Wednesday 16 April 2014

অপাৰেশ্যন কাজিৰঙা

(ৰহস্য গল্প)
যদিওবা আপোনাৰ লগত আজিহে দেখা দেখি হৈছো, মই কিন্তু আপোনাৰ নামটো বহুদিনৰ পৰা শুনি আহিছোঁ৷” প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাক উদ্দেশ্যি মুখ্য বন সংৰক্ষক অমল হাজৰিকাই ক’লে, “হিমাদ্ৰী বৰুৱাৰ হত্যাকাৰীক আপুনি চিনাক্ত কৰাৰ খবৰটো পাই ৰৈ থাকিব নোৱাৰিলো৷ আপোনাৰ ওচৰলৈ দৌৰি আহিলো৷ আশা ৰাখিছো আপুনি মোৰ কেচটো ল’ব আৰু অপৰাধীহঁতক চিনাক্ত কৰিব৷”

“ধন্যবাদ, হাজৰিকা ডাঙৰীয়া, মই কিন্তু আপোনাক বহুবাৰ দেখা পাইছো আৰু এজন সৎ,  নিষ্ঠাবান বন-বিষয়া হিচাপে কৰা আপোনাৰ কামবোৰৰ বাবে পূজ্য জ্ঞান কৰি আহিছো,”ৰতন বৰুৱাই ক’লে, “কওকচোন আপোনাৰ কেচটোনো কি?”

“আপুনিতো জানেই বৰুৱা, কাজিৰঙাৰ গঁড় কেইটা চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰাত অসম চৰকাৰৰ বন-বিভাগ বিফল হৈছে৷ খৰ্গ কাটি সিহঁতক বচাই ৰখাটোও প্ৰকৃতিপ্ৰেমীসকলে মানি নলয়৷ যদিহে অপৰাধী চক্ৰটোক সময় থাকোতেই ধৰা পেলাব পৰা যায়, তেনেহলে গঁড়কেইটা ৰক্ষা পৰিব৷ সেয়ে আপোনাকে এই কামৰ দায়িত্ব দিব বিচাৰিছো৷ আপুনি সন্মত হ’লে যি ধৰণৰ সহায় সহযোগ বিচাৰে সকলো পাব৷” কথা খিনি কৈ অমল হাজৰিকাই ৰতন বৰুৱাৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰি তেওঁৰ উত্তৰলৈ বাট চাই ৰ’ল৷

“অসমৰ আপুৰুগীয়া সম্পদ গঁড়কেইটা ৰক্ষা কৰাটো কেৱল বন-বিভাগৰে দায়িত্ব বুলি ধৰি লোৱাটোৱেই ভুল হৈছে৷ প্ৰতিজন অসমীয়াই ইয়াক নিজৰ কৰ্ত্তব্য বুলি ভাৱিব পৰা হ’লে নিশ্চয় এটাও গঁড় কোনেও মাৰিব নোৱাৰিলে হেতেন৷” ৰতন বৰুৱাই কিছু আবেগিক স্বৰত ক’লে, “গঁড় ৰক্ষা কৰাটো মোৰো কৰ্ত্তব্য, আৰু তাৰ দায়িত্ব মোক আপুনি অৰ্পণ কৰিছে যেতিয়া মই সাধ্য অনুসাৰে চেষ্টা কৰিম৷”


০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০


বিশ্বনাথ ঘাট৷ প্ৰকৃতিৰ কি যে অপূৰ্ব সৃষ্টি ! ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰে যে এনে এক তীৰ্থস্থান আছে নিজে দেখা নাপালে বিশ্বাসেই নহয়৷ গুপ্ত কাশীৰ বিষয়ে জানিলে হয়তো দৰ্শনৰ বাবে দূৰ দূৰণিৰ তীৰ্থ যাত্ৰীৰো আগমণ ঘটিব৷ নদীৰ মাজৰ দ্বীপতো আছে মন্দিৰ৷ দৰ্শনাৰ্থীক সৰু সৰু হাত নাৱেৰে পাৰ কৰি স্থানীয় নাৱৰীয়াসকলে ইপাৰ সিপাৰ কৰি দি নদীৰ মাজৰ মন্দিৰ দৰ্শনৰ ব্যৱস্থা কৰি দিয়ে৷  বৰ্তমান সেই দ্বীপটোতে অত্যাধুনিক হোটেলো আছে, য’ত পৰ্যটকে মনে বিচৰামতে খাদ্য-সম্ভাৰ লাভ কৰিব পাৰে৷ বিশ্বনাথ ঘাটৰ পৰা কাজিৰঙালৈ বেছি দূৰ নহয়৷ বৰনৈ পাৰ হ’লেই কাজিৰঙা পায়৷ তালৈ যাবৰ বাবে মেচিন নাওঁ পোৱা যায়৷

এই বিশ্বনাথ ঘাটৰ হৰি মন্দিৰৰ প্ৰাঙ্গনতেই প্ৰকৃতি প্ৰেমী অনুষ্ঠান “বসুন্ধৰা”ৰ সৌজন্যত বন্য পশু-পক্ষীক সুৰক্ষা দিয়াৰ উদ্দেশ্যে এক সজাগতা সভা তথা কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ ‘বসুন্ধৰা’ৰ বিষয় ববীয়া তথা কৰ্মকৰ্ত্তা সকলৰ তেজস্বী ভাষণ শুনি সভাত সমবেত জনগণ বাৰুকৈয়ে প্ৰভাৱান্বিত হ’ল৷ লগে লগে সেই অঞ্চলৰ বাবে ‘বসুন্ধৰা’ৰ এখন উপ-সমিতি গণতান্ত্ৰিক প্ৰথাৰে গঠন কৰি দি বিষয়- ববীয়া নিৰ্বাচন কৰি দিয়া হ’ল৷ লগে লগে শ শ লোকে নিজৰ নাম ‘বসুন্ধৰা’ৰ সদস্য হিচাপে অন্তৰ্ভুক্তি কৰিলে৷

‘বসুন্ধৰা’ৰ মূল সমিতিৰ সভাপতি চন্দ্ৰ কমল বৰাই ‘বসুন্ধৰা’ৰ নৱ-গঠিত বিশ্বনাথ উপ-সমিতিৰ সম্পাদক পৱন দাস আৰু সভাপতি নিতুল শইকীয়াক আচুতীয়াকৈ লগ কৰি দুয়োকে দুটা ম’বাইল ফোন উপহাৰ দি কামবোৰ কেনেদৰে কৰি যাব লাগিব বুজাই দিলে৷ বৰনৈৰ উত্তৰ পাৰৰ নৈপৰীয়া গাওঁবোৰত সজাগতা সভা আয়োজনৰ দায়িত্বও তেওঁলোককে দি প্ৰয়োজনীয় খা-খৰচৰ বাবে ধনো দিয়া হ’ল৷ পৰা পক্ষত প্ৰতিখন গাৱঁতে ‘বসুন্ধৰা’ৰ একোখন উপ-সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিয়া হ’ল৷ যেতিয়াই প্ৰয়োজন হয় ফোন কৰিবৰ বাবে চন্দ্ৰ কমল বৰাই তেওঁৰ ম’বাইল ফোন নম্বৰটো দিলে আৰু কাম থাকিলে মাতিলেই অহাৰ প্ৰতিশ্ৰুতি দি বিদায় ল’লে৷


০০০০০০০০০০০০০০০০০০০০০০০০০০


ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণ পাৰে ‘বসুন্ধৰা’ই বন্য-প্ৰাণী সংৰক্ষণৰ বাবে প্ৰথমখন সভাৰ আয়োজন কৰিলে কুঠৰীত৷ সভাত অংশ গ্ৰহণকাৰীৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰি ‘বসুন্ধৰা’ৰ সভাপতি চন্দ্ৰ কমল বৰাকে ধৰি সকলোৱে উৎসাহিত হৈ পৰিল৷ তাত সমবেত ৰাইজেই ‘বসুন্ধৰা’ৰ উপ-সমিতি গঠন কৰিলে আৰু তেওঁলোকে নিজে কাজিৰঙাৰ দাঁতি-কাষৰীয়া গাওঁবোৰত সজাগতা সভা আয়োজন কৰি তাতো একো একোখন ‘বসুন্ধৰা’ৰ উপ-সমিতি গঠনৰ দায়িত্ব ল’লে৷ মুঠতে ৰাইজৰ এটাই পণ –যিকোনো উপায়েৰে কাজিৰঙাৰ গঁড়কে ধৰি অন্যান্য জীৱ-জন্তুবোৰক ৰক্ষা কৰিব লাগে৷

‘ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়’ বোলা কথাষাৰ  যে সঁচা তাৰ প্ৰমাণ পাই গ’ল চন্দ্ৰ কমল বৰাই৷  ‘বসুন্ধৰাৰ’ বিশ্বনাথ ঘাট উপ-সমিতিৰ সম্পাদক পৱন দাস আৰু সভাপতি নিতুল শইকীয়াই জনালে যে উত্তৰ পাৰৰ নৈপৰীয়া গাঁওবোৰত সজাগতা সভা পাতি ৰাইজৰ বিপুল সমৰ্থনত গাঁৱে গাঁৱে একোখনকৈ ‘বসুন্ধৰা’ৰ উপ-সমিতি গঠন কৰি তাৰ বিষয়-ববীয়া নিৰ্বাচন কৰি দিছে৷ এতিয়া এই প্ৰাথমিক সমিতি বোৰৰ যোগেদি ‘বসুন্ধৰা’ৰ বিশ্বনাথ আঞ্চলিক সমিতি এখন গঠন কৰিলে ভাল হ’ব৷ গতিকে চন্দ্ৰ কমল বৰা প্ৰমুখ্যে ‘বসুন্ধৰা’ৰ আন কেন্দ্ৰীয় বিষয়-ববীয়া সকল আহিব লাগে৷

কথামতেই কাম৷ ‘বসুন্ধৰা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰকমল বৰা আৰু সম্পাদক মহেন্দ্ৰ তালুকদাৰ বিশ্বনাথ ঘাট আহি পোৱাৰ লগে লগে শ শ লোকে গায়ন-বায়নেৰে তেওঁলোকক আদৰি নি সভাস্থলি পোৱালেগৈ৷ সভাত স্থানীয় শিক্ষিত ব্যক্তি সকলে উদ্দাত্ত কন্ঠেৰে ভাষণ দি ৰাইজক চোৰাং চিকাৰীৰ বিৰূদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনালে আৰু ‘বসুন্ধৰা’ৰ উদ্যোগৰ প্ৰসংসা কৰি ৰাইজক সহযোগ কৰিবলৈ অনুৰোধ জনালে৷ সভাত চন্দ্ৰ কমল বৰা আৰু মহেন্দ্ৰ তালুকদাৰৰ কৰিব লগা একো নাথাকিল৷ ৰাইজে আঞ্চলিক সমিতিখন গঠন কৰি বিষয় –ববীয়া নিৰ্বাচন কৰিলে, প্ৰয়োজনীয় প্ৰস্তাৱ গ্ৰহণ কৰিলে৷

“চন্দ্ৰ কমল আৰু মহেন্দ্ৰ আপোনালোকৰ লগত কিছু গোপন কথা পাতিব লগা আছে”,সভাৰ শেষত ‘বসুন্ধৰা’ৰ বিশ্বনাথ উপ-সমিতিৰ সম্পাদক পৱন দাসে শিকোৱা মতেই নাম ধৰি মাতি ক’লে,“আমাৰ সভাপতি নিতুল শইকীয়াই তেওঁৰ ঘৰতে কেইজনমান লোকৰ সৈতে বহি আপোনালোকলৈ অপেক্ষা কৰি আছে৷”

“ তেনেহ’লে পলম কৰাৰ প্ৰয়োজন নাই , ব’লা মহেন্দ্ৰ,ব’লা পৱন৷”

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০


নিতুল শইকীয়াই তেওঁৰ ঘৰত থকা মানুহকেইজনৰ লগত চন্দ্ৰ কমল  আৰু মহেন্দ্ৰক পৰিচয় কৰাই দিওঁতেই চন্দ্ৰ কমল বৰাই উনুকিয়াই দি কৈ থ’লে , “আজিৰে পৰা আপোনালোকক আমাৰ সংগ্ৰামী সত্তাত চামিল কৰি ল’লোঁ৷ গতিকে আমাৰ মাজত যে কোনো ভেদাভেদ নাই তাৰ বাহ্যিক প্ৰমাণ স্বৰুপে আমাৰ ইজনে সিজনক নাম ধৰি মাতিব লাগিব৷ হ’ব ?”

কথাটো সকলোৱে মানি ল’লে৷

“আমাৰ মজত থকা প্ৰবীন হালৈ, ৰত্নেশ্বৰ বড়ো, তিলেশ্বৰ বৰা, ডিম্বেশ্বৰ দাস আৰু অকনমান বৰুৱা এই আটাই কেইজনেই গঁড় হত্যাকাৰীৰ দলত আছিল আৰু তেওঁলোকক কেইবাবাৰু পুলিচে গ্ৰেফ্টাৰো কৰিছে; কিন্তু কোনো অদৃষ্ট শক্তিৰ বলত প্ৰতিবাৰেই তেওঁলোক মুক্ত হৈ আহিছে৷ তেওঁলোকে আগতে কৰা কাম-কাজৰ বাবে অনুতপ্ত আৰু তাৰ প্ৰায়চিত্ত কৰিবৰ বাবেই আমাৰ ‘বসুন্ধৰা’ত যোগ দিছে যাতে দুষ্কৃতিকাৰীহঁতক কৰায়ত্ত কৰিব পৰা যায়৷” কথাখিনি কৈ নিতুল শইকীয়াই ক্ষন্তেক ৰৈ সকলোৰে প্ৰতিক্ৰিয়া লক্ষ্য কৰি ক’লে, “চন্দ্ৰ কমল  আৰু মহেন্দ্ৰৰ মতামতলৈ বাট চাই মই সামৰণি মাৰিলো৷”

মহেন্দ্ৰ আৰু চন্দ্ৰ কমলে তৎক্ষণাতে চকুৱে চকুৱে কিবা কথা পাতিলে আৰু লগে লগে মহেন্দ্ৰই ক’লে, “এয়া আমাৰ বাবে অতি সু-খবৰ আৰু তাৰ বাবে সকলোকে অভিনন্দন জনালোঁ৷”

লগে লগে সমবেত সকলোটিয়ে হাত চাপৰি দি মনৰ উল্লাস ব্যক্ত কৰিলে৷

তাৰ পিছতে আটাইকেইজনে গোপনে ভালেমান পৰ কথাবোৰ আলোচনা কৰি এক পৰিকল্পনা প্ৰস্তুত কৰি সেই মতে কাম কৰি যোৱাৰ সিদ্ধান্ত ল’লে৷

০০০০০০০০০০০০০০০০০০০০০০০০০০


“হেৰা ডেকা ল’ৰা, ক’ত মৰিবলৈ আহিলা ? ক’তো একো চাকৰি এটা নাপালানে ? ঘৰত খেতি মাটি এডৰাও নাই নে খেতি কৰি খাবলৈ ?” নতুনকৈ বন-ৰক্ষীৰ চাকৰিত যোগ দি কেম্পলৈ অহা নৰেনক মানে নৰেন চন্দ্ৰ হাজৰিকাক উদ্দেশ্যি বয়সীয়াল বন-ৰক্ষী কুমুদ দাস বোলা জনে কৈ গ’ল,“কোনে ইয়ালৈ আহিবলৈ উপদেশ দিলে হুঁ ? জানানে তুমি মই চাকৰিত জইন কৰা কিমান বছৰ হ’ল ? চাকৰিটো আজি পৰ্য্যন্ত চৰকাৰে নিয়মীয়া কৰি নিদিলে৷ মোৰ ঘৰৰ অৱস্থাৰ কথা জানিলে তোমাৰো চকুপানী বৈ যাব৷ ৰজাঘৰীয়াইহে এইবোৰ বুজি নাপায়৷” কথাখিনি কওঁতে মানুহটোৰ দুগালেদি চকুলো বাগৰি গ’ল আৰু  মুখেৰে কথা নোলোৱা হ’ল৷

নৰেনে নিৰ্বাক হৈ মানুহটোলৈ চাই থাকিল৷ ঠিক তেনে সময়তে অন্য এজন বাসিন্দাই তাক ইংগিতেৰে ওচৰলৈ  মাতি নি নিজৰ ৰুমৰ বিছনাখনতে বহিবলৈ দি চা-চিনাকি হ’ল৷

“মোৰ নাম ভাইৰাচ৷ এইটো নামেৰেই সকলোৱে মাতে৷ আচল নাম কিন্তু ভাইকন দাস৷ তুমি মোক ভাইৰাচ বুলিয়েই মাতিবা৷ আজি-কালি এইটো নাম মোৰো ভাল লগা হৈছে৷ তোমাৰ নামটো কি ক’লা কি ক’লা ন… ন…৷”

“নৰেন  চন্দ্ৰ হাজৰিকা৷” নৰেনে প্ৰয়োজনতকৈ জোৰে উচ্চাৰণ কৰি নামটো ক’লে যাতে ভাইৰাচৰ মনত ৰৈ যায়৷

“মই ইমাণ দীঘল নাম মনত ৰাখিব নোৱাৰিম দেই,” ভাইৰাচে ক’লে,“মই ‘নৰে’ বুলিহে মাতিম , বেয়া পাবা নেকি ?”

“ হ’ব,মই বেয়া নাপাওঁ৷” নৰেনে ক’লে৷

০০০০০০০০০০০০০০০০০০০০০০০


শিবিৰত প্ৰথম নিশাই নৰেনে নতুন অভিজ্ঞতা লাভ কৰিলে৷ দুভাগ ৰাতি শিবিৰৰ নিচেই কাষতে দুজাঁইমান গুলি ফুটাৰ শব্দ শুনা গ’ল৷ লগে লগে প্ৰহৰাৰত বনৰক্ষী কেইজন শিবিৰলৈ দৌৰি আহিল আৰু নিদ্ৰাদেৱীৰ কোলাত লাল কাল দি পৰি থকা সকলক জগাই তুলিলে৷ তাৰ পিছত গোটেইমখা গৈ প্ৰাণ ৰক্ষাৰ বাবে নিৰ্মাণ কৰি থোৱা চেল্টাৰ অৰ্থাৎ প্ৰকাণ্ড গাঁতটোত সোমাই পৰিল৷


“ভাইৰাচ কাইটি”, নৰেনে ফুঁচফুচাই ক’লে,“ফাইট নকৰি এইদৰে লুকাই দিয়াৰ কাৰণ কি ?”

“নৰে,তুমি নাজানা নেকি যে সিহঁতে স্বয়ংক্ৰিয় ৰাইফল এ কে ফ’ৰটি চেভেন লৈ আহিছে৷ আৰু আমাৰ হাতত থকা পইন্ট থ্ৰি নট থ্ৰি বন্দুক কেইটা এবাৰ ফুটাৰ পিছতেই গৰম হৈ যায় আৰু দ্বিতীয় বাৰ নুফুটে৷ গতিকে সিঁহতৰ লগত যুঁজিবলৈ যোৱা মানেই আত্মঘাতী হৈ মৰিবলৈ যোৱা৷ আমিবোৰ মৰিলে জানো কান্দোতা নাই ?”

“তেনেহ’লে পুলিচ-বাহিনীৰ সহায় নলয় কিয়?” নৰেনে প্ৰশ্ন কৰিলে৷

“নৰে, সেইবোৰ কথা মই নাজানো দেই ওপৰৱালা সকলেহে জানে৷ তথাপিও কোৱা শুনিছো বোলে তেৰাসবৰো কাম নাই৷ মানাহত তেওঁলোকেই কাম চলাই আছে৷ তাতোচোন সব তহিলং কৰি দিছে৷”ভাইৰাচে উত্তৰ দিলে৷

“পুলিচৰ যদি কাম নাই, আৰ্মিৰ সহায় ল’ব লাগে আক’৷” নৰেনে আকৌ ক’লে৷

ভাইৰাচৰ কিবা খং উঠি গ’ল ; সি ধমকিৰ সুৰতে ক’লে,“এই নৰে, পেক পেকাই নাথাকিবি ,বাপেৰেহঁত বেছি দূৰত নাই, জংগলৰ মাজত ফুঁচফুচনিৰ শব্দও বহু দূৰলৈ যায়৷”

মাতটো যিমান পৰা যায় সিমান সৰু কৰি নৰেনে মৰম লগা সুৰত ক’লে, “ ভাইৰাচ কাইটি খং নকৰিবা আক’৷ ইয়াত তোমাৰ বাহিৰেনো মোৰ আপোন বুলিবলৈ কোন আছে ? মানে আৰ্মিয়ে সহায় কৰিলে বাচি থাকিব পাৰিম আৰু অহা বহাগতে চেনীমাইক বিয়া কৰাব পাৰিলোহেঁতেন আৰু৷”

ভাইৰাচৰ মনটো কোমলি গ’ল আৰু অসহায় ভাৱত ক’লে, “ নকৰে, নকৰে আৰ্মিয়ে আমাক সহায় নকৰে ৷ কোৱা শুনিছো আৰ্মিৰ ওপৰৱালাৰ লগত আমাৰ বন-বিভাগৰ ওপৰৱালা সকলৰ মনৰ মিল নোহোৱা হৈছে হেনো৷”

“কিন্তু কিয় এনে হৈছে ?”নৰেনে ব্যগ্ৰতাৰে সুধিলে৷

“ সেই এইডাল, বৰ পেঘেনিয়াই থাকিব পাৰে অ’৷ কথাবোৰ জানিলো বুলি যাকে তাকে কৈ নুফুৰিবি আক’৷”

“ কাকনো ক’ম ভাইৰাচ কাইটি, তোমাৰ বাহিৰে মোৰ আছেনো কোন?  জংগলত নমৰি জীয়াই থাকিলে অহা বছৰ চেনিমাইক……৷”নৰেন আৱেগিক হৈ পৰিল৷

“লেঠাটো মানাহতে লাগিল৷ বন-বিভাগে হেনো আৰ্মি কেম্প বনাবলৈ বন-বিভাগৰে মাটি দিলে৷ তাতে ঘৰ সাজি আৰ্মিয়ে ঘোঁৰা শাল পাতিলে৷ তাৰ পিছত ঘোঁৰা গোবৰবোৰ হাবিয়ে-জংগলে য’তে ত’তে পেলাব ধৰিলে৷ আপত্তি কৰিলত ক’লে তেওঁলোকে ভাল কামহে কৰিছে হেনো, গছ-গছনিৰ বাবে মেনিউৰ যোগান ধৰিছে৷ ক’ৰাবাত শুনিছনে ঘোঁৰা গোবৰ সাৰ হিচাপে কামত লগায় বুলি? আমিচোন ভৰিত বেমাৰ হয় বুলি ঘোঁৰা গোবৰত ভৰিকে নেপেলাওঁ৷ ”ভাইৰাচে কৈ গ’ল, “কেৱল এইয়াই নহয়,আৰ্মিয়ে বন-বিভাগৰ মাটিত সজা এৰেহা ঘৰ এটা বন- বিভাগে  কিবা কামত ব্যৱহাৰ কৰিছিল হেনো৷ তাৰ বাবে ভাৰা বিচাৰি আৰ্মি অফচাৰৰ পৰা বন-বিভাগৰ অফিচাৰলৈ নটিচৰ ওপৰত নটিচ আহি আছে৷ কথাবোৰ নিমিলেহে নিমিলে৷”

“এৰা, কি গতি হ’ব আমাৰ , ভাইৰাচ কাইটি !!” নৰেনে হুমুনিয়াহ কাঢ়িলে৷

আন্ধাৰৰ সুযোগ লৈ অতি সন্তৰ্পনে নৰেনে কোনেও গ’ম নোপোৱাকৈ গাঁতৰ পৰা ওলাই ৰাষ্ট্ৰীয় ঘাই পথলৈ যোৱা ৰাস্তাৰে আগুৱাব ধৰেলে৷ লগে লগে তাৰ ম’বাইলত নম্বৰ ডাইল কৰি লগাই চাই গৈ থাকিল৷ নাই ,নেটৱৰ্কে ঢুকি নাপায়৷ কিছু দূৰ যোৱাৰ পিছত হঠাৎ তাৰ ম’বাইলত ৰতন বৰুৱাৰ ম’বাইলৰ সৈতে সংযোগ স্থাপন হ’ল আৰু শিবিৰত ঘটা ঘটনাটোৰ সবিশেষ জনাই দিলে৷ তাৰ পিছত সি ঘূৰি আহি শিবিৰ পালেহি৷

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০


কাজিৰঙা অভয়াৰন্যত চোৰাংচিকাৰীৰ প্ৰৱেশ ঘটিছে৷ খবৰটো কেইমিনিটমানৰ ভিতৰতে ‘বসুন্ধৰা’ৰ প্ৰত্যেকজন সদস্যই পাই গ’ল৷ খবৰটো বন-বিভাগৰ উচ্চ পদস্থ বিষয়াকো জনোৱা হ’ল৷ লগে লগে বন-মন্ত্ৰীৰো নিদ্ৰা ভংগ কৰি বন-বিভাগে পুলিচ তথা সেনা–বাহিনী পঠাই অভিযানটো সফল কৰিবলৈ আবেদন জনালে৷

কাজিৰঙাৰ চৌদিশে বন-বিভাগৰ লোক , পুলিচ-বাহিনী , সেনা-বাহিনী তথা জনতাই নিচ্ছিদ্ৰ প্ৰহৰাৰ ব্যৱস্থা কৰিলে৷ এদিন, দুদিন, তিনিদিন, চাৰিদিনকৈ ভালেমান দিন পাৰ হৈ গ’ল৷ তাৰ পিছত সশস্ত্ৰ বাহিনীয়ে চৌদিশ ঘেৰাও কৰি কাজৰঙাৰ ভিতৰলৈ সোমাই গ’ল৷ হাবিৰ মাজত পথ প্ৰদৰ্শকৰ কাম কৰিলে প্ৰাক্তন চিকাৰী  প্ৰবীণ,ৰত্নেশ্বৰ, তিলেশ্বৰ, ডিম্বেশ্বৰ  আৰু অকনমানহঁতে৷

অৱশেষত চাৰিটা হাৰে-ছালে লগা মানুহ গভীৰ জংগলৰ মাজত বিচাৰি পোৱা গ’ল৷ সিহঁতে ব্যৱহাৰ কৰা মাৰণাস্ত্ৰ হাতত তুলি ল’বলৈ গাত সমুলি শক্তি নাছিল৷ গঁড় হত্যা কৰি হস্তগত কৰা খৰ্গটো মূল্যহীন  বস্তুৰ দৰে কাষতে পৰি আছিল৷

“খাবলৈ নাপায়ে বেচেৰাহঁতৰ এই গতি হ’ল৷”উৰ্ধতম কৰ্ত্তৃপক্ষৰ আদেশত মানুহকেইটাৰ হাতত হাত-কেৰেয়া লগাই থাকোঁতে বন-ৰক্ষী নৰেন চন্দ্ৰ হাজৰিকাই ভাইৰাচলৈ চাই ক’লে, “ইমান দামী বস্তুটো( গঁড়ৰ খৰ্গ) লগত থাকোতেও ইহঁতৰ অৱস্থা এনে হ’ব লাগেনে বাৰু ভাইৰাচ কাইটি ?”


০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০


গঁড় হত্যাকাৰী কেইটাক থানাৰ লকাপত ৰখা দিনাই ভাৰপ্ৰাপ্ত বিষয়াজনলৈ বহুতো ফোন আহিল৷ ধনৰ লোভ দেখুৱালে, চাকৰি খোৱাৰ ভাবুকি দিলে , পৰিয়ালৰ লোকৰ অনিষ্ট সাধন কৰাৰ ভয় দেখুৱালে আৰু অৱশেষত প্ৰাণে মৰাৰ ভাবুকিও দিলে৷ সৎ আৰু সাহসী বিষয়া জনে এইবোৰলৈ কেৰেপ নকৰি অপৰাধীহঁতক পিছদিনা আদালতত হাজিৰ কৰাই পুনৰ জেৰাৰ বাবে সাত দিনৰ বাবে জিম্মাত ৰাখে৷


০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০


কাজৰঙাত সন্ত্ৰাস সৃষ্টি কৰি থকাসকলক চিনাক্ত কৰাৰ পিছত মুখ্য বন-সংৰক্ষক অমল হাজৰিকাই নিজা বাস-ভৱনতে এক নৈশ ভোজৰ আয়োজন কৰি ৰতন বৰুৱা আৰু তেওঁৰ সহযোগীসকলক আমন্ত্ৰণ জনাই অপেক্ষা কৰি আছে৷ ৰতন বৰুৱাই দ্ৰইং ৰুমত প্ৰৱেশ কৰা লগে লগে অমল হাজৰিকাই সাদৰেৰে নি বহিবলৈ দি ক’লে, বহক, বহক চন্দ্ৰ কমল বৰা ওৰফে ৰতন বৰুৱা দেৱ৷”

ইতিমধ্যে ৰতন বৰুৱাৰ সহযোগীসকলো আহি পাই আসন গ্ৰহণ কৰিছিল৷ তেওঁলোকৰ মাজত কেৱল ৰতন বৰুৱাৰ দলৰ কৰ্মী বাহাদুৰ,ইন্দ্ৰজিত,সঞ্জয়হঁতেই নাছিল, আছিল পৱন দাস,নিতুল শইকীয়াকে ধৰি ‘বসুন্ধৰা’ৰ নৱ গঠিত উপ-সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয় –ববীয়া সকলো৷

ৰতন বৰুৱাই মুখ্য বন-সংৰক্ষক অমল হাজৰিকাৰ সৈতে সকলোকে চিনাকি কৰি দি অৱশেষত নিজৰ আচল পৰিচয় জনাই ক’লে,“বন্ধুসকল, আপোনালোকে মোক ক্ষমা কৰিব৷ মোৰ প্ৰকৃত নাম ৰতন বৰুৱা, প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱা মই৷” ‘বসুন্ধৰা’ৰ কেন্দ্ৰীয়  সমিতিৰ সম্পাদক মহেন্দ্ৰ তালুকদাৰক দেখুৱাই ৰতন বৰুৱাই ক’লে,“এওঁ আমাৰ দলৰ সদস্য সঞ্জয় আৰু বন-ৰক্ষী নৰেন চন্দ্ৰ হাজৰিকা আমাৰ দলৰ সদস্য বাহাদুৰ৷ আমাৰ অন্য এজন সদস্যক আপোনালোকে কোনো দিনে চিনিবই নোৱাৰিলে৷ তেওঁ বিশ্বনাথ ঘাটৰ প্ৰকাণ্ড শিল এটাৰ গাত সেন্দুৰ সানি কাষতে পূজাৰীৰ বেশত বহি থাকি ভালেমান দিন কটালে ৷ নিৰাপদ দূৰত্বত থাকি চিকাৰীক বন্দুক –বাৰূদ ৰেছন –পাতি যোগান ধৰি গঁড় হত্যাত নিয়োগ কৰা ভব্য-গব্য ধনৱান সকলক তেঁৱেই চিনাক্ত কৰিলে৷  তেওঁ হৈছে আমাৰ ইন্দ্ৰজিত৷” ইন্দ্ৰজিতে হাত যোৰ কৰি সকলোকে নমস্কাৰ জনালে৷

“কাজিৰঙাৰ গঁড় ৰক্ষাৰ দায়িত্বভাৰ বন-সংৰক্ষক অমল হাজৰিকাৰ পৰা লৈ  মই সকলো দিশ চালি জাৰি চাই দেখিলো যে ৰাইজেহে প্ৰকৃততে কামটো কৰিব পাৰিব৷ সেয়ে আপোনালোকৰ সহায় ল’লো আৰু সফল হ’ব পাৰিলো৷” ৰতন বৰুৱাই কৃতজ্ঞতা প্ৰকাশ কৰি ক’লে,“বসুন্ধৰাৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্ব ভাৰ আপোনালোকেই কান্ধ পাতি ল’ব লাগিব ৷ আমি আঁতৰি নাযাওঁ৷ উপদেষ্টা স্বৰূপে থাকি সহায় সহযোগ কৰিম৷”

“ হয়, ময়ো আপনালোকৰ লগত থাকিম আৰু কাজিৰঙাৰ গঁড় যাতে কোনেও কেতিয়াও হত্যা কৰিব নোৱাৰে তাৰ বাবে নিতৌ সকলো সজাগ হৈ থাকিব লাগিব,” মুখ্য বন সংৰক্ষক অমল হাজৰিকাই ক’লে,“আপোনালোকে ইতিমধ্যে জানিব পাৰিছেই যে আমাৰ বন বিভাগৰ অসৎ কৰ্মচাৰী, ৰাজনৈতিক নেতা, ধনৱান বণিক শ্ৰেণীৰ ব্যক্তি আৰু ধনৰ বিনিময়ত গঁড় বধ কৰা চিকাৰী  এই সকলো একগোট হৈ কাজিৰঙাৰ গঁড়কেইটা মাৰি শেষ কৰিব ধৰিছিল৷ কেইদিন মানৰ ভিতৰতে সকলোৰে মুখা খোল খাব আৰু প্ৰত্যেকজনে জেলৰ ভাত খাব লাগিব৷”

লগে লগে সকলোৱে জোৰে জোৰে হাত তালি দিব ধৰিলে৷


০০০০০০০০সমাপ্ত০০০০০০০০

বিঃ দ্ৰঃ গল্পটো জনপ্ৰিয় মাহেকীয়া আলোচনী "ৰহস্য"ৰ নবেম্বৰ, ২০১৪ সংখ্যাত প্ৰকাশিত৷

No comments:

Post a Comment