ সঙ্গতি আৰু পৰিকল্পনাক অতি সাধাৰণীকৰণে দুৰ্বল কৰে৷  প্ৰসঙ্গটো অতি গুৰুত্বপূৰ্ণ আৰু নীতিসমূহ সবল তথ্য আৰু লিঙ্গ বিশ্লেষণৰ ভিত্তিত হ’ব লাগে৷ উল্লেখযোগ্য যে নাৰী সবলীকৰণৰ বাবে স্বেচ্ছাসেৱী সংগঠনসমূহকে ধৰি বিভিন্ন মহলে নিৰন্তৰ ভাৱে চলাই অহা সংগ্ৰামৰ ফলত দৃশ্যপট কিছু সলনি হৈছে আৰু মহিলা সকলে কৰ্ম ক্ষেত্ৰত স্থান ভেদে পুৰুষৰ সম অধিকাৰ লাভ কৰিছে৷ এয়া  সমাজৰ বাবে এক অতি শুভ লক্ষণ৷


0000000000000000000000)(0000000000000000000000000

No comments:

Post a Comment