গাওঁখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি ঘৰেঘৰ্ে সোমাই শাক পাচলিকে ধৰি যাৰ ঘৰত যি দেখে তাকে খুজি নিয়া ৰঙিলী বাইক দেখিলে আজিকালি মানুহবোৰ পলাই কেনিবা লুকায়৷
পদূলিমুখতে নকৈ লগা মিঠা আমজোপা দেখি মানিকক ৰঙিলী বায়ে আম খুজিব বুলি সি অনুমান কৰিছিলেই৷ ভৱাৰ দৰেই হ'ল৷
ৰঙিলী পেহী-- "হেৰৌ মানিক, আম জোপা টেঙানে মিঠা?"
মানিক-- "টেঙা আম পেহী৷ মুখতে দিব নোৱাৰি৷"
পেহীয়ে টেঙা বুলি ক'লে নোখুজিব বুলি ভাৱি মানিকে ক'লে৷
ৰঙিলী পেহী---- " অ' হয় নেকি? তেনেহলে বৰ ভাল কথা৷ আমাৰ বোৱাৰীয়ে আক' টেঙা আম বৰ ভাল পায়৷ কেইটামান পাৰি দেচোন মানিক৷ লৈ যাওঁ৷
মানিকৰ মুখৰ মাত সৰিল৷

No comments:
Post a Comment