চাকৰিত যোগদান কৰাৰ প্ৰথম
দিনৰে কথা৷
এজন মানুহ
আহি কাষৰ
হোটেলখনৰ পৰা
ভালৰো ভাল
মিঠাই আৰু
স্পেচিয়েল চাহ আনি অফিচৰ প্ৰত্যেকৰ
সমুখৰ টেবুলে
টেবুলে দি
গ’ল৷
মানুহজনেও আমাৰ লগতে চাহ মিঠাই
খাই কিছু
সময় বহি ওচৰতে
বহা
সাপ্তাহিক বজাৰলৈ গুচি
গ’ল৷
আমাৰ অফিচৰ
কোনজনৰ লগত
মানুহজনৰ বিশেষ
চিনাকি সেই
কথা নজনাকৈয়ে
থাকি গ’ল৷
মানুহজন প্ৰায়ে অফিচলৈ এনেদৰে
আহে আৰু চাহ মিঠাই খুৱাই আৰু নিজেও খাই যায় ; কিন্তু কোনো দিনে তেওঁৰ কিনো অভিপ্ৰায়
আছে ব্যক্ত নকৰিলে৷ কথাটো চিন্তা কৰি মইতো আচৰিতেই হ’লো৷ পিছে মাহটোৰ শেষৰ ফালে মানুহটোক আৰু দেখা নোপোৱা হ’লো৷
পিছে জোলোঙাৰ মেকুৰী ওলাবলৈ দেৰি
নালাগিল৷ অফিচৰ এজন ষ্টাফৰ মাহেকীয়া চাহৰ বিল পৰিশোধ কৰিবলৈ গৈ হোটেলৰ খাটাৰ
হিচাপ দেখি চকু কপালত উঠিল৷ হায় ফিৰি চাহ মিঠাই
!! মানুহটোৱে হোটেলৰ খাটাত অফিচৰ নামত লিখাই আমাক তিপ্তি দিয়াৰ লগতে নিজেও মজা ল’লে৷
No comments:
Post a Comment