Wednesday 11 November 2015

সুখ আৰু ইয়াৰ কিছু মনোবৈজ্ঞানিক বিশ্লেষণ

বহুতো পণ্ডিতে কয় যে টকা-পইচাই মানুহক সুখ দিব নোৱাৰে৷ যদিহে টকা-পইচাই সুখ দিব নোৱাৰে, তেনেহলে মানুহে কিয় ইয়ে সুখ দিয়াৰ দৰে আচৰণ কৰে? এইটোৱেই মাথো স্বাভাৱিক যেন দেখায় যে অধিক ধন থাকিলেহে সুখ প্ৰবাহিত হৈ থাকে৷ কথাষাৰ মানি নল’লেও মানুহে এইটোকে সত্য বুলি আচৰণ কৰে৷ অধিক ধন থকা মানে, বহুতে বুজে যে, মানুহে যিহকে পাব বিচাৰে তাকে পাব পাৰে আৰু যিহকে কৰিব বিচাৰে তাকে কৰিব পাৰে৷ গতিকে সাঁথৰটো হ’লঃ কিয় সমাজ বিজ্ঞানীসকলে অবিচলভাৱে অধিক ধন থকা আৰু সুখী হোৱাৰ মাজত কেৱল পৰিমিত সম্বন্ধ বিচাৰি পাইছে? কোনো কোনোৱে আনকি ইংগিত দিয়ে যে এই পৰিমিত সংযোগ অত্যুক্তি কৰাও হ’ব পাৰে৷ প্ৰকৃততে টকাই সুখৰ ক্ষেত্ৰত সামান্যতমহে অৰিহণা যোগাব পাৰে৷ তথাপিও, ই ডাঙৰ সাঁথৰ, টকাই যে সুখী নকৰে এই কথাত কিছু ক্ষেত্ৰত মানুহ সচেতন হোৱা দেখা যায়৷৷ তৎসত্বেও ধন উপাৰ্জনৰ বাবে কাম কৰি গৈ থাকে, যিটোৰ তেওঁলোকৰ বস্তুগতভাৱে আৱশ্যক নাই৷  
         
ধনেৰে সুখ কিনিব পাৰিনে?

ধনেৰে সুখ ক্ৰয় কৰিব পাৰিনে?-এইটো বহু পুৰণি প্ৰশ্ন আৰু কথাটো কিছু পৰিমাণে সত্য৷ নতুন গৱেষণাই ইংগিত দিছে যে এজনে কিমান ধন উপাৰ্জন কৰে সেই কথাই সুখ নিৰ্ধাৰণ নকৰে, তাৰ পৰিবৰ্তে এজনে কেনেকৈ ইয়াক ব্যয় কৰে তাৰ ওপৰতে নিৰূপন কৰে৷ বিগত কেইটামান বছৰত নতুন গৱেষণাই আমি কি উপাৰ্জন কৰো আৰু আমি কেনে অনুভৱ কৰোঁ তাৰ মাজৰ সম্পৰ্কৰ বহু গভীৰ বুজনি আমাক দিছে৷ চমুতে, শেহতীয়া গৱেষণাই ইংগিত দিয়ে যে কেৱল ধন-সম্পদে ভাল জীৱন এটাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে৷ অধিক ধন উপাৰ্জনতকৈ মানুহে কিদৰে ইয়াক ব্যয় কৰিব সেইটোহে ডাঙৰ কথা৷ উদাহৰণ স্বৰূপে, নিজৰ বাবে জধেমধে অপব্যয় কৰাতকৈ প্ৰতিদান আশা নকৰি ধন দি দিয়া কামে মানুহক অধিক সুখী কৰে৷ ইয়াতে উল্লেখ কৰিব পাৰি যে আন্না হাজাৰে মহোদয়ে পুৰস্কাৰ স্বৰূপে লাভ কৰা কোটি টকাতকৈ অধিক ধন নিজৰ বাবে ব্যয় নকৰি ট্ৰাষ্টত জমা ৰাখি তাৰ সুতৰ ধন দৰিদ্ৰ লোক সকলৰ মংগলৰ অৰ্থে ব্যয় কৰি মনৰ সুখ লাভ কৰিছে৷ নিজৰ বাবে ধন ব্যয় কৰোতে মানুহে বয়-বস্তুৰ কাৰণে ব্যয় কৰাতকৈ ভ্ৰমণৰ দৰে অভিজ্ঞতাৰ বাবে ব্যয় কৰি অধিক সুখী হয়৷ তাকে মনত লৈ, মানুহে তেওঁলোকৰ ধনৰ ব্যৱহাৰ কেনেকৈ সুদক্ষ ভাৱে কৰিব আৰু তেওঁলোকৰ সুখ সৰ্বাধিক কৰিব পাৰে শেহতীয়া গৱেষণাই ইয়াত সেইটোকে কৈছে৷  অৰ্থনীতিবিদসকলে দেশবোৰৰ মাজত আয় আৰু সুখৰ ভিতৰত সংগতিৰ সমীক্ষা চলাই আহিছে আৰু যেতিয়া ধনৰ সংস্পৰ্শলৈ আহোঁ তেতিয়া কিহে প্ৰকৃততে আমাক ৰক্ত পিপাসু চিকৰা কৰি দিয়ে তাকে বিচাৰি উলিয়াবলৈ ব্যক্তি সকলৰ ওপৰত অনুসন্ধান চলাই আছে৷ ফলাফলটো, প্ৰথম দৃষ্টিত অলপ স্পষ্ট দেখা পাব৷ শেষ মীমাংসাখিনিৰ অলপ গভীৰতালৈ খনন কৰিলে বহুত আচৰিত হ’ব লাগিব আৰু বেছি কামত লগা হ’ব৷

গতিকে  আমি ক’ব  পাৰো , ধনে  আমাক  দৈনন্দিন  ভিত্তিত  সুখী  নকৰে৷  তেও  আমি   ধনক  মূল্য  আৰোপ কৰিব লাগে  আৰু  ইয়াৰ  সন্ধান  কৰিব  লাগে  বুলি  আমাক  বাৰ্তাৰ  যোগে  গোলাবৰ্ষণ  কৰা  হয়৷ গতিকে  সমাজৰ  ভাল  নাগৰিকৰ  দৰে  আমি  মতবাদটো  অনুসৰণ কৰোঁ৷ কিহে আমাক  ঠিক  এতিয়াই  সুখী  অনুভৱ কৰাব ? ধন আৰু মৰ্যদা  আহৰণে  আমাক  জীৱনটোত  সন্তুষ্টি  অনুভৱ  কৰায়৷কেন্দ্ৰীভূত ভ্ৰম জৰিয়তে আমি নিজকে পতিয়ন  নিয়াওঁ  যে  সন্তুষ্টি  সমান  সুখ৷ দুৰ্ভাগ্যবশতঃ  এইটো  নহয়৷ যদিওবা  আমাৰ  সকলো   থকা  যেন লাগে, কিবা এটা  হেৰুওৱা   বুলি  আমাক  অনুভৱ  কৰিবলৈ  দিয়ে,  কিন্তু  সেইটো  কি  বস্তু  তাক  চিনাক্ত  কৰিবলৈ   আমি  অপাৰগ৷

 সহজভাৱে  সেই  কথাটো   লঃ  সুখী  অনুভৱ  কৰি  থকা৷ ঠিক  এতিয়া৷ এই  ক্ষণতে৷ ঠিক  এই  মুহূৰ্তত  কিহে আপোনাক সুখী অনুভৱ কৰাব? এই সন্দৰ্ভত পণ্ডিতসকলে কেনে মন্তব্য আগ বঢ়াইছে চোৱা যাওক৷ ৰাল্ফ ৱালড’ ইমাৰশ্বন(Ralph Waldo Emerson) য়ে কৈছে যে আপুনি খঙত থকা প্ৰতিটো মিনিটৰ কাৰণে ষাঠি চেকেণ্ডৰ সুখ হেৰুৱায়৷ মাৰ্ক টুৱেইন(Mark Twain) ৰ মতে প্ৰকৃতিস্থ অৱস্থা আৰু সুখ এক অসম্ভৱ সংযোজন৷ বাৰ্টাণ্ড ৰাছেল(Bertrand Russel)l য়ে তেওঁৰ ‘The Conquest of Happiness’ ত কৈছে, ‘সকলো  ধৰণৰ  সতৰ্কতাৰ ভিতৰত, মৰমৰ সতৰ্কতাই প্ৰকৃত সুখৰ বাবে নিশ্চয় সকলোতকৈ সাংঘাতিক ৷’ ল’ৰেন অলিভাৰ (Lauren Oliver)ৰে কৈছে,‘কেতিয়াবা অসুখী নহলে আপুনি সুখী নোৱাৰে৷’ ডেল কাৰ্নেগি(Dale Carnegie)য়ে তেওঁৰ ‘How to Win Friends and Influence People’ ত কৈছে,“আপোনাৰ কি আছে বা  আপুনি  কোন বা  আপুনি আছে বা আপুনি  কি কৰি  আছে  সেইটোৱে  আপোনাক  সুখী বা অসুখী নকৰে৷ এইটো   ইয়াৰ  বিষয়ে আপুনি কি ভাৱে৷” গেব্ৰিয়েল গাৰচি(Gabriel Garcí)ৰ মতে ‘সুখে নোৱাৰাটো  কোনো ঔষধে আৰোগ্য  কৰিব  নোৱাৰে৷’ টম ব’ডেটে(Tom Bodett) কৈছে, “এই পৃথিবীত  প্ৰকৃততে   সুখী  বলৈ  এজন  ব্যক্তিক  মাথো তিনিটা  বস্তুৰ দৰকাৰঃ ভাল পাবলৈ  কোনোবাজন, কৰিবলৈ কিবা  এটা  আৰু  আশা কৰিবলৈ কিবা  এটা৷জনাথন চাফ্ৰান ফয়েৰে(Jonathan Safran Foer) কয়, ‘নিজকে  সুখৰ  পৰা  ৰক্ষা  নকৰাকৈ  আপুনি  নিজকে  বিষন্নতাৰ   পৰা  ৰক্ষা  কৰিব  নোৱাৰে৷’ এলবাৰ্ট কেমুচ(Albert Camus) য়ে কয়, ‘যদি  সুখ কিহেৰে  গঠিত  হয়  তাৰ অনুসন্ধানত  লাগি  থাকে  তেন্তে  আপুনি  কাহানিও  সুখী   নোৱাৰে৷ যদি  আপুনি  জীৱনৰ অৰ্থ  বিচাৰি   থাকে  তেন্তে  আপুনি  কেতিয়াও  জীয়াই  থাকিব  নোৱাৰে৷’  দালাইলামাৰ(Dalai Lama XIV )মতে ‘সুখ  ইতিমধ্যে  তৈয়াৰ হৈ থকা  কিবা  বস্তু নহয়৷ই আপোনাৰ নিজৰ কামৰ পৰা উদ্ভৱ হয়৷’ আৰ্নেষ্ট হেমিংৱে(Ernest Hemingway)ৰ মতে ‘সুখ  বুদ্ধিমান  লোকসকলৰ  মাজত  অতি  দুষ্পাপ্য  বস্তু৷’

সুখৰ ওপৰত গৱেষণা

বিগত  কুৰিটা  বছৰত  সাহিত্যৰ  এক  আকস্মিক  বিস্ফোৰণ  হৈছে  আৰু  তাৰ সংগ  দিছে  সুখ  বিজ্ঞানৰ গৱেষণাই ৷ এই  গৱেষণাৰ  সৰহ  ভাগেই  মানুহক  কিহে  সুখী (বা অসুখী) কৰে  তাকে  বুজিবৰ  কাৰণে  উচৰ্গিত৷  সাধাৰণতে,  ধনাত্মক  আৱেগ  সৰ্বাধিক  কৰা  আৰু  ঋণাত্মক  আৱেগ  সৰ্বনিম্ন  কৰাত  এই  পৰ্যন্ত  সুখৰ  ওপৰত  কৰা  গৱেষণা  একক  ভাৱে  কেন্দ্ৰীভূত৷

 পৰিষ্কাৰভাৱে, ধনাত্মক  আৱেগৰ  অভিজ্ঞতাৰ  উপকাৰ  আৰু  ঋণাত্মক  আৱেগৰ  ক্ষতি  আছে  আৰু  গৱেষণাই  তাক ফঁহিয়াই  উলিয়াছে৷ এটা  কথা, পুৰণি  ঋণাত্মক  অভিজ্ঞতা মানুহৰ  স্বাস্থ্যৰ বাবে  বেয়া৷ অন্য অধ্যয়নে জানিবলৈ  দিয়ে  যে বৰ্ধিত  ধনাত্মক  অনুভূতিয়ে  আনৰ  সৈতে  যুক্ত  বলৈ আৰু  আনক  সহায়  কৰিবলৈ  মানুহৰ উৎসাহ  বঢ়াব৷ তথাপিও  আন  গৱেষণাই  আভাস  দিয়ে  যে   দৰিদ্ৰতা  সীমাৰ  ওপৰৰ  আয়ৰ  স্তৰ  পোৱাৰ  পাছত  যদিওবা  এজনে  আশা  কৰা  দৰে  নহয়,  মধ্যমীয়া  ভাৱে  আনৰ  সুখত   অৰিহণা  যোগাব৷  সেয়ে  ধনাত্মক  ভাল  আৰু  ঋণাত্মক  বেয়া  বুলি  ইংগিত  দিয়া  বহুতো  গৱেষণা  হৈছে৷

যেইকি  নহওক, সাম্প্ৰতিক  কালৰ  মনোবৈজ্ঞানিক  অনুসন্ধানে  প্ৰশ্নৰ  অৱতাৰণা  কৰিছেসুখ  সদায়ে  ভাল নে?  সুখৰ ভুল মাত্ৰা আছেনে ?

 য়ালে বিশ্ব বিদ্যালয়ৰ(Yale University)মনোবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক জুন গ্ৰাবাৰ(June    Gruber)  আৰু  তেওঁৰ  সহযোগীসকলে  মতামত  আগ  বঢ়াইছে  যে  কোনোৱে  প্ৰকৃততে  বহু  ধনাত্মক  আৱেগৰ  অভিজ্ঞতা  লভিব  পাৰে  আৰু    তেওঁৰ  মংগলৰ   পৰিপন্থী    পাৰে৷  মুঠতে,  যেতিয়া  অভিজ্ঞতা  অধিক  প্ৰখৰ  হয় , ধনাত্মক  আৱেগে  ক্ৰমহ্ৰাসমান  ফলাফল  ঘূৰাই  আনে৷ আনকি  এনে  উদাহৰণো  আছে  যে  অতি  বেছি নেৰানেপেৰা  সুখে  এজন  ব্যক্তিক  অধিক  বিপজ্জনক  আৰু  কম  ৰজিতা খোৱা  কৰিব  পাৰে৷ উদাহৰণ  স্বৰূপে , অতি  বেছি  হৰ্ষ-উলাহ  স্বল্পায়ুতাৰ   সৈতে সম্বন্ধিত৷   তাৰোপৰি, উচ্চ  মাত্ৰাৰ  সুখ  প্ৰচুৰ  মদ্যপান  কৰাৰ  দৰে বৰ্ধিত বিপদ  মূৰ  পাতি  লোৱা  আচৰণৰ  সৈতে  জড়িত৷ অন্য  অধ্যয়নে  ইংগিত  দিয়ে  যে  উচ্চ  মাত্ৰাৰ  ধনাত্মক  আৱেগ  প্ৰৱনতা  আৰু  নিম্ন  মাত্ৰাৰ  ঋণাত্মক  আৱেগেই     বাতুলতা  আৰু   মানসিক  ব্যাধিগ্ৰস্ততাৰ  লক্ষণ৷

সুখৰ  কাৰণে  ভুল  সময়  আছেনে?

 অনুভূতি বা আৱেগবোৰক  সামাজিক  জীৱনৰ  ব্যাকৰণ  বুলি  কোৱা  হয়  আৰু  সেয়ে  সেইবোৰে  পৰিৱেশ  সম্বন্ধীয় অৱস্থাৰ  পৰিবৰ্তনলৈ  উপযোগী  কায়িক  আৰু  উদ্দেশ্যধৰ্মী  সঁহাৰি  প্ৰতিনিধিত্ব  কৰে৷ অনুভূতিক  এই  ধৰণ-কৰণত  চাই   নেৰানেপেৰা  সুখৰ  আন  নিহিত  হানিৰ  ইংগিত পোৱা যায়৷ উদাহৰণ স্বৰূপে,  লেখকসকলে  যুক্তি  দাঙি  ধৰিছে  যে  নিৰ্দিষ্ট  বাতাৱৰণত   ঋণাত্মক  আৱেগৰ  অৱস্থাও  উপযোগী   পাৰে;  উদাহৰণ  স্বৰূপে , সুখী  হৈ  যেতিয়া  এজন  মানুহ  ভয়াতুৰ বা  খঙাল    লগা ক্ষণতো(যিটো হিংস্ৰ জন্তুৰ আকস্মিক আক্ৰমণৰ সময়ত দৰকাৰ)তেনে নহয়, তেন্তে ই হানিকাৰক হ’ব৷ কিয়নো, নিৰন্তৰ সুখে  ভয়/ খঙৰ  উত্তেজনাৰ  প্ৰতি  প্ৰয়োজনীয়  কায়িক   সঁহাৰিক  মন্থৰ  কৰি দিয়ে৷

 সুখৰ  অনুসৰণ  কৰা  ভুল  পথ  আছেনে?

যেতিয়া  কোনোৱে  নিজৰ  লক্ষ্যত  উপনীত   নোৱাৰে  তেতিয়া  একে  লেথাৰিয়ে  সুখৰ  অনুসৰণ কৰোতে  নৈৰাশ্য  আহিব পাৰে৷ সেইদৰে, যিয়ে  সুখৰ  খাতিৰতে  সদায়ে  সুখৰ  অনুসন্ধানৰ  চেষ্টা  কৰে  তেওঁ  যেতিয়া   খোজা  ধৰণে  সুখী  হোৱাত  অনিবাৰ্য  ভাৱে  বিফল    তেতিয়া  বিৰক্তি  অনুভৱ কৰিব৷ এই  দৃষ্টিকোণক পৃষ্ঠপোষকতা  কৰি  গৱেষণাত  যেতিয়া  তেওঁলোকক  ‘যিমান  সম্ভৱ  নিজকে  নিজে  সুখী  অনুভৱ  কৰিবলৈ   নিৰ্দ্দেশ  দিয়া  হয়,  লোকসকলে   এক  উদাসীন  সংগীতাংশ  শুনি  তেনে  নিৰ্দ্দেশ  প্ৰাপ্ত নোহোৱা  লোকতকৈ  আপেক্ষিকভাৱে    কম  সুখী  অনুভৱ  কৰে৷

 সুখৰ  ভুল  প্ৰকাৰ  আছেনে?

 এজন লোকৰ সামাজিক  ফলাফলৰ  বাবে  নিৰ্দিষ্ট  গঠনৰ  ধনাত্মক  অনুভূতি  বেয়া    পাৰে৷  উদাহৰণ স্বৰূপে, দম্ভালিপূৰ্ণ  গৌৰৱ   এক  ধনাত্মক  অনুভূতি  যিটো  ফিটাহি  আৰু  আত্মৰতিৰ সৈতে  সংযুক্ত৷ এই  ধৰণৰ  গৌৰৱ  দুৰ্নাম  কৰা, মূল্যহীন কৰা আৰু বাহিৰা  গোটৰ  প্ৰতি আক্ৰমণাত্মক  আচৰণ, আৰু  সেইদৰে,  কিছুমান  ঋণাত্মক পৰিণামৰ  ফালে  পৰিচালনাৰ  সৈতে  জড়িত৷ সুখৰ প্ৰকৃততে  এটা  অন্ধকাৰ  দিশ  যে  আছে  ইয়াৰ  ইংগিত  দি  গ্ৰাবাৰ(Gruber) আৰু  তেওঁৰ  সহযোগীসকলে  কিছুমান  আকৰ্ষণীয়  প্ৰমাণ  দিছে৷
 
আপুনি ভৱাতকৈ অভিজ্ঞতাবোৰ অধিক মূল্যবান৷

 ৰিয়ান হাৱেলক(Ryan Howell )এটা  জটিল  সাঁথৰে  আমনি  কৰি  আছিল৷ দহটা  বছৰত  কৰা  অসংখ্য  অধ্যয়নে  দেখুৱাইছে  যে  ভৌতিক  বস্তুতকৈ  জীৱনৰ  অভিজ্ঞতাই  আমাক  অধিক  দীৰ্ঘস্থায়ী  সন্তুষ্টি  দিয়ে, আৰু  তথাপি  প্ৰায়ে  মানুহে  নিজকে  অস্বীকাৰ  কৰে  আৰু  ভৌতিক  দ্ৰব্য  কিনাত  অগ্ৰাধিকাৰ  দিয়ে৷
 গতিকে, ছান ফ্ৰেনচিস্কো ষ্টেট বিশ্ব বিদ্যালয়ৰ(San Francisco State University) মনোবিজ্ঞান বিভাগৰ  সহকাৰী  অধ্যাপক হাৱেল( Prof. Howell) য়ে  কিনো হৈ আছে  তাকে  চাবলৈ  সিদ্ধান্ত  লে৷ এটা  অধ্যয়নত  তেওঁ  বিচাৰি  পালে  যে  মানুহে  ভাৱে  ভৌতিক  দ্ৰব্য  ক্ৰয়ে  টকাৰ  বেছি  ভাল  মূল্য  দিয়ে ; যিহেতু  অভিজ্ঞতাবোৰ  ক্ষন্তেকীয়া  আৰু  ভৌতিক  দ্ৰব্য  বহুদিন  টিকি  থাকে৷ গতিকে , যদিওবা  কেতিয়াবা  অভিজ্ঞতাৰ  ফালে  ঢাল  খায়,  যেতিয়া  অধিক  ধন  থাকে,  সচেতন  ৰূপত থাকে তে্তিয়া  তেওঁলোকে  ভৌতিক  দ্ৰব্য   ক্ৰয়ত  লাগি  যায়

 কিন্তু  আচলতে,  অধ্যাপক হাৱেলে(Prof. Howell )  য়ে  বিচাৰি  পাইছে  যে  যেতিয়া   মানুহে   তেওঁলোকে   ক্ৰয়   কৰা   সামগ্ৰীবোৰলৈ  উভতি  চায়  তেতিয়া  তেওঁলোকে  অনুভৱ  কৰে  যে  অভিজ্ঞতাই  প্ৰকৃততে  বেছি  ভাল  মূল্য  দিয়ে৷  মানুহে  ভাৱে   যে  অভিজ্ঞতাবোৰে  কেৱল  ক্ষণস্থায়ী  সুখ  দিবলৈ  যায়,  প্ৰকৃততে  সেইবোৰে  অধিক  সুখ  আৰু  অধিক যুগমীয়া  মূল্য  দিয়ে৷ আৰু  তথাপিও  আমি  ভৌতিক  দ্ৰব্য  ক্ৰয়  কৰি  যাওঁ,  যিহেতু  সেইবোৰ  স্পৰ্শৰ  দ্বাৰা  অনুভৱ  কৰিব   পৰা  বিধৰ  আৰু  আমি  ভাৱো   যে  সেইবোৰ  আমি  ব্যৱহাৰ  কৰি  যাব  পাৰো৷

কৰ্নেল বিশ্ব বিদ্যালয়ৰ(Cornell University)মনোবিজ্ঞানৰ অধ্যাপক থমাচ গিলভিচেও(Thomas Gilovich)একে ধৰণৰ মন্তব্যতে উপনীত হৈছে৷ মানুহে সদায় এটা যুক্তিযুক্ত গণনা কৰেঃ “মোৰ সীমিত ধন আছে, মই তালৈ যাব পাৰো বা এইটো ল’ব পাৰো, তেওঁ কয়, “যদি মই তালৈ যাওঁ, মই মহান হ’ম, কিন্তু কোনো সময়তে এইটো কৰা নহ’ব৷ যদি মই এই বস্তুটো কিনো, অন্ততঃ এইটো সদায়ে পাই থাকিম৷” সেইটো বাস্তৱিক ভাৱে সত্য, কিন্তু মনোবৈজ্ঞানিক ভাৱে সত্য নহয়৷ আচলতে আমি আমাৰ ভৌতিক দ্ৰব্যৰ সৈতে মিলি গৈছো৷

 বস্তুবাদঃ এক পদ্ধতি যিয়ে আমাক অভ্যন্তৰৰ পৰা বাহ্যিকলৈ খায় পেলায়৷ অধিক বয়বস্তু ক্ৰয় কৰাটো হতাশা, উৎকন্ঠা আৰু ভগ্ন সম্পৰ্কৰ সৈতে জড়িত৷ ই সামাজিক ভাৱে অনিষ্টকাৰী আৰু আত্ম বিধ্বংসী৷ এই ক্ষেত্ৰত ধনী দুখীয়াৰ মাজত ভেদাভেদ নাইঃ ধনীৰ দৰে দুখীয়া জনো বস্তুবাদৰ প্ৰতি সমানেই সংবেদনশীল৷ বস্তুবাদৰ দুটা প্ৰকাৰৰ প্ৰভাব আছে- পেচাক কৃতকাৰ্যতাৰ মাপকাঠি স্বৰূপে ব্যৱহাৰ কৰা আৰু আৰ্জিত সম্পত্তিৰ পৰা সুখ বিচৰা৷

অবিনশ্বৰ উন্নয়ৰ ওপৰত ভিত্তি কৰা এক অৰ্থনৈতিক আৰ্হি নিজৰ ৰীতিত কৃতকাৰ্য হ’বলৈ গৈ থকাৰ কিজানি ইও এক কাৰণ, যদিওবা ইয়াৰ অনাদায় ঋণ, মানসিক ৰুগ্নতা আৰু ভংগ সম্পৰ্কবোৰৰ দৰে সীমাবদ্ধতাবোৰ আছে৷ চৰকাৰী দুৰ্নীতি, নিকায়-নিগমৰ কুট-কৌশল আদি জাতি আৰু নাগৰিক সত্তাৰ বিকলতাৰ দ্বাৰা আমাৰ ওপৰত জাপি দিয়া এক সাধাৰণ সামাজিক যাতনা৷ এয়াই আমাক ভিতৰৰ পৰা বাহিৰৰলৈকে খাই পেলোৱা এক ব্যৱস্থাৰ প্ৰতি আমাৰ মৌন সন্মতি৷

 অধিক ধন আৰু সম্পত্তিয়ে আমাৰ মংগল সাধন কৰে বুলি নিজকে বিশ্বাস কৰিবলৈ এৰি দিয়াটোৱেই ভয়ানক ভুল আমি কৰি গৈছো৷ এনে বিশ্বাস কেৱল প্ৰতাৰিত দৰিদ্ৰ লোক সকলেই কৰি থকা নাই, প্ৰায় সকলো দেশৰ চৰকাৰৰ প্ৰায় প্ৰত্যেকজন সদস্যই ইয়াকে বিশ্বাস কৰে৷ বিশ্বজনীন উচ্চাকাংক্ষা, বস্তুগত উচ্চাকাংক্ষা, অবিনশ্বৰ উন্নয়নঃ এইবোৰ গণ বিষন্নতাৰ বিধি ব্যৱস্থা৷ 
                         
আমাক টকাই সুখী নকৰাৰ কাৰণবোৰ প্ৰত্যক্ষ কৰা যাওকঃ ভৌতিক বস্তুৱে আমাক সুখী নকৰে৷ ঘৰ আৰু গাড়ীৰ দৰে বস্তু আহৰণ কৰি সুখৰ ওপৰত ক্ষণস্থায়ী প্ৰভাব পেলাব পাৰি৷ মানুহৰ দৰ্মহাতকৈ অধিক বস্তুগত সম্পত্তি আহৰণৰ হাবিয়াসেও অকাই পকাই সেই কথাকে ক’ব খোজে৷ পুনৰ, তুলনামূলক ভাৱে অধিক সামগ্ৰী থকা সত্বেও মানুহ সুখী নহয়৷ আনকি উদাহৰণ আছে যে বস্তুবাদে আমাক কম সুখী কৰে৷

মানুহ ধনী হৈ থাকোতে উপভোগ্য কাৰ্যবোৰত অবতীৰ্ণ নহয়৷ অধিক ধন উপাৰ্জন কৰা লোকসকলে নিজৰ মাজত উপভোগ কৰাত সময় খৰচ নকৰে, তেওঁলোকে কামত সময় খৰচ কৰে- যিবোৰ কামে তেওঁলোকৰ চাপ আৰু অস্থিৰতা বঢ়োৱাৰ সম্ভাৱনা থাকে৷ এইটো ভ্ৰম কেন্দ্ৰীভূতকৰণৰ বাবেই হ’ব পাৰে৷ যেতিয়া মানুহে অধিক টকা উপাৰ্জনৰ কথা ভাৱে তেতিয়া সেই টকা তেওঁলোকে বিশ্ৰামপূৰ্ণ কামত ব্যয় কৰিব বুলিয়েই কল্পনা কৰে৷ বাস্তৱতে, ধন উপাৰ্জন কৰিবলৈ তেওঁলোকে কামত অধিক সময় ব্যয় কৰিব লগা হয়৷

ভ্ৰম কেন্দ্ৰীভূতকৰণ

 অধিক ধনী আৰু মৰ্যদাপূৰ্ণ লোকসকল তেওঁলোকৰ জীৱনত অধিক সন্তোষিত, অধিক সুখী নহয়৷ নোবেল বঁটা বিজয়ী মনোবিজ্ঞানী ডেনিয়েল কানেমান(Daniel Kahneman) আৰু সহযোগীসকলে ধাৰণা আগ বঢ়াইছে যে ধনে তেওঁলোকক অধিক সুখী কৰা বুলি মানুহে ভাৱি গৈ থকাৰ কাৰণ হৈছে যে ধনে লৌকিক সিদ্ধিৰ দিশে পৰিচালিত কৰে৷ গতিকে টকাই সুখ দিয়েনে বুলি মানুহে যেতিয়া নিজকে প্ৰশ্ন কৰে, তেওঁলোকে ততালিকে ডাঙৰ পদোন্নতি আৰু ডাঙৰ ঘৰৰ কথা ভাৱে৷ তেওঁলোকে মন্তব্য দিয়ে যে যিহেতু তেওঁলোকৰ সেইবোৰ আছে সেয়ে তেওঁলোক সুখী হ’ব৷ বাস্তৱিকতে অধিক ধনী আৰু মৰ্যদাপূৰ্ণ লোকে তেওঁলোকৰ জীৱনক লৈ সন্তুষ্ট, সুখী নহয়৷ কিন্তু অধিক ধনেৰে মানুহ সুখী নহয় বুলি আমি কেনেকৈ জানিম? তাৰ বাবে মনোবৈজ্ঞানিক সকলে কৌশল ৰচনা কৰিলে৷ সেই কৌশলটোৱেই হ’ল মুহূৰ্ত্তে মুহূৰ্ত্তে নমুনা লোৱা৷ সকলো ধৰণৰ উপায় প্ৰয়োগ কৰি মানুহক তেওঁলোকৰ সুখৰ বিষয়ে সুধাটোৱেই প্ৰচলিত ৰীতি৷ প্ৰমাণ আছে যে ই অযথাৰ্থ আৰু সুখতকৈ সন্তুষ্টি জোখাতে সীমাবদ্ধ আছে৷

অধিক উপাৰ্জন কৰোতাজনে অতিশয় ঋণাত্মক আৱেগ লাভ কৰে আৰু দিনটোত বৰকৈ সচকিত হৈ থাকে৷ সুখ আৰু আয়ৰ মাজত সম্পৰ্কটো ইমাণেই ক্ষুদ্ৰ যে সেইটো পৰিসাংখ্যিক ভাৱে গুৰুত্বপূৰ্ণ নহয়৷  কেন্দ্ৰীভূত ভ্ৰমে আংশিক ভাৱে এইটো বৰ্ণনা কৰিব পাৰে যে ধনে আমাক সুখী কৰে৷ প্ৰকৃততে এইটো নহয়৷  বহুতো মানুহে জানে যে অধিক উচ্চ ক্ষমতাৰ কাম মানে অধিক উৎকন্ঠা, আৰু সম্ভৱতঃ বুজে যে তেওঁলোক সুখী নহ’ব, আৰু তথাপিও তেওঁলোকে ধন-টকা-পইচা আৰু উচ্চ ক্ষমতাৰ চাকৰি বিচাৰে৷

মনোবিজ্ঞানীসকলে গৱেষণা কৰি এই সিদ্ধান্তত উপনীত হৈছে যে জীৱন কালৰ যিটো বয়সত মানুহ অধিক বস্তুবাদী হৈ পৰে তেনে বয়সত তেওঁলোক অধিক অসুখী হয়৷

মনোবিজ্ঞানীসকলে প্ৰকাশ কৰা অন্য এক পত্ৰিকাত এই কথা উল্লেখ কৰিছে যে পৌন-পুনিক ভাৱে বিলাসী সামগ্ৰীৰ ভাৱমূৰ্তি প্ৰদৰ্শন কৰি মানুহক নাগৰিকৰ পৰিবৰ্তে উপভোক্তা সজাই আৰু বস্তুবাদৰ সৈতে জড়িত শব্দবোৰৰ(ক্ৰয়, প্ৰতিপত্তি, সম্পত্তি আৰু ব্যয়বহুল আদি) লগত যুক্ত কৰি ভৌতিক উচ্চাকাংক্ষা, উদ্বেগ আৰু হতাশাৰ তৎকালিন কিন্তু ক্ষন্তেকীয়া বৃদ্ধিৰ অভিজ্ঞতা দিয়ে৷ তেওঁলোক অধিক প্ৰতিদ্বন্দী আৰু আত্ম কেন্দ্ৰীক হৈ পৰে৷ তেওঁলোকৰ সামাজিক দায়িত্ববোধ জ্ঞান কমি যায়, সামাজিক কাম-কাজৰ প্ৰতি কমকৈ ঢাল খাব ধৰে৷ গৱেষকসকলে আঙুলিয়াই দিছে যে, বিজ্ঞাপনৰ জৰিয়তে এনে ভাৱধাৰা বাৰে বাৰে বৰ্ষন কৰি থাকিলে, সেই মাধ্যমবোৰৰ দ্বাৰা নেৰানেপেৰাকৈ উপভোক্তা হিচাপে বৰ্ণনা কৰিলে এই ক্ষন্তেকীয়া ফলাফলবোৰে  কম বা বেছি ধাৰাবাহিক ভাৱে আমাক লক্ষ্য কৰি ল’ব৷

অন্য এক গৱেষণাত বস্তুবাদ আৰু নিঃসংগতাৰ মাজত এক দ্বৈত সম্পৰ্ক বিচাৰি পাইছেঃ বস্তুবাদে সামাজিক নিঃসংগতা পৃষ্ঠপোষকতা কৰে; নিঃসংগতাই বস্তুবাদক পোষকতা কৰে৷ যি সকলে আনৰ পৰা বিচ্ছিন্ন হৈ থাকে তেওঁলোকে নিজকে সম্পদ আহৰণত জড়িত কৰি ৰাখে৷ এই জড়িতকৰণে সামাজিক সম্পৰ্ক ছিন্ন কৰে৷ অধিক সম্পদ থাকিলেই সুখ নাহে; ‘আত্ম-মৰ্যদাৰ অনুধাৱনে আত্ম-মৰ্যদা হ্ৰাস কৰে৷
মনোবৈজ্ঞানিক গৱেষণাৰ এক প্ৰভাৱশালী দলে ইংগিত দিয়ে যে বস্তুবাদিতা এক চাৰিত্ৰিক বৈশিষ্ট্য যিয়ে ধনী দুখীয়া উভয়কে পীড়িত কৰিব পাৰে৷ গৱেষকসকলে ইয়াৰ সংজ্ঞা ডাঙি ধৰি কৈছে যে ই এক মূল্যবোধ, যিয়ে সম্পত্তিৰ পূৰ্ব দখল কৰে আৰু ই প্ৰতিফলিত কৰা সামাজিক ভাৱমূৰ্ত্তি সামাজিক ভাৱে ধ্বংসকাৰক আৰু আত্ম বিধ্বংসী৷ যি সকল ইয়াত লেতুহেতু হৈ পৰে, তেওঁলোকৰ মনৰ সুখ আৰু শান্তি ই চুৰমাৰ কৰে৷ ই উদ্বেগ, হতাশা আৰু ভংগ সম্পৰ্কৰ সৈতে জড়িত৷

 দীৰ্ঘ কাল ধৰি বস্তুবাদ আৰু অসুখীয়া ভাৱ বা বিষন্নতাৰ মাজত পাৰস্পৰিক সম্বন্ধ চলি আহিছে৷ কিন্তু বিগত কেইটামান বছৰত কৰা গৱেষণাই হেতুবাদ প্ৰদৰ্শন কৰা দেখা গৈছে৷ উদাহৰণ স্বৰূপে, “The Journal Motivation and Emotion” ত প্ৰকাশিত এলানি অধ্যয়নত দেখুৱাইছে যে যিমানে মানুহ বেছি বস্তুবাদী হৈ গৈ থাকে সিমানে তেওঁলোকৰ মংগল হ্ৰাস প্ৰাপ্ত হয়৷ যিমানে তেওঁলোক কম বস্তুবাদী হয় মংগল বাঢ়ি যায়৷

ধনৰ  বিকল্প  নাইনে?

  প্ৰফেচাৰ বেৰী স্কুৱাৰ্টজে(Professor Barry Schwartz)সুধা প্ৰশ্নটো হ’ল আমাৰ বাবে অৰ্থপূৰ্ণ কাম কৰা বা আমাৰ সামাজিক সম্পৰ্ক উন্নত কৰাৰ দৰে সুখ বৃদ্ধি কৰা বুলি প্ৰমাণিকৃত বস্তুবোৰ বাদ দি মানুহ কিয় ধন টকা-পইচাত কেন্দ্ৰী্ভূত হৈছে৷ স্কুৱাৰ্টজে(Schwartz) দিয়া বেদনাদায়ক উত্তৰটো হ’ল মানুহে কোনো বিকল্প দেখা পোৱা নাই৷ সকলোৱে জানে যে বহুলোকে এই ধনক তিৰস্কাৰ কৰে৷ অন্য ধৰণে ক’বলৈ গ’লে, তাৰ যোগেদি সেইসকলে নিজৰ সহজ-সৰলতা ঘোষণা কৰাহে হয়৷

 বিকল্প থাকিলেও এই বিকল্পবোৰৰ ভূমিকা-আৰ্হি(role-models) নাই৷ ধনৰ পাছত লাগি থাকিব নালাগে বুলি আমাক কোৱা বাৰ্তাবোৰ মাথো শুনিবলৈহে৷ নিশ্চয়, যদিওবা এজনে ধন আহৰণক আৰাধণা কৰিছিল, সেইদৰে তেওঁ জীয়াই থাকিব নালাগে; কিন্তু প্ৰায় প্ৰতিটো বস্তুৱে আমাক তাকে কৰিবলৈ কয়৷ টেলিভিজন, জাননী ফলক, বাতৰি কাকত, অন্য মানুহ, এই সকলোৱে ধন লাভ কৰিবলৈ আমাৰ ওপৰত চিৎকাৰ কৰি আছে৷ এই বাৰ্তাবোৰৰ প্ৰতিক্ৰিয়া হ’ল আমি আমাৰ জীৱনত কেনেদৰে জীয়াই থাকিম সেই বিষয়ে আন কোনো ধাৰণা লাভ কৰিব পাৰো যদিও সেইটো আঁতৰাই দিয়া৷

আন্তৰাষ্ট্ৰীয় সুখ দিৱসৰ চিন্তা

 গত ২০ মাৰ্চ তাৰিখে ৰাষ্ট্ৰ সংঘত আন্তৰাষ্ট্ৰীয় সুখ দিৱস পালন কৰা হয় আৰু সাধাৰণ সচিব বেন কি মুনে(Ban Ki-moon)এটা ভিডিঅ’ উন্মোচন কৰি ৰাইজক হাঁহিত ভাগ ল’বৰ বাবে আৰু তাৰ গানত অংশ গ্ৰহণ কৰিবলৈ কয়৷ সন্ধিক্ষণটি স্মৰণীয় কৰি প্ৰসিদ্ধ গায়কফেৰেল উইলিয়ামচ(Pharrel Williams) য়ে ৰাষ্ট্ৰ সংঘক সম্বোধন কৰি কয় যে “সুখ আপোনাৰ জন্মগত অধিকাৰ(Happiness is your birthright)৷ এই সুখ দিৱসক ‘সংযোগৰ এটা দিন আখ্যা দিয়া হৈছে৷ যিহেতু, বছৰ বছৰ ধৰি চলোৱা গৱেষণাৰ পাছত এটা বস্তু আৱশ্যকীয় বুলি প্ৰমাণিত হৈছে, সেইটো হ’ল অন্য মানুহৰ লগত আমাৰ যোগাযোগৰ গুৰুত্ব৷ কিন্তু আধুনিক সমাজবোৰ এনেদৰে গঢ় লৈছে যে ইয়াৰ বিপৰীতটোহে যেন সত্য৷ আমাক চাৰিও দিশে মানুহে বেৰি আছে, তথাপি আমি অনুভৱ কৰো যে অকৃত্ৰিম ভাৱে প্ৰায় তেওঁলোকৰ কাৰো লগত সংযোগ ৰখা নাই৷ ফলাফলবোৰ বিধ্বংসী৷ সামাজিক বিচ্ছিন্নতা ধূমপানৰ দৰে আগতীয়া মৃত্যুৰ শক্তিশালী কাৰণ হ’ব পাৰে ; আৰু নিঃসংগতাৰ মহামাৰী মেদবহুলতাৰ দৰে দুগুণ মাৰাত্মক৷ যদি আমি অতি কমেও এটা ধনাত্মক সংযোগ স্থাপন কৰো তেন্তে আমি সকলোৱে এদিনৰ ভিতৰতে এইটো সলনি কৰিব পাৰো৷ আন্তৰ্জাতিক সুখ দিৱসত তাকে কৰিবলৈ বিচাৰিছে আৰু পৃথিবীখনক অধিক সুখৰ আৰূ সংযোগৰ স্থান কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰা হৈছে৷

  শেষত খ্ৰীষ্টিয়ান ডি লাৰচনে(Christian D. Larson)  তেওঁৰ প্ৰৱন্ধ “Your Forces and How to Use Them” সুখী বলৈ দিয়া পৰামৰ্শবোৰ উল্লেখ কৰা  যাওকঃ-

  ইমানেই  বলিষ্ঠ হওক যে  মনৰ শান্তি  যাতে একোৱে ভঙ্গ  কৰিব নোৱাৰে৷ আপুনি লগ পোৱা প্ৰত্যেক  ব্যক্তিৰ  সৈতে  স্বাস্থ্য,  সুখ-শান্তি  আৰু  সমৃদ্ধিৰ কথা পাতক৷ আপোনাৰ সকলো  বন্ধুকে  তেওঁলোকৰ  অভ্যন্তৰত  যে  কিবা এটা আছে  তাক  অনুভৱ  কৰিবলৈ  দিয়ক৷ প্ৰত্যেক বস্তুৰে ভাল দিশটোলৈ চকু  দিয়ক  আৰু আপোনাৰ আশাবাদ সত্যত পৰিণত কৰক৷ কেৱল উৎকৃষ্টটো চিন্তা কৰক, কেৱল উৎকৃষ্টটোৰ বাবে কাম কৰক, আৰু কেৱল উৎকৃষ্টটো আশা কৰক৷ নিজৰ ক্ষেত্ৰত  হোৱাৰ দৰে আনৰ কৃতকাৰ্যতাৰ বিষয়তো উদ্বাউল হওক৷ অতীতৰ ভুলবোৰ  পাহৰি  যাওক  আৰু  ভৱিষ্যতৰ  মহান  সাহসীকতাপূৰ্ণ  কামবোৰত জোৰ দিয়ক৷ সকলো  সময়তে প্ৰফুল্ল  চিত্তৰ  চেহেৰা  ধাৰণ  কৰক  আৰু  আপুনি  লগ  পোৱা সকলক  এটি  হাঁহিৰে সম্ভাষণ  জনাওক৷নিজৰউদ্গতিত  ইমানেই সময় দিয়ক  যে  আনক  সমালোচনা  কৰিবলৈ  আপোনাৰ  সময়ে  নাথাকে৷ বিৰক্তিৰ  কাৰণে অতি  বিশাল, খঙৰ কাৰণে অতি  মহৎ, ভয়ৰ  কাৰণে  অতি  বলবান  আৰু  আহুকালৰ  উপস্থিতিৰ  কাৰণে  অতি  সুখী  হওক৷  নিজৰ  হিতৰ  বাবে  চিন্তা  কৰক  আৰু  বিশ্বত  এই  কথা  উচ্চ  স্বৰে  নহয়,  মহান  কাৰ্যৰে  ঘোষণা  কৰক৷ যিমান  দিনলৈ  সঁচাই আপোনাৰ  নিজৰ  ভিতৰত  অতি  ভালটো  আছে   সিমান   দিনলৈ  সমগ্ৰ  বিশ্বই  আপোনাৰ  পক্ষত  থাকিব  বুলি  বিশ্বাসেৰে  আপুনি জীয়াই  থাকক৷
০০০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment