(ৰহস্য গল্প)
“বাহাদুৰ, ‘জন-সেৱা’ৰ যোৱা বছৰটোৰ আটাইবোৰ সংখ্যা পালানে?” লেপটপৰ স্ক্ৰীণৰ পৰা মূৰ তুলি প্ৰখ্যাত ডিটেকটিভ ৰতন বৰুৱাই ক’লে, “যদি পালা তেন্তে মোৰ টেবুলত জাপি থোৱাহি৷”
“আটাইকেইখনেই
পালো
ছাৰ,
এয়া
আপোনাৰ
টেবুলতে
থৈছোঁ৷”
আলোচনী
কেইখন
জাপি
থৈ
বাহাদুৰে
ক’লে, “ছাৰ,
কথা
এষাৰ
কওঁ,
দায়-দোষ নধৰে যেন৷”
“কি
কথা,
কোৱা
আক’৷” –ৰতন
বৰুৱাই
ক’লে৷
বাহাদুৰে
থেৰু-গেৰুকৈ ক’লে,
“মানে
ছাৰ,
হিমাদ্ৰী
বৰুৱা
হত্যাৰ
কেচটোৰ
দায়িত্ব
লোৱা
ইমান
দিন
হ’ল একো
উৱাদিহ
ওলোৱা
নাই৷
ইফালে
এই
কেইদিনৰ
ভিতৰতে
হত্যাকাৰী
কোন
জনাব
লাগিব৷
তথাপিও
আপুনি
এই
ধৰণে
ফেচবুক
চাই,
আলোচনী
পঢ়ি
দিনবোৰ
পাৰ
কৰি
দিয়া
বাবে
আমাৰ
দলৰ
সকলো
হতাশ
হৈ
পৰিছে৷
তাতে
আকৌ
কাম-বন নথকা
বাবে
অদহিয়ে-বদহিয়ে ঘূৰি ফুৰোঁ, আৰ তাৰ
লগত
অনৰ্থক
কাজিয়া
পেচাল
লাগিব
লগীয়াও
হৈছে----৷”
“অ’
হয়
নেকি?
তেনেহলে
অহা
কাইলৈৰ
পৰা
কামত
লাগি
যাম
আৰু৷
এতিয়া
তুমি
মোক
এটা
কাম
কৰি
দিয়া৷
হিমাদ্ৰী
বৰুৱাৰ
নামত
থকা
ফেচবুক
একাউন্টটো
ফেক
নে
আচল
তাক
নিৰ্ণয়
কৰি
মোক
জানিবলৈ
দিয়া৷
আই
ডি
প্ৰুফ
কৰাবা৷”
“হ’ব ছাৰ৷”—কথাষাৰ কৈ বাহাদুৰ
ওলাই
গ’ল৷
“ৰ’বাচোন ৰ’বা
বাহাদুৰ,
এইফালে
আহাচোন৷”
বাহাদুৰ
ঘূৰি
আহি
ক’লে,“কিবা
ক’ব নেকি
ছাৰ?”
“বাহাদুৰ,তুমি ক’ৰবাত
দুখ
পালা
নেকি?
লেঙুৰাই
লেঙুৰাই
খোজ
কাঢ়িছা
যে৷”
“তাকেইতো
কৈছো
ছাৰ,
একো
কাম-বন নাই
বাবে
ৰাজনৈতিক
দল
এটাৰ
নিৰ্বাচনী
সভা
এখনত
নেতা
এজনে
দিয়া
ভাষণ
ৰাস্তাৰ
কাষতে
ৰৈ
শুনি
আছিলোঁ,
এনেতে
আমাৰ
ঘৰৰ
ওচৰৰ
চন্দন
বৰা
বাইকত
আহি
মোৰ
ওচৰত
ৰৈ
ক’লে, “ঐ
বাহাদুৰ,এইবোৰ কি কমেডি
শ্ব’
চাইছ
? সমস্তই
ফাঁকিবাজ
কথা------------৷”
“কথা
খিনি
কৈ
চন্দনে
তাৰ
বাইক
ষ্টাৰ্ট
কৰি
গুচি
গ’ল৷ ময়ো
স্কুলৰ
খেল
পথাৰৰ
সমুখৰ
পথেৰে
গৈ
বাঁহনিডৰাৰ
ওচৰ
পাওঁতেই
এহাল
বিশ
পঁচিশ
বছৰীয়া
ডেকাই
পিছ
ফালৰ
পৰা
মাত
দি
মোক
ৰ’বলৈ ক’লে৷
মই
ৰ’বলৈহে পালো, লগে লগে দুয়োটাই হাত দাঙি মোক ঘুঁচিয়ালৈ উদ্যত হ’ল৷
ময়ো
ভাৱিলো
বোলো
এনে
পেনপেনিয়া
ল’ৰাৰ হাতত মাৰ খালে নহ’ব;
ইহঁতে
চল
পাব
আৰু
আগলৈ
এনে
কামৰ
বাবে
উদগনি
পাব৷
সেয়ে
ছাৰ,
মই
লগে
লগে
কাৰাটেৰ
কিটিপ
প্ৰয়োগ
কৰি
হালকে
বগৰাই
পেলালো৷
সিহঁত
দুটাক মাৰোঁতে মাৰোঁতে ভৰিত অলপ দুখ পালো ছাৰ৷”
“অ’ সেইটো কথা,ৰতন বৰুৱাই হাঁহি হাঁহি ক’লে, “পিছে
সিহঁত হালক ভৱিষ্যতে চিনিব পৰা কিবা ব্যৱস্থা কৰি আহিছা নে নাই?”
“সেইটো মই ক’ত পাহৰিম ছাৰ? দুয়োটাৰে গালত চিন দি আহিছোঁ”, বাহাদুৰেও
হাঁহি হাঁহি ক’লে, “প্লাষ্টিক
চাৰ্জাৰি নকৰালৈকে সেই চিন থাকিব ছাৰ৷ এতিয়া মই যাওঁনে ছাৰ৷”
ৰতন বৰুৱাৰ অনুমতি লৈ বাহাদুৰে প্ৰস্থান কৰিলে৷ ৰতন বৰুৱাই বাহাদুৰক আক্ৰমণ কৰা যুৱক দুজনৰ কথা কিছু পৰ চিন্তা কৰি থাকিল৷ অৱশেষত ঠিৰাং কৰিলে যে কোনো ৰাজনৈতিক কাৰণত বাহাদুৰক ল’ৰা দুটাই আক্ৰমণ কৰা নাই৷ বাহাদুৰক সিহঁতে পুলিচৰ এজেন্ট বুলি সন্দেহ কৰি তাকে সুধিবলৈকে মাৰধৰ কৰি বশ কৰিব খুজিছিল৷
০০০০০০০০০০০০০০০০০০০০০০০
আজি ৰতন বৰুৱাই তেওঁৰ কাৰ্য্যালয়ৰ আলোচনা কক্ষত এক জৰুৰী বৈঠকৰ আয়োজন কৰি তাত যোগ দিবলৈ তেওঁৰ দলৰ সকলোকে মাতি পঠাইছে৷ ইতিমধ্যে সকলো আহি নিজ নিজ আসন গ্ৰহণ কৰিছে৷ এই বৈঠকৰ অন্যতম বৈশিষ্ট্য এই যে,দলত নতুনকৈ যোগ দিয়া মহিলা সদস্যা নিৰ্মলা আৰু সীমাই প্ৰথম বাৰলৈ ইয়াত অংশ গ্ৰহণ কৰিবলৈ আহিছে৷ অন্যহাতে, কিছুদিন ধৰি ৰতন বৰুৱাই কাম-কাজ এৰি নিস্ক্ৰিয় হৈ পৰাত হতাশাত ভুগিব ধৰা সদস্যসকলে এই বৈঠকখন আয়োজিত কৰাত উৎসাহিত হৈছে৷
বৈঠকৰ আৰম্ভণিতে সকলোকে সম্বোধন জনাই ৰতন বৰুৱাই ক’লে, “ বন্ধুসকল,
আপোনালোকক এই কেইদিন বেছ উৎকন্ঠিত হৈ থাকিবলৈ দিয়া বাবে ক্ষমা কৰিব৷ মই আচলতে কামতে ব্যস্ত আছিলো৷ সেই সময়ত আপোনালোকৰ প্ৰতিজনকে ভগাই দিবলৈ মোৰ হাতত কোনো কামো নাছিল৷ আপোনালোকে জানি সুখী হ’ব যে সাহিত্য অকাডেমী বঁটাবিজয়ী সু-লেখিকা হিমাদ্ৰী বৰুৱাৰ লগত যোগাযোগ ৰখা লোকজনক চিনাক্ত কৰা হৈছে৷ তেওঁ এজন খ্যাতনমা সাহিত্যিক৷ বাৰ্তাবোৰৰ কথাৰ পৰাই জানিব পৰা গৈছিল যে তেওঁৰ গল্প-প্ৰৱন্ধ অসমৰ বিভিন্ন আলোচনীত প্ৰকাশ পাই থাকে৷ তেওঁৰ ফেচবুক একাউন্ট আছে আৰু কেইবাটও গোটৰো সদস্য৷ মই ‘জন-সেৱা’ৰ বহুতো সংখ্যা পঢ়িলো, ইতিমধ্যে প্ৰকাশ হৈ যোৱা ই-আলোচনীৰ সংখ্যাবোৰ পঢ়িলো আৰু ফেচবুক তথা গোটসমূহত
দিয়া আপডেটবোৰ লক্ষ্য কৰি গ’লো৷ অৱশেষত এটা বিশেষ শব্দ আৱিষ্কাৰ হ’ল৷ সেই শব্দটো হ’ল –“পহিলাতে”৷
এই শব্দটো বাৰ্তাবোৰত পাইছিলো—যিবোৰৰ প্ৰেৰক কোন জনাৰ উপায় নাছিল৷ আমি চিনাক্ত কৰা সাহিত্যিকজনৰ প্ৰায়বোৰ লেখাৰ মাজে মাজে ‘পহিলাতে’ শব্দটো পোৱা গ’ল৷ যিহেতু ই এক তেওঁৰ মুদ্ৰা দোষ৷ এতিয়া আমাৰ কাম সমাধা কৰাৰ পথ সুচল হ’ল৷ এতিয়া আমাৰ সন্মিলিত প্ৰচেষ্টা অতি সতৰ্কতাৰে আগুৱাই নিলেই হ’ল৷ আজি আমাৰ বাবে অতি সৌভাগ্যৰ দিন৷ যিহেতু আমাৰ মাজত দুগৰাকী নৱাগতা
মহিলা
সদস্যা
উপস্থিত
আছে-যাৰ অভাৱ হেতু মাজে মাজে আমাৰ পৰিকল্পনাত
স্থবিৰতা
আহি
পৰিছিল৷
এতিয়াৰ
পৰা
সেই
সমস্যা
নাথাকিব৷
নিৰ্মলা
আৰু
সীমাৰ
সৈতে
সকলোৱে
ইতিমধ্যে
চিনাকি
হৈছেই৷
এতিয়া
তেওঁলোকৰ
বাবে
সকলোৱে
জোৰে
জোৰে
হাত-তালি দিয়ক৷”
সকলোৱে
উল্লাসেৰে
হাততালি
দিলে৷
নিৰৱতা
ভংগৰ
পিছত
এতিয়া
মৃদু
গুঞ্জনৰ
দৰে
কোঠাটো
গুঞ্জৰিত
হৈ
পৰিল৷
ৰতন
বৰুৱাই
পুনৰ
বক্তব্য
আৰম্ভ
কৰাত
সকলো
নিৰৱ
হ’ল৷
“আপোনালোকে
চাগৈ ভাৱিছিল
যে
মই
সাহিত্যিক
গৰাকীৰ
ৰিক্ত
স্থান
পূৰ্ণ
কৰিবলৈ
বুলি
উঠি
পৰি
পঢ়া
শুনাত
লাগিছিলো৷ নহয়
নে বাৰু?
”হাঁহি হাঁহি
ৰতন
বৰুৱাই
ক’লে৷
“হয়
ছাৰ,
হয়
ছাৰ,
আপুনি
ঠিকেই
অনুমান
কৰিছে
৷”
সকলোৱে
সমস্বৰে
কৈ
হাঁহিৰ
খলকনি
তুলিলে৷
“এতিয়া
আমি
প্ৰত্যেকে
নিজে
কৰিব
লগীয়া
কামৰ
বুজ
ল’ম আৰু সেই মতে আগুৱাই গৈ লক্ষ্যত উপনীত হ’ম৷”কথা খিনি কৈ ৰতন বৰুৱাই এখন তালিকা হাতত তুলি ল’লে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
অসমৰ
প্ৰখ্যাত
সাহিত্যিক
তথা
দায়িত্বশীল
সাংবাদিক
ড°
পৰাণ
হাতীবৰুৱাৰ
কাৰ্য্যালয়
কক্ষত
সময়মতেই
গৈ
নিৰ্মলা
উপস্থিত
হ’ল৷
“ছাৰ,মই সোমাব পাৰোঁনে?”
“নিশ্চয়,
নিশ্চয়,আহা, মই যদি ভুল কৰা নাই তেন্তে তুমি নিৰ্মলা শইকীয়া, নহয়নে বাৰু?”
“হয়
ছাৰ,
মই
নিৰ্মলা
শইকীয়া৷”
“ঠিক
আছে৷
বহা৷”
ড°
পৰাণ
হাতীবৰুৱাই
নিৰ্মলাক
প্ৰয়োজনীয়
প্ৰশ্ন
কেইটামান
কৰিলে
আৰু
তাইৰ
যোগ্যতাৰ
প্ৰমাণ-পত্ৰবোৰ ভালদৰে চালে৷
“অভিনন্দন
নিৰ্মলা৷
তোমাক
আমাৰ
কাৰ্য্যালয়ৰ
সহায়ক
পদৰ
বাবে
মনোনিত
কৰা
হৈছে৷
আজিয়েই
তুমি
কামত
যোগদান
কৰিব
পাৰা৷
উচ্চ
বৰ্গৰ
সহায়ক
প্ৰবীণ
দাসৰ
পৰা
পৰা
নিয়োগ
পত্ৰখন
ল’বা আৰু তোমাৰ কাম-কাজবোৰৰ বিষয়ে তেওঁৰ পৰাই জানি –বুজি ল’বা৷ মই এখন সংবাদ মেলত যোগ দিবলৈ যাব লগা হ’ল৷”
“ধন্যবাদ
ছাৰ৷”
০০০০০০০০০০০০০০০০০০০০০০০০০০০
প্ৰাইভেট
ডিটেকটিভ
ৰতন
বৰুৱাৰ
কাৰ্য্যালয়
কক্ষ৷
সহকৰ্মী
কেইজনমানৰ
সৈতে
ৰতন
বৰুৱাই
হিমাদ্ৰী
বৰুৱাৰ
হত্যা-কাণ্ডটোৰ
সন্দৰ্ভতে
আলোচনা
কৰি
আছে৷
“প’ষ্টমৰ্টেম
ৰিপৰ্ট
পালা?”
সঞ্জয়ক
উদ্দেশ্যি
ৰতন
বৰুৱাই
ক’লে, “কোৱাচোন মৃত্যুৰ কাৰণ কি বুলি লিখিছে৷”
“হয়
ছাৰ
পালো৷
বিষাক্ত
দ্ৰব্য
সেৱন
কৰা
ফলতহে
হিমাদ্ৰী
বৰুৱাৰ
মৃত্যু
হৈছে৷”
“আচৰিত
কথা!”
সঞ্জয়ৰ
কথা
শুনি
সকলোৱে
আশ্বৰ্য্য
প্ৰকাশ
কৰিলে৷
কাৰণ,
যেতিয়া
হিমাদ্ৰী
বৰুৱাক
মৃত
অৱস্থাত
তেওঁৰ
শুৱনি
কোঠাত
ৰতন
বৰুৱা
আৰু
তেওঁৰ
সহযোগীসকলে
আৰক্ষীৰলোকৰ
সৈতে
গৈ
দেখা
পাইছিল
তেতিয়া
হিমাদ্ৰী
বৰুৱাই
কিবা
বিভৎস
বস্তু
দেখা
পাই
ভয়
খোৱাৰ
দৰে
চকু
দুটা
মেলি
আছিল
আৰু
তেওঁ
চোফা
এখনত
বহি
আছিল৷
সমুখৰ
টেবুলত
তেওঁৰ
লেপটপটো
খোলা
অৱস্থাতে
আছিল৷
তাত
তেওঁ
এখন
হ’ৰৰ
চিনেমা
চাই
আছিল৷
“বিক্ৰম,
পেনড্ৰাইভটো
আনা
আৰু
হিমাদ্ৰী
বৰুৱাই
চোৱা
হ’ৰৰ
চিনেমাখন
মোৰ
লেপটপটোত
লগাই
সকলোৱে
চাওঁচোন
আহা৷”
ৰতন
বৰুৱাৰ
নিৰ্দ্দেশ
অনুযায়ী
সকলোৱে
বহি
হ’ৰৰ
চিনেমাখন
চাব
ধৰিলে৷
চিনেমাখন
চাই
সকলো
এটা
কথাত
আচৰিত
হ’ল৷ চিনেমাখনত
থকা
মানুহৰ
ৰক্ত
পান
কৰা
ডাইনীজনীৰ
ভাও
লৈছে
স্বয়ং
হিমাদ্ৰী
বৰুৱাই৷
“এয়া
জানো
সম্ভৱ,”সকলোকে উদ্দেশ্যি
ৰতন
বৰুৱাই
ক’লে, “বিদেশী হ’ৰৰ চিনেমা এখনত হিমাদ্ৰী
বৰুৱাই
অভিনয়
কৰা
দূৰৰ
কথা,
আমাৰ
দেশৰে
কোনো
চিনেমা
থিয়েটাৰতে
তেওঁ
কাহানিও
অভিনয়
কৰা
নাই৷
এয়া
এক
চক্ৰান্ত৷
বিক্ৰম,
তুমি
পেনড্ৰাইভটো
হাই-টেক কম্পিউটাৰ
ইঞ্জিনীয়াৰৰ
ওচৰলৈ
নি
পৰীক্ষা
কৰাই
আনি
মোক
বিতং
জনাবা৷”
০০০০০০০০০০০০০০০০০০০০০০০০
“ছুটী
পালা
তেন্তে,”সীমাক উদ্দেশ্যি
ৰতন
বৰুৱাই
ক’লে, “কেইদিনৰ বাবে ছুটী পালা সীমা ?”
“বাইদেউৰ
পৰা
এদিনৰ
ছুটী
পালো,”
হাঁহি
হাঁহি
সীমাই
উত্তৰ
দিলে,
“কিন্তু
আপোনাৰ
পৰা
যে
ৰক্ষা
নাই৷
ছুটী
জানো
উপভোগ
কৰিবলৈ
পাম৷”
সীমাৰ
কথা
শুনি
ৰতন
বৰুৱাৰ
লগতে
তেওঁৰ
ড্ৰইং
ৰুমত
চোফাত
উপবিষ্ট
আটাইকেইজন
সহকৰ্মীয়ে
হাঁহিৰ
খলকনি
তুলিলে৷
নিৰ্মলাই
চাকৰিত
যোগদান
কৰাৰ
প্ৰথম
সপ্তাহতে
এদিন
ড°
পৰাণ
হাতীবৰুৱাৰ
পত্নী
মিছেছ
এলিনা
হাতীবৰুৱা
অফিচলৈ
আহি
তাইৰ
সৈতে
চিনাকি
হৈ
ভঙা
ভঙা
অসমীয়াত
দুই
এষাৰ
কথা
পাতিছিল৷
ঘৰুৱা
কাম-কাজৰ অজুহাত দেখুৱাই খৰধৰকৈ মিছেচ হাতীবৰুৱা
যাবলৈ
ধৰাৰ
ক্ষণতেই
নিৰ্মলাই
এগৰাকী
বিশ্বস্ত
বন
কৰা
মহিলাৰ
যোগান
ধৰাৰ
প্ৰতিশ্ৰুতি
দিলে৷
তাৰে
ফলশ্ৰুতিতেই
সীমাই
চাকৰি
লাভ
কৰিলে৷
গাখীৰতে
ম’হৰ খুঁটি৷ হিমাদ্ৰী
বৰুৱাৰ
হত্যা-কাণ্ডৰ শুং-সূত্ৰ উলিওৱাৰ ক্ষেত্ৰত
ড°
পৰাণ
হাতীবৰুৱাৰ
ঘৰখনৰ
ওপৰত
নজৰ
ৰখাটো
অতি
প্ৰয়োজনীয়
কথা
আছিল৷
গতিকে
ৰতন
বৰুৱাই
এই
কামৰ
দায়িত্ব
নিৰ্মলা
আৰু
সীমাক
অৰ্পণ
কৰিলে৷
কিছু
সম্ভেদ
পোৱাৰ
আশাৰে
সীমাক
তাইৰ
কৰ্মস্থলীৰ
পৰা
এদিনৰ
বাবে
হলেও
ছুটী
লোৱাই
আঁতৰাই
আনিছে
৷
“ঠিক
আছে
সীমা,
আমাক
প্ৰয়োজনীয়
খবৰবোৰ
দিলেই
তোমাক
আজিৰ
দিনটোৰ
বাবে
ছুটী
দিয়া
হ’ব৷”-ৰতন বৰুৱাই ক’লে৷
সীমাক
মধ্যমণি
স্বৰূপে
লৈ
সকলো
আলোচনাত
ব্যস্ত
হৈ
পৰিল৷
০০০০০০০০০০০০০০০০০০০০০
হিমাদ্ৰী
বৰুৱা
হত্যা
কাণ্ডৰ
হত্যাকাৰীক
চিনাক্ত
কৰা
কামত
প্ৰাইভেট
ডিটেক্টিভ
ৰতন
বৰুৱাৰ
দলে
পূৰ্ণ
উদ্যমেৰে
কামত
লাগোঁতেই
আকৌ
এক
নতুন
সমস্যা
আহি
পৰিল৷
দলৰ
কৰ্মী
ইন্দ্ৰজিতক
কোনোবাই
অপহৰণ
কৰিছে৷
এই
সমস্যাটোক
লৈয়ে
ৰতন
বৰুৱাই
নিজৰ
কাৰ্য্যালয়
কক্ষত
সহকৰ্মী
সকলৰ
লগত
আলোচনাত
ব্যস্ত
হৈ
আছে৷
“ছাৰ,
এইমাত্ৰ
ইন্দ্ৰজিত
আহি
পাইছে৷
তেওঁ
আপোনাক
লগ
পাব
বিচাৰোছে৷”
দ্বাৰ-
ৰক্ষীজনৰ
কথাই
সকলোৰে
মনোযোগ
আকৰ্ষণ
কৰিলে
আৰু
ৰতন
বৰুৱাই
ইন্দ্ৰজিতক
সভা
কক্ষলৈ
আহিবলৈ
ক’লে৷
ইন্দ্ৰজিত
সভা
কক্ষত
প্ৰৱেশ
কৰা
লগে
লগে
তেওঁক
সন্মান
জনাবলৈ
সকলোৱে
বহাৰ
পৰা
থিয়
হৈ
তেওঁক
আসন
গ্ৰহণ
কৰিবলৈ
অনুৰোধ
জনালে৷
ইন্দ্ৰজিতে
ৰতন
বৰুৱাৰ
অনুৰোধক্ৰমে
অপহৰণৰ
সমষ্ট
ঘটনা
বৰ্ণনা
কৰি
গ’ল৷
“কিবা
কাৰণত
সন্ত্ৰাসবাদীহঁতে
ইন্দ্ৰজিতৰ
চলন–ফুৰণত সন্দেহ কৰা বাবেই তেওঁক অপহৰণ কৰি কথাবোৰ স্পষ্টকৈ
জানিব
বিচাৰিছিল;
কিন্তু
আমাৰ
ইন্দ্ৰজিত
জানো
পৰি
মৰা
বিধৰ?
সিহঁতৰ
জাল
ফালি
ওলাই
আহিল৷”
ৰতন
বৰুৱাই
ক’লে৷
০০০০০০০০০০০০০০০০০০০
“এতিয়া
হত্যাকাৰী
আমাৰ
নিচেই
কাষতে
আছে৷”,
সতীৰ্থসকলক
উদ্দেশ্যি
প্ৰাইভেট
ডিটেকটিভ
ৰতন
বৰুৱাই
ক’লে, “সকলোৱে অতি সাৱধানতাৰে
কাম
কৰি
যাব
লাগিব,
অন্যথাই
বিপদত
পৰিব
লাগিব
আৰু
অপৰাধী
চক্ৰই
আমাৰ
সকলোৰে
চকুত
ধুলি
দি
পলাই
যাব
পাৰে৷”
“কিন্তু
ছাৰ
ড°
পৰাণ
হাতীবৰুৱাৰ
দৰে
ভদ্ৰলোক
এজন
ক’লৈ পলাই যাব?” বাহাদুৰে
কথাষাৰ
কোৱাৰ
লগে
লগে
সকলোৱে
তেওঁলৈ
দৃষ্টি
নিক্ষেপ
কৰাত
লাজতে
তল
মূৰ
কৰিলে৷
“আচলতে
বাহাদুৰৰ
দৰে
আমাৰ
মাজৰে
কেইবাজনেও
ড°
পৰাণ
হাতীবৰুৱাকে
মূল
হত্যাকাৰী
বুলি
ক’ব খোজে৷ এই ক্ষেত্ৰত
আমি
তেওঁলোকৰ
যুক্তিকো
দলিয়াই
পেলাব
লগীয়া
বুলি
নকওঁ,”ৰতন বৰুৱাই ক’লে, “আমি এই বিষয়ত মতামত বিনিময় কৰা উচিত৷ কি কি যুক্তিত ড° পৰাণ হাতীবৰুৱাক
সন্দেহ
কৰিব
পাৰি?
প্ৰথমে
বাহাদুৰে
কোৱাচোন
বাৰু৷”
“ছাৰ,
প্ৰথম
কথা
হ’ল, ড° পৰাণ হাতীবৰুৱাৰ
বাহিৰে
আন
কাৰো
সৈতে
হিমাদ্ৰী
বৰুৱাৰ
ঘনিষ্ঠ
সম্পৰ্ক
নাছিল;
কিন্তু
হত্যা
কাণ্ডটোৰ
পিছত
ড°
পৰাণ
হাতীবৰুৱাই
যেনে
ধৰণৰ
প্ৰতিক্ৰিয়া
প্ৰকাশ
কৰিব
লাগিছিল
সেয়া
কৰা
নাই৷
তেওঁ
যে
কিমান
নিষ্ঠুৰ
ইয়াতেই
প্ৰমাণ
পোৱা
যায়
আৰু
সেয়ে
আমি
তেওঁক
হত্যাকাৰী
বুলি
ক’ব পাৰোঁ৷”
“ছাৰ,
মইয়ো
এটা
কথা
ক’ব খোজোঁ,” সঞ্জয়ে ক’লে, “ড° পৰাণ হাতীবৰুৱাৰ
ঘৰলৈ
কিছুমান
সন্দেহভাজন
লোকৰ
সঘন
আহ-যা চলি থাকে৷ বাহাদুৰৰ
লগত
কাজিয়া
কৰোঁতে
সি
গালত
দাগ
দি
পঠিওৱা
গুণ্ডাটো
তেওঁলোকৰ
ঘৰলৈ
যাওঁতে
ড°
হাতীবৰুৱাই
অফিচ
ৰুমৰ
পৰা
ওলাই
গৈ
তাৰ
সৈতে
কিবাকিবি
কথা
পতা
আমাৰ
নিৰ্মলাই
দেখি
আমাক
জনাইছে৷
গতিকে
তেনে
ধৰণৰ
ভিৰোনীয়া
গুণ্ডা
লগাই
নিশ্চয়
হিমাদ্ৰী
বৰুৱাক
হত্যা
কৰা
হ’ল৷”
“পিছে
সীমাই
কোৱা
মতে
সেই
ধৰণৰ
সন্দেহভাজন
মানুহবোৰে
মিছেচ
হাতীবৰুৱাক
লগ
কৰিবলৈহে
তেওঁলোকৰ
ঘৰলৈ
যায়৷
মানুহজনী
বিদেশিনী
হোৱা
বাবে
মাজে
সময়ে
দুই
এজন
বিদেশীও
তেওঁক
লগ
কৰিবলৈ
যায়৷
এই
বিষয়ত
ইন্দ্ৰজিতে
কিবা
ক’বানে?” ইন্দ্ৰজিতলৈ
চাই
ৰতন
বৰুৱাই
ক’লে৷
“হয়
ছাৰ,
মোক
অপহৰণ
কৰা
দলটোৰ
দুই
এজন
লোকো
হাতীবৰুৱাৰ
ঘৰলৈ
মাজে
মাজে
যায়৷
এই
কথা
সীমা
আৰু
নিৰ্মলাই
জনাইছে৷
সেইবোৰ
লোকৰ
চেহেৰা
পাতি
আৰু
আদব-কায়দা সীমাহঁতক
আগতীয়াকৈ
বৰ্ণনা
কৰি
থৈছোঁ৷
যিটো
মানুহৰ
চকুত
জলকীয়া
গুড়ি
ছটিয়াই
মই
সিহঁতৰ
কেম্পৰ
পৰা
পলাই
আহিব
পাৰিলো
সিও
ৰাতিৰ
ভাগত
মাজে
মাজে
হাতীবৰুৱাৰ
ঘৰলৈ
আহে৷
ড°
হাতীবৰুৱাৰ
অনুপস্থিতিৰ
সুযোগলৈ কেইবাজন
লোক
লগ
হৈ
ৰুদ্ধ-দ্বাৰ বৈঠক অনুষ্ঠিত
কৰে৷
এই
সকলোবোৰ
কথা
লক্ষ্য
কৰি
মোৰ বিদেশিনীজনীৰ
ওপৰতহে
সন্দেহ
জন্মিছে
ছাৰ৷”
কথাখিনি
কৈ
ইন্দ্ৰজিতে
ৰতন
বৰুৱাৰ
প্ৰতিক্ৰিয়ালৈ
বাট
চাই
ৰ’ল৷
“ইন্দ্ৰজিতে
ঠিকেই
কৈছে,”
ৰতন
বৰুৱাই
ক’লে,“মানুহজনীৰ
কাম
কাজবোৰ
সন্দেহজনক৷
কম্পিউটাৰৰ
উচ্চ
প্ৰযুক্তিৰ
জ্ঞান
আৰু
ডিগ্ৰি
থকা
বাবে
তেওঁ
কম্পিউটাৰৰ
শিক্ষা
প্ৰদানৰ
বাবে
যি
অনুষ্ঠান
ঘৰতে
খুলি
ল’লে তাত তেওঁ কাকো শিক্ষা দান নকৰে৷ ব্যক্তিগত
কামহে
তাত
কৰে
; কিন্তু
কেনে
ধৰণৰ
কাম
তাত
কৰা
হয়
সেয়া
জনাৰ
উপায়
নাই৷
আমাৰ
সীমাই
বহু
চেষ্টা
কৰিও
এই
বিষয়ত
একো
জানিব
পৰা
নাই৷
মানুহজনীৰ
উগ্ৰবাদী
গোটৰ
লগতো
যোগাযোগ
থাকিব
পাৰে৷
গতিকে
সকলোৱে
সাৱধানে
কামত
আগ
বঢ়া
উচিত৷”
“ ছাৰ,
মোৰো
কথা
এটা
ক’ব লগা আছে৷”, মতিনে
ক’লে,“ড° পৰাণ হাতীবৰুৱাৰ
গাড়ী
চালক
ৰবিশংকৰৰ
চলন-ফুৰণ বৰ সুবিধাজনক
নহয়
যেন
লাগিছে৷
ছাৰে
মোক
ড°
পৰাণ
হাতীবৰুৱাক
অনুসৰণ
কৰিবলৈ
কৈছিল
যদিও
ৰবিশংকৰৰ
কিছুমান
আচহুৱা
আচৰণত
মোৰ
চকু
পৰে৷
কাৰণ,
যোৱা
সোমবাৰে
ড°
পৰাণ
হাতীবৰুৱা
তেওঁৰ
বন্ধু
মেজৰ ৰঞ্জিত
সিঙৰ অফিচলৈ
তেওঁক
লগ
কৰিবলৈ
যাওঁতে
হাতীবৰুৱাৰ
অজ্ঞাতে
সেই
অফিচৰ
এজন
কৰ্মচাৰীৰ
পৰা
ৰবিশংকৰে
এটা
পেনড্ৰাইভ
লয়৷
এই
কথা
মোক
লগে
লগে
সেই
অফিচৰ
পিয়ন
দিগন্তই
জনাই
দিয়ে৷
দিগন্ত
মোৰ
মাহীৰ
ল’ৰা৷ তাক মোৰ প্ৰয়োজনীয়
মানুহবোৰৰ
ওপৰত
নজৰ
ৰাখিবলৈ
কোৱা
আছে
আৰু
এই
কামৰ
বাবে
সি
মোৰ
পৰা
বক্সিচ
পাব
বুলিও
জানে৷
দিগন্তৰ
পৰা
কথাটো
জনাৰ
লগে
লগে
মই
সীমা
আৰু
নিৰ্মলাক
কথাটো
জনাই
নজৰ
ৰাখিবলৈ
ক’লো৷ মোৰ ধাৰণাই শুদ্ধ হ’ল, সীমাই দেখিলে গাড়ী চালক ৰবিশংকৰে
অতি
সংগোপনে
পেইনড্ৰাইভটো
মিছেচ
হাতীবৰুৱাক
গতাই
দিছে৷”
“তেনেহ’লে আমি ধৰি ল’ব পাৰোঁ যে ড° পৰাণ হাতীবৰুৱাৰ
অজ্ঞাতে
মিছেচ
হাতীবৰুৱাই
নিশ্চয়
কিবা
এক
চক্ৰবেহু
ৰচনা
কৰি
তাৰ
আঁত
ধৰি
গৈছে,”
ৰতন
বৰুৱাই
ক’লে, “গতিকে ড° পৰাণ হাতীবৰুৱাক
অপৰাধী
বুলি
সন্দেহ
নকৰি
তেওঁৰ
সহযোগিতাৰে
আচল
অপৰাধীক
কৰায়ত্ত
কৰাটোহে
বুদ্ধিমানৰ
কাম
হ’ব৷ বাহাদুৰ, মোক ড° পৰাণ হাতীবৰুৱাৰ
ফোন
নম্বৰটো
দিয়াচোন৷”
০০০০০০০০০০০০০০০০০০০০০০০০০
“ছাৰ,
আপোনাক
আমনি
দিয়া
বাবে
আমাক
ক্ষমা
কৰিব,”ড° পৰাণ হাতীবৰুৱাক
উদ্দেশ্যি
ৰতন
বৰুৱাই
ক’লে, “আমি হিমাদ্ৰী
বৰুৱাৰ
হত্যাকাৰীক
কৰায়ত্ত
কৰিবৰ
বাবে
অনুসন্ধান
চলাই
আছো৷
ইয়াৰ
মাজলৈ
আপোনাকো
টানি
আনিব
লগা
হোৱা
বাবে
আমি
দুঃখিত৷
আপোনাৰ
সহায়
অবিহনে
দোষীক
চিনাক্ত
কৰাটো
আমাৰ
বাবে
কঠিন
কাম
হৈ
পৰিছে৷”
“কওকচোন
মই
আপোনালোকক
কেনে
দৰে
সহায়
কৰিব
পাৰোঁ৷”ড° পৰাণ হাতীবৰুৱাই
ক’লে, “হিমাদ্ৰী
বৰুৱাৰ
হত্যাকাৰীক
ধৰা
পেলাই
কঠোৰ
শাস্তি
প্ৰদান
কৰাটো
ময়ো
কামনা
কৰোঁ৷
কাৰণ,
তেওঁ
মোৰ
শুভাকাঙ্খী
আছিল৷
তেওঁৰ
মৃত্যুৰ
পুৰ্বেই
মোক
কৈছিল
কোনোবাই
তেওঁক
হত্যা
কৰিব
পাৰে
আৰু
হত্যাৰ
পিছত
যদি
মই
কিবা
প্ৰতিবাদ
কৰোঁ
তেন্তে
হত্যাকাৰীয়ে
মোকো
হত্যা
কৰিব৷
পহিলাতে
তেওঁ
কোৱা
কথাত
গুৰুত্ব
দিয়া
নাছিলো;
কিন্তু
তেওঁৰ
মৃত্যুৰ
পিছত
মই
বৰ
ভয়
খালো৷
সেয়ে
মই
নিজৰ
প্ৰাণৰ
মমতাত
নিশ্চুপ
হৈ
আছোঁ৷
আপোনালোকে
সাহস
দিছে
যেতিয়া
মই
আপোনালোকক
সহায়
কৰিম৷”
“ছাৰ,
আচলতে
আমি
আপোনাৰ
ওচৰে
পাজৰে
থকা
কেইবাজনো
লোকক
সন্দেহ
কৰিছোঁ৷
আপোনাৰ
গাড়ী
চালক
ৰবিশংকৰকো
আমি
সন্দেহৰ
চকুৰে
চাইছোঁ৷
সেয়েহে
ৰবিশংকৰে
চলোৱা
আপোনাৰ
গাড়ীখনত
আহিবলৈ
নিদি
ভাৰাত
গাড়ী
লৈ
আপোনাক
আমাৰ
ইয়ালৈ
আনিছোঁ৷
ছাৰ,
আপুনি
অনুমান
কৰিব
পাৰেনে
ৰবিশংকৰ
এতিয়া
ক’ত আছে?” ৰতন বৰুৱাই ড° পৰাণ হাতী বৰুৱাক প্ৰশ্ন কৰিলে৷
“ওঁহু,
মই
সেইটো
নাজানিম৷”
ড°
হাতীবৱুৱাই
উত্তৰ
দিলে৷
“মতিন,
চাওঁ
অলপ
এইফালে
আহাচোন৷”
ৰতন
বৰুৱাই
কোৱাৰ
লগে
লগে
মতিনে
কোঠাটোত
প্ৰৱেশ
কৰিলে৷
“কোৱাচোন
মতিন,
ৰবিশংকৰ
এতিয়া
ক’ত আছে৷”
ৰতন
বৰুৱাৰ
প্ৰশ্নৰ
উত্তৰ
দি
মতিনে
ক’লে, “ছাৰ, ৰবিশংকৰে
হাতীবৰুৱা
ছাৰক
অনুসৰণ
কৰি
আহি
আমাৰ
আফিচৰ
কাষৰ
সৰু
হোটেল
এখনতে
বহি
আছে৷
বেচেৰাই
নাজানে
যে
মইয়ো
তাক
অনুসৰণ
কৰি
আছো৷”
“বাৰু
তুমি
যোৱা
মতিন৷”
ৰতন
বৰুৱাৰ
আদেশত
মতিনে
প্ৰস্থান
কৰিলে৷
“মোক
অনুসৰণ
কৰিছে?”
ড°
পৰাণ
বৰুৱাই
আচৰিত
হৈ
ক’লে৷
“হয়
ছাৰ৷
আপুনি,
আমি
সকলো
এতিয়া
এক
চক্ৰবেহুৰ
মাজত
সোমাই
পৰিছোঁ৷
মাথো
একো
নজনা
ভাও
ধৰি
কিছুমান
কাম
কৰি
যাব
পাৰিলেই
শত্ৰু
পক্ষৰ
চক্ৰবেহু
ভেদি
শত্ৰুক
আমাৰ
চক্ৰবেহুত
আৱদ্ধ
কৰিবলৈ
সক্ষম
হ’ব পৰা যাব৷ এতিয়া আমি কিছুমান পৰিকল্পনা
কৰি
লওঁ
আৰু
সেই
মতেই
কাম
কৰি
যাম৷”
০০০০০০০০০০০০০০০০০০০০০০০০
ড°
পৰাণ
হাতীবৰুৱাৰ
গাড়ীখন
মেজৰ
ৰঞ্জিত
সিঙৰ
অফিচৰ
সমুখত
ৰৈ
গ’ল৷ ড° হাতীবৰুৱা
গাড়ীৰ
পৰা
নামি
বন্ধুৰ
অফিচ
কক্ষত
সোমালগৈ৷
অফিচৰ
নাতি
দূৰত
মতিনে
ৰবিশংকৰৰ
ওপৰত
নজৰ
দি
থাকিল৷
ক্ষন্তেক
পিছতে
ৰবিশংকৰে
গাড়ীৰ
ড্ৰাইভিং
চিততে
বহি
থাকি
ম’বাইল ফোনত নম্বৰ ডাইল কৰিলে৷ তাৰ পিছত সি গাড়ীৰ পৰা নামি অফিচৰ মূল প্ৰৱেশ দ্বাৰৰ ফালে আগুৱাই গ’ল, ঠিক তেনে সময়তে এজন মানুহ অফিচৰ পৰা ওলাই আহি ৰবিশংকৰক
কিবা
এটা
দি
তৎক্ষণাত
অফিচলৈ
সোমাই
গ’ল৷ লগে লগে মতিনো সেই স্থানৰ পৰা অন্তৰ্ধান
হ’ল৷
কিছু
সময়ৰ
পিছত
ড°
পৰাণ
হাতীবৰুৱা
অফিচৰ
পৰা
ওলাই
আহি
গাড়ীত
বহিল
আৰু
ৰবিশংকৰক
ঘৰ
অভিমুখে
গাড়ী
চলাবলৈ
নিৰ্দ্দেশ
দিলে৷
০০০০০০০০০০০০০০০০০০০০০০
অপৰাধীক
হাতে
লোতে
ধৰা
পেলাই
কৰায়ত্ত
কৰিবলৈ
সকলো
প্ৰস্তুতি
সমাপন
কৰি
প্ৰাইভেট
ডিটেকটিভ
ৰতন
বৰুৱাৰ
দলে
পুলিচ
তথা
অৰ্ধ
সামৰিক
বাহিনীৰ
লোকক
সাজু
কৰি
ড°
পৰাণ
হাতীবৰুৱাৰ
ঘৰৰ
আশে-পাশে অপেক্ষা কৰি থাকিল৷
পিছে
পৰিকল্পনাত
কিবা
এক
বিজুটি
ঘটিল!
বহুপৰ
অপেক্ষা
কৰাৰ
পিছতো
ড°
পৰাণ
হাতীবৰুৱাৰ
গাড়ী
ঘৰলৈ
ঘূৰি
নাহিল৷
ড°
পৰাণ
হাতীবৰুৱাৰ
ম’বাইল ফোনত ৰিংটন বাজি থাকিল; কিন্তু নাই কোনো সঁহাৰি৷ আৰক্ষীৰ লোকসকলে ইফালে সিফালে বহুজনলৈ ফোন কৰি নিশ্চিত হ’ল যে ড° হাতীবৰুৱাৰ
গাড়ী
গৃহাভিমুখে
নাহি
পাহাৰীয়া
লুংলুঙীয়া
পথ
এটাৰেহে
গুছি
গৈছে৷
তেনেহ’লে? ই নিশ্চয় এক অপহৰণ কাণ্ড৷ সকলোৱেই এই কথাত পতিয়ন গ’ল আৰু ততালিকে পুলিচ তথা অৰ্ধ সামৰিক বাহিনী লোকৰ সৈতে ৰতন বৰুৱাৰ দল সম্ভাব্য
স্থান
অভিমুখে
গতি
কৰিলে৷
০০০০০০০০০০০০০০০০০০০০০০০
এক
তয়া-ময়া ৰণৰ অন্তত ড° পৰাণ হাতীবৰুৱাক
কোনো
হানি
বিঘিনি
নঘটাকৈ
জীৱন্তে
অপহৰণকাৰীৰ
কবলৰ
পৰা
উদ্ধাৰ
কৰা
হ’ল৷ গাড়ী চালক ৰবিশংকৰ আৰু তাৰ সহযোগী অপহৰণকাৰী
চাৰিজনকো
জখমী
অৱস্থাত
বন্দী
কৰা
হ’ল৷ জেৰা কৰা সময়ত সিহঁতে যিবোৰ কথা ক’লে সেয়া শুনি সকলো স্তম্ভিত
হ’ল আৰু ততালিকে সিহঁত কেইটাক জেল হাজোতলৈ প্ৰেৰণ কৰি সম্ভাব্য
বিপদৰ
পৰা
ৰক্ষা
পাবৰ
বাবে
প্ৰয়োজনীয়
অভিযানৰ
বাবে
সকলো
সাজু
হ’ল৷
০০০০০০০০০০০০০০০০০০০০০০
ড°
পৰাণ
হাতীবৰুৱাৰ
ঘৰ
এৰি
সীমা
আৰু
নিৰ্মলা
দুয়ো
আহি ঘৰৰ
বাহিৰত
ৰৈ
থকা
ৰতন
বৰুৱা
আৰু
তেওঁৰ
সহযোগী
সকলৰ
লগ
লাগিলহি৷
তেতিয়া
ড°
পৰাণ
হাতীবৰুৱাৰ
ঘৰৰ
চাৰিওফালে
সশস্ত্ৰ পুলিচ
তথা
অৰ্ধ
সামৰিক
বাহিনীৰ
লোকে
ঘেৰি
আছিল৷
পুলিচ
তথা
অৰ্ধ
সামৰিক
বাহিনীৰ
উচ্চ
পদস্থ
বিষয়াসকল,
ড°
হাতীবৰুৱা
আৰু
ৰতন
বৰুৱাই
সেই
ম’বাইলত পঠিওৱা বাৰ্তাটোৰ
সন্দৰ্ভত
আলোচনা
কৰি
আছিল
যিটো
মিছেচ
হাতীবৰুৱাই
ড°
পৰাণ
হাতীবৰুৱালৈ
অলপ
সময়ৰ
পূৰ্বে
প্ৰেৰণ
কৰিছে৷
ইংৰাজীত
লিখা
বাৰ্তাটো
আছিল
এনে-“প্লিজ মোক যাবলৈ দিয়া , নিজৰ দেশ ৰক্ষা কৰা , নগৰৰ বহু ঠাইত বোমা বিস্ফোৰণ
ঘটিব৷
সকলো
ঠিক
কৰা
আছে,মোৰ পিছে পিছে আহিলেও মৃত্যু অনিবাৰ্য্য৷”
“ঠিক
আছে,
তেওঁৰ
পিছে
পিছে
কোনো
যাব
নালাগে৷
এখন
হেলিকেপ্টাৰ
আনক৷”
সকলোকে
উদ্দেশ্যি
ৰতন
বৰুৱাই
ক’লে৷
কথামতেই
কাম৷
বায়ু
সেনা
বাহিনীৰ
হেলিকেপ্টাৰখন
ড°
হাতীবৰুৱাৰ
প্ৰকাণ্ড
ছাদখনত
অৱতৰণ
কৰাৰ
লগে
লগে
মিছেচ
হাতীবৰুৱাই
দৌৰি
গৈ
তাত
উঠি
ল’লে৷ পুলিচৰ লোকে লগে লগে তেওঁৰ হাতত হাত কেৰেয়া লগাই দিলে৷ হেলিকেপ্টাৰখন
বায়ুসেনা
বাহিনীৰ
ছাউনীৰ
ফালে
উৰি
গুচি
যোৱাৰ
পিছত
অন্য
এখন
আকাশী
যান
ড°
হাতীবৰুৱাৰ
ঘৰৰ
ছাদৰ
ওপৰৰ
আকাশত
উৰি
ফুৰা
দেখা
গ’ল৷ তেতিয়াহে
ঘৰৰ
বাহিৰত
ৰৈ
চাই
থকা
সকলে
বুজি
পালে
মিছেচ
হাতীবৰুৱাই
কি
ভুল
কৰি
পেলালে৷
০০০০০০০০০০০০০০০০০০০০০০০০০
হত্যাকাৰীক
কৰায়ত্ত
কৰাৰ
পিছত
পুলিচ-বাহিনীয়ে
বোমা বিশেষজ্ঞৰ
সহায়ত
ড°
হাতীবৰুৱাৰ
ঘৰত
স্থাপন
কৰা
বোমাটো
আৰু
নগৰৰ
অন্য
ঠাইবোৰত
ৰখা
বোমাবোৰো
ধৰা
পেলাই
নিষ্ক্ৰিয়
কৰি
পেলালে৷
তাৰ
পিছতে
ৰতন
বৰুৱাৰ
অফিচ
কক্ষত
এক
চাহমেলৰ
আয়োজন
কৰি
ড°
পৰাণ
হাতী
বৰুৱাকো
তালৈ
নিমন্ত্ৰণ
কৰা
হ’ল৷
“বৰুৱা,
আপোনাক
কিদৰে
ধন্যবাদ
জনাম
ভাৱি
পোৱা
নাই৷”ড° হাতীবৰুৱাই
ক’লে,“এলিনাই মোকো শেষ কৰি দিলেহেতেঁন৷
তাইক
মই
অলপো
সন্দেহ
কৰা
নাছিলো৷
তাই
কেৱল
চোৰাংচোৱাগিৰিয়েই
যে
কৰিছিল
এনে
নহয়
এক
সন্ত্ৰাসবাদী
গোটৰ
যোগেদি
বিদেশীৰ
নিৰ্দ্দেশত
আমাৰ
দেশত
সন্ত্ৰাস
চলাই
গৈছিল৷
গাড়ী
চালক
ৰবিশংকৰৰ
পৰা
উদ্ধাৰ
কৰা
পেনড্ৰাইভটোত
দেশৰ
সামৰিক
বাহিনীৰ
বহুতো
অতি
গোপনীয়
তথ্য
থকা
বুলি
বন্ধুবৰ
মেজৰ ৰঞ্জিত
সিঙে
মোক
কৈছে৷
কেনেকৈ
যে
মই
এলিনাৰ
লগত
বিবাহ
পাশত
আৱদ্ধ
হ’লো ! তাই অতি ধূৰ্ত্ত৷
পহিলাতে
তাই
মোৰ
লিখা
–মেলাবোৰৰ
ইমানেই
প্ৰশংসা
কৰিলে
যে
মই
ভুল
গ’লো৷ লিখা মেলা কৰা মানুহৰ ই এক ডাঙৰ দুৰ্বলতা
বুজিছে
বৰুৱা৷
তাৰ
পিছত
বহু
টকা
খৰছ
কৰি
মোৰ
লিখাবোৰ
বিদেশত
প্ৰকাশৰ
ব্যৱস্থা
কৰিলে৷
লাহে
লাহে
মই
ক্ষন্তেকৰ
বাবেও
এলিনাৰ
কাষৰ
পৰা
আঁতৰি
থাকিব
নোৱাৰা
হ’লো আৰু অৱশেষত তাই বিয়াৰ প্ৰস্তাৱ
দিলে৷
পহিলাতে
মই
সন্মতি
দিয়া
নাছিলো
যদিও
তাই
ভাৰতীয়
নাগৰিকত্ব
লৈ
ওৰে
জীৱন
মোৰ
সৈতে
ভাৰততে
থাকিম
বুলি
কোৱাত
আমাৰ
বিয়াখন
হৈ
গ’ল৷ সঁচাই মই এলিনাক কোনো দিনে কোনো কথাতে সন্দেহৰ চকুৰে চোৱা নাছিলোঁ৷”
ড°
পৰাণ
হাতীবৰুৱাই
‘পহিলাতে’
বুলি
শব্দটো
উচ্চাৰণ
কৰাৰ
লগে
লগে
মতিনে
ফিচিককৈ
হাঁহি
এটা
মাৰি
আঁৰ
চকুৰে
বাহাদুৰলৈ
চোৱা
দৃশ্যটো
ৰতন
বৰুৱাৰ
নজৰত
পৰাত
তেওঁ
দুয়োটালৈকে
ঘোপাকৈ
চাই
সাৱধান
কৰি
দিলে৷
দুয়োৰে
মুখৰ
হাঁহি
ড°
হাতীবৰুৱাৰ
চকুত
পৰাৰ
পূৰ্বেই
মুখতেই
মাৰ
গ’ল৷
“আপুনি
সন্দেহৰ
দৃষ্টি
নিক্ষেপ
নকৰা
বাবেই
বাচি
থাকিল৷
হিমাদ্ৰী
বৰুৱাই
এলিনাৰ
বহু
কথাই
জানিছিল৷
কাৰণ,
আমেৰিকাৰ
এৰিজোনা
বিশ্ববিদ্যালয়ত
দুয়ো
একলগে
পঢ়িছিল৷
তেতিয়াৰ
পৰাই
তাই
এক
আন্তৰ্জাতিক
চোৰাংচোৱা
সংস্থাৰ
সৈতে
জড়িত৷
কোটি
কোটি
টকাৰ
বিনিময়ত
তাই
এখন
দেশৰ
গোপন
সংবাদ
আনখন
দেশক
যোগান
ধৰে৷
বিবাহ,
আন্তৰিকতা
আৰু
মৰম
চেনেহ
এই
অনুভূতিবোৰে
এলিনাক
স্পৰ্শ
নকৰে৷
আপোনাৰ
আলমত
তাই
কিনি
লোৱা
মানুহবোৰৰ
যোগেদি
আমাৰ
দেশৰ
সামৰিক
বাহিনীৰ
অতি
গোপন
তথ্য
চীন
দেশলৈ
সৰবৰাহ
কৰি
আছিল৷
এইবোৰ
কথা
হিমাদ্ৰী
বৰুৱাই
আপোনাক
জনাবলৈ
লিপিবদ্ধ
কৰাতে
থাকি
গ’ল, তেওঁক মানুহ লগাই খাদ্যত বিহ দি হত্যা কৰা হ’ল৷”
“ছাৰ,”বাহাদুৰে
হঠাৎ
মাত
লগালে,“হিমাদ্ৰী
বৰুৱা
চিনেমা
চাই
মৰা
নাই
নেকি?”
লগে
লগে
সকলোৱে
হাঁহি
দিয়াত
বাহাদুৰে
ঠটমট
খাই
গ’ল৷
“আচলতে
হত্যাকাৰীক
ধৰা
পেলাব
নোৱাৰিবৰ
বাবে
বিভ্ৰান্তিৰ
সৃষ্টি
কৰিবলৈকে
উচ্চ
প্ৰযুক্তি
প্ৰয়োগ
কৰি
চিনেমাখনত
হিমাদ্ৰী
বৰুৱাৰ
ফটো
সংযোগ
কৰা
হৈছে৷
সেই
চিনেমা
তেওঁ
চোৱাই
নাই৷
তাৰ
আগতেই
তেওঁৰ
বিষক্ৰিয়াত
মৃত্যু
ঘটিল৷” ৰতন
বৰুৱাই
কথাটো
বাহাদুৰক
বুজাই
দিলে৷
০০০০০০০০০০০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০০০০০
No comments:
Post a Comment