Wednesday 16 April 2014

হোমিওপেথিক চিকিৎসা শাস্প্ত্ৰ মতে প্ৰতিজন অপৰাধীয়েই মানসিক ৰোগী

                             
     লক্ষণ সমষ্টি বা ইন্দ্ৰীয়গ্ৰাহ্য শাৰীৰিক আৰু মানসিক বিকৃতি বিলাকৰ সমষ্টিয়েই বেমাৰ৷ এই শাৰীৰিক আৰু মানসিক বিকৃতি বিলাক আতঁৰাই  দিয়াই  চিকিৎসকৰ প্ৰয়োজনীয় কৰ্তব্য আৰু তাৰ দ্বাৰাই বেমাৰ আৰোগ্য কৰা যায়৷ ইয়াৰ বাবে ৰোগৰ উত্তেজক কাৰণ আৰু প্ৰধান কাৰণ নিৰ্ধাৰণ কৰাটো হ’ল প্ৰথম কাম৷ হোমিওপেথিক চিকিৎসা শাস্ত্ৰ মতে এদিনীয়া বা চিৰকলীয়া বেমাৰৰ  উত্তেজক কাৰণ আৰু ঘাই কাৰণ নিৰ্দ্ধাৰণ কৰি ৰোগীৰ পাৰিপাৰ্শ্বিক বা আনুষঙ্গিক অৱস্থাৰ ফালে লক্ষ্য  ৰাখি আৰোগ্য বিধানৰ ব্যৱস্থা কৰিব লাগে৷ চিকিৎসাৰ দ্বাৰা শাৰীৰিক আৰু মানসিক লক্ষণবোৰ দূৰ কৰি দিব পাৰিলে বেমাৰটোও বহিঃ আৰু আভ্যন্তৰীণভাৱে আতঁৰি যায়৷ ইয়াৰ বাবে চিকিৎসকে বেমাৰীৰ লক্ষণসমূহৰ সাদৃশ বা সম লক্ষণৰ দৰৱ নিৰ্বাচন কৰি ৰোগীক দিব৷ ঔষধ বিলাকৰ আৰোগ্যকাৰী শক্তি , সিহঁতৰ লক্ষণবিলাকৰ সৈতে ৰোগৰ লক্ষণ বিলাকৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰশীল৷

     হোমিওপেথিক চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিলে দেখা যায় যে  কম বেছি পৰমাণে প্ৰায় সকলোবোৰ হোমিওপেথিক ঔষধৰে কিছুমান মানসিক লক্ষণ আছে৷ সেয়েহে মানসিক ৰোগীৰ বাবে ৰোগীৰ শাৰীৰিক তথা  মানসিক লক্ষণৰ সাদৃশ লক্ষণযুক্ত ঔষধ সু-নিৰ্বাচিত কৰি ৰোগীক দিলে ৰোগ আৰোগ্য হয়৷ কিছুমান ৰোগীয়ে মানসিক  অৱস্থাৰ বলি হৈ এনে কাম কৰি দিয়ে-যিটো সমাজৰ বাবে গ্ৰহণীয় নহয় আৰু আইনে তাক অপৰাধ গন্য কৰে৷ আমি  তেনে ধৰণৰ প্ৰচণ্ড মানসিক লক্ষণযুক্ত ঔষধৰ বিষয়ে আলোচনা কৰিব পাৰোঁ৷

      প্ৰথমেই বেলেডোনা Belladona) নামৰ ঔষধটোৰ মানসিক লক্ষণসমূহৰ বিষয়ে আলোচনা কৰা যাওক৷ এই ঔষধৰ মানসিক লক্ষণ অতি বিচিত্ৰ৷ ইয়াৰ ৰোগী সময়ে সময়ে অতি প্ৰচণ্ড হৈ  উঠে ৷ খঙাল হৈ পৰি মানুহৰ মুখত থুৱাই দিয়ে, মানুহক কামুৰিবলৈ যায়, মাৰিবলৈ বিচাৰে, বিছনাৰ পৰা জাপ মাৰি উঠি যায়,কাপোৰ কানি আৰু বিছনা ফালিবলৈ ধৰে৷ ৰোগীয়ে খোৱা বস্তু দলিয়াই পেলাই দিয়ে ,সমুখত যি পায় সেইবোৰ খঙতে ভাঙি পেলায়৷ এনে আচৰণবোৰ হঠাৎ কমে আৰু হঠাৎ বাঢ়ে৷ ৰোগৰ আক্ৰমণৰ
                                                               (2)প্ৰচণ্ডতা সহিব নোৱাৰি বেলেডোনাৰ ৰোগীয়ে কৰা কামৰ বাবে অপৰাধী হিচাপে অভিযুক্ত হ’বও পাৰে৷ এনে ঘটাৰ পূৰ্বে বেলেডোনা খাবলৈ দি চিকিৎসা আৰম্ভ কৰিলে ৰোগী আৰোগ্যৰ পথলৈ আহিলেহেতেন৷ সন্দেহ আৰু ঈৰ্ষাপৰায়ণতা ৰোগীৰ চৰিত্ৰত  ফুটি উঠে৷ এগাৰি,সাইমেক্স,কুপ্ৰাম মেট , ষ্টামো ,টাৰেন্ট হিস আৰু ভিৰেট এল্ব আদি ঔষধৰ ৰোগীয়েও বয় বস্তু ভাঙি পেলাব খোজে৷

     হায়োসাবেমাস(Hyoscyamus) নামৰ ঔষধৰ ৰোগীয়ে মনত ধাৰণা কৰি লয় যে কোনো আসুৰিক শক্তিয়ে  তেওঁৰ মস্তিষ্কক অভিভূত কৰি ৰাখিছে আৰু তাৰ কাম ব্যাহত কৰি দিছে৷ ৰোগী নিৰ্লজ আৰু অতিপাত কামোন্মাদ হৈ পৰে, অশ্লীল গান গায় , অশ্লীল কথা কয় আৰু কেতিয়াবা জনেন্দ্ৰীয় উন্মুক্ত কৰে৷ কামোন্মত্ততা লক্ষণ আৰু বহুতো ঔষধতে আছে৷ যেনে-এম্ব্ৰা,এপিস,ব্যাৰা মিউ ইত্যাদি ইত্যাদি৷

   কেলকেৰিয়া কাৰ্বনিকা (Calcarea Ccrbonica) নামৰ ঔষধটিৰো মানিক লক্ষণত উগ্ৰতা দেখা যায়, এই ঔষধৰ ৰোগী, যিজন নেকি অতি সৰল আৰু ভদ্ৰ আছিল তেওঁ হঠাৎ সলনি গৈ মানুহক গালাগালি , মাৰপিট কৰিবলৈ ধৰে৷ দৌৰি দৌৰি এববাৰ চিৰিয়েদি ওৰলৈ উঠে , এবাৰ তললৈ নামে আৰু মনত ধাৰণা কৰে তেঔঁ এনে ধৰণে বিকট ভাৱে চিঞঁৰিব লাগিব৷ তেওঁ সদায় হত্যাকাণ্ড, অগ্নিকাণ্ড আৰু নিগনিৰ কথা কয়৷

         হোমিওপেথিক চিকিৎসকৰ বাবে অতি প্ৰয়োজনীয় ঔষধ নাক্স ভমিকা(Nux Vomica)ৰ মানসিক লক্ষণসমূহ আতি চমৎকাৰ৷ ইয়াৰ ৰোগী অতি খঙাল প্ৰকৃতিৰ, আকোঁৰগোজ আৰু স্পৰ্শকাতৰ৷ ৰোগী সকলো অৱস্থাতে শাৰীৰিক আৰু মানসিক অসহিষ্ণু হৈ থাকে৷ ৰোগীৰ  অলপতে খং উঠে,তেওঁ অতি খিংখিঙিয়া প্ৰকৃতিৰ, হিংসুক, দন্দুৰা আৰু সাৱধানী৷ ৰোগী দেখাত প্ৰায় শীৰ্ণকায়৷ ৰোগী এনে আকোঁৰগোজ প্ৰকৃতিৰ যে তেওঁক কোনোৱাই ভাল পৰামৰ্শ দিলেও নামানে অথচ তেওঁৰ কোনো কামত বাধা দিলেও হিতাহিত জ্ঞান হেৰুৱাই এনে ধৰণৰ কাম কিছুমান কৰিব যে , যিটো তেওঁৰ নিজৰ কাৰণেই ক্ষতিকাৰক৷ এনেকুৱাও ঘটে – ৰাতি একেখন বিছনাতে স্বামী স্ত্ৰী শুই আছে অকষ্মাৎ স্ত্ৰীয়ে তেওঁৰ গিৰিয়েকক হত্যা কৰিবৰ বাবে বুকুৰ ওপৰত বহি ডিঙিত চেপা মাৰি ধৰি ধৰিছে, আকৌ কোনো পিতাকে খঙৰ ভমকত ল’ৰাটোক মূৰৰ ওপৰত তুলি মাটিত দলিয়াই পেলাই দিছে৷ ভদ্ৰ ব্যৱহাৰ ৰোগীৰ মাজত আশা কৰা নাযায়৷ আৰ্সেনিক,চায়না,মাৰ্ক আৰু প্লাটি আদি ঔষধতো প্ৰিয়জনক হত্যা কৰিব খোজা লক্ষণ বিৰাজমান৷

         মফিন, ওপি, ভিৰেট এল্ব আদি লক্ষণযুক্ত ৰোগীয়ে মিছা কথা কয়৷ একোনাইট, ব্ৰয়োনিয়া, কান্থাৰিছ, ক্ৰোকাস আৰু নাইট্ৰিক এচিদ আদি ঔষধৰ লক্ষণতো ৰোগী উগ্ৰ আৰু অমানুহ হৈ পৰে৷ ইয়াৰ ওপৰিও হোমিওপেথিকত বহুতো ঔষধ আছে যিবোৰৰ ইচ্ছাশক্তি আৰু নৈতিক শক্তি লোপৰ লক্ষণ  আছে৷ সেইবোৰ হৈছে-কোকা,কোকেইন , কালি ব্ৰোম ইত্যাদি কিছুমান ঔষধৰ লক্ষণত ৰোগীৰ মনত  আত্মহত্যা কৰাৰ চিন্তা থকা দেখা যায়৷ উদাহৰণ স্বৰূপে, হিপাৰ সালফিউৰিস ক্যাল্কেৰিয়াম(Hepar Sulphuris Calcareum) নামৰ ঔষধৰ ৰোগীৰ মনলৈ  সন্ধ্যা আৰু ৰাতি দু:সহ মনস্তাপ আহে আৰু লগতে আহে আত্মহত্যাৰ চিন্তা৷ ৰোগী সামান্য কথাতে ক্ষিপ্ত হৈ উঠে আৰু হিংস্ৰ হৈ পৰে৷ এলো,এনাকাৰ্ডিয়াম, এন্টিম কুড, আৰ্সেনিক , অৰাম  আদি বহুতো ঔষধতে ৰোগী আত্মহত্যা ইচ্ছাযুক্ত হৈ পৰা লক্ষণ আছে৷

   দেখা যায় যে ৰোগীৰ কিছুমান ৰোগ মানসিক কাৰণতো সৃষ্টি হয়৷ সপোনৰ দ্বাৰা, কুসংস্কৰাৰ দ্বাৰা , কাৰোবাৰ কোনো মন্তব্যৰ দ্বাৰা,কোনো দিন বা কোনো সময়ত মৃত্যু হ’ব বুলি ৰোগীৰ ধাৰণা হ’লে  সঁচাকৈয়ে ঠিক সেই সময়তেই মৃত্যুৰ লক্ষণ বিলাকো প্ৰকাশ পায়৷ সেই ভাৱেই চতুৰালীৰ দ্বাৰা যদি তেওঁৰ কোনো কাৰণতেই মৃত্যু হ’ব নোৱাৰে বুলি ধাৰণাৰ সৃষ্টি কৰিব পৰা যায় তেনেহলে উপস্থিত মৃত্যুৰ বাহ্যিক  আৰু আভ্যন্তৰিক বিকৃতিবিলাকো আঁতৰি যায়৷ এনেদৰে মানসিক অৱস্থাৰ বাবে সৃষ্ট ৰোগৰ প্ৰচণ্ড তথা  অপৰামূলক কামত উদগনি দিয়া লক্ষণবোৰো যথোপযুক্ত নৈতিক শিক্ষাৰ দ্বাৰা বা অন্য যিকোনো উপায়ে নোহোৰা কৰিব পাৰিলেই সমাজত অপৰাধ প্ৰবণতা দূৰ হ’ব পাৰে৷ দৈহিক ৰোগৰ বাবে সৃষ্ট মানসিক লক্ষণ দূৰ কৰিবলৈ ঔষধৰ প্ৰয়োজন৷ এতিকে বিকৃত মানসিক অৱস্থা প্ৰত্যক্ষ কৰিলে ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷

  অৱশেষত ক’ব পাৰি যে মানিসিক অৱস্থা বেয়া হ’লেহে , অন্য কথাত, মানসিক ৰোগ হ’লেহে এজন লোকে অপৰাধত লিপ্ত হয়৷ এতেকে সকলো অপৰাধীয়েই মানসিক ৰোগী, যাৰ চিকিৎসাৰ প্ৰয়োজন আছে৷
                                      ০০০০০০০০০০০০০০০০০সমাপ্ত)০০০০০০০০০০০০০




No comments:

Post a Comment