Wednesday 11 November 2015

সেঁউজগৃহ প্ৰযুক্তিৰ কৃষি পদ্ধতি

ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ণৰ ক্ষেত্ৰত দেশৰ কৃষি খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ অন্য কথাত কবলৈ গলে, কৃষিয়েই হৈছে ভাৰতৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ মূল ভেটি৷ কৃষিক তেনেদৰেই ৰাখিব লাগিব৷ বৰ্তমানো কৃষি পূৰ্ণমাত্ৰাই জীৱিকাৰ নতুন পথ হৈ আছে৷ কৃষি মাত্ৰ খাদ্য উৎপাদনতে সীমাবদ্ধ হৈ থকা নাই৷ বিভিন্ন ধৰণৰ ফুল আৰু ঔষধি জাত উদ্ভিদৰ উৎপাদনৰ যোগেদি কৃষিয়ে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰক সমৃদ্ধিশালী কৰিবলৈ সমৰ্থ হৈছে৷

ভাৰতে বিশ্বত অৰ্থনৈতিক শক্তি হিচাপে দেখা দিবলৈ হলে কৃষি উৎপাদন বৰ্তমানৰ অৰ্থনৈতিক শক্তি স্বৰূপে থিয় দি থকা দেশসমূহৰ সমান হব লাগিব৷ আমাক এক নতুন কাৰ্যকৰি সংস্কাৰমূলক প্ৰযুক্তিৰ আৱশ্যক যিয়ে আমাৰ প্ৰমুখ ফাৰ্ম ৱ্যৱস্থাত ক্ৰমাগতভাৱে উৎপাদন,লাভ আৰু বহনক্ষমতা বৃদ্ধি কৰি গৈ থাকে৷ তেনে এক প্ৰযুক্তিয়েই হল সেঁউজগৃহ প্ৰযুক্তি৷

সেঁউজগৃহৰ বুৰঞ্জী

অতি প্ৰাচীন কালতে ৰোমত বাগানৰ মালিকসকলে পানী কাপোৰ বা অভ্ৰৰ চাদৰেৰে আৱৰি তিয়ঁহৰ খেতি কৰিছিল৷ ১৫০০ চনত ইটালিৰ বাগিছাৰ মালীসকলে গ্ৰীষ্ম মণ্ডলীয় উদ্ভিদৰ খেতিৰ বাবে ঘৰ সাজিছিল ,সেয়াই ইটালিলৈ অনুসন্ধানৰ পথ মুকলি কৰি দিছিল৷ ১৮০০ চনত Jules Charles য়ে হলেণ্ডত প্ৰথম আধুনিক সেঁউজগৃহ নিৰ্মাণ কৰে৷ যদিওবা সেঁউজগৃহ প্ৰযুক্তি শতবৰ্ষীয় পুৰণি ,তথাপিও ভাৰতৰ বাবে ই নতুন৷ ভাৰতবৰ্ষত সেঁউজগৃহ প্ৰযুক্তি ১৯৮০ চনতহে আৰম্ভ হয় আৰু ই প্ৰধানতঃ গৱেষনামূলক কামৰ বাবে ব্যৱহৃত হৈছিল৷ যেইকি নহওক, সাম্প্ৰতিক বছৰ কেইটামানত আন্তৰ্জাতিক বজাৰৰ গোলকীকৰণৰ ফলত কৃষিজাত সামগ্ৰীৰ ৰপ্তানীৰ বাবে যি  প্ৰচণ্ড হেঁচা আৰু উদগনি দিয়া হৈছিল তাৰ ফলস্বৰূপে সেঁউজগৃহ প্ৰযুক্তিৰ চাহিদাৰ গতিবেগ হঠাৎ বৃদ্ধি পালে৷ কৃষি ক্ষেত্ৰত প্লাষ্টিক ব্যৱহাৰৰ ওপৰত গঠিত ৰাষ্ট্ৰীয় কমিটিয়ে(NCPA 1982)দেশত বিভিন্ন ক্ষেত্ৰত সেঁউজগৃহ প্ৰযুক্তি পৰীক্ষামূলকভাৱে কৰিবলৈ স্থান নিৰ্দ্দেশ কৰি দিছিল৷ বিগত কুৰিটা বছৰত এই ক্ষেত্ৰত বহুতো গৱেষণা হৈছে আৰু ভাৰতত ভালেমান কোম্পানীয়ে এই ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায় চলাই গৈছে৷ বহুতো যুৱ কৃষকে সেঁউজগৃহ ফাৰ্মৰ সম্ভাৱনীয়তা উপলব্ধি কৰিছে আৰু এই ক্ষেত্ৰত অধিক বিনিয়োগ কৰিবলৈ আগ্ৰহী হৈছে৷

ভাৰতীয় কৃষি খণ্ডত সেঁউজগৃহ প্ৰযুক্তিয়ে সাধন কৰা পৰিবৰ্তনসমূহ

সেঁউজগৃহ কৃষি প্ৰযুক্তি হল এক অতি বৈপ্লবিক প্ৰযুক্তি, যিয়ে বিগত দহটা বছৰত ভাৰতীয় কৃষি উদ্যোগৰ ৰূপ সলনি কৰি দিলে৷ আচলতে  ই কৃষি খণ্ডৰ গতি পথকেই সলনি কৰি দিছে৷ এই প্ৰযুক্তিৰ সফল প্ৰয়োগৰ পিচত লাভালাভ ভালেমান বৃদ্ধি হল আৰু কৃষি এক আকৰ্ষনীয় ব্যৱসায় খণ্ডত পৰিগণিত হল৷ সেঁউজগৃহ প্ৰকল্পৰ মূল বিশষত্বটো হৈছে অতি কম ঠাইতে খেতি কৰি অধিক উৎপান লাভ কৰিব পাৰি৷ তিনিটা সুন্দৰ আধুনিক সেঁউজগৃহ থকা এজন কৃষকে তেওঁ উৎপাদন কৰা দ্ৰব্য আৰু বজাৰৰ ওপৰত ভিত্তি কৰি বছৰি চাৰিৰ ৰা আঠ লাখ টকা উপাৰ্জন কৰিব পাৰে৷ যিহেতু উৎপাদিত দ্ৰব্যসমূহ হল অপূৰ্ব সুন্দৰ শাক পাচলি,ফুল আৰু ফলমূল, সেয়ে মূল্য আৰু বজাৰ কোনো ডাঙৰ কথা নহয়৷ ভাৰতীয় কৃষকে ক্ষুদ্ৰ পৰিসৰৰ ভূমি ধাৰণ আৰু অযোগ্য কৃষি পদ্ধতিৰ বাবে কৃষিত কম উৎপাদন লাভ কৰে৷ আধুনিক কৃষি পদ্ধতিৰ উন্নয়ণ নোহোৱা হেতু বৰষুণৰ দৰে প্ৰাকৃতিক ঘটনাৱলীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়৷ এই ক্ষেত্ৰত সেঁউজগৃহ ফাৰ্ম বা পলিহাউচ ফাৰ্ম  ভাৰতবৰ্ষৰ কৃষকৰ বাবে এক নতুন বিকল্প পদ্ধতি৷ ই বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু নিশ্চিত ব্যৱস্থাৰ বাবে ভূমি আৰু জলসম্পদৰ সৰ্বোৎকৃষ্ট ব্যৱহাৰ সম্ভৱ কৰে৷ ৪০০০ বৰ্গ মিটাৰৰ ( ১ একৰ ) এক প্ৰতিনিধিত্বমূলক  পৰম্পৰাগত ফাৰ্মে ২০০০০ ৰ পৰা ১৫০০০০ ( খেতিৰ বিভাগ অনুযায়ী, যেনে খাদ্য শস্য ,শাক পাচলি আৰু ফলমূল)লৈকে প্ৰস্তাৱিত বছেৰেকীয়া  আয় কৰিব পাৰে, যেতিয়া নেকি সম আকৃতিৰ ভূমিৰ সেঁউজগৃহ বা পলিহাউচৰ প্ৰস্তাৱিত বাৰ্ষিক আয় ১০০০০০ ৰ পৰা ৫০০০০০ লৈকে হয়৷ বিকাশৰ সম্ভাৱনা অনুযায়ী, পলিহাউচ ফাৰ্মৰ কৃষি পদ্ধতিয়ে কৃষকক বিভিন্ন ধৰণৰ শস্যৰ খেতিৰ যোগেদি গোটেই বছৰ ধৰি আয় কৰাত সহায় কৰে আৰু আবতৰীয়া শাক পাচলিৰ বাবদ  তেওঁলোকে অধিক পাৰিতোষিক লাভ কৰে৷

কৃষি পামৰ ধাৰণাটো বৃহৎ পামৰ ভূমিৰ পৰা সৰু সেঁউজগৃহৰ ঘৰলৈ পৰিবৰ্তন হল৷ সেঁউজগৃহত কৃষকে বতৰ সম্পৰ্কীয় কাৰকবোৰৰ ওপৰত বেছিকৈ নিয়ন্তৰণ ক্ষমতা লাভ কৰা বাবে তেওঁলোকে  নিশ্চিন্তমনে কৃষিৰ বিক্ৰি আৰু বজাৰৰ দৰে অন্য কথাবোৰত মনোযোগ দিবলৈ সক্ষম হৈছে৷ কৃষি পামৰ চাকৰিবোৰো সেঁউজগৃহৰ কাৰ্যনিবাহকৰ পদলৈ ৰূপান্তৰ ঘটিছে৷

সেঁউজগৃহ কি আৰু ইয়াক কেনেদৰে নিৰ্মাণ কৰা হয়?

খাদ্য শস্যই হওক বা ব্যৱসায়িক শস্যই( cash crops) হওক, প্ৰায় ৯৫% উদ্ভিদ মুকলি পথাৰত ডাঙৰ দীঘল হয়৷ মনত নপৰা দিনৰে পৰা মানুহে কেনেকৈ প্ৰাকৃতিক পৰিবেশত উদ্ভিদ ডাঙৰ দীঘল কৰিব লাগে সেয়া শিকি আহিছে৷ ক্ৰমাগতভাৱে  কিছুমান উচ্চ মূল্যৰ শস্যৰ খেতি কৰাৰ পদ্ধতিৰ উন্নয়ণ ঘটাই অতিপাত শীতৰ পৰা ৰক্ষা কৰি খেতি কৰি আহিছে –তাকেই সেঁউজগৃহ প্ৰযুক্তি বোলা হয়৷ গতিকে সেঁউজগৃহ প্ৰযুক্তি হৈছে এটি কৌশল যাৰ দ্বাৰা উদ্ভিদক অনুকূল অৱস্থাৰ পৰিবেশ দিয়া হয় আৰু বতাহ, শীত, অধঃপতন,অতিমাত্ৰা বিকিৰণ, অতিমাত্ৰা উত্তাপ, পোক পৰুৱা আৰু বেমাৰ আদিৰ পৰা উদ্ভিদক ৰক্ষা কৰিবলৈ ব্যৱস্থা কৰা হয়৷ উদ্ভিদৰ চৌপাশে এক আদৰ্শ সুক্ষ্ম বতৰ সৃষ্টি কৰাটো এক অতি গুৰুত্বপূৰ্ণ কথা৷ এইটো সম্ভৱ হয় সেঁউজগৃহ নিৰ্মাণ কৰি, যত পৰিবেশ সংক্ৰান্তীয় অৱস্থাক এনে ধৰণে শুধৰণি কৰা হয় যে কৃষকে যিকোনো ঠাইত, যিকোনো সময়ত অতি কম শ্ৰমৰ মূল্যত খাপখাই পৰা পৰিবেশ সংক্ৰান্তীয় অৱস্থা প্ৰদান কৰি উদ্ভিদ ডাঙৰ দীঘল কৰিব পাৰে৷ সেঁউজগৃহসমূহ গঠনকৃত বা স্ফীতকৃত ঘৰ যিটো আংশিক বা পূৰ্ণমাত্ৰাই পাৰিপাৰ্শ্বিক অৱস্থা নিয়ন্ত্ৰিত তথা সৰ্বাধিক বৃদ্ধি আৰু উৎপাদন পাব পৰাকৈ যথেষ্ট ডাঙৰকৈ স্বচ্ছ বা পোহৰ সোমাব পৰা পদাৰ্থৰে  তৈয়াৰ কৰা হয়৷ এক উচ্চ প্ৰযুক্তিৰ সেঁউজগৃহ তৈয়াৰ কৰিবলৈ বহু পৰিমাণে ধনৰ আৱশ্যক হয় ; কিন্তু আমি আমাৰ বাবে সস্তীয়া সেঁউজগৃহ তৈয়াৰ কৰি লব পাৰোঁ৷ অতীজতে উদ্ভিদক অতিমাত্ৰা বেয়া বতৰৰ অৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ সেঁউজগৃহ ব্যৱহাৰ কৰা হৈছিল ; কিন্তু এতিয়া ইয়াক নিজৰি পৰা পানীযোগান ব্যৱস্থা( Drip irrigation), স্বয়ংক্ৰিয় তাপমাত্ৰা আদিৰ সৈতে চামিল কৰা হৈছে, যাৰ দ্বাৰা বাহিৰৰ বতৰৰ পৰা পৃথকে ৰাখি এক সম্পুৰ্ণ কৃত্ৰিম কৃষি ভূমি তৈয়াৰ কৰিব পাৰি৷

সেঁউজগৃহ খেতি অথবা অন্য ধৰণৰ পৰিবেশ নিয়ন্ত্ৰিত খেতি অনুকূল সুক্ষ্ম বতৰ সৃষ্টিত জড়িত থাকে৷ ই গোটেই বছৰটো বা বছৰটোৰ এছোৱা কাল প্ৰয়োজনমতে শস্য উৎপাদনৰ বাবে সম্ভৱপৰ কৰি তোলে৷ সেঁউজগৃহকে ধৰি বতৰ নিয়ন্ত্ৰিত উদ্ভিদ উৎপাদনৰ আন প্ৰযুক্তিবোৰে আবতৰীয়া শাক পাচলি আৰু  ঠাণ্ডা বতৰৰ অঞ্চলত উচ্চ মূল্যৰ খাদ্য উৎপাদন সম্ভৱ কৰিছে৷
 
উদ্ভিদসমূহ মুখ্যতঃ বতৰীয়া হয়৷ যিসকলে ফলমূল, শাক পাচলি বা ফুল উৎপাদন কৰে তেওঁলোকে বছৰৰ নিৰ্দ্দিষ্ট সময়তহে মাথো সেয়া কৰে৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিবোৰ গজি উঠে৷ উদাহৰণ স্বৰূপে গৰম জলবায়ুৰ বতৰত ফুলবোৰ কেইবা মাহৰলৈকে ফুলি থাকে ; তেনে ফুল কম দিনৰ গ্ৰীষ্মত থাকিলে তাতকৈ কম দিনৰ বাবেহে ফুলি থাকে৷ যিহেতুকে ব্যৱহাৰকাৰীয়ে সেঁউজগৃহৰ জলবায়ু নিয়ন্ত্ৰণ কৰে, জলবায়ু উদ্ভিদৰ প্ৰয়োজন অনুযায়ী খাপখুৱাই লব পাৰি৷  ই শস্য বৃদ্ধি ঋতুৰ দৈৰ্ঘ্যতা পূৰ্ণমাত্ৰা কৰে আৰু বিবিধ শস্য উৎপাদনত সহায় কৰে৷ সেঁউজগৃহৰ ভিতৰত ফুলৰ খেতি কৰিলে ফুলি জকমকাই থাকে৷ সেঁউজগৃহ প্ৰযুক্তিৰ যোগে উৎপাদন লাভৰ নিশ্চয়তা থাকে আৰু কৃষকে সেই উৎপাদিত শস্য বিক্ৰী কৰে নাইবা নিজে ব্যৱহাৰ কৰে৷ প্ৰস্তুত দ্ৰব্য,সেউজগৃহৰ আকৃতি আৰু উপযোগিতাৰ ওপৰত নিৰ্ভৰ কৰি সেঁউজগৃহসমূহক বহুতো শ্ৰেণীত ভাগ কৰিব পাৰি৷

আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ  
  সেঁউজগৃহসমূহ শেহতীয়া প্ৰযুক্তি আৰু আহিলা প্ৰয়োগ কৰাৰ বাবে যথাযোগ্য স্থান হিচাপে পৰিগণিত হৈছে৷ গতিকে সেঁউজগৃহৰ উদ্ভাৱনৰ পিচত এনে সা-সঁজুলি ব্যৱহাৰ তেনেই সহজ হৈ পৰিল আৰু এই ক্ষেত্ৰখনত গৱেষণাকাৰীৰ সংখ্যা বাঢ়ি যাব ধৰিছে৷ গতিকে সেঁউজগৃহসমূহেই সুন্দৰ পৰিবেশ যত আধুনিক বিজ্ঞান আৰু আৰু আমাৰ কৃষি পদ্ধতিয়ে উচ্চ মানদণ্ডৰ পাৰিপাৰ্শ্বিক বন্ধুভাৱাপন্ন উৎপাদিত দ্ৰব্য উৎপাদন কৰিবলৈ সমন্বিত প্ৰচেষ্টাৰে কাম কৰি যাব পাৰে৷

 সেঁউজগৃহত উৎপাদিত শস্যসমূহ

সেঁউজগৃহত শাক পাচলি জাতীয় শস্য, ফুল ,ঔষধি গছ লতা উৎপাদন কৰিব পাৰি৷ সেঁউজগৃহক নাৰ্চাৰী হিচাপেও ব্যৱহাৰ কৰা হয়৷ টিছু কালচাৰৰ বাবেও সেঁউজগৃহ উপযুক্ত স্থান৷ সেঁউজগৃহত কিছুমান দুষ্প্ৰাপ্য উদ্ভিদ আৰু অৰ্কিডৰ বৃদ্ধি বা উৎপাদন কৰিব পাৰি৷ সেঁউজগৃহ পদ্ধতিৰ খেতিৰ প্ৰতিবন্ধকবোৰৰ ভিতৰত এটা হল এয়ে যে কেৱল পৰাগ সংযোগ নঘটা বিধৰ উদ্ভিদহে ডাঙৰ কৰিব পাৰি , কাৰণ, উদ্ভিদবোৰ পোক পতংগৰ লগত সংসৰ্গ নোহোৱা কৰা হয়৷ ই কিছুমান উচ্চ মূল্যৰ শস্য যেনে বিলাহী, চালাড তিয়ঁহ, চিৰাল, কেপসিকাম আৰু লেচেৰা মাহ যিবোৰৰ সীমিত বজাৰৰ চাহিদা আছে তেনেবোৰৰ উৎপাদনত সেউজগৃহৰ উপযোগীতাক কাৰ্য্যকৰি ভাৱে আৱদ্ধ ৰাখে৷ আন্তৰাষ্ট্ৰীয় ভাৱে গ্ৰীণহাউচত ষ্ট্ৰবেৰীৰ খেতিও জনপ্ৰিয় হৈছে ;কিন্তু ভাৰতত এয়া বহুল ভাৱে কৰা হোৱা নাই৷

 থোৰতে সেঁউজগৃহ প্ৰযুক্তিৰ উপকাৰিতাবোৰ

 ১) ৫ ৰ পৰা ১০ গুণলৈ বা তাতকৈও অধিক উৎপাদন বৃদ্ধি৷

 ২) একে ধৰণৰ আৰু উন্নত মানৰ উৎপাদন

৩) শ্ৰম মূল্য হ্ৰাস৷ 

৪)কম ৰাসায়নিক সাৰৰ প্ৰয়োজন আৰু সেইদৰে সাৰৰ খৰচ হ্ৰাস৷ 

৫) কম পানীৰ প্ৰয়োজন আৰু সেইদৰে জল সঞ্চয়ত সুবিধা ৷ 

৬) বেমাৰৰ আক্ৰমণৰ সম্ভাৱনীয়তা কম আৰু সেইদৰে বেমাৰ নিয়ন্ত্ৰনৰ খৰচ হ্ৰাস৷ 

৭) পানী আৰু সাৰৰ ব্যৱহাৰৰ উচ্চ স্তৰৰ দক্ষতা৷

৮) সমস্যাপূৰ্ণ ভৌগলিক অৱস্থানতো খেতি কৰিব পাৰি৷

৯)সমস্যাপূৰ্ণ অৱস্থাৰ ভূমিতো খেতি কৰিব পাৰি৷

১০)সমস্যাপূৰ্ণ বতৰতো খেতি কৰিব পাৰি৷

১১)সৰ্বাধিক উৎপাদন আৰু সুবিধা লাভ কৰিবলৈ কম ঠাইৰ প্ৰয়োজন৷

১২) সেঁউজগৃহ প্ৰযুক্তি চলাই নিবলৈ, প্ৰতিপাল কৰিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ সহজ৷

১৩) বিবিধ শস্য আৰু সুন্দৰ ফল লাভ কৰিব পাৰি৷

 উচ্চ মানদণ্ডৰ উৎপাদন

সেঁউজগৃহৰ ভিতৰৰ অৱস্থাৰ ওপৰত থকা নিয়ন্ত্ৰণ ক্ষমতাই কৃষকক এক পৰিবেশ গঠন কৰিবলৈ দিয়ে, যিটো কৰি থকা বিশেষ শস্যৰ খেতিৰ বাবে আদৰ্শ স্বৰূপ৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰি ফলাফল লাভৰ ক্ষেত্ৰত অনিশ্চিত ভাৱে কৰা খেতিতকৈ সেঁউজগৃহৰ আদৰ্শ বতৰত কৰা শস্য স্বাস্থ্যবান আৰু অধিক হিচাপত উৎপন্ন হয়৷ অন্ততঃ ফলাফলৰ ক্ষেত্ৰত সুন্দৰ ভাৱে ভৱিষ্যৎবাণী কৰিব পাৰি বা আগতীয়াকৈ কব পৰা যায়৷ কৃষকে তেওঁলোকৰ সেউজগৃহত উচ্চ মানদণ্ডৰ ফচল পাবলৈ কি ধৰণৰ অৱস্থাৰ প্ৰয়োজন হয় তাক জানে৷

 বতৰ  নিয়ন্ত্ৰণ

 গৰম বতাহ বা বৰফাবৃত অৱস্থা , অতিৰিক্ত বৰষুণ, খৰাং অৱস্থাৰ দৰে অতিমাত্ৰা উত্তাপে বেয়াকৈ শস্য উৎপাদনৰ ঋতুক প্ৰভাৱিত কৰে৷ আনকি অপৈনত অৱস্থাতে ইয়াক বাধাপ্ৰাপ্ত কৰিব পাৰে৷ নিশ্চয়কৈ সেঁউজগৃহত কৰা খেতিৰ ওপৰত বতৰৰ কোনো প্ৰভাব নথকা বাবে জলবায়ুৰ কথা এৰাই চলিবলৈ সক্ষম হোৱাটোৱেই আটাইতকৈ ডাঙৰ সুবিধা৷ বহুতো শাক পাচলি আৰু ফুল সেঁউজগৃহত শীতৰ শেষত বা বসন্তৰ আগে আগে উৎপন্ন কৰা হয়, যেতিয়া নেকি তেনে সময়ত বাহিৰত অতি ঠাণ্ডাৰ বাবে উদ্ভিদ উৎপন্ন হব নোৱাৰে ৷ যেতিয়া বাহিৰৰ বতৰ গৰম হয় তেতিয়া সেঁউজগৃহৰ ভিতৰৰ পৰা উদ্ভিদৰ পুলিবোৰ বাহিৰলৈ স্থানান্তৰ কৰা হয়৷ কানাডাৰ দৰে শীত প্ৰধান দেশত শস্য উৎপাদন কৰিবলৈ সেঁউজগৃহ ব্যৱহাৰ কৰা হয়৷ পৃথিবীৰ ভিতৰত অধিক সংখ্যক সেঁউজগৃহ  লিমিংটন , ওন্টাৰিউত( কানাডা) আছে যত প্ৰায় ২০০ একৰ (০.৮ বৰ্গ কিলো মিটাৰ) ভূমিত আইনাৰ সেঁউজগৃ্হত বিলাহী উৎপাদন কৰা হয়৷

 পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ

যিসকল কৃষকে সেঁউজগৃহ ব্যৱহাৰ কৰে তেওঁলোকে উদ্ভিদৰ বেমাৰ আৰু পোক পৰুৱাৰ আক্ৰমণৰ সম্পৰ্কে বিশেষ চিন্তা কৰিব লগা নহয়৷ উদ্ভিদৰ পৰা উদ্ভিদলৈ বেমাৰ বিয়পি পৰাটো সেঁউজগৃহৰ ভিতৰত কঠিন হৈ পৰে; কাৰণ,উদ্ভিদবোৰ একেখিনি মাটিতে নাথাকে৷ সেঁউজগৃহৰ আৱদ্ধ প্ৰকৃতিয়ে পোক পৰুৱাক বাহিৰতে ৰাখি দিয়ে৷ বাহিৰৰ জৈৱসমস্যাবোৰৰ ভাবুকি অহাৰ পূৰ্বেই ,উদ্ভিদবোৰ সেঁউজগৃহলৈ অনাৰ আগতই চিকিৎসা প্ৰদান কৰা হয়৷ সেঁউজগৃহৰ ভিতৰত সমস্যাসমূহ সহজে বাছি লোৱা হয় আৰু ৰোগ সংক্ৰমিত উদ্ভিদ আৰু পোকবোৰ অতি সহজতে আঁতৰ কৰিব পাৰি বা এই নিয়ন্ত্ৰত পৰিবেশত নিৰ্মূল কৰিব পাৰি৷
 
  যোগান নিশ্চয়তা

নগৰৰ চৌপাশৰ অঞ্চলবোৰত নতুন প্ৰযুক্তিৰ ফাৰ্মসমূহ গঢ়ি তুলিব পাৰিলে সেঁউজগৃহ ফাৰ্মে নগৰসমূহৰ শাক পাচলিৰ অভাৱ প্ৰশমন কৰিব পাৰে  ৷ সেঁউজগৃহ পদ্ধতিৰ ফাৰ্মবোৰত নিয়ন্ত্ৰিত বাতাবৰণত শাক পাচলিৰ খেতি কৰা হয়৷ ওপৰত অতি বেঙুনীয়া ফিল্ম ছাল আৰু পোক পৰুৱা সোমাব নোৱাৰাকৈ জালি দিয়া থাকে৷ পানীত গলি যোৱা সাৰ,সুক্ষ্ম নিয়ন্ত্ৰিত জলসিঞ্চনৰ ব্যৱহাৰে এনে ফাৰ্মক জল সম্পদ, শ্ৰম আৰু কীটনাশক ৰাহি কৰাত সহায় কৰে৷ পলিহাউচৰ দৰে এক নতুন কৃষি প্ৰযুক্তিয়ে পট-পৰিবৰ্তনকাৰী বুলি প্ৰমাণ কৰি দেখাব পাৰিছে আৰু শেষত ধন ঘূৰাই পোৱাৰ বলিষ্ঠ  সংযোগৰ  সৈতে  গ্ৰাহকক যোগানৰ নিশ্চয়তা দিব পাৰিছে৷ সেঁউজগৃহ কৌশলে ডাঙৰ নগৰৰ শাক পাচলি যোগানৰ লগত সম্পৰ্ক থকা সকলো সমস্যা সমাধান কৰিব- যদিহে এই কৌশলবোৰ  উপভোক্তাৰ মধ্য  স্থলত বৃহৎ মাত্ৰাত প্ৰয়োগ কৰা হয়৷ বিলাহী,কেপসিকামৰ দৰে বতৰীয়া শাক পাচলি এনে পদ্ধতিৰ বাবে উপযুক্ত৷

প্ৰশিক্ষণ আৰু জ্ঞান আহৰণ

ৰাষ্ট্ৰীয়  উদ্যান শস্য বৰ্ডে(National Horticulture Board) সেঁউজগৃহ কৃষিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে৷ দেশৰ কৃষি বিশ্ব বিদ্যালয়সমূহেও  সেঁউজগৃহৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে৷ তাৰোপৰি বিভিন্ন ধৰণৰ সেঁউজগৃহ উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰেও তেওঁলোকে উৎপাদন কৰা সেঁউজগৃহবোৰৰ ওপৰত কৃষকসকলক প্ৰশিক্ষণ আগ বঢ়ায়৷ অন্যান্য কৃষি উদ্যোগৰ দৰে সেঁউজগৃহ কৃষিৰ বাবেও জ্ঞান হল শক্তি বা ক্ষমতা৷ কিন্তু সৰহভাগ কৃষকে জানিব বিচাৰে-কিমান খৰছ হব আৰু কিমান সোণকালে তেওঁলোকৰ ধন উদ্ধাৰ হব৷ যিসকল কৃষকে ইতিমধ্যে সেঁউজগৃহ কৃষি পদ্ধতিযোগে উৎপাদন কৰি আছে তেওঁলোকৰ পৰাই জানিব বিচৰা উচিত৷ ওগাণ্ডা , কেনিয়া আদিত বহুতো সফল সেঁউজগৃহ কৃষক আছে৷ তেওঁলোকৰ সেউজগৃহ কৃষিপামবোৰ  সংগঠিত ভ্ৰমণসূচীৰ দ্বাৰা পৰিদৰ্শন কৰিব পাৰি৷ ইন্টাৰনেট সংযোগ থকাসকলে বহুতো খা খবৰ তাৰ যোগে পাব পাৰে৷ সেইসকল কৃষকৰ পৰা সেঁউজগৃহ কৃষিৰ সুবিধা আৰু প্ৰত্যাহ্বানবোৰৰ বিষয়ে জানিব পৰা যাব৷ কিছুমানে সেঁউজগৃহ পৰিচালনা আৰু অন্য প্ৰয়োজনীয় কাৰ্যকৰি দক্ষতাৰ ওপৰত হ্ৰস্বকালিন পাঠদান সূচীৰো ব্যৱস্থা কৰে৷

 সামৰণি


সেঁউজগৃহ কৃষি পামৰ যেতিয়া  চকুত লগা ধৰণে লাভ হব ধৰিলে তেতিয়া কৃষিৰ প্ৰতি যুৱ প্ৰজন্ম আকৰ্ষিত হল৷ সেঁউজগৃহ প্ৰযুক্তিৰ উদ্ভাৱনৰ পূৰ্বে কৃষি খণ্ডত লাভ নিচেই কম আছিল বাবে যুৱক-যুৱতীসকল এই ক্ষেত্ৰত নামি পৰিবলৈ আগ্ৰহী নাছিল৷ কিন্তু সেঁউজগৃহ প্ৰযুক্তিৰ প্ৰয়োগৰ পিচত বহুলোক কৃষিৰ প্ৰতি আকৰ্ষিত হল৷ এতিয়া অনেক পেচাদাৰী কাৰ্যনিবাহকে কৃষিৰ প্ৰতি আগ্ৰহী হৈছে আৰু তেওঁলোকে আনকি পূৰ্ণ পৰ্যায়ৰ কৃষক হবলৈও সাজো হৈছে৷ ইয়াৰ ফলস্বৰূপে ব্যক্তিবিশেষ, উদ্যোগীসকল আৰু কোম্পানীবোৰৰ পৰা কৃষি খণ্ডত যথেষ্ট পৰিমাণে বিনিয়োগ ঘটিব ধৰিছে৷ ই এক অতি শুভ লক্ষণ৷ কৃষকসকলক উৎসাহিত কৰিবৰ বাবে ভাৰত চৰকাৰেও সেঁউজগৃহ প্ৰকল্পৰ বাবে সৰ্বমুঠ বিনিয়োগৰ ৫০% অনুদানৰ মঞ্জুৰী দিছে৷  আগন্তুক দিনবোৰত আমি এই সেঁউজগৃহ প্ৰযুক্তিৰ বহুতো দিশ দেখিবলৈ পাম৷ 

         ০০০০সমাপ্ত০০০০

No comments:

Post a Comment