Wednesday 11 November 2015

দৰিদ্ৰ কৃষকৰ ৰক্ষা কৱচ- কিষান ক্ৰেডিট কাৰ্ড আঁচনি

কৃষিয়েই ভাৰতীয় অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ,দেশৰ প্ৰায় ৬৭ শতাংশতকৈ অধিক লোকে প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱিকা অৰ্জন কৰে৷ আমাৰ দেশৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ২৭ শতাংশ  কৃষি খণ্ডৰ পৰা আহে৷ কৃষি খণ্ডৰ প্ৰভাবশীল ভূমিকাৰ কথা বিবেচনা কৰি আৰু ঋণক গুৰুত্বপূৰ্ণ আহিলা হিচাপে গণ্য কৰি খণ্ডটোলৈ ঋণ নিশ্চিত কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বহু-প্ৰতিনিধিত্ব মূলক পথ অৱলম্বন কৰে৷ ঋণ প্ৰদান ব্যৱস্থাৰ  সময়ে সময়ে বিভিন্ন উন্নয়ন সাধন কৰি থকা সত্বেও বৃহৎ সংখ্যক কৃষকক, বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকক ঋণ প্ৰদান কৰা কামটো  এতিয়াও ভাৰতীয় বেংক উদ্যোগৰ বাবে  প্ৰত্যাহ্বান স্বৰূপ হৈয়ে আছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ৰাষ্ট্ৰীয় কৃষি গ্ৰামোন্নয়ন বেংক উভয়ে কৃষি ঋণ  বিতৰণৰ ক্ষেত্ৰত পৰিবৰ্তনকাৰী ঋণ প্ৰদান পদ্ধতি প্ৰস্তুত আৰু প্ৰণালী তথা ব্যৱস্থাৱলীৰ সৰলীকৰণৰ বাবে অনেক পদক্ষেপ হাতত লৈছে৷  সেয়েহে বৰ্তমান সময়ত কৃষকসকলক সময়মতে, যথোপযুক্ত আৰু চিন্তামুক্ত ঋণ আগ বঢ়োৱাটো  বেংকসমূহৰ মুখ্য কামবোৰৰ ভিতৰত এটা হৈ পৰিছে৷

 বিজড়িত অথবা জঁট লগা জাল হৈ পৰা হ্ৰস্বম্যাদী কৃষি ঋণৰ অন্যান্য আঁচনিসমূহ, যিবোৰ বৰ্দ্ধিতভাৱে  অনুপযুক্ত আৰু বোজা স্বৰূপ হৈ পৰিছিল সেইবোৰ আঁতৰ কৰি তাৰ  ঠাইত ভাৰত চৰকাৰে ১৯৯৮-৯৯ চনত কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ প্ৰবৰ্তন কৰে৷ এটা  কৃষক পৰিয়ালক চিন্তামুক্তভাৱে উৎপাদন ঋণৰ আৱশ্যকতা পূৰণৰ বাবে কিষান ক্ৰেডিট কাৰ্ড আঁচনি এক উদ্ভাৱনশীল ঋণ প্ৰদান কৌশল হিচাপে ধৰা দিয়ে৷ আঁচনিখন বাণিজ্যিক বেংক,আঞ্চলিক গ্ৰামীণ বেংক আৰু সমবায় বেংকসমূহকে ধৰি বিস্তৃত আনুষ্ঠানিক ঋণ গাঁঠনিৰ দ্বাৰা সমগ্ৰ দেশতে প্ৰবৰ্তন কৰি থকা হৈছে আৰু কৃষক তথা বেংকৰ মাজত বহুলভাৱে গ্ৰহণযোগ্যতা লাভ কৰিছে৷ যেইকিনহওক, আঁচনিখন অধিক ফলপ্ৰসু তথা সৰল কৰিবৰ বাবে চৰকাৰে গঠন কৰি দিয়া কাৰ্যকৰি গোটৰ পৰামৰ্শাৱলী মানি লৈ ২০১২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকে সমবায় বেংক আৰু আঞ্চলিক গ্ৰামীণ বেংকলৈ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহলৈ সংশোধিত কাৰ্যকৰী নীতি-নিৰ্দ্দেশনাৱলী প্ৰেৰণ কৰে৷

পূৰ্বৰ কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ  নীতি-নিৰ্দ্দেশনাৰ  ওপৰত ঘটোৱা  উন্নয়নসমূহ  হ’ল--

) কাগজৰ কাৰ্ডক ( পাছ বুক) প্লাষ্টিক কাৰ্ড কৰা- কিষান ক্ৰেডিট কাৰ্ডক ডেবিট কাৰ্ডৰ সক্ষম কৰি টি এমৰ ৰূপ দিয়া৷

) শাখা কাৰ্যালয়/চেকৰ সুবিধা/ব্যৱসায় সংযোগী/ টি এম(ডেবিট কাৰ্ড)/ পি এছ/মবাইলহেণ্ডছেটৰ যোগেদি বিস্তৃত ঋণ  বিতৰণ ধাৰা কাৰ্যকৰী কৰা৷

) অধিক স্পষ্টভাৱে ঋণৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰা( খেতি চপোৱাৰ পিছৰ/ ঘৰুৱা/ উপভোগ ব্যয়ৰ ১০শতাংশলৈকে প্ৰয়োজনীতা  +  ২০ শতাংশলৈকে পৰিচালনা ব্যয় অন্তৰ্ভুক্তিকৰণ)৷

)ঋণৰ সীমা নিৰ্ধাৰণ কৰোঁতে ব্যয় বৃদ্ধি সংযোজন -- দ্বিতীয় বছৰৰ পৰা আগলৈ ঋণৰ  সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰোঁতে ১০ শতাংশ ৰাষ্ট্ৰীয় মূল্য বৃদ্ধি যোগ কৰা৷

) ম্যাদী ঋণৰ অধীনত অধিক কাম-কাজ সাঙুৰি লোৱা৷

)যুটীয়া দায়বদ্ধ গোটক ঋণ প্ৰদানত গুৰুত্ব আৰোপ কৰা৷

)প্ৰথম ঋণ গ্ৰহণ কৰোঁতেই যাৱতীয় নথি-পত্ৰৰ কাম সমাধা আৰু তাৰ পিছত দ্বিতীয় বছৰৰ পৰা সৰল ঘোষনা পত্ৰ৷

) অনলাইনতে ভূমিৰ নথি-পত্ৰ পৰীক্ষণ আৰু দায়বদ্ধকৰণ সমাধা৷

বেংকসমূহে শস্য-ঋণ সাধাৰণতে কিষান ক্ৰেডিট আঁচনি যোগেদিয়েই বিতৰণ কৰে৷ ক্ষুদ্ৰ কৃষক,আধিয়াৰ কৃষক,মৌখিক লেছি আৰু উপান্ত খেতিয়ককে ধৰি সকলো কৃষকেই কিষান ক্ৰেডিট কাৰ্ড পাবৰ  বাবে যোগ্য৷ কিষান ক্ৰেডিট কাৰ্ডধাৰী কৃষকসকলক দুৰ্ঘটনাজনিত মৃত্যু/স্থায়ীভাৱে বিকলাংগ হোৱাৰ বিপৰীতে ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনিত সাঙুৰি লোৱা হয়৷ বেংকে কৃষকৰ খেতি কৰিবলৈ থকা ভূমিৰ ওপৰত নিৰ্ভৰ কৰি  আৰু জিলা পৰ্যায়ৰ কাৰিকৰী কমিটিয়ে নিৰ্ধাৰণ কৰি দিয়া বিত্তীয় নিৰিখ মতে আৰু কৃষকজনৰ ঋণৰ অতীত কাহিনী অনুযায়ী কৃষকৰ যোগ্যতা নিৰূপণ কৰে ৷ম্যাদী ঋণ আৰু উপভোগৰ আৱশ্যকতাক সাঙুৰি লৈ কিষান ক্ৰেডিট কাৰ্ডৰ পৰিসৰ বহল ভিত্তিক কৰা হৈছে৷ ভাৰত চৰকাৰে বেংকসমূহক কিষান ক্ৰেডিট কাৰ্ডক স্মাৰ্ট ক্ৰেডিট কাৰ্ডলৈ ৰূপান্তৰ কৰিবলৈ পৰামৰ্শ দিছে৷

কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ কিছুমান মুখ্য বৈশিষ্ট্য

১) শস্য ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰোঁতে শস্য ঋণৰ বাবে থকা বিত্তৰ মাপ-কাঠিৰ লগত শস্য বীমাৰ কিস্তি যোগ কৰি তাক কৃষি ভূমিৰ পৰিমাণেৰে পূৰণ কৰি তাৰ সৈতে খেতি চপোৱাৰ পিছৰ খৰচ/ঘৰুৱা ব্যয়/উপভোগৰ প্ৰয়োজনীয়তাৰ বাবে ঋণ মঞ্জুৰী সীমাৰ ১০ শতাংশ যোগ কৰি তাৰ লগত ফাৰ্মৰ সম্পদবোৰৰ চোৱাচিতাৰ বাবে  মঞ্জুৰীকৃত ঋণৰ সীমাৰ ২০ শতাংশ যোগ কৰিব লাগিব৷

২) উপান্ত কৃষকসকলৰ বাবে সৰলভাৱে নিৰ্ণয় কৰা ফ্লেক্সি কিষান ক্ৰেডিট কাৰ্ড আঁচনি আগ বঢ়োৱা হৈছে৷

৩) পাঁচ বছৰৰ বাবে কিষান ক্ৰেডিট কাৰ্ডৰ সময় সীমা বাহাল থাকিব৷

৪)যিহেতুকে বিত্ত মাপ-কাঠিত প্ৰান্তিক ধন নিহিত হৈ আছে ,সেয়ে শস্য ঋণৰ বাবে বেলেগে প্ৰান্তীক ধন লব নালাগে৷

৫) একাউন্টৰ পৰা উঠোৱা ধন ১২ মাহতকৈ অধিক দিন পৰিশোধ নকৰাকৈ হিচাপৰ বহীত জমা থাকিব নালাগে৷ কোনো সময়তে একাউন্টত ধাৰৰ হিচাপ শূণ্য হোৱাৰ প্ৰয়োজন নাই৷

৬) সুত ৰেহাই / খৰতকীয়াকৈ ঋণ পৰিশোধৰ বাবে পাব লগা উদনি আদি ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিয়ম অনুযায়ী পাব৷

৭) তিনি লাখ টকাৰ ঋণ মঞ্জুৰীৰ সীমালৈকে কোনো ঋণ প্ৰণালীকৰণ ফীজ নাথাকে৷

৮) প্ৰথম ঋণ লওঁতেই যাৱতীয় নথি-পত্ৰত স্বাক্ষৰ কৰিলেই হল ৷ পিছৰ বছৰবোৰত মাথো সৰল ঘোষণা ( কি খেতি কৰি আছে আৰু কি খেতি কৃষকজনে কৰিব)৷

৯) কৃষকজনৰ দুটা পৃথক একাউন্টৰ পৰিবৰ্তে কিষান ক্ৰেডিট কাৰ্ড একাউন্টটোকে চেভিংচ বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰিব৷ তাত জমা হোৱা ধনৰ ওপৰত চিভিংচ বেংক একাউন্টত পোৱাৰ নিৰিখত সুত পাব৷

১০) এ টি এম / পি অ এছ/ মবাইল হেণ্ডছেটকে ধৰি বিভিন্ন বিতৰণ প্ৰণালীৰ যোগেদি ঋণ বিতৰণ ব্যৱস্থা

শস্য ঋণৰ সুত আৰু প্ৰয়োজনীয় উপৰুৱা জামিন

২০১৩-১৪চনৰ বাবে ভাৰত চৰকাৰে জাৰি কৰা নিৰ্দ্দেশ অনুযায়ী , তিনি লাখ টকালৈকে সকলো শস্য ঋণ ৭%  সুতত বিতৰণ কৰা হৈছে৷ ভাৰত চৰকাৰেও খৰ্তকীয়াকৈ ঋণ পৰিশোধ কৰা কৃষকক ৩% সুত ৰেহাই দিছে ; এইদৰে ৪% সুতত ঋণ পোৱাৰ ব্যৱস্থা কৰি অধিকতকৈ অধিক সংখ্যক কৃষকক আনুষ্ঠানিক ঋণৰ ধাৰাত অন্তৰ্ভুক্ত কৰিব বিচৰা হৈছে৷ চৰকাৰে এই ব্যৱস্থা বে-চৰকাৰী বেংকসমূহৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছে৷ তিনি লাখ টকাতকৈ অধিক শস্য ঋণৰ বাবে ৰিজাৰ্ভ বেংকৰ নিয়ম আৰু বেংক কৰ্ত্তৃপক্ষই ৰিজাৰ্ভ বেংকৰ নিৰ্দ্দেশ মতে ধাৰ্য কৰা অন্য কিছুমান চৰ্তত সুতৰ হাৰ নিৰ্ধাৰণ কৰে৷ এক লাখ টকালৈকে ঋণৰ বাবে কোনো পৃথক জামিনৰ আৱশ্যক নহয় ,এক লাখ টকাৰ ওপৰৰ শস্য ঋণৰ বাবে ৰিজাৰ্ভ বেংকৰ নিৰ্দ্দেশাৱলী অনুযায়ী বেংকে ব্যক্তিগতভাৱে  জামিনৰ সিদ্ধান্ত লয়৷ উল্লেখযোগ্য যে ভাৰত চৰকাৰে খেতি চপোৱাৰ পিছৰ সংৰক্ষণৰ বাবেও সুতৰ ক্ষেত্ৰত ৰেহাই ব্যৱস্থা কৰি কৃষকসকলক হতাশ হৈ শস্য বিক্ৰী নকৰি ৱেৰহাউচত জমা ৰাখিবলৈ উৎসাহিত কৰিছে৷

কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ সুবিধাবোৰ

১)অন্য সাধাৰণ কাৰ্ডৰ দৰেই কিষান ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰি বাবে কৃষকসকলে পূৰ্বৰ ঋণ পৰিশোধৰ পিছত যে পুনৰ ঋণৰ ধন বেংকৰ পৰা পাব সেই কথা তেওঁলোকে অনুভৱ কৰিব পাৰে৷

২)পাঁচ বছৰৰ বাবে ঋণ মঞ্জুৰী দিয়া হয় বাবে পদ্ধতিগত পলমৰ পৰা পৰিত্ৰাণ পোৱা যায়৷

৩)টকা উঠোৱাৰ সংখ্যা আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত কিষান ক্ৰেডিট কাৰ্ড আঁচনিত কাম চলাওঁতে শিথিলতা থাকে৷

৪)প্ৰাকৃতিক দুৰ্যোগ ইত্যাদি হলে কৃষকসকলে তেওঁলোকৰ ঋণৰ  পুনৰ সময় তালিকা তৈয়াৰ কৰি  লব পাৰে৷

৫)দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে বা স্থায়ী ভাৱে অক্ষম হৈ পৰিলে বীমা আঁচনিৰ  পৰা পোৱা ধনৰ পৰা ঋণ পৰিশোধ কৰিবলৈ সুবিধা থকা বাবে পৰিয়ালৰলোকসকলে সকাহ পায়৷

৬)কিছুমান নিৰ্দ্দিষ্ট শস্যৰ খেতিৰ বাবে সামগ্ৰীকভাৱে বীমা কৰা থাকে বাবে তেনে খেতি সামগ্ৰীকভাৱে প্ৰাকৃতিক কাৰণত নষ্ট হলে বীমা কোম্পানীৰ পৰা ক্ষতিপূৰণ পোৱা যায়৷

সামৰণি

 ১৯৯৮ চনৰ আগষ্ট মাহত আঁচনিখন ৰূপায়ণ কৰাৰে পৰা ২০১৩ চনৰ ৩১ মাৰ্চ তাৰিখৰলৈকে দেশৰ সমবায় বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু বাণিজ্যিক বেংকসমূহে লগ হৈ ১০ কোটি কিষান ক্ৰেডিট কাৰ্ড কৃষকসকলৰ মাজত বিতৰণ কৰিছে৷ এই তথ্যই পৰিষ্কাৰ কৰি দিছে যে নিতৌ দেশৰ ন ন কৃষকক  কিষান ক্ৰেডিট কাৰ্ড আঁচনিখনে সাঙুৰি লব ধৰিছে৷ দেশৰ দৰিদ্ৰ কৃষকসকলক  আনুষ্ঠানিক ঋণ আঁচনি যোগে ঋণ দিয়াৰ লগে লগে সুতখোৰ মহাজন তথা বণিক শ্ৰেণীৰ শোষণৰ কবলৰ পৰা তেওঁলোক মুক্ত হবলৈ সক্ষম হৈছে৷

 বহুতো  পণ্ডিত  আৰু  অভিজ্ঞ  বেংক  বিষয়াই  ক’ব  খোজে  যে  কিষান  ক্ৰেডিট  কাৰ্ড  আঁচনি  যোগে  অনুদানসহ প্ৰদান  কৰা ঋণৰ ধন বহু ক্ষেত্ৰত কৃষি কাৰ্যত ব্যৱহৃত নহৈ উৎপাদন বিহীন কামত ব্যৱহৃত হোৱা হেতু দেশৰ কৃষি উৎপাদন  বৃদ্ধি  নোহোৱাৰ লগতে কৃষকৰ ঋণ পৰিশোধ ক্ষমতা হ্ৰাস পাইছে৷  এই কাৰ্ডসমূহৰ ঋণৰ উচ্চ সীমা বঢ়াই গৈ থকা হেতু  বেংকসমূহে  বেয়া ঋণ দম পাতি গলেও হিচাপৰ বহীত সেয়া প্ৰতিফলিত  নকৰে৷ আনকি কৃষকে পৰিশোধ নকৰা সুতৰ ধনো বেংকে বাৰ্ষিক ১০ শতাংশ ঋণৰ সীমা বৃদ্ধিৰ সৈতে যোগ দি গৈ থাকে৷ এইদৰে বেংকে কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ ঋণক চিৰসেঁউজ কৰি  কেইটামান বছৰলৈ বেয়া ঋণৰ গধূৰ ভাৰখন নিলগাই ৰাখে৷ সৰ্ব বৃহৎ পৰিমাণৰ কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ ঋণ প্ৰদান কৰোঁতা বেংক ভাৰতীয় ষ্টেট বেংকে বিতৰণ কৰা ৪৪,০০০ কোটি টকাৰ কিষান ক্ৰেডিট কাৰ্ডৰ ঋণৰ ৫% ঋণেই বেয়া হৈছে৷ চিণ্ডিকেট বেংকৰ প্ৰাক্তন চেয়াৰমেন তথা পৰিচালন সঞ্চালক  আৰু গ্ৰাম্য বেংকিঙত নিপুণ ব্যক্তি এন কে ঠিংগালায়াই কৈছে যে গোটেই সমস্যাটো হৈছে শাখা প্ৰযায়ত পৰ্যবেশন আৰু অনুসৰণৰ অভাৱৰ বাবে, বহু ক্ষেত্ৰত দৰিদ্ৰ কৃষকক দিয়া টকা অপব্যৱহাৰ কৰা হৈছে৷ কৃষি খণ্ডটোলৈ দিয়া ঋণ বাঢ়িছে কিন্তু কৃষি খণ্ডটো বৃদ্ধি পোৱা নাই৷ অন্য এক সমীক্ষা অনুযায়ী বাকী থকা কিষান ক্ৰেডিট কাৰ্ডৰ ঋণৰ পৰিমাণ  বিগত দুটা বছৰত ৩৩% হাৰত বৃদ্ধি পাইছে আৰু কিষান ক্ৰেডিট কাৰ্ডৰ সংখ্যা ১৩% হাৰত বৃদ্ধি পাইছে৷ সমীক্ষক ভি শ্ৰী কাৰ্ত্তিকে এই তথ্য সদৰী কৰি কৈছে যে কৃষকে পুৰণি ঋণ পৰিশোধৰ বাবে নতুন ঋণ লোৱাৰ বাবেই এনে ঘটিছে৷ বেংকবোৰৰ কিছুমান শাখাৰ কাৰ্যালয়সমূহত বহুতো কাৰণত কামৰ বোজা বহন ক্ষমতা নথকা হেতু অতি পুৰণি অনাদায় ঋণৰ ধন আদায়ৰ কামত ব্যস্ত থাকোঁতে কিষান ক্ৰেডিট কাৰ্ড আঁচনিত প্ৰদান কৰা ঋণৰ প্ৰতি চকু দিব নোৱাৰা বাবে সেইবোৰ ৰুগ্ন হোৱাৰ পথত গতি কৰিছে৷ গতিকে সময় থাকোঁতেই কিষান ক্ৰেডিট কাৰ্ড আঁচনিখনৰ পৰা উপকৃত  হোৱা কৃষক আৰু বেংক উভয় পক্ষই নিজৰ কৰ্ত্তব্য অনুযায়ী ঋণ পৰিশোধৰ দিশটোত মনোনিবেশ কৰিলে দুয়ো পক্ষই উপকৃত হব আৰু কিষান ক্ৰেডিট কাৰ্ড আঁচনিখন চলি থাকিলে তাৰ যোগেদি দেশখনো কৃষি ক্ষেত্ৰত সমৃদ্ধিশালী হব৷


০০০০০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০০০০০০০০০০ 

No comments:

Post a Comment