(এটি গীত)
মন মন্দিৰতে তোমাকে থাপিলো
মন মন্দিৰতে তোমাকে থাপিলো
প্ৰতিমা
সজালো
হিয়াৰে
এপাহি গোলাপ
দি পুজিলো৷
জীৱন
গতি- পথৰ য’ত খলাবমা
আৰু উঠা নমা
তাতো মোক নেৰিবা
হাতে ধৰি নিবা
ল’ম তোমাৰ নাম
গাম তোমাৰ গান৷
মন মন্দিৰতে---------
--------------------৷
মোৰ
বুকুৰ জুৰণি
তোমাৰ সোঁৱৰণী
তোমাৰ সোঁৱৰণী
উৎসাহৰ বোৱতী নৈ,
এৰি দিম জীৱনৰ
এৰি দিম জীৱনৰ
টুলুঙা
নাওখন
বিবেক বৈঠা হাতে লৈ৷
বিবেক বৈঠা হাতে লৈ৷
মন
মন্দিৰতে-------
---------------------৷
নাও আগুৱালে বেলি ভাটি দিলে
ৰিণিকি ৰিণিকি
দেখোঁ দূৰণীতে
নৈৰ সিপাৰতে ঘাটৰে কাষতে
তোমাৰে পঁজাটি
প্ৰাণ পখিৰ সজাটি
তোমাৰে পঁজাটি
প্ৰাণ পখিৰ সজাটি
তালৈ
নাও চপাই দিম
নিজকে
গতাই দিম
থ’বা
মোক তোমাৰ কাষতে৷
মন মন্দিৰতে---------
-----------------------৷
মন মন্দিৰতে---------
-----------------------৷
------- ০০০০০০--------
No comments:
Post a Comment