Monday 3 September 2018

এজন ৰহস্যময় প্ৰহৰী

আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰৰ আগৰ কথা৷ চাকৰিসূত্ৰে ধেমাজি জিলাৰ জুনাই মহকূমাৰ তেলামত বসবাস কৰিছিলোঁ৷ প্ৰথম ছমাহমান তাৰে স্থানীয় গুৰুং উপাধিৰ লোক এজনৰ বাসগৃহৰ লগতে সংযুক্ত এটি কোঠাত ভাৰাতীয়া স্বৰূপে কটাইছিলো৷ নানা ধৰণৰ সমস্যাবোৰ দেখি, দুই- তিনি বছৰীয়া দুই কণ্যা সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু পিতৃ মাতৃৰ সেৱা কৰাত সুবিধা হ'ব বুলি ভাৱি নিজা জন্মভূমি ঢকুৱাখনাত পৰিয়ালটো ৰখাৰ সিদ্ধান্ত ল'লো৷ পিছে থাকিব ক'ত? তিনিআলি চুকৰ একঠা মাটিৰ ঘৰখনৰ লগতে সৰু ভাতৃয়ে দোকান খুলি ব্যৱসায় বানিজ্য কৰিবলৈ ধৰাত আমাৰ সদস্য সেই ঘৰখনত থকাৰ পৰিৱেশ নোহোৱা হ'ল৷ গতিকে দেউতাৰ অনুমতি সাপেক্ষে পথাৰত থকা নিজা বহল আহল ভূমিত গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰি সকলো যোগাৰ কৰিব ধৰিলো৷ কিন্তু মানুহে কয় নহয়, বোলে ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ বিধি পথালি দিলে সৰু ভাতৃয়ে৷ তাক ঘৰ বনাবলৈ নিদি মোক কিয় দেউতাই ঘৰ সাজিবলৈ মাটি দিব? দেউতাই বলিষ্ঠ সিদ্ধান্ত নলৈ মোক নিৰুৎসাহিত কৰিলে৷ মই চকুৰে অন্ধকাৰ দেখিলো৷ শোকত বিহ্বল হৈ পৰিলো৷  বৈ যোৱা নৈ এখন  যেন স্তব্ধ হৈ পৰিল৷ পৰিয়ালটো ভাৰাঘৰৰ এশ এবুৰি সমস্যাৰ মাজৰ পৰা বাহিৰ কৰি অনাৰ এক বিকল্প পথ লৈ পেলালো৷ পটে নদীৰ পাৰৰ তেলাম গামচুক  গাৱঁত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ছহেজাৰ টকাত এবিঘা মাটি কিনি ল'লো৷ তাতে এটা জুপুৰি ঘৰ আছিল৷ ভাৰাঘৰ এৰি তাতে থাকি এটা আসাম আৰ্হিৰ তেনেই সৰু ঘৰ সাজিলো৷ লগে লগে তেলাম গামচুক গাৱঁৰ ৰাইজে মোক গাওঁখনৰ এজন হিচাপে ধৰি আমাৰ পৰিয়ালটোক মৰম স্নেহৰ বান্ধোনেৰে বান্ধি পেলালে৷ গাৱঁৰ বিহু, বিবাহ, দহা, আলি আয়ে লিগাংৰ পৰা ধৰাি মাছমৰা পৰ্বলৈকে সকলোতে ভাগ লৈ দিন অতিবাহিত কৰি পুৰণিঘৰৰ স্মৃতি বিস্মৃতিৰ গহ্বৰলৈ  ঠেলি পঠিয়ালো৷


এবিঘা মাটিৰ চৌহদটো বাঁহৰ বেৰা দি লৈ কল, তামোল,  অমিতা আদি নানা ধৰণৰ ফলমূল আৰু শাকপাচলিৰে উপচাই দিলো৷   এই দৰে স্বাভাৱিক ভাৱে দিনবোৰ পাৰ হৈ যাওঁতে হঠাৎ অফিচৰ পকা মোক এমাহৰ বাবে কলিকতাত প্ৰশিক্ষণ এটা ল'বলৈ নিৰ্দেশ দিলে৷ শ্ৰীমতীয়ে এই চেগতে ডিব্ৰুগড়ৰ মাতৃগৃহত এমাহ কটাই অহাৰ পাং পতিলে৷ ঘৰত তলা লগাই মই গ'লো কলিকতালৈ আৰু বাকীসকল গ'ল ডিব্ৰুগড়লৈ৷


এটা মাহ পাৰ হ'ল৷ তেলামৰ ঘৰ বাৰী কেনে আছে তাৰ খবৰ খাতি নাই৷ সেই দিনবোৰত আজিৰ দৰে টেলিফোন,  মবাইল ফোন আদিৰ ব্যৱস্থা হোৱাই নাছিল৷ বহুতো কথা ভগৱানৰ ওপকত নিৰ্ভৰ কৰিছিল৷ মুঠতে বিশ্বাস মাথো এটাই - ৰাখে হৰি মাৰে কোন ?  এৰা, আমাৰ ঘৰখনৰ ক্ষেত্ৰতো তেনেকুৱাই এক ঘটনা ঘটিল৷ আমি ঘূৰি আহি দেখোঁ যে দুৱাত লগোৱা তলাটো একেদৰেই লাগি আছে ৷ ঘৰৰ সকলো সম্পদ এৰি যোৱা দৰে যথতাস্থানত পৰি আছে৷ নাই কোনো  হীনদেৰি৷  বাৰীখন দেখি আচৰিত নহৈ  নোৱাৰিলো৷ কাৰণ, অমিতা গছবোৰত লোমালোমে অমিতা পকি আছে৷  ৷ মধুৰীগছত ডালভৰি পকা মধুৰী৷ চৰাইয়ে যিমান পাৰে  খাইছে৷    বাৰীৰ শাক পাচলি উভৈনদী হৈ আছে৷ আমাৰ  আাৰে  মনবোৰ  উলাহত নাচি উঠিছিল৷ ভগগাৱানক অশেষ ধন্যবাদ জনালোঁ৷


গা- মন জুৰাই যোৱা দিনবোৰ ৰাতিিৰ পিঠিত বগাই পাৰ হ'ব ধৰিলে৷ এদিন  হঠাৎ   আমাৰ পদূলি মূৰৰ ৰাস্তাত ভগীৰথেলগ পাই মাত লগালে, " দাদা, আপোনালোকৰ ঘৰ বাৰী সকলো ঠিকে   আছেেনে বাৰু?"

" সকলো ঠিকেই আছে৷ পিচে থে, কিয় বা সুধিলা?  " মই ক'লো৷

"দাদা, আপোনালোকে  যোৱাৰ   পিচত মই সদায় পহৰা দি আছিল৷"


গাৱঁৰ মানুহে পগলা বুলি কোৱা ভগীৰথ নামৰ যুৱকজনৰ কথা শুনি মোৰ মুখৰ মাত হেৰাল৷ কি কৈ তেওঁক ধন্যবাদ জনাম ভাবি নোপোৱা হৈ পৰি তেৱঁৰ মুখলৈ অবাক হৈ চাই ৰ'লো৷

আচৰিত  কথা কি জানেনে?  সেই দিনাৰ পৰা আজিলৈকে মই ভগীৰথক কাহানিও ক'তো লগ পোৱা নাই৷ ক'ত হেৰাই গ'ল ভগীৰথ? সি নিজে কৈ ফুৰাৰ দৰে বাৰু সি সঁচাকৈয়ে চি আই ডি ৰ সদস্য  স্স  আছিল নেকি?  নে সেইবোৰ তাৰ প্ৰলাপ আছিল৷ সেয়া যিয়ে নহওক লাগে,  ভগীৰথ  হেৰাই গ'ল ক'ত?
-----------সমাপ্ত---------

1 comment: