Sunday 19 August 2018

সেই বিপদসংকুল ভয়ংকৰ দিনটো

মোৰ জীৱনত সেই দিনটোৰ দৰে ভয়ংকৰ দিন কাহানিও অহা নাছিল৷ সিদিনা আছিল 1998 চনৰ 31 জুলাই ৷  মই, মোৰ পত্নী আৰু চাৰি গৰাকী কণ কণ জীয়াৰী ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ হৈ ঢকুৱাখনাৰ ঘৰলৈ আহিছিলো৷ শিৱসাগৰ পাই জানিব পাৰোঁ যে ব্ৰক্ষ্মপুত্ৰৰ পানী বৃদ্ধি পাই আছে আৰু দিচাং ঘাটৰ মেচিন নাৱত উঠিবলৈ যোৱা প্ৰায় দুই কিলোমিটাৰ মানৰ পথচোৱা পানীত ডুব গৈছে৷ সেইখিনি বাট হাত নাৱত গ'লো৷ মোৰ মটৰ বাইকখনত এজন নাৱৰীয়া বহি লৈ হাত নাৱৰ বাৰত দুফালে দুটা ভৰি দি থৰ ৰাখি গৈ থাকিল৷    হাবিতলীয়া লুংলুঙীয়া বাটেৰে হাত নাওখন  চলাই নিওঁতে  মোৰ বাহিৰে নাওখনত বহি যোৱা আমাৰ পৰিয়ালৰ আটাইকেইটি সদস্যই নতুন অভিজ্ঞতাৰ আকস্মিক ভাৱে মুখামুখী হৈ পৰাত ভয় বোলা অনুভূতিটোকো পাহৰি পেলালে৷ মইতু   সাঁতুৰিব জানো;  কিন্তু বাকী এজনো সদস্যই সেই বিদ্যা আহৰণ কৰা নাই৷ কথাটো বাৰে বাৰে মনলৈ অহাত মই ভয়ত বিহ্বল হৈ পৰিছো৷ কিবা অঘটন ঘটিলে কি গতি হ' ব?
যেইকি নহওক ভগৱানে মোৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিলে৷ আমি নিৰাপদে দিচাং ঘাট  পাই মেচিন নাওত উঠি আসন গ্ৰহণ কৰিলো৷ সাগৰ সদৃশ হৈ পৰা বৰনৈৰ বুকুৰে আমাৰ ক্ষুদ্ৰ মেচিন নাওখন লখিমপুৰ জিলাৰ টেকেলীফুটা ঘাটক লক্ষ্য স্থিৰ কৰি লৈ পানী ফালি আগুৱাই গ'ল৷ যথাসময়ত নিৰ্বিঘ্নে টেকেলীফুটা ঘাটত নাও চপালে৷ পিচে ঘাটৰ পৰা ঢকুৱাখনালৈ যোৱা সমগ্ৰ পথচোৱা বানপানীয়ে বুৰাই থৈছে৷ এখন হাতনাৱেৰে  চাৰি কিলোমিটাৰমান বাট গৈ আমি বকুলগুৰি চাৰিআলি পালোগৈ৷ তাতে বন্ধু পূৰ্ণ শৰ্মাৰ ঘৰত চাহ- তাহ খাই ঢকুৱাখনাত আমাক থৈ আহিবৰ বাবে এখন হাত নাও  ভাৰাত ল'লো৷ মিচিং নাৱৰীয়া  কেইজনে মানৱীয়তাৰ দিশটোত গুৰুত্ব দি কম টকাৰ ভাৰাতে আমাক থৈ অহাৰ দায়িত্ব লৈ বঠা বাই বাই নাও তীব্ৰ বেগেৰে চলাব ধৰিলে, যাতে বেলি ডুবাৰ আগে আগে ঢকুৱাখনা পাবগৈ পাৰি৷
এক বিপদশংকুল যাত্ৰা৷ আমাৰ ছোৱালী কেইজনীৰ এইবোৰ খবৰ নাই৷ সিহঁতে এই যাত্ৰাত এক অনাবিল আনন্দ উপভোগ কৰিবলৈ পাই গান গাব ধৰিলে৷ নাৱৰ দুয়োকাষে হাত মেলি দি সিহঁতে বেগেৰে পাৰ হৈ যোৱা পানীৰ ধাৰত স্পৰ্শ কৰি অনামী অচিন আমেজ ল' ব খুজিলে৷ কেতিয়াবা ঠায়ে ঠায়ে কোবাল সোঁত ফালি আৰু কেতিয়াবা হাবি ভাঙি নাওখন গৈ থাকিল৷ এইদৰে গৈ গৈ আঠ কিলোমিটাৰ বাট অতিক্ৰম কৰি আমি আকৌ অন্য এক সাগৰৰ পাৰত উপস্থিত হ'লো৷ আমি ভৱাই নাছিলো যে বানপানীৰ ফলত চাৰিকড়িয়া নৈখনো সাগৰলৈ ৰূপান্তৰিত হ' ব৷ পাৰাপাৰ চকুৰে মনিব নোৱাৰি৷ এৰা ,নৈৰ মাজৰ পকী দলঙৰ ৰেলিঙৰ লোহা কেইডালহে জিলিকি আছে৷ সেয়ে নাৱৰীয়াই আমাক নৈখন পাৰ কৰাই দিব লগা হ'ল৷
প্ৰচণ্ড সোঁতে নাওখন আগ বাঢ়িব নিদিয়া হ'ল ৷ মই দেখিলো সাহসী নাৱৰীয়া দুজন অসহায় হৈ পৰিছে৷ নাৱত থকা বাঁহৰ লগীডাল মই হাতত লৈ পানীত ডুবালো৷ মই চাগৈ বিব্ৰত হৈ পৰিছিলো৷ মোৰ সমগ্ৰ শৰীৰ কঁপি উঠিছিল৷ তথাপি মই চেষ্টা চলালো৷  লগীডালে মাটি ঢুকি পোৱাত মই জোৰ দি নাওখন আগ বঢ়াত সহায় কৰিব ধৰিলো৷ নাৱৰীয়া কেইজনেও প্ৰাণতাকি নাও বোৱাত আমি আগুৱাব পাৰিলো৷ পিচে, নতুন এক বিপদে আমাৰ পিছ ল 'লে৷ সন্ধ্যা বেলিকা নাওখন পাৰত লাগিবলৈ অলপ দূৰ থাকোতেই আকাশ ক'লা মেঘে ঢাকি ধৰিলে আৰু বৰষুণ দিবলৈ আৰম্ভ কৰিলে৷

আমি ভগৱানৰ নাম ল'লো আৰু সকলোৱে হাতেৰে নাও বাব ধৰিলো৷ অৱশেষত নাওখন পাৰত লাগিলগৈ৷ আমি নাৱৰ  পৰা নমাৰ পিচতে এজাক প্ৰচণ্ড বৰষুণ আহিল আৰু আমি উঠি অহা নাওখন পানীত ডুব গ'ল৷ তিতিবুৰি জুৰুলা হৈ ঘৰলৈ খোজ লোৱাৰ পূৰ্বে আমি ভয়াৰ্ত নয়নে ডুবন্ত নাওখনলৈ এপাক ঘূৰি চালো৷
--++++++++ সমাপ্ত --+++++++




2 comments:

  1. বহুত ভাল লাগিল দাদা আশা ৰাখিছো নতুন গল্প পাও যে

    ReplyDelete
  2. পঢ়ি ভাল লাগিল,সঁচা কাহিনী নেকি?

    ReplyDelete