Wednesday 11 November 2015

বেংকিং খণ্ডত ঠগ-প্ৰবঞ্চনা

আমি সকলোৱে জানো যে ঠগ, প্ৰবঞ্চনা, জালিয়াতি, বিত্তীয় ফাঁকি আদিবোৰ বহু দিনৰ আগৰ পৰা চলি আহিছে৷ কৌটিল্যই তেওঁৰ ‘অৰ্থশাস্ত্ৰ’ত খৃঃপূঃ ৩০০ তেই ‘প্ৰবঞ্চনা’ৰ বিষয়ে উল্লেখ কৰি গৈছে৷ পণ্ডিত গৰাকীয়ে গচ্ছিত ধন অপহৰণৰ চল্লিশটা পথ বৰ্ণনা কৰিছে, তাৰে কিছুমান হৈছেঃ যিটো আগেয়ে আদায় কৰা হ’ল পাছত অন্তৰ্ভূক্তি কৰা; যিটো পাছত উচুল কৰা হয় তাক আগেয়েই তালিকাভুক্ত কৰা; যিটো আদায় কৰা উচিত তাক আদায় নকৰা; যিটো আদায় কৰা কঠিন তাক আদায় কৰা দেখুওৱা ; যিটো সংগ্ৰহ কৰা  হ’ল তাক সংগ্ৰহ নকৰা বুলি দেখুওৱা; যিটো সংগ্ৰহ কৰা নাই তাক সংগ্ৰহ কৰা বুলি দেখুওৱা ; যিটো আংশিক ভাৱে সংগ্ৰহ কৰা হ’ল তাক সম্পূৰ্ণ সংগ্ৰহ কৰা বুলি তালিকাভুক্ত কৰা; যিটো সম্পূৰ্ণকৈ সংগ্ৰহ কৰা হ’ল তাক আংশিক ভাৱে সংগ্ৰহ কৰা বুলি তালিকাভুক্ত কৰা ৷”  বৰ্তমান সময়ত সংবাদ মাধ্যমত শিৰোনাম দখল কৰা বিত্তীয় প্ৰবঞ্চনাৰ বহুতো উদাহৰণত ওপৰৰ কিছুমান কামক কাৰ্য সাধন প্ৰণালী(modus operandi) হিচাপে চলাই থকা হৈছে৷ এইটোৱে দেখুৱাইছে যে প্ৰবঞ্চনাৰ মৌলিকতাত এনে দীঘলীয়া সময় ছোৱাত তেনেই সামান্যহে পৰিবৰ্তন ঘটিছে৷
প্ৰবঞ্চনাৰ সংজ্ঞা

 প্ৰবঞ্চনাৰ সংজ্ঞা সৰলভাৱে এইদৰে দিব পাৰি,"যিকোনো আচৰণ, যাৰ দ্বাৰা এজন ব্যক্তিয়ে আন এজনৰ ওপৰত অসাধু সুবিধা লাভৰ অভিপ্ৰায় কৰে তাকে প্ৰবঞ্চনা বুলিব পাৰি৷” অন্য  কথাত   ক’বলৈ  লে, ‘প্ৰবঞ্চনা এটা কাম বা   এটা ভুল যিটোৱে সত্যক লুকুৱাই বা অন্য ধৰণে এজন ব্যক্তিক অনুচিত লাভ দিবৰ বাবে আনজনক অন্যায়ভাৱে লোকচান ভৰাবলৈ প্ৰয়াস কৰে৷’

 ভাৰতীয় বন্দবস্তি আইন, ১৮৭২ ৰ ধাৰা ১৭ৰ অধীনত এটা পক্ষই বা তেওঁৰ মৌন সন্মতিত, বা তেওঁৰ প্ৰতিনিধিৰ দ্বাৰা, এটা চুক্তিত সংঘটিত কৰা, তাৰ যোগেদি অন্য পক্ষক ঠগাৰ প্ৰয়াসেৰে বা তেওঁৰ প্ৰতিনিধি, বা চুক্তিটোত সোমাই পৰিবলৈ তেওঁক প্ৰ্ভাৱিত কৰা তলত উল্লেখিত যিকোনো কামকে প্ৰবঞ্চনাই সাঙুৰি লয়,
 * বাস্তৱতে কথাটো সত্য নহয়, যিজনে এইটো সত্য নহয় বুলি বিশ্বাস কৰে তেওঁৰ দ্বাৰা বাস্তৱটোৰ জ্ঞান আৰু বিশ্বাস থাকিও সক্ৰিয় ভাৱে সত্যটো লুকুৱাই দিয়া;

*পালন কৰাৰ কোনো অভিপ্ৰায় নোহোৱাকৈ এক প্ৰতিশ্ৰুতি দিয়া;

* অন্য যিকোনো কাম যিবোৰে প্ৰবঞ্চনা কৰাত সক্ষম;

* আইনে বিশেষভাৱে জালিয়াতি বুলি ঘোষনা কৰা যিকোনো কাম বা ভুলবোৰ৷

জালিয়াতিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে দিয়া মতামত অনুযায়ী বেংকিং লেন-দেনত বা কায়িক ভাৱে পৰিচালিত হিচাপ বহীত বা বেংকৰ কম্পিউটাৰ ব্যৱস্থাত কোনো ব্যক্তিৰ দ্বাৰা কৰা এক ইচ্ছাকৃত ভুল কাম বা কৰ্ত্তৃত্ব প্ৰয়োগ যাৰ পৰিণতিত বেংকৰ বিত্তজনিত ক্ষতি হোৱাকৈ বা নোহোৱাকৈ অস্থায়ী ভাৱে বা অন্য ভাৱে কোনো ব্যক্তি লাভবান হয় তাকে প্ৰবঞ্চনা বুলিব পাৰি৷
বেংকিং খণ্ডত প্ৰবঞ্চনাঃ কিছু পৰিসংখ্যা

 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পোৱা মতে, যেতিয়া প্ৰবঞ্চনাৰ গোচৰ ২০০৯-১০ চনৰ ২৪৭৯১ টাৰ পৰা ২০১২-১৩ চনত ১৩২৯৩ লৈ অৱনমিত গতি দেখুৱাইছে অৰ্থাৎ ৪৬.৩৭% হ্ৰাস হয়, জড়িত কৰণৰ ৰাশি যথাৰ্থতে ২০৩৭.৮১ কোটি টকাৰ পৰা ৮৬৪৬.০০ কোটিলৈ বৃদ্ধি পায় অৰ্থাৎ ৩২৪.২৭% বাঢ়ে৷ এক সুক্ষ্ম বিশ্লেষণে উদঙাই দিছে যে সকলো প্ৰবঞ্চনা গোচৰৰ প্ৰায় ৮০% গোচৰ এক লাখ টকাৰ তলৰ ৰাশিৰ সৈতে জড়িত, যেতিয়া নেকি সৰ্বমুঠ হিুচাপত জড়িত মুঠ টকাৰ মাত্ৰ ২% হে এইবোৰ গোচৰত জড়িত হৈছে৷  সেইদৰে, বৃহৎ মূল্যৰ প্ৰবঞ্চনা গোচৰবোৰ ৫০ কোটি টকা আৰু তাৰো অধিক টকাৰ সৈতে জড়িত, ২০০৯-১০ বিত্তীয় বৰ্ষত(৪০৪.১৩ কোটি টকাত জড়িত)৩ টা গোচৰৰ পৰা ২০১৩ বিত্তীয় বৰ্ষত ৪৫ টা গোচৰত (৫৩৩৪.৭৫ কোটি টকা জড়িতকৰণেৰে) দহ গুণতকৈও বেছি বৃদ্ধি পালে তাৰোপৰি, বেংকৰ গোট অনুযায়ী প্ৰবঞ্চনাৰ বিশ্লেষণে প্ৰকাশ কৰিছে যে ব্যক্তিগত খণ্ডৰ বেংক আৰু বিদেশী বেংকৰ সন্মিলিত গোটত সংখ্যা হিচাপত (৮২.৫%)সৰহ ভাগ প্ৰবঞ্চনা সংঘটিত হৈছে, ৰাজহুৱা খণ্ডৰ বেংকবোৰত(ভাৰতীয় ষ্টেট বেংকক ধৰি) সকলো প্ৰবঞ্চনা গোচৰ ধৰি  মুঠ টকাৰ প্ৰায় ৮৩% জড়িত হৈছে৷
প্ৰবঞ্চনাৰ ভাগবোৰ

 বহল ভাৱে, বেংকবোৰে বৰ্ণনা কৰা জালিয়াতিক তিনিটা প্ৰধান উপভাগত ভগাব পাৰি৷

১) প্ৰযুক্তিৰ সৈতে সম্বন্ধিত(Technology related)

২) ‘ আপোনাৰ গ্ৰাহকক জানক’ৰ লগত সম্বন্ধিত(KYC related (mainly in deposit accounts)

৩) ঋণৰ সৈতে সম্বন্ধিত(Advances related)

 প্ৰবঞ্চনাৰ গোচৰবোৰৰ পৰীক্ষাই স্পষ্ট কৰিছে যে বেংকবোৰে সম্ভেদ দিয়া মুঠ প্ৰবঞ্চনা গোচৰবোৰৰ প্ৰায় ৬৫% প্ৰযুক্তিৰ সৈতে সম্বন্ধিত(ইন্টাৰনেট বেংকিং প্ৰণালী, এ টি এম আৰু ক্ৰেডিট / ডেবিট /প্ৰিপেইড কাৰ্ডৰ দৰে আন বিকল্প পৰিশোধ প্ৰণালীক সাঙুৰি)প্ৰবঞ্চনা গোচৰ, যেতিয়ানেকি ঋণ শিতানে প্ৰবঞ্চনাত জড়িত মুঠ পৰিমাণৰ টকাৰ বেছিখিনি (৬৪%) দখল কৰিছে৷

প্ৰযুক্তি সম্বন্ধিত প্ৰবঞ্চনা   (Technology Related Frauds)

দক্ষতা বৃদ্ধি আৰু ব্যয় হ্ৰাস কৰিবৰ কাৰণে বেংকবোৰে তেওঁলোকৰ গ্ৰাহকসকলক ম’বাইল, ইন্টাৰনেট, আৰু চ’চিয়েল মিডিয়াৰ দৰে নতুন সেৱা প্ৰদান কৰা মঞ্চ অৱলম্বন কৰিবলৈ বৰকৈ হেঁচা দি গৈছে৷  কিন্তু যেতিয়া গ্ৰাহকসকলে প্ৰযুক্তি জ্ঞান আহৰণ কৰে আৰু অন-লাইন সেৱা আৰু উৎপাদনবোৰ ব্যৱহাৰ কৰি কাম আৰম্ভ কৰে, সাক্ষ্য প্ৰমাণে ইংগিত দিয়ে যে, তেতিয়া প্ৰবঞ্চকহঁতে প্ৰযুক্তি ব্যৱস্থা আৰু প্ৰক্ৰিয়াৰ ছিদ্ৰবোৰ কামত খটুৱাই প্ৰবঞ্চনা কৰাৰ নতুন কৌশল প্ৰয়োগ কৰে৷ প্ৰবঞ্চনা কৰিবলৈ গোপনীয় তথ্য চুৰি কৰাৰ উপৰিও বিৰোধী চ’ফ্টৱেৰ প্ৰগ্ৰেম(hostile software programs)বা মেলৱেৰ আক্ৰমণ বা কম্পিউটাৰ ভাইৰাচ আদিৰ দ্বাৰা আক্ৰমণ(malware attacks), গোপন তথ্য আদায় অৰ্থাৎ বিশ্বাস ভাজন সত্তাৰ ভেশছন ধৰি ইউজাৰ নেম, পাছৱৰ্ড আদি গোপন তথ্য আদায়(phishing),ভিচিং বা টেলিফোন আৰু ইমেইল যোগে প্ৰবঞ্চনা (Vishing or voiceemail), বাৰ্তা বা মেচেজ প্ৰেৰণ  কৰি প্ৰবঞ্চনা(SMSishing or text messages),তিমি চিকাৰ অৰ্থাৎ প্ৰচুৰ ধনবান লোকৰ তথ্য চুৰি( Whaling or targeted phishing on High Net worth individuals)আদি কৰে৷
বেংকৰ ঋণ শিতানত প্ৰবঞ্চনা( Frauds in Banks’ Advances Portfolio )

 বেকিং খণ্ডত সংঘটিত হোৱা প্ৰবঞ্চনাৰ মুঠ পৰিমাণৰ বৃহৎ অংশ ঋণ শিতানৰ হিচাপৰ লগত সম্বন্ধিত৷  যুটীয়া ৰাজশক্তি বা বহুমুখী বেংকিং ব্যৱস্থাৰ অধীনত প্ৰদান কৰা একাউন্টবোৰত বৃহৎ মূল্যৰ প্ৰবঞ্চনা বাঢ়িছে(৫০ কোটিতকৈ অধিক পৰিমাণৰ জড়িতকৰণেৰে), আনকি ১০ টাতকৈ অধিক বেংক একে লগে জড়িত কৰি, ই নতুনকৈ উদগমন ঘটিছে, কিন্তু বেংকিং খণ্ডৰ বাবে ই স্বাগতম জনাব নলগীয়া গতিধাৰা৷  এই গোচৰবোৰৰ সৈতে জড়িত মুঠ পৰিমাণৰ অধিক অংশ ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ৷ এই প্ৰসংঙ্গত অন্য স্পষ্ট বিচাৰ্য বিষয়টো হ’ল যুটীয়া ৰাজশক্তি /বহুমুখী বিত্ত যোগানৰ ক্ষেত্ৰত বিভিন্ন বেংকবোৰে প্ৰবঞ্চনা ঘোষনা কৰাত যথেষ্ট পলম কৰা৷

কৰ্মচাৰীক দায়ী সাব্যস্তকৰণ(Fixing of Staff Accountability)

 বেংকবোৰৰ জৰুৰী মনোযোগ বিচৰা অন্য ক্ষেত্ৰ হ’ল কৰ্মচাৰীক দায়ী সাব্যস্তকৰণ৷ ৰাজহুৱা খণ্ডৰ বেংকবোৰে এই দিশটোক অৱহেলা কৰি আহিছে৷ এই গোচৰবোৰত সাধাৰণ গতিধাৰাটো হৈছে এক বৃহৎ সংখ্যক বিষয়-ববীয়াক তদন্ত প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা, যাৰ ফলত অনুসন্ধান পলম হৈছে আৰু শিথিল হৈছে৷
গ্ৰাহকসকলে  সন্মুখীন  হোৱা  প্ৰবঞ্চনাৰ   চাৰিটা   বৃহৎ   ভাবুকিঃ

 ১) বৈদ্যুতনিক জালিয়াতি (Electronic fraud), ) পৰিচয়  চুৰি কৰা (Identity theft), ) ক্ৰেডিট/ ডেবিট   কাৰ্ড    জালিয়াতি (Credit/Debit card fraud),  চেক  জালিয়াতি (Cheque fraud.)

 ক্ৰেডিট  কাৰ্ড  আৰু  ডেবিট  কাৰ্ড  প্ৰবঞ্চনা  হৈছে  এক  অপৰাধ  যাৰ  যোগে  বিত্তীয়  সুবিধা  লাভ  কৰিবলৈ  সঞ্চিত   জমাৰাশি  ব্যৱহাৰ   কৰিবৰ   বাবে   এজন  লোকৰ  ক্ৰেডিট  বা  ডেবিট  কাৰ্ড  অনুলিপি  কৰিব   পাৰে৷  যেতিয়া   চুম্বকীয়  টুকুৰা   চটাত ( magnetic card)  থকা   তথ্যটো   অনুলিপি   কৰা   হয় তেতিয়া   ক্ৰেডিট  কাৰ্ড / ডেবিট  কাৰ্ডৰ  সৃষ্টি  বা  অদল-বদল  ঘটে৷  এই   ধৰণৰ  অপৰাধক  ‘সৰ কঢ়া (skimming) বুলি  জনা  যায়৷

 এজন   লোকৰ   কাৰ্ড    হেৰালে   বা   চুৰি    লে  আৰু  সেই  কাৰ্ডেৰে  বস্তু   কিনিবলৈ  বা   টকা   উঠাবলৈ  এক   তৃতীয়   পক্ষই  ব্যৱহাৰ    কৰিলে   ক্ৰেডিট   কাৰ্ড  বা   ডেবিট  কাৰ্ড  প্ৰবঞ্চনা   ঘটিব   পাৰে৷  এজনলৈ  পঠিওৱাৰ  সময়তে   পৰিবহনতো  ক্ৰেডিট   কাৰ্ড  বা  ডেবিট   কাৰ্ড  গতিৰোধ  কৰিব  পাৰে৷ এজনৰ   কাৰ্ডৰ  অকৰ্ত্তৃত্বশীল  প্ৰতিৰূপ  লেন-দেন  সংঘটিত   কৰা   অসাধু  মুদৈয়েও  লোকজনৰ  কাৰ্ডৰ   দুৰ্ব্যৱহাৰ   কৰিব   পাৰে৷
গ্ৰাহকৰ  পাছবুকচেকবুক  আৰু  ক্ৰেডিট কাৰ্ড / ডেবিট কাৰ্ডৰ  ৰক্ষণাবেশন

নিজৰ পাছবুক, চেকবুক আদি যাতে দুৰ্জ্জনলোকৰ হাতত নপৰে তাৰ বাবে গ্ৰাহকে নিজে সু-ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷  এই   ক্ষেত্ৰত  বেংক-কৰ্ত্তৃপক্ষই  কোনো  ধৰণৰ  দায়িত্ব  বহন  নকৰে৷ অৱশ্যে   কেনেবাকৈ  পাছবুক  বা চেকবুক  আদি  চুৰি  লে   বা  হেৰালে  ততালিকে  বেংকৰ   শাখাত  লিখিতভাৱে   জনালে   বেংকে   গ্ৰাহকৰ ধনৰ সুৰক্ষাৰ  ব্যৱস্থা
গ্ৰাহকসকলে  নিজৰ  ব্যক্তিগত  পৰিচয়  নম্বৰ(PIN)  মনত  ৰাখিব লাগে৷  গ্ৰাহকে নিজৰ   সকলোবোৰ  কাৰ্ডৰ  বাবে  একেটা  পিন(PIN)  ব্যৱহাৰ  কৰিব   নালাগে  আৰু  নিজৰ  জন্ম   তাৰিখ   বা   গ্ৰাহকজনৰ ধনৰ  মোনাত( wallet )   থাকিব  পৰা  আন  কোনো  সহজতে  চিনিব  পৰা   নম্বৰবোৰ  বাছনি  কৰিব নালাগে৷ যদি   গ্ৰাহকজনৰ   হিচাপত  সন্দেহজনক  কিবা  দৃষ্টিগোচৰ  হয়  তেন্তে   তেওঁ  হিচাপৰ  খতিয়ান  পৰীক্ষা   কৰা উচিত  আৰু  ততালিকে  নিজৰ ক্ৰেডিট   কাৰ্ড   প্ৰদান   কৰোঁতাক   অৱগত  কৰা দৰকাৰ৷  এনে কৰিলে   কোম্পানীটোক   প্ৰবঞ্চনা   ধৰা  পেলোৱাত  সহায়  কৰিব   পাৰে  আৰু  অকৰ্ত্তৃত্বশীল  মূল্য  দিয়াৰ   পৰা   গ্ৰাহকজনে   নিজকে  ৰক্ষা   কৰিব   পাৰিব৷
কোনো   সময়তেই  নিজৰ   দৃষ্টিৰ  পৰা  আঁৰত  গ্ৰাহকে   ক্ৰেডিট   কাৰ্ড   এৰিব নালাগে-- উদাহৰণ  স্বৰূপে  এখন  ৰেষ্টুৰেন্টত  থাকোঁতেও কাৰ্ডটো  লগত   ৰখা উচিত৷ ক্ৰেডিট  কাৰ্ড  কেৱল  অষ্ট্ৰেলিয়াত  প্ৰযোজ্য   নহয়৷ বিদেশ  ভ্ৰমণৰ  সময়ত  সচেতন   হৈ   থাকিব  লাগে, যিহেতু   ক্ৰেডিট  কাৰ্ডৰ  ‘সৰ  কঢ়াটো (skimming) এটা   আন্তৰাষ্ট্ৰীয়   অপৰাধ৷

 নতুন কাৰ্ড   পোৱাৰ     লগে   লগে  সদায়ে  নিজৰ   কাৰ্ডত  চিয়াহীৰে  চহী  কৰিব লাগে৷
            
নতুন   বা   পুনৰ   দিয়া  কাৰ্ড  আহিব   লগা   থাকিলে  তাক   অনুসৰণ  কৰিব লাগে   আৰু  যদি   সময়  মতে  আহি  নাপায়  তেনে্হলে   কাৰ্ড   প্ৰদান  কৰোঁতাক   জনোৱা উচিত৷

গ্ৰহকে   নিশ্চিত   লাগে   যে  নিজৰ  মেইলবক্স  সুৰক্ষিত   হৈ  আছেআৰু   কেৱল   গ্ৰাহক   আৰু  ডাক  আনোতাজনেহে  যাতে  ইয়াক   পাব   পাৰে৷  গ্ৰাহকে   দলিয়াই   পেলোৱাৰ  পূৰ্বে   সকলো  ক্ৰেডিট   কাৰ্ড   ৰচিদ  আৰু  প্ৰাক-অনুমোদিত   ক্ৰেডিট   কাৰ্ডৰ   বস্তু  সৰু  সৰু  টুকুৰাত  পৰিণত   কৰি   ফালি   পেলাব লাগে৷  গ্ৰাহকে   হিচাপৰ   খতিয়ানবোৰ   এক   নিৰাপদ  স্থানত   ৰাখিব লাগে৷

যেতিয়া   এজন গ্ৰাহকে  অনলাইনত   নিজৰ   কাৰ্ড  ব্যৱহাৰ   কৰে   তেতিয়া   এক  নিৰাপদ   ৱেবচাইট   ব্যৱহাৰ কৰিছেনে  নাই   সেই  কথা   নিশ্চিত  হৈ   লাগে৷  গ্ৰাহকে   ব্ৰাউজাৰ   উইনড (browser window)    সোঁফালৰ  বটমত   সৰু  চাবি  বা    তলাৰ  প্ৰতীকৰ  অনুসন্ধান  কৰিব লাগে৷

 অজ্ঞাত   ব্যক্তিক  বা   যিয়ে   এজন গ্ৰাহকৰ   সৈতে  ফোনযোগে  কথা   পাতে   তেনে  টেলিফোন  যোগে  ব্যৱসায়  কৰা  লোকক   কেতিয়াও    গ্ৰাহকে   নিজৰ   কাৰ্ডৰ   নম্বৰ  জানিবলৈ  দিব  নালাগে৷

 সামৰণি

বিত্ত   সংক্ৰান্তীয়  কামবোৰৰ   সৈতে   জড়িত  বেংকৰ  দৰে  সত্তাবোৰৰ  ওপৰত  প্ৰবঞ্চনাৰ  প্ৰভাব  বেছি গুৰুত্বপূৰ্ণ  হয়যিহেতুকে   তেওঁলোকৰ   কামবোৰ  ধনৰ  মধ্যস্থতাকৰণৰ   সৈতে   জড়িত৷  বজাৰবোৰৰ   কাম চলোৱাত,   বিত্তীয়  প্ৰতিষ্ঠানসমূহ  আৰু   পৰিশোধ   ব্যৱস্থাত  সম্ভাৱনীয়  বিচ্ছিন্নকৰণৰ  হিচাপত   প্ৰবঞ্চনাৰ অৰ্থনৈতিক  ক্ষতি  বৃহৎ  পৰিমাণৰ     পাৰে৷  তাৰোপৰি,   বেংকিং  ব্যৱস্থাত  বিশ্বাসৰ   ওপৰত   প্ৰবঞ্চনাৰ  এক সম্ভাৱনীয়   শক্তি  হ্ৰাসকৰণ   প্ৰভাব   আছে  আৰু      অৰ্থনীতিৰ  সমন্বয়   আৰু   স্থিৰতা   নষ্ট  কৰিব  পাৰে৷ ইয়ে বেংকবোৰক   তললৈ  নমাই  দিব  পাৰেকেন্দ্ৰীয়  বেংকৰ  তত্বাৱধায়ক  ভূমিকাক  দুৰ্বল   কৰিব  আৰু  আনকি সামাজিক  বিশৃংঙ্খলতাঅশান্তি   আৰু   ৰাজনৈতিক   আন্দোলনৰ   সৃষ্টি  কৰিব  পাৰে৷  অৱশ্যে,   বৰ্তমান  সময়ত প্ৰযুক্তিৰ  অগ্ৰগতি য়ে   প্ৰবঞ্চনাৰ  ক্ষেত্ৰত  বেংকবোৰৰ  তিষ্ঠি  থকাৰ  শক্তি  বঢ়াই  তুলিছে৷

বিত্তীয়   প্ৰবঞ্চনাৰ  অপৰাধী  লোকৰ  বিৰূদ্ধে  জৰুৰী  কাৰ্য  কৰিবলৈ  সমাজে  দাবী  কৰিব  লাগে  আৰু তেনে লোকক    সামাজিক  ভাৱে  এঘৰীয়া    কৰা   উচিত৷  বেংকিং   ব্যৱস্থাই  যুটীয়া   ভাৱে  নিশ্চিত  কৰা   উচিত যাতে   প্ৰবঞ্চকে  বেংকিঙৰ  সুবিধাবোৰ  পাব   নোৱাৰে৷  এক  পদ্ধতিগত  প্ৰবঞ্চনা  প্ৰশমন   অভিযান  জাৰি  ৰাখিবৰ  বাবে  প্ৰযুক্তিযোগাযোগ  আৰু   তথ্য   অন্তৰ্ভুক্তিৰ  সুবিধাৰ   ওপৰত  গুৰুত্ব  দিয়া   উচিত৷
 ০০০০)(০০০০
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচাৰিত জনপ্ৰিয় সাপ্তাহিক কাকত "সাদিন" ৰ ১৬ মাৰ্চ , ২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷

No comments:

Post a Comment