Wednesday 16 April 2014

ৰুগ্ন ঋণ আৰু বেংকৰ সমস্যা

দুহেজাৰতকৈ অধিক শাখাৰে  সৰ্বমুঠ দুইলাখ কোটি টকাৰ ব্যৱসায় কৰি থকা ইউনাইটেট বেংক অব ইণ্ডিয়াই শেষতীয়াভাৱে প্ৰদৰ্শন কৰা বেংকটোৰ বিত্তীয় অৱস্থাই কেৱল বেংকটোৰ লগত জড়িতসকলকেই বিপাঙত পেলোৱা নাই, সচেতন মহলকো চিন্তান্বিত কৰি তুলিছে৷ ২০১৩ চনৰ চেপ্তেম্বৰ মাহত বেংকটোৰ ৰুগ্ন সম্পদ  ( NON PERFORMING ASSETS) আছিল ২৪১৫ কোটি টকা আৰু সেয়া ২০১৩ চনৰ ডিচেম্বৰ মাহত হয়গৈ ৮৫৪৬ কোটি৷ এই পৰিমাণ বেংকটোৰ সৰ্বমুঠ ঋণৰ ১০.% ব৷ ২০১৩ চনৰ চেপ্তেম্বৰ মাহত বেংকটোৰ লোকচানৰ পৰিমাণ আছিল ৪৮৯. কোটি আৰু একেটা বছৰৰ ডিচেম্বৰ মাহত সেই পৰিমাণ বৃদ্ধি পাই হয়গৈ ১২৩৮ কোটি টকা   বেংকটোৰ চেয়াৰমেন তথা পৰিচালন সঞ্চালক অৰ্চনা ভাৰ্গবে ইনফচিচ বেংকিং চফ্টৱেৰফিনাকলক’ অশুদ্ধভাৱে ৰুগ্ন সম্পদ বাছনি কৰা বুলি দোষাৰোপ কৰে ; কিন্তু ইনফচিচে  এই কথাৰ প্ৰতিবাদ কৰি নিজৰ যুক্তি দাঙি ধৰে৷ বেংকটোৰ মুৰব্বী গৰাকীয়ে সেই দায়িত্বৰ পৰা অব্যাহতি লোৱাই নহয়, স্বেচ্চামূলক অৱসৰৰ বাবেও আবেদন কৰে৷

মন কৰিব লগীয়া যে বেংকটোৰ ৫০% তকৈ অধিক ঋণ বৃহৎ আৰু মজলীয়া কৰপ’ৰেট খণ্ডলৈ আগ বঢ়াইছিল৷ সেয়ে বেংকটোৰ পুনৰগঠিত কৰা  মুঠ ৫৫২৪ কোটি  টকাৰ ঋণৰ ৪৮১৫ কোটি টকা বৃহৎ কৰপ’ৰেট খণ্ডৰ বাবেই সংঘটিত হৈছে৷ বেংকটোৱে খুচুৰা ব্যৱসায় খণ্ডত কথমপিহে সৰ্বমুঠ ঋণ প্ৰদানৰ ১৪% ঋণ আগ বঢ়াইছে৷ এনেদৰে আগুৱাই যোৱা বেংকটোৰ অৱস্থাও উদ্বগেজনক হৈ পৰে৷ সেয়া যি কি নহওক, বৰ্তমান বেংকটোৰ কৰ্ত্তৃপক্ষই ৰুগ্ন সম্পদৰ সমস্যা সমাধান কৰি বেংকটোক  পুনৰ সঠিকভাৱে চলাই নিবলৈ বলিষ্ঠ পদক্ষেপ লোৱা দেখা গৈছে৷


কেৱল  ইউনাইটেট বেংক অব ইণ্ডিয়াৰে যে ৰুগ্ন ঋণৰ সমস্যা আছে এনে নহয়৷ কম বেছি পৰিমাণে সকলো বেংকতে ই সমস্যাৰ সৃষ্টি কৰিছে৷ সেয়ে বিত্ত মন্ত্ৰী পি চিদাম্বৰমে কৈছে যে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বেয়া ঋণৰ বৃদ্ধিৰ হাৰ ৫% তকৈ অধিক হৈছে৷ এটা বছৰৰ পূৰ্বে ই আছিল ৪.১৮% মাত্ৰ৷ ২০১৩ চনৰ ডিচেম্বৰ মাহৰ শেষত উদ্বেগজনক সম্পদ(STRESSED ASSETS),ৰুগ্ন সম্পদ(NPA) আৰু পুনৰগঠিত ঋণৰ পৰিমাণ লগ লগাই  ইয়াৰ হাৰ হৈছিল সৰ্বমুঠ ঋণৰ ১২.৬% আৰু সেয়া ২০১৩ চনৰ ৩১ মাৰ্চত অছিল ১১.০২% ৷
                                                                                    
২০১৩ চনৰ ডিচেম্বৰ  মাহত ৰুগ্ন সম্পদৰ হাৰ ভাৰতীয় ষ্টেট বেংকৰ ৭.১%,ষ্টেট বেংক অব মহিশূৰৰ ৬.৫% আৰু চেন্টেল বেংক অব ইণ্ডিয়াৰ ৬.৪% আছিল৷ যদিওবা বিজয়া বেংক, কানাড়া বেংক আৰু দেনা বেংকৰ ৰুগ্ন সম্পদ (NPA) ৩% তকৈ কম আছিল, সেইবোৰ বেংকৰ উদ্বেগজনক সম্পদ(STRESSED ASSETS) বহুগুণে বৃদ্ধি পাইছে৷ আঞ্চলিক গ্ৰামীণ বেংকসমূহৰো এনে অৱস্থা বাহাল থকা সত্বেও কেন্দ্ৰীয় বেংকে চলিত বৰ্ষত এইবোৰ বেংকে বিগত বৰ্ষৰ দৰে ৰুগ্ন সম্পদৰ হাৰ ৬% তে স্থিৰ ৰাখিব পাৰিব বুলি আশা ব্যক্ত কৰিছে৷


উল্লেখযোগ্য যে চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ উদ্বেগজনক সম্পদৰ পৰিমাণ ১৯.৭৫% আৰু ইয়াক অনুসৰণ কৰিছে- ইউনাইটেট কমাৰচিয়েল বেংক আৰু ইউনাইটেট বেংক অব ইণ্ডিয়াই৷ আনকি পঞ্জাব নেচনেল বেংক আৰু অন্ধ্ৰ  বেংকেও দেশৰ পাঁচটা শীৰ্ষ উদ্বেগজনক সম্পদ বহনকাৰী বেংকৰ তালিকাত নিজক অন্তৰ্ভুক্ত কৰিছে৷

এনে ৰুগ্ন সম্পদ বৃদ্ধিৰ কাৰণ বিচাৰ কৰিবলৈ গৈ কোনো কোনো বিষয় ববীয়াই কয় যে বিগত সময়ছোৱাত এলেহুৱা মনোভাৱেৰে কাৰ্য্য সম্পাদন কৰা আৰু গোলকীয় অৰ্থনীতিৰ উন্নয়ণৰ নিম্নগামিতা তথা গোলকীয় বজাৰৰ অনিশ্চয়তাৰ বাবেই উদ্বেগজনক সম্পদ  বৃদ্ধি পাই গৈছে৷

প্ৰসংগক্ৰমে জাপানৰ বেংকিং ব্যৱস্থাই সন্মুখীন হোৱা ১৯৯০ চনৰ ৰুগ্ন ঋণৰ সমস্যাৰ বিষয়ে আলোচনা কৰিব পাৰি৷ সেই সময়ছোৱাত বিস্তৃতভাৱে উৎপাদন হ্ৰাস হোৱাত বহুতো উদ্যোগ প্ৰতিষ্ঠান নিশকতীয়া অৱস্থাৰে চলি আছিল আৰু বেংকৰ ঋণ পৰিশোধ কৰিব পৰা নাছিল৷ তেনে ক্ষেত্ৰতো বেংকসমূহে তেওঁলোকৰ হিচাপ-নিকাচৰ বহীত তেনে ঋণকো ভাল বুলিয়েই দেখাই গৈছিল৷ লোকচানৰ সন্মুখীন হৈ বন্ধ হ’ব লগীয়া প্ৰতিষ্ঠানক চলাই নিবৰ বাবে বেংকসমূহে ঋণ প্ৰদান কৰিছিল৷ একে সময়তে বহুসংখ্যক বেংকে ঋণ লৈ বেয়া কৰা ফাৰ্মসমূহকো বিত্ত যোগান ধৰি গৈছিল৷ ভাল ফাৰ্মবোৰ, যিবোৰৰ ভাল সম্ভাৱনা আৰু বিনিয়োগৰ  সু-পৰিকল্পনা আছে সেইবোৰে বিত্ত লাভৰ সুযোগ নাপাই্ছিল আৰু বিনিয়োগ কৰিব পৰা নাছিল৷ চমুতে ক’বলৈ গ’লে বেয়া ঋণে সুস্থ বিনিয়োগত ব্যয় কৰা কাৰ্য্যক হতাশ কৰিছিল৷ বেংকবোৰে অসুস্থ ফাৰ্মবোৰক ঋণ দি গৈ আছিল আৰু ৰুগ্ন সম্পদৰ পৰিমাণো বাঢ়ি গৈ থাকিল৷ ২০০২ চনৰ পৰা জাপানৰ চৰকাৰে বেংকসমূহক ৰুগ্ন ঋণৰ পৰিমাণ হ্ৰাস কৰিবলৈ ক্ৰমাগতভাৱে হেঁচা প্ৰয়োগ কৰি আছিল, বেংকসমূহেও ৰুগ্ন ফাৰ্মবোৰ পুনৰগঠিত বা বন্ধ কৰিবলৈ হেঁচা দি থাকিল৷ লাহে লাহে বেয়া ঋণৰ বৃদ্ধিত বাধা পৰিল আৰু ভাল ফাৰ্মবোৰে বিত্ত বিনিয়োগৰ সুযোগ লাভ কৰিলে৷ ২০০৩ চনৰ পৰা পুনৰ জাপানত বিনিয়োগ ব্যয়ৰ প্ৰবল বৃদ্ধিৰ ই আছিল এক প্ৰধান কাৰক৷

১৯৯০ চনত জাপানৰ বেংকবোৰে তেওঁলোকৰ মূল্যবান ঋণীস্বৰূপ বৃহৎ জাপানী ফাৰ্মবোৰক হেৰুৱাবলৈ আৰম্ভ কৰিছিল৷ এইবোৰ ফাৰ্মে বেংক ঋণ নলৈ বণ্ডৰ সহায়ত তেওঁলোকৰ পুঁজি আহৰণ কৰিছিল৷ পৰিণাম স্বৰূপে বেংকবোৰে বিপদসংকুল ঋণীকো ঋণ দিব লগা হৈছিল—যিসকলে নেকি দেউলীয়া অৱস্থা নহওঁতেই ঋণ পৰিশোধৰ ক্ষেত্ৰত জটিল অৱস্থাত আছিল৷

অন্যহাতে, কথাবোৰ অধিক জটিল কৰিবৰ বাবে জাপানৰ বহুতো ফাৰ্মে ঋণৰ বাবদ জামিন আমানত স্বৰূপে মাটি বন্ধক ৰাখিব ধৰিছিল ; কিন্তু সমস্যাটো হ’ল, যেতিয়া  ১৯৯০ চনত ষ্টক মাৰ্কেটৰ সৈতে ভূমি-মূল্য নিম্নগামী হৈ পৰিল  অৰু তেতিয়া বন্ধকী ৰখা মাটিৰ মূল্য ঋণৰ মূল্যতকৈ কমি গ’ল৷

মহামন্দা অৱস্থাত  ৰুগ্ন সম্পদে বেংকৰ চলন্তিত বিফলতা আনি দিছিল৷ প্ৰকৃততে, মহামন্দা অৱস্থাৰ এটা শিক্ষা আছিল যে—বেংকবোৰৰ পৃষ্ঠভংগতা দূৰ কৰিবলৈ চৰকাৰে জমাৰ ওপৰত বীমা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে৷ সেইমতে আমেৰিকাক অনুকৰণ কৰি জাপানকে ধৰি বহুতো দেশৰ বেংকত জমাৰ ওপৰত বীমা ব্যৱস্থা প্ৰৱৰ্ত্তন কৰা হ’ল৷

সঞ্চয়-বীমাই এটা সমস্যা সমাধান কৰিলে যদিও অন্য এক সমস্যা উদ্ভৱ হ’ল৷ ১৯৯০ চনতেই জাপানে এনে সমস্যাৰ সন্মুখীন হৈছিল৷ বেংকৰ বেলেন্সচিতৰ এক  তেনেই চমু খতিয়ান দাঙি ধৰি সমস্যাটোৰ ওপৰত আলোকপাত কৰিব পাৰি : ধৰা হওক সম্পদ হিচাপে এটা বেংকৰ ১লাখ টকাৰ এটা ঋণ আছে, ধাৰ হিচাপে আছে গ্ৰাহকৰ জমা ধন ৫০ হেজাৰ টকা ৷ অন্যবোৰ দিশ এৰাই চলিলে বেংকটোৰ প্ৰকৃত সম্পদ আৰু ধাৰৰ মাজৰ পাৰ্থক্য হ’ব -৫০ হেজাৰ টকা৷ এতিয়া যদি ঋণটো বেয়া হৈ যায় আৰু ঋণ গ্ৰহণকাৰী ফাৰ্মে যদি অলপো ঋণ পৰিশোধ নকৰে তেন্তে কি ঘটিব ? নিশ্চিতভাৱে ঋণটোৰ মূল্য শূন্য হ’ব৷ বেংকে ঋণটো হিচাপৰ পৰা বাদ দিব লাগিব৷ বেংকে তেনে অৱস্থাত গ্ৰাহকৰ পৰা লৈ থোৱা ৫০ হেজাৰ টকা ঘুৰাই দিব নোৱাৰে৷ তেতিয়া সঞ্চয় বীমাই ৫০ হেজাৰ টকা পৰিশোধ কৰিব আৰু বেংকটো বন্ধ কৰিব লাগিব৷  যদৰাচলতে তেনে নঘটে; নিজৰ চাকৰিটো বজাই ৰাখিবলৈ বেংকৰ পৰিচালকে একো যেন ঘটা নাই তেনে ভাৱত থাকিব আৰু দেখাব যে ঋণ ভালেই চলি আছে ৷ প্ৰকৃততে বেংকৰ পৰিচালকে ৰুগ্ন ফাৰ্মখনক তেনে অৱস্থাতো অধিক ঋণ দিয়াৰ সিদ্ধান্ত ল’বও পাৰে , যাতে ফাৰ্মখনে পুৰনি ঋণটো পৰিশোধ কৰিব পাৰে৷ এইদৰেই ব্যৱসায় গতানুগতিকভাৱে চলি যোৱা দেখাব৷ এয়া পৰিস্কাৰভাৱেই ভাল টকা বেয়াৰ ফালে দলিয়াই দিয়া কাৰ্য্য আৰু তাকে কৰি বেংকৰ পৰিচালকে অন্তত: কিছুদিনৰ বাবে হাতলৈ সময় আনি নিজৰ চাকৰিটো বৰ্ত্তাই ৰাখে৷

জমাকাৰীয়ে বেংকে কি কৰিছে তাৰ ভু-নাৰাখে৷ যিহেতু তেওঁলোকৰ জমাধনৰ ওপৰত বীমা কৰা থাকে, সেয়ে বেংকে যি কৰি নাথাকক সেইবোৰ চাবৰ দৰকাৰ নাথাকে৷ আনকি বেংকৰ সঞ্চালকেও চকুমুদি থকাটোকে পছন্দ কৰে৷ ৰুগ্ন সম্পদসমূহ প্ৰত্যক্ষ কৰি বেংকটো বন্ধ কৰি দিব লাগিব বুলি ভাৱি তেওঁলোক বেয়াকৈ প্ৰভাৱিত হৈ পৰে আৰু অধিক সময় অপেক্ষা কৰাটোকে সিদ্ধান্ত লয়৷ ইয়াৰ ফলত বেংকে বৰ্ত্তি থকা উৎপাদনশীল তথা সুস্থ ফাৰ্মবোৰৰ ত্যাগৰ বিনিময়ত ৰুগ্ন ঋণবোৰ নবীকৰণ কৰিব বা দুৰ্বল ফাৰ্মবোৰক নতুন ঋণ প্ৰদান কৰিব৷ এইদৰে দিন বাঢ়ি গৈ থকাৰ লগে লগে ৰুগ্ন সম্পদৰ সমস্যাও বাঢ়ি গৈ থাকে৷

জাপানত প্ৰকৃততে ১৯৯০ চনত এনেবোৰ ঘটনাই ঘটিছিল৷ মন কৰিব লগীয়া যে ১৯৯৩ চন পৰ্য্যন্ত জাপানৰ বেংকবোৰে তেওঁলোকৰ বেয়া ঋণ বা ৰুগ্ন সম্পদৰ সন্দৰ্ভত কোনো কথা মুকলিকৈ জনোৱা নাছিল৷ ১৯৯৩ চনৰ আৰম্ভণীতহে তেওঁলোকৰ হিচাপৰ বহীত যে ৰুগ্ন সম্পদৰ প্ৰৱেশ ঘটিছে  তাক অনিচ্ছাকৃতভাৱে স্বীকাৰ কৰিবলৈ বাধ্য হয়৷ জাপানৰ ৰুগ্ন সম্পদৰ কাৰকবোৰ আমাৰ দেশৰ বেংক সমূহৰ লগত সকলো ক্ষেত্ৰতে একে নহ’লেও এই কথা সত্য যে দেশৰ  অৰ্থনৈতিক উন্নয়ণৰ বাবে চৰকাৰ তথা বেংকসমূহে ৰুগ্ন সম্পদ হ্ৰাস কৰিবৰ বাবে তাৰ পৰা সামান্যতম লেও শিক্ষা আহৰণ  কৰিব পৰা স্থল আছ৷ 
                          ০০০০০০০০০০০০০(০০০০০০০০০০ৃ

তথ্যসূত্ৰ আৰু সহায়কাৰী গ্ৰন্থ--- Internet , Macroeconomics- by Oliver Blanchard আৰু The World Economy-by Fredrick P. Stutz & Barn 


বিঃ দ্ৰঃ জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ৰ ১--১৫ মে' ২০১৪ সংখ্যাত প্ৰকাশিত৷

No comments:

Post a Comment