সৰু নগৰখনৰ উপকন্ঠ অঞ্চলৰ ‘মৰমী তিনিআলি’ নামৰ ঠাইখনলৈ প্ৰতিটো সন্ধ্যাই আন্ধাৰৰ পৰিবৰ্তে মায়াবী জোনালীৰ প্ৰাণ ভৰা আকুলতা নমাই আনে। তিনিআলিটোৰ ইফালে সিফালে যেনেয়েই চোৱা যায় তেনিয়েই নানা ৰঙী বিজুলি বাতিৰ আলোক সজ্জাৰ নৃত্যই ইন্দ্ৰপুৰীৰ আভাস দি যায়।নিতৌ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা তিনিআলিটোত দুবছৰ মানৰ পূৰ্বে মাত্ৰ কেইখনমান দোকানহে আছিল।তাৰে একমাত্ৰ গেলামালৰ দোকানখন আছিল জীৱন দত্তৰ। জীৱনে তাৰ গেলামালৰ দোকানখনৰ বিক্ৰী তিনিআলিটোত নতুনকৈ খোলা গেলামালৰ দোকানখনৰ বাবে কমি যোৱা যেন উপলব্ধি কৰিলে। সি দোকান এৰাৰ কথা ভাৱি থাকোতেই সীমান্ত শইকীয়াক লগ পাই গ’ল আৰু সীমান্তই মদৰ দোকান খুলিবলৈ তাৰ দোকান ঘৰটোকে ভাৰাত ল’লে। কৰ্মহীন হৈ পৰা জীৱন কালক্ৰমত সীমান্তৰ বিশ্বস্ত কৰ্মচাৰী হৈ পৰিল।“সীমান্ত ৱাইন শ্বপ” চলাই নিয়াৰ সম্পূৰ্ণ দায়িত্বভাৰ লৈ জীৱনে জীৱনৰ এক ভিন্ন মাদকতা উপলব্ধি কৰিলে।
বিধান সভাৰ নিৰ্বাচনত আশানুৰূপভাৱেই পুনৰ সীমান্তৰ ককায়েক দিগন্ত শইকীয়াই বিপুল ভোটত জয়লাভ কৰি বিধায়ক হ’ল।সেই উপলক্ষেই মৰমী তিনিআলি অঞ্চলৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জনাবলৈ সীমান্তই আজি এক নৈশ ভোজৰ আয়োজন কৰিছিল।মাজনিশা পৰ্যন্ত খোৱা-বোৱা পৰ্ব চলিল।যাৰ যি খাবলৈ মন গ’ল তাকে যোগান ধৰা হ’ল।ভোজন বিলাসীসকলে হেঁপাহ পলুৱাই ভক্ষণ কৰি ঘৰলৈ গ’ল। মদ্যপায়ীসকলৰ একাংশই টলং ভটংকৈ প্ৰস্থান কৰিলে যদিও আন একাংশই অৰ্ধ উলংগ যুৱতীৰ অশ্লীল নৃত্যৰ তালে তালে কথমপি ভৰিৰ থৰ ৰাখি নৃত্য কৰিবলৈ যত্ন কৰিলে।অৱশ্যে এসময়ত সীমান্তৰ এজন বিশ্বস্ত পুলিচ বিষয়া আহি অনুৰোধ কৰাত সীমান্তই উৎসৱমুখৰ পৰিৱেশৰ পৰিসমাপ্তিৰ ঘোষণা কৰি সকলোকে বিদায় দিলে।
ইতিমধ্যে পিচনিশা হৈছিল।সীমান্তই জীৱনক মাত লগাই ঘৰলৈ যাবলৈ ওলাল।তাৰ নতুন ইনোভা কাৰখনৰ চালকৰ আসনত বহি গাড়ী ষ্টাৰ্ট দিলে।গাড়ীখন পিছলৈ নি ঘূৰাব খুজিলে; কিন্তু বেকগিয়েৰ লগাব পৰা নাই। তাকে দেখি জীৱন ‘সীমান্ত ৱাইন শ্বপ’ৰ পৰা ওলাই আহিল।
“সীমান্তদা, অসুবিধা হৈছে যদি দোকান বন্ধ কৰি ময়ে আপোনাক ঘৰত থৈ আহোঁগৈ।”জীৱনে গাড়ীৰ কাষলৈ আহি ক’লে, “নাইট চুপাৰত ঘূৰি আহিম।”
“কোনো দৰকাৰ নাই, এইয়া হৈ গ’ল। তই নিজৰ কামত লাগ।”
পুৱতি নিশাৰ নিৰ্জন পথেদি সীমান্তৰ গাড়ীখন তীব্ৰ গতিত চলিব ধৰিলে। ভোলাগুৰি তিনিআলিৰ কেঁকুৰিটো পাওঁতেই সীসান্তই মাজ ৰাস্তাত কোনোবা এজন মানুহ থিয় দি থকা দেখা পালে।গাড়ীখন ওচৰ চাপি যোৱাৰ লগে লগে সীমান্তই যিহে দেখিলে যে তাৰ নিজৰ চকুহালকো বিশ্বাস কৰিবলৈ টান পালে। যোৱা বছৰ এই ঠাইতে যিটো শিশু তাৰ তীব্ৰবেগী গাড়ীৰ খুন্দাত ৰাস্তাত পৰি গৈছিল আৰু সি তাৰ ওপৰেৰে গাড়ীৰ চকা উঠাই শৰীৰটো মাটিত মিলাই দিছিল সেইটো শিশুৱেই তাৰ গাড়ীখন আগভেটি ধৰিছে। দৃশ্যটো দেখিয়েই সীমান্তৰ শৰীৰৰ সমস্ত ৰক্ত গৈ মূৰত জমা হ’ল।স্বভাৱগত ভাৱেই শিশুটোৰ প্ৰতি দয়াভাৱ জন্মাৰ পৰিবৰ্তে তাৰ খং উঠি গ’ল। তাৰ গাড়ীৰ গতিবেগ স্তব্ধ হোৱাৰ পৰিবৰ্তে বৃদ্ধি পালে। মাজ বাটত ল’ৰাটো ৰৈ থাকিল আৰু সীমান্তৰ গাড়ীখন তীব্ৰবেগে গৈ কেঁকুৰিটোৰ সিপাৰে থকা খাৱৈটোৰ কাষৰ ঔটেঙা গছৰ গুৰিত প্ৰচণ্ড খুন্দা মাৰিলেগৈ।
******
সকলোৱে অধীৰ আগ্ৰহেৰে সীমান্তৰ চেতনা ঘূৰি অহালৈ অপেক্ষা কৰি আছে।নিচেই পুৱাতে সীমান্তৰ গাড়ী দুৰ্ঘটনাৰ খবৰটো পাই বিধায়ক দিগন্ত শইকীয়াৰ কথামতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ দিহা লগাই জীৱন দত্তও হাস্পাটাললৈ আহিল।সি এক অপৰাধীৰ দৰে ভয়-সংকোচ ভাৱেৰে পুলিচ বেষ্টনীৰ মাজত থকা বিধায়ক দিগন্ত শইকীয়াৰ কাষত থিয় দিলেগৈ।
“জীৱন, গাড়ীখন গেৰেজত থৈ আহিলানে?কেনে আছে? ভোলাগুৰি চকীৰ ইন্সাৰ্জ ৰতন কলিতাই লগে লগে ফোন কৰি জনাই দিয়া বাবেহে এম্বুলেন্স এখনেৰে হাস্পাটাললৈ আনি সীমান্তৰ প্ৰাণ ৰক্ষা কৰিলোঁ।”
দিগন্তৰ শান্ত মূৰ্তি প্ৰত্যক্ষ কৰি জীৱনে স্বস্তিৰ নিশ্বাস পেলাই দিগন্তৰ প্ৰশ্নৰ উত্তৰ দিলে।
“সিমানতেই যে ৰক্ষা পৰিছে।গছৰ গুৰিত খুন্দা মাৰি গাড়ীৰ ইঞ্জিন সম্পূৰ্ণ গুড়া হৈ গৈছে দাদা। ক্ৰেনত উঠাই আনি গেৰেজত পেলাই থৈ আহিছোঁ।”
“হ’ব বাৰু, তুমি অলপ এইফালে আহাচোন।” জীৱনক বিধায়ক দিগন্ত শইকীয়াই একাষৰীয়াকৈ নি ক’লে,“বুইছা জীৱন, সীমান্তৰ দুৰ্ঘটনাটো স্বাভাৱিক দুৰ্ঘটনা নহয়, সি কূটাঘাতৰ বলি হৈছে।কাৰণ, এইবাৰ দুৰ্ঘটনা ঘটা ভোলাগুৰিৰ সন্তপুৰ নামৰ গাঁওখনতেই যোৱা বছৰ ঘটা দুৰ্ঘটনাটোত সৰু ল’ৰা এটা মৰা নাছিল জানো? গতিকে গাঁৱৰ মানুহবোৰে তাৰে পোটক তুলিবলৈ এই কাণ্ড কৰিলে।সেয়ে ভোলাগুৰি পুলিচ চকীৰ ইন্সাৰ্জ ৰতন কলিতা আৰু তেওঁৰ পুলিচ ফৰ্চ লগত লৈ আজি নিশাৰ ভাগত সেই গাঁওখনত এক গোপন অভিযান চলাম।মই সিহঁতক শান্তিৰে থাকিব নিদিওঁ। অপাৰেচনত তুমিও লগত থাকিবা।”
“হ’ব দাদা”
দিগন্তৰ কথাত সন্মতি জনালে যদিও ঘটনা-দুৰ্ঘটনাবোৰৰ আঁত ধৰিব নোৱাৰি জীৱন ভাবুক হৈ পৰিল।যোৱা বছৰ সীমান্তৰ গাড়ীয়ে সৰু ল’ৰাটোক মহটিয়াই নিওঁতে সীমান্তৰ লগত জীৱনৰ বাদে আন কোনোৱেই নাছিল।সমস্ত ঘটনাৰ সিয়েই একমাত্ৰ সাক্ষী।সেইদিনা সীমান্তই মৰমী তিনিআলিৰ তাৰ মদৰ দোকানত ওৰে দিনটো মদ্যপান কৰি জীৱনৰ ঘোৰ আপত্তি সত্বেও ঘৰলৈ যাবলৈ মনস্থ কৰি গাড়ীৰ দ্ৰাইভিং চিটত বহি লৈ গাড়ীখন ষ্টাৰ্ট দিছিল।উপায়ন্তৰ হৈ জীৱনেও সহযাত্ৰী হৈ গাড়ীত বহি পৰিছিল।প্ৰথমে ন-শিকাৰুৰ দৰে যেনেতেনে কৰি গাড়ীখন চলাইছিল যদিও সীমান্তই লাহে লাহে গাড়ীৰ গতিবেগ বঢ়াই যাব ধৰিলে।জকাইবিলৰ ওচৰেদি গাডীখন পাৰ হৈ যাঁওতে সীমান্তৰ মুখত অঞ্চলটোৰ যুৱক-যুৱতীসঁতক উদ্দেশ্যি অশ্লীল গালি-গালাজৰ আখৈ ফুটিব ধৰিলে আৰু লগে লগে গাড়ীৰ গতিবেগো অধিক বৃদ্ধি পালে।
“চাল্লা কুকুৰৰ পুতেকহঁত, মই কোন তহঁতে চিনি নাপালি?জকাইবিলৰ বনৰীয়া চৰাইবোৰৰ মালিক তহঁত?মোক তহঁতে চৰাই চিকাৰ কৰিব নিদি কি ভুল কৰিলি দুই এদিনতে বুজিবি ৰ।” সীমান্তই বলকি যাব ধৰিলে।
সীমান্তৰ খং উঠাৰ কাৰণ কি এই বিষয়ে জীৱন সম্পূৰ্ণ জ্ঞাত।জকাইবিলত চৰাই চিকাৰ কৰিবলৈ জীৱনো সীমান্তৰ লগত গৈছিল।তাৰে প্ৰতিবাদ কৰি অঞ্চলটোৰ য়ুৱক-যুৱতীসকলৰ লগতে ৰাইজে চিঞৰ-বাখৰ লগোৱাত সিহঁতে তাৰ পৰা পলাব লগীয়া হ’ল।গতিকে জীৱনৰ মনলৈ ভাৱ আহিছে যে কূটাঘাতৰ বাবে চৰাই মাৰিব নিদিয়া গাঁৱৰ যুৱকসকলেই জগৰীয়া।কাৰণ,খঙৰ ভমকত গাড়ীৰ গতিবেগ তীব্ৰতৰ হোৱাৰ মূহুৰ্ততে সৰু ল’ৰাটো সমুখত দূৰণীতে দেখা পায়ো সীমান্তই গতি বেগ ৰোধ কৰাৰ কোনো চেষ্টা নকৰি তাৰ শৰীৰৰ ওপৰেদি গাড়ীখন সমান বেগেৰেই চলাই নিছিল।গাড়ীৰ অস্বাভাৱিক গতিবেগ দেখি ভোলাগুৰি তিনিআলিত কৰ্তব্যৰত আৰক্ষীৰ লোকে হুইচেল বজাই গাড়ী ৰখাবলৈ ইংগিত দি বিফল হৈ গাড়ীখনৰ নম্বৰটো টুকি ৰাখিলে। পিচত অনলাইনত পৰীক্ষা কৰি গাড়ীখন বিধায়ক দিগন্ত শইকীয়াৰ বুলি জানিব পাৰি তেওঁলৈ ফোন কৰি সবিশেষ জনালে।ভাতৃ সীমান্তক নিষ্কন্টক কৰিবলৈ বিধায়ক দিগন্ত শইকীয়াই ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰ সৈতে মোটা অংকৰ ধনৰ টোপোলা আৰু প্ৰমোচনৰ টোপ দি আপোচ-মীমাংসা কৰি পেলালে।আজি এটা বছৰ পাৰ হ’ল কোনো পক্ষৰ পৰা সৰু ল’ৰাটোৰ মৃত্যুৰ সন্দৰ্ভত ওজৰ আপত্তি অহা নাই।
“কি চিন্তা কৰিছা জীৱন? তোমাৰ কিবা অসুবিধা হ’ব নেকি?”
“নাই নাই দাদা, মোৰ কোনো অসুবিধা নহয়।অন্য এটা কথাহে মই চিন্তা কৰি আছিলোঁ।”
“খুলি কোৱাচোন মোক।”
জীৱনে জকাইবিলৰ ঘটনাটো বিৱৰি ক’লে।
“তেনেহলে আজি মাজ নিশা গাঁৱৰ মুখীয়াল ল’ৰা এমখাক পুলিচ লগাই উঠাব লাগিব।তাৰ আগে আগে সীমান্তৰ চেতনা ঘূৰি আহিলে নিশ্চয় বহু কথা পোহৰলৈ আহিব।”
*******
চাওঁতে চাওঁতে ৰাতি বাৰ বাজি গ’ল।দিগন্তহঁতে আশা কৰা ধৰণে সীমান্তৰ সংজ্ঞা ঘূৰি নাহিল। নৈশ অভিযানৰ বাবে সাজো হৈ ভোলাগুৰি আৰক্ষী চকীৰ দল আহি দিগন্তহঁতলৈ অপেক্ষা কৰি আছেহি।উপায়ন্তৰ হৈ বিধায়ক দিগন্ত শইকীয়াই জীৱনক লগত লৈ নৈশ অভিযানলৈ আৰক্ষীৰ সৈতে যাবলৈ ওলাল।
একেবাৰে আগত গতি কৰা গাড়ীখন আছিল ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতা আৰু তেওঁৰ সহচৰ সকলৰ।তাৰ পিছে পিছে দিগন্ত আৰু জীৱন উঠি যোৱা মাৰ্চিডিচ কাৰখন।তাৰ পিচত গৈছিল বিধায়ক দিগন্ত শইকীয়াৰ চিকিউৰিটি ফৰ্চৰ গাড়ী।দিগন্তই ডাক্টৰলৈ ফোন কৰি অভাৱনীয় বাৰ্তাটো পাই সম্বিত হেৰাই যোৱাৰ উপক্ৰম হৈছিল।সীমান্তৰ মৃত্যুৰ সংবাদটো জীৱনক দি দিগন্তই হুকহুকাই কান্দি দিলে। কান্দিলে জীৱনেও।
সন্তপুৰ গাঁৱৰ কেঁকুৰিটো পাওঁতেই সম্পূৰ্ণ পথটোৱেই গছ-গছনিৰে ভৰা দেখি পুলিচৰ গাড়ীৰ চালকজন আচৰিত হৈ অ’চি ৰতন কলিতাৰ মুখলৈ ভয়াৰ্ত দৃষ্টি নিক্ষেপ কৰিলে।
“বাওঁহাতে টাৰ্ন লোৱা। সেয়া দেখা নাই জানো ৰাস্তাত সৰু ল’ৰা এটা ৰৈ আছে।”
“ছাৰ, এই মাজ নিশা ৰাস্তাৰ মাজত ক’ৰ পৰা ল’ৰাটো ওলালহি?”
“সেইবোৰ চিন্তা বাদ দিয়াহে। হৰ্ণ বজোৱা আৰু গাড়ী আগুৱাই নিয়া।অ’চি ৰতন কলিতাই চালকজনক আদেশৰ সুৰত ক’লে।”
যথেষ্ট বিবুদ্ধিত পৰি চালকজনে কিছু দ্ৰূত গতিত গাড়ীখন চলাই দিলে।ঠিক পিচে পিচে গৈ থকা দিগন্তহঁতৰ গাড়ীখনেও একে গতিতেই আগ বাঢ়ি সমুখৰ গাড়ীখনক অনুসৰণ কৰিলে।।প্ৰথমখন গাড়ী বানপানীত সৃষ্ট আমগুৰি ডুবিত বাগৰি পৰাৰ ক্ষন্তেক পিচতে দিগন্তহঁতৰ গাড়ীখনো বিকট শব্দ কৰি আমগুৰি ডুবিত পৰি গ’ল।তাৰ পিচত গৈ থকা গাড়ী দুখনে প্ৰচণ্ড ব্ৰেক মাৰি ডুবিটোত নপৰাকৈ কথমপি নিজক ৰক্ষা কৰিলে।
******
নিচেই পুৱাতে সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিৰ পাৰত লোকে লোকাৰণ্য হৈ পৰিল।পানীত নামি উদ্ধাৰ অভিযানত লিপ্তসকলে একান্তভাৱে নিজৰ কৰ্তব্য কৰি গৈছে।পাৰত বাতৰি কাকত আৰু টিভি চেনেলৰ সাংবাদিকসকলে বাতৰি সংগ্ৰহৰ বাবে ভিৰ কৰিছে।আৰক্ষীৰ লোকসকলে জনতাৰ ভিৰ কমাবলৈ ছেগা- চোৰোকাকৈ লাঠী চালনাও কৰিব লগা হৈছে।অৱশ্যে দুই এক টিভি চেনেলৰ টিমক সংবাদদাতাই এক্সক্লচিভ বাতৰি পৰিবেষণ কৰি ইতিমধ্যে ৰাইজক জনাইছে যে যোৱা নিশা ভোলাগুৰি আৰক্ষী চকীৰ অধীনৰ সন্তপুৰ গাঁৱৰ আমগুৰি ডুবিত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি বিধায়ক দিগন্ত শইকীয়াৰ মৃত্যু ঘটে। তেওঁৰ লগত যোৱা জীৱন দত্ত নামৰ যুৱকজনৰো মৃত্যু ঘটিছে।শোকাবহ দুৰ্ঘটনাটোত বিধায়ক গৰাকীক পহৰা দি আগে আগে যোৱা ভোলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন কলিতাৰো মৃত্যু ঘটিছে। কিন্তু দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখনৰ চালক দুজনে গাড়ীৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।অন্যহাতে বিধায়কজনৰ কনভয়ৰ অন্য দুখন গাডীও দুৰ্ঘটনাত পতিত নোহোৱাকৈ ৰক্ষা পৰে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আগ নিশা একেখন গাঁৱতে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে জখম হৈ চিকিৎসাধীন হৈ থকা বিধায়ক দিগন্ত শইকীয়াৰ ভাতৃ সীমান্ত শইকীয়াৰো ইতিমধ্যে মৃত্যু ঘটিছে।
******
ভোলাগুৰি সন্তপুৰ গাঁও।
বৰলুইতৰ বানে বিধ্বস্ত কৰা তেনেই সহজ সৰল দৰিদ্ৰ কৃষকৰ এক ক্ষুদ্ৰ গাঁও।গাঁওখনৰ কেইটামান মাথো চুবুৰিক দুফাল কৰি মাজেদি পাৰ হৈ গৈছে গড়কাপ্তানী পথটো।গাঁওখনৰ ওপৰত চৰকাৰী পক্ষৰ কৃপাদৃষ্টি পৰা নাই।চুবুৰিৰ বাট পথবোৰ গোবাট হৈয়ে আছে।গঞাসকলৰ ঘৰবোৰৰ সৰহভাগ বিৰিণাৰ পাতেৰে চাওনি কৰা।ক’ৰবাত ক’ৰবাত দুই এঘৰে দুই এখন টিনপাত লগাই বাঁহৰ কামিৰে বান্ধি ৰাখিছে।নতুন ঠাইখনত গঞাসকলে জীৱিকাৰ সন্ধানত কঠোৰ সংগ্ৰাম কৰিব লগীয়া হৈছে।সেয়ে নিজৰ ঘৰখন আৰু গাঁওখন ঠিকঠাক লগাই ল’ব পৰা নাই।পাৰিলেহেঁতেন, যদিহে গাঁৱৰ নাতিদূৰত থকা জকাইবিলত মাছ মাৰি বজাৰত বিক্ৰী কৰিলেহেঁতেন।কিন্তু সেইকাম তেঁওলোকে কৰা নাই আৰু নকৰে, যিদৰে বিলৰ কাষৰীয়া অন্য গাঁৱৰ লোকসকলেও কৰা নাই।গঞা যুৱক যুৱতীসকলৰ উদ্যোগত আজি বহু বছৰ ধৰি পক্ষী উদ্যানৰ মান্যতা লাভ কৰি জকাইবিলে অঞ্চলটো পক্ষীৰ কাকলিত মুখৰিত কৰি ৰাখিছে।অঞ্চলটোৰ গঞাসকলৰ বহল মনৰ উমান পায়ে যেন প্ৰতি বছৰে পৰিভ্ৰমী পক্ষীৰ আগমণৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।
সন্তপুৰ গাঁৱৰ বাসিন্দা মহেন্দ্ৰ দাস অতি নিৰ্জু স্বভাৱৰ অতিশয় দৰিদ্ৰ লোক।বাৰ মাহত তেৰটা বেমাৰে ঘেৰি ধৰি মহেন্দ্ৰ দাসৰ দেহটোক আক্ৰমণ কৰি থাকে বাবে মাহটোত দুই এদিনহে সুস্থ থাকিলে হাজিৰা কাম কৰিবলৈ ভোলাগুৰি তিনিআলিলৈ ওলাই যায়।ঘৈণীয়েক পদুমীয়ে কিন্তু নিতৌ গাঁওখনৰ ইঘৰ সিঘৰত ঘৰুৱা কামবনত সহায় কৰি দি কিছু উপাৰ্জন কৰে।আনৰ ঘৰত হ’লেও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ পাওক আৰু অ আ ক খ কেইটাকে শিকে যদি শিকক বুলি চিন্তা কৰিয়েই আঠ বছৰীয়া জীয়েক পুতলীক দূৰসম্পৰ্কীয় নগৰৰ শিক্ষক চক্ৰধৰ দাসৰ ঘৰত বনকৰা ছোৱালী হিচাপে থাকিবলৈ দিছে।বহুদিননৰ মূৰত পুতলীক দাসে মটৰ চাইকেলত উঠাই আনি এৰাতিৰ বাবে ঘৰত থৈ গ’ল।প্ৰতি মাহৰ দৰমহাৰ টকা মাষ্টৰে মাক-দেউতাকৰ হাতত দি যাইহি যদিও এইমাহৰ দৰমহাৰ টকা কেইটা পুতলীৰ হাততে দিলে।তাই ভায়েক পিন্টুলৈ অলপ মিঠাই, এটা পেঁপা আৰু দুই এপদ কাপোৰ কিনি আনিলে।সেইবোৰ দিয়াত ছয়বছৰীয়া পিন্টুৰ আনন্দত হিয়া উঠলি উঠিল।তাতে আকৌ আবেলি মাটিৰ বাচন-বৰ্তন বেপাৰীৰ পৰা বায়েক পুতলীয়ে প্ৰকাণ্ড প্ৰকাণ্ড মাটি কলহ চাৰিটা কিনাত ঘৰখন সম্পত্তিৰে উপচি পৰা যেন লাগি পিন্টোৱে গাঁৱৰ পশ্চিম দিশত থকা বুঢ়ী মাকক(মাকৰ মাক)খবৰটো জনাবলৈ ঢাপলি মেলিলে।সি গড়কাপ্তানী পথটো পাৰ হ’ব খোজোঁতেই সেই পথেৰে তীব্ৰ বেগেৰে ভোলাগুৰি দিশে আহি থকা কাৰ এখনে তাক..........।
ক’ৰ গাড়ী বা কাৰ গাড়ীয়ে ঘটনাটো ঘটালে তাৰ কোনো ওৱাদিহ নোলাল।কাঁহ পৰি জিন যোৱাৰ দৰে এক অদ্ভুত শব্দই যেন শন্তপুৰ গাঁৱক অনন্ত কাললৈ ছানি ধৰিলে।গাঁওখনত এই পৰ্যন্ত বহুকেইজন লোকৰ মৃত্যু ঘটিছে।মিথ্যাচাৰী চৰকাৰবোৰক ভেঙুচালি কৰি কোনোবাজন যদি মৰিছে খাদ্য খাবলৈ নাপাই তেনেহ’লে আন কোনোবাজন মৰিছে বেমাৰত দৰব খাবলৈ নাপাই।দিনবোৰ বাগৰি যোৱাৰ লগে লগে গঞাসকলে সেই মৃতসকলক পাহৰি যাব পাৰিছে।কিন্তু পাহৰি যাব পৰা নাই পিন্টুক।দুপৰ নিশা পিন্টুৰ মাক দেউতাকে তাৰ কান্দোন শুনি আত্মবিভোল হৈ প্ৰায়ে গড়কাপ্তানী পথৰ দিশে দৌৰি যায়।সম্বিত ঘূৰাই পালে ঘৰলৈ ঘূৰি আহে।বায়েক পুতলীকো হেনো কিবা-কুবি খুজি পিন্টুৱে সপোনে দিঠকে আমনি কৰি থাকে।গাঁৱৰ প্ৰতিজন লোককে পিন্টুৱে নিৰ্জন স্থানত অ্ৱচেতন মন এটা লৈ থকাৰ সুযোগ পালেই হঠাতে মৰম লগাকৈ মাত এষাৰ দি শূণ্যত বিলিন হৈ দিয়ে।কোনোৱে আক পিন্টুৰ পেঁপাৰ মাত শুনি উচপ খাই উঠে।গভীৰ নিশা পিন্টুৰ বিননি শুনাসকলে পিছ নিশা টোপনি যাব নোৱাৰে আৰু নীৰৱে চকোলো টোকি সময় পাৰ কৰে।
পিছে এইকেইদিন সংঘটিত হোৱা মটৰ দুৰ্ঘটনাৰ পিচত গাঁৱৰ সকলোকে আচৰিত কৰি পিন্টুৱে দুপৰ নিশা ইনাইবিনাই কন্দাৰ পৰিবৰ্তে খিটখিটাই হঁহাহে আটায়ে শুনিবলৈ পাইছে।কথাটো গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে।গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি চন্দ্ৰকান্ত মেধিযে গাঁৱৰে গণ্যমান্য ব্যক্তি পূণ্যেশ্বৰ বৰাক সুধিলে, “মহেন্দ্ৰ দাসৰ ল’ৰা পিন্টুৱে যে কান্দিবলৈ এৰিলে খবৰটো পাইছানে পুণ্যেশ্বৰ।”
“পাইছো পাইছো, ককাইদেউ।মাকে মোক কৈছে নহয়, পিন্টুৱে হেনো কৈছে বোলে সি সিহঁত মখাক এহেকা দিলে আৰু এতিয়া ইয়াত তাৰ কাম নাই।সঁচাই ককাইদেউ, ময়ো প্ৰায়ে পুৱতি নিশা ৰাস্তাৰ ফালে কাণ উনালে পিন্টুৰ কান্দোন শুনো।এই কেইদিন কিন্তু শুনা নাই।”
“দেখিলা পুণ্যেশ্বৰ, অপৰাধী কেনেকৈ ধৰা পৰি গৈছে।আমাৰ দৰে দুখীয়া দৰিদ্ৰৰ বাবে দেশৰ আইন আদালতে ন্যায় নিদিলেও ভগৱানে যিকোনো প্ৰকাৰে হ’লেও ন্যায় দিয়ে।গধূলি নামঘৰত বন্তি এগছি জ্বলাই ঘোষা এফাঁকি জুৰিম, আহিবা আৰু গাঁৱৰ সকলোকে খবৰটো দিবা দেই।”
--------------সমাপ্ত------
No comments:
Post a Comment