Wednesday 12 September 2018

তেৰাৰ হে লীলা, নাহাঁহিব দেই

সময় তেতিয়া শুক্লা চতুৰ্দশীৰ দুপৰ নি‌শা৷ নিৰ্জন লুংলুঙীয়া পথটোৰে হাতত বৰতালযোৰ লৈ বায়ন দাইটি অকলশৰে কলীয়া পিয়নৰ ঘৰৰ নাম প্ৰসংগত ভাগ লৈ সকাম ভগাৰ পিচত ঘৰলৈ ঘূৰিছিল৷

বাটৰ কাষতে থকা ধৰনী বৰুৱাৰ ঘৰৰ  বাৰীৰ চাপৰতে লাগি থকা ভৰোন তামোল থোক চকুত পৰাত হাতলৰ স্বভাৱৰ বায়ন দাইটিয়ে  নিজকে বুজাব নোৱাৰা হৈ বৰতালযোৰ তামোল গছৰ তলতে থৈ গছত লফিয়াই তামোলৰ থোকত হাত দিলেগৈ৷ পকা তামোলবোৰ থলথলকৈ সৰি তলত থকা বৰতালযোৰত পৰি ঠং ঠং শব্দ কৰিব ধৰিলে৷

ক'ত কি ঘটিছে উৱাদিহ বিচাৰি গৃহস্থ দৌৰি ওলাই আহি দেখে -তামোল গছত বায়ন দাইটি৷

আৰু ,আৰু তেওঁলোকে শুনে, " হে প্ৰভু , তোমাৰ কিনো লীলা৷ সৰগলৈ নিওঁ বুলি কৈ মোক তামোল গছতহে তুলিলা৷৷" ---- বুলি বায়ন দাইটিয়ে বিলাপ কৰিছে৷ তেওঁলোকে ভাৱিলে যে ভক্তি ৰসত ডুবি থাকি থাকি বায়ন দাইটিৰ মতিভ্ৰম ঘটিছে ৷ সেয়ে কাবৌ কোকালি কৰি  বায়ন দাইটিক আথে বেথে নমাই আনি যথাৰীতি সেৱা সৎকাৰ কৰিব  ধৰিলে৷





No comments:

Post a Comment