Wednesday 11 November 2015

খুচুৰা বেংক ব্যৱসায় আৰু ইয়াৰ ভৱিষ্যত

আজি খুচুৰা বেংক ব্যৱসায়(Retail Banking) যেনে আছে ঠিক তেনেদৰে নাথাকি  মাথো কেইটামান বছৰৰ পাছতেই বহুত পৃথক ৰূপত দেখা দিব৷ গতানুগতিক বেংকৰ পতন সন্দৰ্ভত বহুজনে ভৱিষ্যত বাণী কৰিছিল; যিহেতু নতুন উপাদান আৰু সংযোগৰ যোগেদি গ্ৰাহকক এক মধুৰ অভিজ্ঞতা প্ৰদান কৰি বিভাজনকাৰী নৱাগতই ইতিমধ্যে বেংকিং ক্ষেত্ৰখনত দখল সাব্যস্ত কৰিছে৷ তথাপিও গতানুগতিক বেংকিঙৰ ভৱিষ্যত নিৰাপত্তাৰ  সন্দৰ্ভতো বহুজনে নিশ্চয়তা ব্যক্ত কৰিছে৷  খুচুৰা বেংক ব্যৱসায়ৰ বিচাৰ্য বিষয়টো অতিশয় গুৰুত্বপূৰ্ণ আৰু প্ৰাসঙ্গিক৷ যিহেতু, সাম্প্ৰতিক বছৰ কেইটাত বাণিজ্যিক বেংক ব্যৱসায় খণ্ডত সমগ্ৰ বিশ্বতে খুচুৰা ঋণ প্ৰদান এক চমৎকাৰ উদ্ভাৱন হৈ পৰিছে৷

খুচুৰা বেংক ব্যৱসায়ৰ সংজ্ঞা

 যেতিয়া এটা বেংকে নিকায়/ নিগম(Corporation) বা অন্য বেংকৰ পৰিবৰ্তে প্ৰত্যক্ষভাৱে গ্ৰাহকৰ সৈতে লেনদেন সমাপন কৰে তাকে খুচুৰা বেংকিং বোলা হয়৷ অন্য কথাত ক’বলৈ গ’লে খুচুৰা বেংকিং হ’ল ব্যক্তিগত গ্ৰাহকসকলে বাণিজ্যিক বেংক/গ্ৰামীণ বেংক/সমবায় বেংকসমূহৰ স্থানীয় শাখাবোৰ ব্যৱহাৰ কৰি চলোৱা বৈশিষ্ট্যপূৰ্ণ গণ-বজাৰ বেংকিং৷ খুচুৰা বেংকিং যোগে সঞ্চয়, হিচাপ-পৰীক্ষা আদিকে ধৰি বন্ধকীকৰণ, ব্যক্তিগত ঋণ, ডেবিট/ক্ৰেডিট কাৰ্ড আৰু জমাৰ প্ৰমাণ পত্ৰৰ সেৱা প্ৰদান কৰা হয়৷ সাম্প্ৰতিক কালত বেংকসমূহে খুচুৰা গ্ৰাহকসকলক যিমান সম্ভৱ সিমান ধৰণৰ বিত্তীয় সেৱা আগ বঢ়াই যাব ধৰিছে৷ উদাহৰণ স্বৰুপে বীমাৰ সেৱা, বিনিয়োজন সেৱা ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি৷

খুচুৰা বেংকিঙৰ সাম্প্ৰতিক গতিধাৰা

সাম্প্ৰতিক কালৰ বেংকিং খণ্ডৰ গতি ধাৰালৈ লক্ষ্য কৰিলে দেখা যায় যে খুচুৰা বেংকিং খণ্ডত বিদেশী বেংকবোৰে প্ৰবেশ কৰিবৰ বাবে আক্ৰমণাত্মক কৌশল ৰচনা কৰি গৈছে৷ এই আক্ৰমণ ৰোধৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে ৰাজহুৱা খণ্ডৰ বেংকবোৰে গ্ৰাহক ধাৰণৰ বাবে বহুতো ব্যৱস্থা হাতত লৈছে৷ বেংকবোৰৰ মাজত খুচুৰা ঋণত ইতিমধ্যে আক্ৰমণ সূচক মূল্য যুদ্ধ আৰম্ভ হৈছে৷ ব্যক্তিগত কম্পিউটাৰ, ম’বাইল ফোন আৰু অন-লাইন ব্যৱসায়ৰ দ্ৰুত অন্তৰ্গমন আৰু বেংকিং প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰত ক্ৰয়ৰ সুযোগে উৎসাহিত কৰিছে৷ হো হোৱাই বাঢ়ি যোৱা অৰ্থনীতি আৰু ক্ৰমাগত বাঢ়ি যোৱা জনমূৰি আয়ে জীৱন নিৰ্বাহৰ মানদণ্ডৰ উন্নতি সাধিছে আৰু খুচুৰা বেংকিঙৰ ওপৰত তাৰ প্ৰভাব বাৰুকৈয়ে পৰিছে৷ সুবিধাৰ বাবে গ্ৰাহকসকলে অধিকতকৈ অধিক বিকল্প পদ্ধতিৰ পছন্দ কৰিব ধৰিছে৷ বৰ্তমান সময়ত দেখা গৈছে যে RTGS আৰু অন্য প্ৰযুক্তিগত পদক্ষেপৰ বাবে ধন পঠিওৱা কামৰ পৰা মাচুল ভিত্তক আয় সংকুচিত হৈছে৷ উচ্চ হ্ৰসম্যাদী সুতৰ বাবে উৎপাদন ৰেখা উঠঙ্গা হ’ব ধৰিছে৷ একক আৰু দ্বৈত আয়ৰ পৰিয়ালৰ বিস্ময়কৰ বৃদ্ধি আৰু বৰ্ধিত ব্যয় ক্ষমতাই খুচুৰা বেংকিঙৰ ওপৰত প্ৰত্যক্ষ ভাৱে প্ৰভাব পেলাব ধৰিছে৷ শিক্ষিতৰ বৰ্ধিত পৰিসৰে প্ৰযুক্তিগত বেংকিঙৰ অধিক গ্ৰহণযোগ্যতা আনি দিছে আৰু খুচুৰা বেংকিঙেও তাক মানি লৈ আগ বাঢ়িব লগীয়া হৈছে৷ বাঢ়ি অহা উপভুক্তাবাদে খুচুৰা বেংকিঙৰ কাৰ্যাৱলীৰ সম্প্ৰসাৰণ ঘটাব ধৰিছে৷ অন্যহাতে গৃহ ঋণৰ বাবদ ৰাজহ সম্বন্ধীয় উদগনিয়েও খুচুৰা বেংকিঙক প্ৰভাবিত কৰিছে৷ শতিকাটোত হোৱা দ্ৰুত অৰ্থনৈতিক উন্নয়নে খুচুৰা বেংকিঙক নতুন ৰূপত আগুৱাই নিব ধৰিছে৷

গ্ৰাহক-কেন্দ্ৰিক ব্যৱসায় আৰ্হি প্ৰস্তুতকৰণ

এটা গ্ৰাহক-কেন্দ্ৰিক ব্যৱসায় আৰ্হি গঢ় দিয়াৰ আৱশ্যকতাৰ ওপৰত বহুতো লিখা মেলা হৈ গৈছে৷ বহুতো বেংকে সকলো দিশতে গ্ৰাহকৰ অভিজ্ঞতাৰ উন্নয়ন ঘটাবলৈ বিনিয়োগ কৰিছে৷ কিন্তু কম সংখ্যকেহে ২০২০ চনত বিজয়ী হ’বলৈ আৱশ্যকীয় বুলি বিশ্বাস কৰি তেওঁলোকৰ কাৰ্যকৰি আৰ্হি স্বৰূপে পাইকাৰী ধৰণৰ আকাৰ ল’বলৈ উদ্যত হৈছে৷

এই ক্ষেত্ৰত কৰা সমীক্ষাত দেখা গৈছে যে সজাগতা বাঢ়িছে; কিন্তু প্ৰস্তুতিৰ ক্ষেত্ৰত উল্লেখনীয় ব্যৱধান পৰিলক্ষিত হয়৷ ৬১% বেংক বিষয়াই ক’ব যে ‘গ্ৰাহক-কেন্দ্ৰিক নমুনা বা আৰ্হি’ বৰ দৰকাৰী আৰু ৭৫% বেংকে এই ক্ষেত্ৰত বিনিয়োগ কৰিছে(এই নমুনা গোলকীয়ভাৱে ঘনীভূত)৷ তথাপিও কেৱল ১৭% ইহে ‘খুউব প্ৰস্তুত’ বুলি অনুভৱ কৰে৷

 আজি বেংকে দৃষ্টান্তমূলক স্বৰূপে তেওঁলোকৰ গ্ৰাহকক ভালদৰে নাজানে৷ উজ্জ্বল ভৱিষ্যতৰ আশা কৰা বেংকবোৰে গ্ৰাহকসকলৰ লগত অধিক আৰু পূৰ্ণাংগ বুজাপৰা গঢ়ি তুলিছে৷ সেই বেংকবোৰে নাটকীয় ভাৱে তেওঁলোকৰ উৎপাদন লানি সৰল কৰিছে৷ গতিকে কম পৰিসৰৰ কাৰ্যকৰি অনিশ্চয়তা সহকাৰে উল্লেখযোগ্য ভাৱে বৰ্ধিত গ্ৰাহক সেৱা আগ বঢ়াইছে৷ তেওঁলোকে উৎপাদন আৰু মূল্য নিৰূপনৰ দ্বাৰা  নকৰি গ্ৰাহকৰ আৱশ্যকতাবোৰৰ বুজ লৈ কাম আৰম্ভ কৰিছে৷

 বিজয় লাভৰ কৌশল

 প্ৰত্যেক বেংকে প্ৰত্যাহ্বানবোৰ প্ৰতিহত কৰিবলৈ এক কৌশল বিকশিত কৰা দৰকাৰ হৈছে৷ যি বেংকে মৰ্যদা ৰেখা অতিক্ৰম কৰি সকলোকে চেৰ পেলাই তেনে বেংকে সকলো সম্ভৱ কৰি তুলে৷ যিয়ে শেষ পৰ্যন্ত এক ধাৰণা কৰে, পৰিবৰ্তনবোৰ বজাৰ, গ্ৰাহক, ৰিক্স, বিধিবিধান, কাৰ্যকাৰিতা, প্ৰযুক্তিৰ সৈতে সমন্বয় ঘটাব পাৰে আৰু প্ৰকৃত বিশ্বৰ বৃহৎ পৰিবৰ্তনক কাৰ্যকৰি কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে তেনে বেংকহে তিষ্ঠি থাকিব পাৰিব৷

 যি বেংকে অতি ভালদৰে গ্ৰাহকক সম্বোধন কৰে আৰু গ্ৰাহকৰ প্ৰয়োজনবোৰ পূৰ্বানুমান কৰিব পাৰে, অবিচলভাৱে উচ্চ পৰ্যায়ৰ সেৱা আগ বঢ়ায় আৰু গ্ৰাহকে পছন্দ কৰা প্ৰণালীৰ সৈতে সংযোগ স্থাপন কৰি দিয়ে তেনে বেংকেই কৃতকাৰ্যতা লাভ কৰে৷

প্ৰত্যাহ্বানবোৰ

বৃহৎ প্ৰতিযোগিতা আৰু বেংকৰ নিজা বাপতিসাহোন ব্যৱসায় তথা কাৰ্যকৰি নিৰ্দ্দেশনৰ বিচাৰ্য বিষয়বোৰৰ সৈতে বেংকিং দৃশ্যপটত অনেক পৰিবৰ্তন ঘটিছে৷ যদিওবা চূড়ান্ত পৰিণতিটো স্পষ্ট নহয়, তথাপিও প্ৰত্যাহ্বানবোৰ পৰিস্ফুট৷ বেংকবোৰে অনাগত ভৱিষ্যতত জয়ী হ’বৰ বাবে এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰি সু-সজ্জিত হৈ আগুৱাই যাব লগীয়া হৈছে৷ কোনসকল গ্ৰাহকক সেৱা কৰিব লাগিব, কেনেকৈ জয়ী হ’ব আৰু ক’ত প্ৰতিযোগিতা কৰিব নালাগিব সেই বিষয়ৰ কঠিন বাছনিসমূহ কৰা দৰকাৰ হৈছে৷ গ্ৰাহকৰ চৌপাশে বেংকসমূহৰ সংগঠনবোৰ পুনৰ গঢ়ি তুলিব লগা হৈছে আৰু সহজ কৰি সাংগাঠনিকভাৱে ব্যয় হ্ৰাস কৰিব লগা হৈছে৷ তেওঁলোকে খৰতকীয়া, উদ্ভাৱনশীল আৰু ভৱিষ্যতে প্ৰকট হ’ব লগা অনিশ্চয়তাবোৰৰ সৈতে হলিগলি কৰিবলৈ আৰু যথোপযুক্ত ভাৱে কাৰ্যকৰি কৰিবলৈ ৰজিতা খাব পৰা হ’বলৈ শিকাৰ আৱশ্যকতা আহি পৰিছে৷ বেংকসমূহে কামবোৰ পৃথকভাৱে কৰা দৰকাৰ হৈছে৷ বেংকিং খণ্ডৰ পৰ্যালোচকসকলৰ মতে  বেংকসমূহে গুৰুত্ব সহকাৰে কৰিব লগীয়া প্ৰধান কামবোৰ হ’ল---

১) গ্ৰাহকৰ বিশ্বস্ততা বৰ্তাই ৰখা৷

২) অকামিলা সম্পদ( Non-Performing Assets) আৰু ঠগ-প্ৰৱঞ্চনা হ্ৰাসকৰণ৷

৩) গ্ৰাহকৰ কাৰণে ঋণ ফান্দ (Debt Trap) এৰাই চলা৷

৪) গ্ৰাম্য জনতাক বেংক ব্যৱসায়ৰ মূল ধাৰালৈ অনা৷

 এক গোলকীয় ভিত্তিত চলোৱা গৱেষণাত অদূৰ ভৱিষ্যতে বেংকসমূহে কেনে ধৰণে আগ বাঢ়িলে  কৃতকাৰ্য হ’ব পাৰিব তাক উল্লেখ কৰিছে৷ এই ক্ষেত্ৰত ছটা মৌলিক অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে৷ সেই কেইটা হ’ল-

১)এক গ্ৰাহক কেন্দ্ৰীক ব্যৱসায় মডেল বা আৰ্হি গঢ়ি তোলা৷

২)বিতৰণ আশানুৰূপ কৰা৷

৩)ব্যৱসায় আৰু কাৰ্যকৰী মডেল সৰল কৰা৷

৪)বাৰ্তাৰ সুযোগ লাভ কৰা৷

৫)উদ্ভাৱন সক্ষম কৰা আৰু ইয়াক প্ৰতিপাল কৰিবলৈ সক্ষমতা আহৰণ৷

৬)গ্ৰাম্য জনতাক বেংক ব্যৱসায়ৰ মূল ধাৰালৈ অনা৷

সামৰণি

ক্ষমতাশালী শক্তিসমূহে বেংকিং উদ্যোগক পুনৰ গঢ় দি আছে৷ গ্ৰাহকৰ পৰিবৰ্তনশীল আশা-আকাংক্ষা, প্ৰযুক্তিৰ ক্ষমতা, বিধিসন্মত প্ৰয়োজনসমূহ, জনগাঁথনি আৰু অৰ্থনীতিয়ে লগ হৈ পৰিবৰ্তনৰ পথ সুচল কৰি আহিছে৷ বেংকিং খণ্ডৰ অভিজ্ঞ ব্যক্তিসকলে পৰামৰ্শ আগ বঢ়াই কয়, ‘বেংকসমূহে এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰি আগুৱাই যাব লাগিব আৰু আগন্তুক শতিকাত জয়ী হ’বলৈ যথোপযুক্ত কাৰ্যক্ৰমনিকা চলাই যাব লাগিব৷ বেংকসমূহে কেৱল আজিৰ তাগিদাসমূহ কাৰ্যকৰি কৰিলেই নহ’ব, মৌলিকভাৱে উদ্ভাৱন কৰিব লাগিব আৰু ভৱিষ্যতৰ বাবে তেওঁলোকে নিজৰ আকাৰ সলনি কৰিব লাগিব৷

প্ৰতিটো বেংকৰ অনন্য সহাঁৰি নিৰ্ভৰ কৰিব বেংকটোৰ চলিত অৱস্থা, ভৱিষ্যতৰ বাবে উচ্চাভিলাস, আশানুৰূপ গ্ৰাহক কেন্দ্ৰীভূতকৰণ, সাংগাঠনিক ক্ষমতা, মাৰ্কাৰ প্ৰতিশ্ৰুতি, বিধিগত অৱস্থা আৰু মূলধনৰ বাধাবাধকতাৰ ওপৰত৷ বেংকসমূহে কেনেধৰণৰ ভাৱ-ভংগী গ্ৰহণ কৰিব তাক বিবেচনা কৰা উচিত৷ একে ধৰণে থকাটো এক পছন্দ হ’ব নোৱাৰে৷’
   
০০০০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment