Wednesday 11 November 2015

ভিক্ষা-পাত্ৰ হাতত লোৱাৰ আঁৰৰ কাহিনী

সকলোবোৰ  অসুবিধাজনক  স্থানত  ভিক্ষাৰীসকলৰ  দ্বাৰা  ভেটা  দি ধৰাটো  বৰ  ডাঙৰ  অপকৰ্ম৷ ভগৱানৰ  দৰে  যেন  তেওঁলোকো  সৰ্বব্যাপ্ত৷ কোনো  এজন  ব্যক্তি  বাছৰ  বাবে  বাছ-ষ্টেণ্ডত  ৰৈ  থাকিলে  বা  বন্ধুৰ  সৈতে  ৰাস্তাৰে  খোজ  কাঢ়ি  গৈ  থাকিলে  সিহঁত  ৰবাৰ  পৰা  আৱিৰ্ভাব  হৈ  অনুনয়বিনুনয়  আৰু আৰ্শীবাদৰ  নিৰন্তৰ  বৰ্ষণ  আৰম্ভ  কৰি  দিয়ে৷ নিতান্ত  বিৰক্তি  আৰু  অসহায়  ভাৱত  কেইটামান  পইচা  নিদিয়া  পৰ্যন্ত  মানুহক  হাইৰান  কৰি   ভৰিতে  ভৰি  লগাই  সিহঁতে   মানুহৰ  পিছ  লয়৷ 

 ভিক্ষা কৰা মানে কৃপাস্বৰূপে আহাৰ বা টকা-পইচা খোজা৷ অন্য কথাত ক’বলৈ গ’লে, কাৰোবাক  ব্যগ্ৰতাৰে  বা  নম্ৰভাৱে  কিবা  খোজাকো  ভিক্ষা  কৰা  বুলি    পাৰি৷ এজন  মানুহ, উদাহৰণস্বৰূপে  গৃহহীনজন, যিয়ে ধন  আৰু  খাদ্য  খুজি-মাগি  জীৱন  নিৰ্বাহ  কৰে  তেনে  লোককে ভিক্ষাৰী বোলা  হয়৷   ভিক্ষা  এক  বিস্তৃতভাৱে  ব্যাপ্ত  বিষয়৷ বিশ্বৰ  ধনী  দেশবোৰকে ধৰি প্ৰতিখন দেশৰে ভিক্ষাৰীৰ  ক্ষেত্ৰত নিজৰ  নিজৰ অংশ আছে৷ আনকি  আমেৰিকা  আৰু  ইংলেণ্ডকে  ধৰি কিছুমান  উন্নত  দেশৰো  এক  প্ৰকাৰৰ  বা  অন্য  প্ৰকাৰৰ  ভিক্ষাৰী  আছে৷ অৱশ্যে,  তৃতীয়  বিশ্বৰ  দেশবোৰত  অতি  স্বাভাৱিকতে  ভিক্ষাৰীসকলক  সহজতে  দেখা  পোৱা  যায়৷  
    
ভিক্ষা এক জটিল সামাজিক অপকৰ্ম আৰু অধিক ক্ষেত্ৰতে ই দৰিদ্ৰতাৰ বাবে সৃষ্ট নহয়; মানৱীয় এলাহৰ বাবেহে সৃষ্ট৷ আনকি যিসকল শাৰীৰিকভাৱে বাধাগ্ৰস্ত বা অক্ষম নহয় আৰু কৰ্মক্ষম তথা জীৱিকাৰ ভাল পথ আছে তেওঁলোকেও অক্ষমলোকৰ ভাও ধৰিবলৈ ভাল পায়৷ তেওঁলোকে দয়াশীল আৰু নিৰীহ নাগৰিকসকলৰ পৰা ভিক্ষা পাবৰ বাবে ভাৱাবেগক শোষণ কৰিবলৈ ছদ্মবেশৰ কৌশলবোৰ অৱলম্বন কৰে৷

কিছুমান দেশত ঘৃণনীয় মুখ, এটা ভৰি কটা যোৱা বা এটা আঁচোৰি বাহিৰ কৰা চকুৰে বা মূৰত বেণ্ডেজসহ, বাহুত বন্ধা পুৰুষবোৰ, মহিলাবোৰ বা শিশুবোৰ ট্ৰেফিক পইন্টৰ ওচৰত, হোটেলৰ সমুখত, ধৰ্মীয় স্থান আৰু পৱিত্ৰ ঠাইবোৰৰ সমুখত য’তে ত’তে দেখা পোৱা যায়৷

 ভাৰতত  ভিক্ষা  এক  দস্তুৰ,  এক  বাধ্যবাধকতা,  এ্ক  পেচা,  এক  বিশেষ সুবিধা  বা  এক  অৱসৰ  বিনোদন৷ ভাৰতত  ভিক্ষাৰীৰ  সংখ্যা  অন্য  দেশতকৈ বহুত  বেছি৷ বিদেশীলোকে  অতি  ঘৃণনীয়ভাৱে  ভাৰতৰ  ভিক্ষাৰীৰ  বৰ্ণনা দিয়ে৷  পশ্চিমীয়াসকলৰ  মতে  ভাৰত  ভিক্ষাজীৱি  আৰু  সাপনচুৱাওঁতাসকলৰ দেশ৷ গাঁও  আৰু  নগৰত, বাট-পথত,    আৰু  পদপথবোৰত  ভিক্ষাৰীসকলক পোৱা  যায়৷

ভাৰতত এক উদ্বেগজনক হাৰত ভিক্ষাৰীৰ সংখ্যা বাঢ়িব ধৰিছে, ই আৰ্শ্চযজনক হাৰ হিচাপে পৰিগণিত হৈছে৷ ভিক্ষাৰীবোৰে  ভিক্ষাক এক বৃত্তি হিচাপে লৈছে৷ ভৰত জৈন নামৰ ৪৯ বছৰ বয়সীয়া ভিক্ষাৰীজন মোম্বাইৰ পেৰেল অঞ্চলত থকা প্ৰায় ৭০ লাখ টকা মূল্যৰ দুটা এপাৰ্টমেন্টৰ মালিক৷ ইয়াৰ বাহিৰেও তেওঁ ১০,০০০/=টকা মাহিকীয়া ভাৰাত এখন দোকান ভাৰালৈ দিছে৷ তেওঁ ভিক্ষা কৰি প্ৰতিমাহে প্ৰায় ৭৫,০০০/=টকা উপাৰ্জন কৰে৷ তেওঁৰ পৰিয়ালে অধ্যয়ণৰ সামগ্ৰী আৰু স্কুল নোটবুকৰ ব্যৱসায় এটা চলাই আছে আৰু ভৰতক ভিক্ষা বৃত্তি এৰিবলৈ কৈ আছে, কিন্তু ভৰতে সেই কথা মানি নলয়৷ মোম্বাইৰ কৃষ্ণ কুমাৰ গাইট নামৰ ভিক্ষাৰীজনৰ দৈনিক উপাৰ্জন ১৫০০/=টকা৷ তেৱোঁ এটা ফ্লেটৰ গৰাকী৷ মোম্বাইৰ সম্ভাজী কালে নামৰ আন এজন ভিক্ষাৰীও এটা ফ্লেট আৰু দুটা ঘৰৰ মালিক৷ পাটনাৰ সৰৱাতীয়া দেৱী দেশৰ ভিতৰতে বিখ্যাত মহিলা ভিক্ষাৰী৷ পাটনাৰ অশোক চিনেমাৰ পাছফালে তেওঁৰ এটা অতি আৰামদায়ক ঘৰ আছে৷ তেওঁ সুন্দৰ বিনিয়োগ কৰিছে আৰু বছৰি ৩৬,০০০/= টকাৰ বীমাৰ কিস্তি পৰিশোধ কৰে৷ মহিলা গৰাকীয়ে ট্ৰেইনত ভিক্ষা কৰি ভাল পায়৷ এই ধৰণৰ ধনৱন্ত ভিক্ষাৰীসকলৰ বতৰা সংবাদ মাধ্যমে মাজে সময়ে প্ৰকাশ কৰি থাকে৷

মোম্বাইৰ ভিক্ষাৰী সমস্যা দূৰ কৰিবলৈ ‘মোম্বাই ভিক্ষাৰী প্ৰতিৰোধ আইন, ১৯৫৯’ৰ প্ৰৱৰ্তন কৰা হয়৷ পিছত ১৯৬০ চনত এই আইন দিল্লীলৈও সম্প্ৰসাৰিত কৰা হয়৷ এনে আইনৰ যোগেদি ভিক্ষাৰীসকলক ভিক্ষাৰ পৰিবৰ্তে অন্য ধৰণৰ যথাযোগ্য জীৱিকাৰ উপায় অৱলম্বন কৰিবলৈ দিয়াৰ ব্যৱস্থা আছে৷ এইবোৰ আইনৰ যোগেদিও ভিক্ষাৰী সমস্যা দেশৰ পৰা দূৰ কৰাটো সম্ভৱ হোৱা নাই৷ কেৱল আমাৰ দেশতে নহয়, বিশ্বৰ বিভিন্ন দেশতো আইনৰ যোগেদি ভিক্ষা বৃত্তি ত্যাগ কৰিবলৈ জোৰ দিয়া হৈছে৷

ধৰ্মীয় ধ্যান-ধাৰণা কিছুমানেও এই ক্ষেত্ৰত অৰিহণা যোগাইছে৷ হিন্দু ধৰ্মৰ কিছুমান লোকে গো বধ কৰা পাপৰ প্ৰায়শ্চিত্তৰ বাবে ডিঙিত গৰুৰ পঘা লৈ ভিক্ষা কৰি পেট প্ৰৱৰ্তাব লগীয়া হয়৷ আনহে নালাগে কিছুদিনৰ পূৰ্বে এটি মাথো পুত্ৰ সন্তান থকা বহুতো শিক্ষিত ধনী-মানী পিতৃ-মাতৃয়ে এজন পূজাৰীয়ে স্বপ্ন দেখি তেনে পুত্ৰ সন্তানৰ অমংগল হ’ব বুলি কোৱাত পূজাৰীয়ে আগ বঢ়োৱা পৰিত্ৰাণৰ উপায় অনুযায়ী একাধিক পুত্ৰ সন্তান থকা লোকৰ ঘৰৰ পৰা ভিক্ষা কৰি পোৱা ধনেৰে ফল-মূল কিনি মন্দিৰত পূজা দিয়া দৃশ্য বৈদ্যুতিন মাধ্যমত ৰাইজে দেখিবলৈ পাইছিল৷

অনুন্নত দেশবোৰত ভিক্ষা বৃত্তি বেছি৷ পাকিস্থানত ভিক্ষাৰ ক্ষেত্ৰত কোনো বাধা নাই আৰু সেয়ে ই এক বৃত্তিলৈ পৰিণত হৈছে৷ কেৱল দুখীয়া, অক্ষম, শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলেই নহয়, বহুতেই পছন্দৰ বৃত্তি হিচাপে লৈছে৷ তেনে লোকে বিশ্বাস কৰে যে ভিক্ষা এক ফলপ্ৰসু আৰু লাভজনক ব্যৱসায়৷ দেশখনৰ অধিক অংশত ভিক্ষাৰীৰ গোটবোৰৰ নিজৰ নিজৰ এলাকা আছে আৰু এটাই আনটোক নিজৰ এলাকাত প্ৰবেশ কৰিব নিদিয়ে৷ ইয়াক ভংগ কৰিলে আনকি গোটবোৰৰ মাজত সংঘাতৰ সৃষ্টি হৈ জখম আনকি কেতিয়াবা মৃত্যু পৰ্যন্ত হয়৷

ভিক্ষা কৰাৰ আঁৰৰ প্ৰেৰণা জটিল ধৰণৰ আৰু ৰাইজে সিহঁতক সমবেদনা জনোৱা উচিত নহয়৷   এইটোও সত্য যে কিছুমানলোকক খাদ্যৰ অভাৱে ভিক্ষাৰী হ’বলৈ বাধ্য কৰে, আন কিছুমানে আকৌ ধন ঘটিবৰ বাবে ইয়াক বৃত্তি হিচাপে লয়৷ বহু ক্ষেত্ৰত ল’ৰা-ছোৱালীবোৰক ভিক্ষা কৰিবলৈ জোৰ কৰা হয় আৰু ল’ৰা-ছোৱালীবোৰে যেতিয়া নিজকে বাটে-পথে আৱিষ্কাৰ কৰে তেতিয়া সমাজৰ পৰা বিছিন্ন হোৱা বুলি অনুভৱ কৰে৷  সময় বাগৰাৰ লগে লগে সিহঁত দ্ৰাগচ আসক্ত  আৰু ধনৰ পাত্ৰ(পাৰ্চ) কাঢ়ি লওঁতা হৈ পৰে৷

আঙ্কাৰা বাণিজ্যিক সন্থা( Ankara Chamber of Commerce ) য়ে প্ৰস্তুত কৰা প্ৰতিবেদন মতে,  তুৰ্কীত ভিক্ষাৰীৰ গোটবোৰৰ মাজত ল’ৰা-ছোৱালীবোৰ কিনা-বেচা কৰা হয়৷ প্ৰতিবেদনটোত এই কথাও কোৱা হৈছে যে সৰু ল’ৰা-ছোৱালীবোৰ অপহৰণ কৰি নি ভিক্ষাৰী মাফিয়াই সিহঁতক আঘাতপ্ৰাপ্ত কৰি শাৰীৰিকভাৱে অক্ষম হ’বলৈ দি ভিক্ষা কৰিবলৈ বাধ্য কৰায়৷ সংগঠিত অপৰাধীৰ দলবোৰে ল’ৰা-ছোৱালী, কম বয়সীয়া ভিক্ষাৰীবোৰক অক্ষম কৰি তুলিবলৈ অমানৱীয় পদ্ধতি অৱলম্বন কৰে৷ অৱশেষত সিহঁতক পথত ভিক্ষা কৰিবলৈ লগাই দিয়ে৷ সৰহভাগ শিশুৱে কেতিয়া কেনেকৈ সিহঁতক অংগচ্ছেদ কৰা হ’ল তাকো গম নাপায়৷
বিভিন্ন ধৰণৰ বেশভূষাৰে ভিক্ষাৰীবোৰ জুমে জুমে দেখা দিয়ে৷ এনে অৱস্থাত এটা মাত্ৰ ভিক্ষাৰীক সহায় কৰা মস্কিল হৈ পৰে; কিন্তু এজন মানুহে অভিশাপ বা গালিৰ পৰা ৰক্ষা পাবলৈ তিনিটা বা চাৰিটা ভিক্ষাৰীক টকা দি সহায় কৰিব লগা হয়৷

যিবোৰ সন্তানে নাৰ্ছাৰী স্কুলত খেলি থাকিব লাগে বা প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকিব লাগে তেওঁলোকক ভিক্ষাৰ বিভিন্ন পথবোৰ শিকোৱা হয়৷ কোনবোৰ ঠাই ভিক্ষাৰ বাবে উপযুক্ত আৰু লাভজনক তাক শিকিবলৈ আৰু জানিবলৈ বাধ্য কৰা হয়, কেনে ধৰণৰ মানুহক টকা-পইচা খুজিব লাগে আৰু সহানুভূতি আদায়ৰ বিভিন্ন বৈশিষ্ট্যবোৰ শিকোৱা হয়৷ নিয়মিতভাৱে সকলো ভিক্ষাৰীয়ে মাফিয়াক প্ৰতিদিনৰ উপাৰ্জন জমা দিবলৈ বাধ্য কৰা হয়৷

ভিক্ষাৰ বাবে নগৰৰ পথলৈ সৰু ল’ৰা-ছোৱালীবোৰ পঠাই দিয়াৰ পূৰ্বে সিহঁতৰ অংগক্ষত কৰাৰ যিকোনো পদ্ধতি প্ৰয়োগ কৰিবলৈ ভিক্ষাৰী মাফিয়াই কুন্ঠাবোধ নকৰে৷ ৰাইজৰ পৰা অধিক সহানুভূতি পাবলৈ ভিক্ষাৰী মাফিয়াই কেতিয়াবা ল’ৰা-ছোৱালীবোৰৰ গাৰ ছাল জ্বলাই দিবলৈ এচিদ ঢালি দিয়ে আৰু কেতিয়াবা ল’ৰা-ছোৱালীবোৰৰ সুস্থ ভৰি কাটি দিয়ে৷ যাতে সিহঁতে স্বাভাৱিক পাৰিবাৰিক জীৱনলৈ ঘুৰি যাব নোৱাৰে, তাৰ বাবে আনকি আইন বলবৎকাৰী প্ৰতিনিধিৰ দ্বাৰা তেওঁলোকক পৰিয়াললৈ ঘূৰাই অনাৰ পাছতো, ভিক্ষাৰী মাফিয়াই ভৱিষ্যতেও মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হ’বৰ জোখাৰে ল’ৰা-ছোৱালীবোৰক নিচাসক্ত কৰি পঠায়৷

এইটো উল্লেযোগ্য যে ভিক্ষাৰী মাফিয়াই সকলোবোৰ শিশু অপহৰণ কৰি নানে, কিছুমান ক্ষেত্ৰত ভিক্ষাৰী মাফিয়াই সিহঁতক প্ৰতিপাল কৰিবলৈ অক্ষম পিতৃ-মাতৃ বা সম্পৰ্কীয় লোকৰ পৰা ক্ৰয় কৰি আনে৷ এনে দুৰ্ভগীয়া শিশুবোৰক বেয়া ধৰণে মাৰপিট কৰা হয় আৰু সিহঁতক দুখীয়া আৰু দুৰ্দশাগ্ৰস্ত দেখাবলৈকে কেইবা দিনলৈ খাবলৈ দিয়া নহয়৷ ৰাইজৰ সহানুভূতি পাবৰ বাবে শিশুবোৰক অতি বেয়া অৱস্থাত খালি ভৰিৰে আৰু ফটা-চিতা কাপোৰেৰে পথলৈ প্ৰেৰণ কৰে৷ সিহঁতে নিজৰ বাবে আৰু সিহঁতৰ শাৰীৰিক ভাৱে বাধাগ্ৰস্ত পিতৃ-মাতৃৰ বাবে আহাৰ কিনিবলৈ টকা-পইচা খুজে আৰু দয়াবান লোকে দান আগ বঢ়ায়৷ যেতিয়া এজনে ভিক্ষা কৰিব খোজে তেতিয়া মূল্য নিৰ্ধাৰণ কৰি দিয়া হয় আৰু কিছুমান দেশত কৰ্ত্তৃপক্ষৰ বাবে এক ধৰাবন্ধা নিৰিখ ঠিক কৰা থাকে যাতে প্ৰত্যেকে ভিক্ষাৰীৰ দৈনিক উপাৰ্জনৰ এটা অংশ পাব পাৰে৷

একোজন সক্ষম, স্বাস্থ্যবান আৰু পৰিছন্ন পোচাকধাৰী ব্যক্তি/মহিলা আহি কেনেকৈ তেওঁৰ ধনৰ পাত্ৰ(পাৰ্চ) হেৰাল, কেনেকৈ তেওঁ ধন ঘৰত এৰি আহিল, কেনেকৈ ডকাইতি কৰি ধন কাঢ়ি নিলে আদি মিছা কাহিনীৰে সৈতে মানুহৰ ওচৰ চাপে আৰু কয় যে তেওঁ নগৰৰ সেই অংশৰ এজন ভ্ৰমণকাৰী আৰু ঘৰলৈ বহুখিনি দূৰ আৰু সেই দূৰত্ব অতিক্ৰম কৰিবলৈ মানুহজনৰ পৰা কিছু ধনৰ আৱশ্যক৷ অধিক ক্ষেত্ৰত, এনে মানুহে বৰ সুন্দৰকৈ কথা কয় আৰু স্থানীয় ভাষাৰ ওপৰত বেছ দখল থাকে আৰু মানুহে কাহিনীটো সত্য আৰু যুক্তিসংগত বুলি ভাৱে আৰু পৰিণামস্বৰূপে ভাৰা বহনৰ বাবে উপযুক্ত পৰিমাণৰ ধন তেওঁক দিয়ে৷

মহিলা ভিক্ষাৰীবোৰে নৱজাতক সন্তান লগত লৈ ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন দেখুৱাই ৰাইজৰ অনুকম্পা আদায় কৰি তেওঁলোকৰ ৰুগ্ন সন্তানৰ বাবে খৰচ কৰিবলৈ ধন বিচাৰে৷ কেতিয়াবা আকৌ গৰম বা মাৰাত্মক ঠাণ্ডা বতৰৰ বাবে মহিলা ভিক্ষাৰীসকলৰ লগত থকা কেঁচুৱাবোৰ বেয়াকৈ বেমাৰী হয়৷

যদি এজন মানুহ অশিক্ষিত হয় তেন্তে তেওঁৰ বাবে শাৰীৰিক শ্ৰমৰ কাম আছে আৰু দৰাচলতে কোটি কোটি অশিক্ষিতলোকে ভিক্ষা নকৰি কামৰ যোগেদি নিজৰ জীৱিকা অৰ্জন কৰি আছে৷ কিছুমান ক্ষেত্ৰত আমি যদি ভিক্ষাৰী ল’ৰা-ছোৱালীবোৰক ভিক্ষা নিদিওঁ, সিহঁতৰ মাক দেউতাকে সিহঁতক স্কুললৈ পঠাব; কিন্তু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ পৰা ভাল দৈনিক উপাৰ্জন লাভ কৰি থাকিলে কেনেকৈ সিহঁতক স্কুললৈ পঠাব?

ভিক্ষাৰীক টকা-পইচা দিওঁতে বা সিহঁতক সহায় কৰোঁতে আমি কিছু কথা মনত ৰখা দৰকাৰ:  প্ৰকৃততে আমি দুখীয়াজনক সহায় কৰিছোঁনে? মানুহজন বা মানুহজনীৰ প্ৰকৃততে সহায়ৰ আৱশ্যকতা আছেনে? আমাৰ মাজৰ বহুতেই সিহঁতক বিচাৰ কৰি চোৱাৰ পূৰ্বেই আনকি এনে কথাবোৰ নভৱাকৈ টকা-পইচা দি সহায় কৰোঁ৷ আমি পুনৰ ভাৱি চোৱা দৰকাৰ যে আমাৰ মহানুভৱতাও ভুল হ’ব পাৰে৷ যিহেতু, বহুতো মানুহ আছে যাৰ স্বাস্থ্য ভাল আৰু ভালদৰে কাম কৰিবলৈ সক্ষম তেনে লোকেও ভিক্ষাক বৃত্তি হিচাপে বাছি লৈছে৷

ভিক্ষাৰীসকলে কোৱা কাহিনীবোৰ সম্পূৰ্ণভাৱে মিছা নহয়, এজন মানুহৰ ধনৰ পাত্ৰ (ৱালেট বা পাৰ্চ) চুৰি হ’ব পাৰে, এজন মানুহে তেওঁৰ টকা পাহৰি ঘৰত থৈ আহিব পাৰে৷ আমি বিশ্বাস কৰোঁ যে বিশ্বৰ প্ৰায় প্ৰতিটো অংশতে অভাৱী লোক আছে, কিন্তু আমি তেওঁলোকক ভালদৰে বুজিবৰ বাবে বাৰ্তালাপ কৰিব লাগিব, তেওঁলোকক কিহে দিগদাৰী দিয়ে আৰু কেনেকৈ আমি তেওঁলোকক সহায় কৰিব পাৰোঁ তাৰ উপায় উলিয়াব লাগিব৷ এজন ভিক্ষাৰীলৈ কেইটামান খুচুৰা পইচা দলিমাৰি দিয়াটোৱেই নোবুজাই যে আমি উচ্চমনা আৰু আমি তেওঁলোকক সহায় কৰিছোঁ; কিন্তু এবাৰ যদি আমি তেওঁলোকৰ সমস্যা কি তাক বুজি পাওঁ তেন্তে আমি তেওঁলোকক ভালদৰে আৰু পূৰ্ণ মাত্ৰাই সহায় কৰিবলৈ সমৰ্থ হ’ম৷ দেশৰ চৰকাৰকো এই ক্ষেত্ৰত তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ বাধ্য কৰিব পাৰোঁ৷

যিকোনো সমাজৰ বাবে যিকোনো চৰ্ততে বা পৰিবেশতে ভিক্ষা এক অভিশাপ; কিন্তু দুখীয়া দেশবোৰৰ বাবে ই কেৱল অভিশাপেই নহয় , এক ডাঙৰ বিত্তীয় বোজাও৷ দৰিদ্ৰতাতেই নিহিত হৈ থাকে দুৰ্নীতি, নিম্নমানৰ শাসন, অনিশ্চয়তা, নিয়োগহীনতা আৰু নিম্নমানৰ মুঠ জাতীয় আয়ৰ কাৰকবোৰ৷ দুৰ্নীতি হ্ৰাস হ’লে মুঠ জাতীয় আয় বাঢ়িব, ভিক্ষা বৃত্তি এৰি কাৰিকৰি দক্ষতাৰে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰি পথৰ ভিক্ষাৰীসকলে সন্মানীয় জীৱন-যাপন কৰিবলৈ দক্ষ কৰি তেওঁলোকৰ হাতত হাথিয়াৰ তুলি দিবৰ বাবে চৰকাৰ আৰু মানৱতাবাদী সংগঠনবোৰ সমৰ্থবান হ’ব৷


০০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment