Tuesday 25 September 2018

বনৰীয়া কুকুৰাবোৰ কেতিয়া কেনেকৈ অদৃশ্য হ'ল?

1962 চনত বৰ বানপানীয়ে সমগ্ৰ ঢকুৱাখনা বুৰাই পেলাইছিল৷ বান বিভিষিকাৰ দৃশ্যবোৰ এতিয়াও যেন চকুৰ সমুখত ভাঁহি উঠে৷ তেতিয়া মোৰ বয়স সাত বছৰ হৈ গৈছে৷ বানপানীৰ পিছত চাৰিকড়িয়া নদীৰ দক্ষিণ পাৰৰ শিমলুগুৰি চাপৰিলৈ লগ সমনীয়াা অথবা বয়োজ্যেষ্ঠসকলৰ সৈতে যাওঁতে কাঠনিৰ দাঁতিৰ মুকলি ঠাইত জাকপাতি চৰি থকা বনৰীয়া কুকুৰাবোৰ দেখি আমাৰ নয়ন জুৰাই যায়৷ কুকুৰাৰ মাংস খোৱাতো সামাজিক ভাৱে নিষেধ আছিল কণি খোৱাত বাধা নাই বাবে হাবি বননি তহিলং কৰি কুকুৰাৰ বাহ বিচাৰি কণি সংগ্ৰহ কৰি আনিছিলো৷  ঘৰৰ ৰান্ধনী গৰাকীৰ হাতত সেই কণি তুলি দি নিজে গৌৰৱ অনুভৱ কৰিছিলোঁ৷
কেইটামান বছৰৰ ভিতৰতে আমাৰ গাৱঁৰ দক্ষিণ মূৰত এখন সাপ্তাহিক বজাৰ বহিব ধৰিলে৷ চাৰিআলিটোৰ উপাৰে সিপাৰে দুই এখন দোকান পাতিলে৷ ওচৰ পাজৰৰ ৰাজ্যবোৰৰ পৰা নানা ধৰণৰ মানুহে আমাৰ গাৱঁৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চহৰ খনত অলক্ষ্যিতে প্ৰৱেশ কৰি নিগাজীকৈ থাকিব ধৰিলে৷ ইয়াৰ উপৰিও মাজে সময়ে কিছুমান অঘৰী মানুহ আহি সাপ্তহিক বজাৰৰ জুপুৰি ঘৰত নৈশ যাপন কৰি নানা ধৰণৰ বেহা বেপাৰত লিপ্ত হয়৷ সেই মানুহবোৰে ঘোঁৰাৰ নেজৰ দীঘল নোম কাটি চৰাই ধৰা ফান্দ তৈয়াৰ কৰি সেইবোৰ চাপৰিৰ বনৰীয়া কুকুৰা চৰি ফুৰা ঠাইত পাতি কুকুৰাবোৰ ধৰা দেখি আমি তবধ মানিছিলোঁ৷ বয়োজ্যেষ্ঠসকলৰ মনোভাৱ কি আছিল আমি নাজানো৷ সেই অঘৰীসকলে বনৰীয়া কুকুৰাবোৰ কৌশল প্ৰয়োগ কৰি অনায়াসে ধৰি নিজে ভক্ষণ কৰাৰ উপৰিও বিক্ৰী কৰি যাব ধৰিলে৷

আমি মহাবিদ্যালয়ত পঢ়িবলৈ নগৰলৈ গ'লো৷ দুবছৰমানৰ পিচত ঘৰলৈ গৈ কুকুৰবোৰ চোৱাৰ হেঁপাহত শিমলুগুৰি চাপৰি পালোগৈ ; কিন্তু চকুহাল বিষাই গ'ল আৰু মনটো হতাশ হ'ল-- ক'তো কেনিও এটাও বনৰীয়া কুুুকুৰা নেদেখি৷
------------)(--------

No comments:

Post a Comment